/asomiyapratidin/media/media_files/2025/09/20/5dd5fe34-c1ed-4318-8082-48a6b18584ef-2025-09-20-12-41-27.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
সাগৰৰ তলিত হেৰাল গানৰ মুকুতা। কাৰ দোষৰ বাবে হ'বলৈ পালে এয়া? সেই প্ৰশ্নৰ উত্তৰ লাগে এতিয়া। ৰাইজৰ বিচাৰৰ কাঠগড়াত উঠিছে সেইসকল, যিসকলে সূদুৰ ছিংগাপুৰলৈ তেওঁক লৈ গৈছিল। ৰাইজৰ মতে, তেওঁলোকেই দোষী। প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে তেওঁলোকেই হত্যাকাৰী।
মানুহবোৰ জকি গৈছে। মানুহবোৰে ন্যায় বিচাৰিছে। আগতেও বহু ঘটনাৰ সাক্ষী হৈ ৰৈছে তেওঁক ভালপোৱা মানুহবোৰ। জুবিন মানেই এটা গানৰ প্ৰাৰ্থনা। শুনি থাকিব পাৰি তেওঁৰ সেই সৃষ্টিবোৰ। আমনি নালাগে কেতিয়াও। জুবিন মানেই এটা আৱেগ।
জীৱন দি ভাল পাব পৰা এটা নাম জুবিন। জুবিন মানেই মানুহক ভালপোৱা এক সত্বা। কাকো কেয়াৰ নকৰা এক কন্ঠ আৰু মানুহৰ বাবে সৰ্বস্ব উজাৰি দিব পাৰে তেওঁ। বিপদ-আপদত তেওঁ সদায় থাকে সেইসকলৰ ওচৰত যিসকলে কল্পনাই কৰিব নোৱাৰে তেওঁৰ দৰে এজন অসাধাৰণ মানুহো হ'ব পাৰে ইমান সাধাৰণ।
সেয়েতো ইমান আকুলতা, গানৰ ব্যাকুলতাৰ মাজত জুবিনৰ আছিল এখন পৃথিৱী। লাখ-লাখ মানুহ সেই পৃথিৱীত হৈছিলগৈ বাসিন্দা। কেনেকৈ মানুহবোৰে নিবিচাৰিব এই অপমৃ্ত্যুৰ বাবে দায়ী কোন সেই অভিযুক্তক! মুকলিকৈয়ে কথাবোৰ, অভিযোগবোৰ উত্থাপন কৰিছে।ট
বিচাৰৰ কাঠগড়াত শ্যামকানু মহন্ত উঠিছে। বিচাৰৰ কাঠগড়াত তেওঁক উঠাবলৈ মানুহ বাধ্য হৈ পৰিছে। তীব্ৰ ক্ষোভ আৰু ৰোষত এতিয়া জুঁই জ্বলিছে। মৰিগাঁৱত এজন অধিবক্তাই গোচৰ তৰিছে। আৰক্ষীয়ে ১৯ছেপ্টেম্বৰ, ২০২৫ত দিয়া এজাহাৰৰ ভিত্তিত প্ৰথমে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাছিল।
খং কমা নাছিল জুবিনক হেৰুৱাই ভাগি পৰা মানুহবোৰৰ। সামাজিক মাধ্যমত ক্ষোভ উজাৰি সেই অভিযুক্তক ৰেহাই নিদিও বুলি দৃঢ় হৈ ৰৈছিল। তেনে খঙৰ তীব্ৰতা কিমান হ'ব পাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও বুজি উঠিছিল। নশ্বৰ দেহ আনি সৰুসজাইত ৰখাবলৈ প্ৰস্তুতি চলি আছিল।
সেই কামৰ তদাৰক কৰিবলৈ গৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই ক'বলৈ বাধ্য হৈছিল- এই মৃত্যুৰ তদন্ত হ'ব। তাৰ পাছতহে খৰখেদা লাগিছিল মৰিগাওঁ আৰক্ষীৰ। ফোন আহিছিল এজাহাৰ দাখিল কৰা ৰাতুল বৰালৈ। মৰিগাওঁ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই নিজেই ফোন কৰিছিল। মাতি পঠাইছিল থানালৈ।
সদৰ থানালৈ দৌৰি আহিছিল খোদ মৰিগাঁও আৰক্ষী অধীক্ষক। ৰুজু কৰিছিল জুবিনৰ মৃত্যুক লৈ ৰাতুল বৰাই দাখিল কৰা এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু হ'ব বুলি ভাৱিছিল। কিন্তু সেই গোচৰ ৰুজু নহ'ল। চি আই ডি লৈ প্ৰেৰণ কৰিলে সেই এজাহাৰ। মৰিগাঁৱৰ আৰক্ষী অধীক্ষকৰ মতে, ৰাজ্যৰ বিভিন্ন ঠাইত দাখিল হৈছে এজাহাৰ। সেই সকলো এজাহাৰৰ ভিত্তিত চি আই ডিয়ে কৰিব ইয়াৰ তদন্ত।
গোচৰ ৰুজু নহলেওঁ ৰাইজে ইতিমধ্যে ৰায় দিছেই। ফেষ্টিভেলৰ নামত জুবিনক কেনেদৰে ব্যৱহাৰ কৰি আহিছিল সেইবোৰ দেখিছে। খানাপাৰাৰ ফিল্ডত সুৰাসক্ত হৈ কৰা আচৰণো হজম কৰিছিল ৰাইজে। কিন্তু এইবাৰ সহ্য নকৰে! অসুস্থ মানুহজনক বিশ্ৰামৰ প্ৰয়োজন বুলি জানিও কিয় নিয়া হৈছিল ছিংগাপুৰলৈ?
এতিয়া চাফাই গালে মানুহে মানি নল'ব। ছিংগাপুৰলৈ নি তাৰ অসমীয়া সমাজৰ হাতত দায়িত্ব অৰ্পন কৰাতেই তেওঁৰ দায়িত্ব শেষ আছিল নেকি? শ্যামকানু মহন্তই নহয়, আন এচাম শক্তিশালী ধনৱন্ত, ক্ষমতাশালী লোকো আছে আজি জুবিনহীন এই সময়ৰ সৃষ্টিৰ আঁৰত।
তেওঁলোকেও জুবিনক জখলা বা গ্লেমাৰ প্ৰতিফলিত হোৱা আহিলাৰ ৰূপতে ব্যৱহাৰ কৰি আহিছিল। বন্ধ কোঠাত বহি হাতত ৰঙীন পানীৰ গিলাচ লৈ অতিবাহিত কৰা সময়বোৰ তেওঁলোকৰ বাবে বিশেষ আছিল। জুবিনৰ বাবে এইবোৰ সময় আছিল ভগ্ন শৰীৰৰ বিপৰীতে মৃত্যুৰ মুখলৈ ঠেলি দিয়া এক জটিল ঠেলা।
নাম নক'লেও মানুহে তেওঁলোককো চিনিছে। জুবিনৰ সৈতে উঠা-বহা কৰাতো তেওঁলোকে নিজক প্ৰদৰ্শন কৰাৰ এক প্লেটফৰ্ম বুলিয়ে গণ্য কৰি আহিছিল। অসাধাৰণ হৈও সাধাৰণভাৱে থকা জুবিনে এইবোৰ কথা বুজা নাছিল। চিধা-চিধি কথা কোৱা মানুহজনে সকলোবোৰ সহজভাৱেই লৈছিল।
ৰাইজৰ প্ৰশ্নৰ উত্তৰ এতিয়া তেওঁলোকৰ হাতত নাই। ছিংগাপুৰত এই দুৰ্ঘটনাৰ পাছত তাৰ আৰক্ষীয়েও সেই সময়ত জুবিনৰ সৈতে থকা কেইবাজনক সোধপোচ কৰিছিল। তাৰ প্ৰেক্ষাপটৰ সৈতে নিমিলে অসমৰ প্ৰেক্ষাপট। ছিংগাপুৰৰ কেইবাখনো কাকতত প্ৰকাশ পাইছে জুবিন নোহোৱাৰ খবৰ।
THE STRAITS TIMESত প্ৰকাশিত খবৰৰ মতে, আৰক্ষীয়ে কাকতখনৰ সাংবাদিক ডিবিয়া দৰ্শনীক জানিবলৈ দিছিল যে ছিংগাপুৰৰ সময়মতে আবেলি ৩.৩০বজাত আহিছিল এটা ফোন। ছেন্ট জনছ আইলেণ্ডৰ পৰা আৰক্ষীক জনোৱা হৈছিল ঘটনাৰ সবিশেষ।
তাৰ পাছতেই তৎপৰ হৈ পৰিছিল ছিংগাপুৰ আৰক্ষী। সেই তথ্যৰ আধাৰতে কাকতখনে প্ৰকাশ কৰিছে এই বাতৰি। যিটোৰ শিৰোনাম- Indian singer Zubeen Garg, who died in Singapore, was taken to yacht without events team’s knowledge ।
শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে প্ৰায় ৪০০ৰো অধিক অতিথিক নিছিল ছিংগাপুৰলৈ। তাৰ ভিতৰত এজন আছিল জুবিন। সেই অতিথিসকলৰ দায়িত্ব দুৰ্ঘটনাৰ সময়ত লগত নাছিলো বুলি দিয়া যুক্তিয়ে খণ্ডন কৰিব নোৱাৰে। খং আৰু শোঁকৰ মাজত এতিয়া জুবিনক ভাল পোৱাসকল।
এটা নিশা পাৰ হ'ল মাথোঁ। ৰৈ ৰৈ বিনালে ৰাতিৰ আন্ধাৰে। ডাৱৰে পুৱাৰ ভাগতে নমালে বৰষুণৰ অশ্ৰু। মানুহ উজাগৰে থাকিল, কিয়নো নভৱা কথাবোৰ হঠাৎ হয় এনেকৈ। পায় হেৰুৱাৰ শোকত আচ্ছন্ন সকলো। নিজৰ মাজত নিজকে সামৰিছে, নিজেই নিজৰ চম্ভালিছে। এই মলিন বিবৰ্ণ মূৰ্হুতত ৰৈ গৈছে সপোনৰ ৰথ।
অপেক্ষা আৰু কিছু সময়। জুবিনৰ পাৰ্থিৱ দেহ আহি পোৱাৰ পাছত কি পৰিৱেশ হয়, সেয়া কোনেও নাজানে। চৰকাৰ-প্ৰশাসন সাজু হৈছে পৰিস্থিতি-পৰিৱেশ চম্ভালিবলৈ। এচাম ব্যস্ত হৈছে তেওঁলোকৰ বিৰুদ্ধে উঠা অভিযোগ অস্বীকাৰ কৰি নিজেই ছিংগাপুৰলৈ জুবিন যোৱা বুলি প্ৰতিষ্ঠা কৰাত।
মানুহে এতিয়া একো নুবুজে। যি বুজিছে দেখি শুনি উপলদ্ধি কৰিছে। সেয়েহে দুৰন্ত গতিত বিয়পিছে এই খবৰ। ছিংগাপুৰলৈ নোযোৱা হ'লে কিজানি নোযোৱা হ'লে নঘটিলহেতেন এই অঘটন। আমাৰ মাজত থাকিল হেতেন জুবিন ! যাৰ উদ্যোগত জুবিন গৈছিল ছিংগাপুৰলৈ তেওঁলোকেই এতিয়া ৰাইজৰ দৃষ্টিত দোষী, হত্যাকাৰী...