/asomiyapratidin/media/media_files/2025/11/25/bbcab429-dd42-4bbf-aca9-bb56359bfd40-2025-11-25-14-42-21.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
অসম বিধানসভালৈ কোনো দিনেই যোৱা নাছিল জুবিন। মন্ত্ৰী-বিধায়ক হোৱাৰ সপোনো নাছিল তেওঁৰ। পলিটিক্স তেওঁ বেয়া পাইছিল। নেতা-মন্ত্ৰীক সুযোগ পালেই সমালোচনা কৰিছিল। পলিটিক্স নকৰিবা বন্ধু- বুলি সকিয়নী দিয়া মানুহজনেই যেন মৃত্যুৰ পাছত ৰাজনীতিৰ এক ইচ্ছ্যু হৈ পৰিল।
নকৰো নকৰো বুলি শাসক-বিৰোধী সকলোৱে জুবিনক লৈ ৰাজনীতি কৰাত লাগি গৈছে পৰোক্ষ-প্ৰত্যক্ষভাৱে। প্ৰসংগ- জুবিনৰ মৃত্যু, প্ৰসংগ- জুবিনৰ ন্যায়। এই প্ৰসংগবোৰৰ আঁত ধৰিয়েই জুবিনৰ দুই এটা গুণানুকীৰ্তন কৰি সুযোগ বুজি ৰাজনীতিৰ মেৰপাঁকেৰে বান্ধি পেলোৱা হৈছে জুবিনক।
অসম বিধানসভাত আলোচনা হ’ল জুবিনৰ প্ৰসংগ। বিধানসভাৰ শীতকালীন অধিবেশনৰ ২৫নৱেম্বৰ, ২০২৫ৰ দিনটোত বিৰোধী পক্ষই এক সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিল। সাধাৰণতে বিৰোধীয়ে অনা সভা স্থগিতৰ প্ৰস্তাৱ আনবোৰ বিষয়ত শাসকীয় পক্ষই বিৰোধিতা কৰে।
জুবিনক লৈ বিৰোধীয়ে সদনত উত্থাপন কৰা এই প্ৰস্তাৱ কিন্তু চৰকাৰে বিৰোধিতা নকৰিলে। সদনৰ আন কাৰ্যসূচীবোৰ স্থগিত ৰাখি বিৰোধীৰ প্ৰস্তাৱ মানি চৰকাৰেও এই বিষয়টোক লৈ আলোচনা কৰিবলৈ সহমত পোষণ কৰিলে।
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সেই আলোচনাৰ আৰম্ভ কৰাৰ পূৰ্বে শাসকীয় পক্ষৰ হৈ মুখ্যমন্ত্ৰীয়ে সদনক জনাই দিছিল যে, এই আলোচনাত বিৰোধীয়েই অংশ লওঁক। শাসকীয় কোনো মন্ত্ৰী-বিধায়কে সদনত বক্তব্য নাৰাখে। কিন্তু বিৰোধীৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ শাসকীয় দলৰ হৈ শেষত মুখ্যমন্ত্ৰীয়ে নিজেই দিব।
দেৱব্ৰত শইকীয়াৰ প্ৰশ্ন আছিল- নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবৰ বাবে ছিংগাপুৰলৈ জুবিন নিজেই গৈছিল নে, যাবলৈ তেওঁক বাধ্য কৰা হৈছিল, সেই উত্তৰ অসমৰ ৰাইজে পোৱা নাই। জুবিন গাৰ্গক উপযুক্ত সুৰক্ষা প্ৰদানত চৰকাৰৰ হেমাহি আছিল নেকি, ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ৰ ভূমিকা কি আছিল আদি প্ৰশ্ন তেওঁৰ বক্তব্যৰ জৰিয়তে সদনত উত্থাপন কৰা হৈছিল।
কোনোবা বিশেষ ব্যক্তিৰ দ্বাৰা প্ৰভাৱাম্বিত হৈ নৰ্থ ইষ্ট ফেষ্টিভেলৰ পৃষ্ঠপোষকতা কৰা বিষয়টো তেওঁ আঙুলিয়াই দিছিল। যদি এয়া বাণিজ্যমূলক অনুষ্ঠানেই আছিল তেনে CII, PHDCIL, FINERৰ দৰে অনুষ্ঠানসমূহৰ পৰামৰ্শৰ অবিহনে এনে ফেষ্টিভেল আয়োজন কৰাৰ আঁৰৰ উদ্দেশ্য কি, সেই প্ৰশ্নও সুধিছিল সদনত।
চৰকাৰৰ পৰা দেৱব্ৰত শইকীয়াই জানিব বিচাৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত কৰা এছ আই টিয়ে কিছুমান নিৰ্দিষ্ট লোকক সোধপোচ কৰিছে যদিও আন কিছু লোকক ইচ্ছাকৃতভাৱে তদন্তৰ আওঁতালৈ অনা হোৱা নাই নেকি?
এই আলোচনাত অংশ লৈ বিধায়ক মনোৰঞ্জন তালুকদাৰে চৰকাৰে জুবিনক হিন্দু সজাবলৈ অহৰহ চেষ্টা কৰি থকা প্ৰসংগ উত্থাপন কৰিছিল। চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনে জুবিনৰ সমাধি ক্ষেত্ৰৰ সন্দৰ্ভত প্ৰয়োজনীয় মাটি দিয়াত কৃপনালি কৰা বিষয়টো তুলি ধৰিছিল।
একেদৰে সৰৱ হৈছিল অখিল গগৈ। জুবিনৰ মৃত্যুৰ তদন্তত আইনগত কিছু আসোঁৱাহ তেওঁ আঙুলিয়াই দিছিল। বিধায়ক মনোৰঞ্জন তালুকদাৰে কৌশেলেৰে জুবিনৰ এটা গীতৰ আঁত ধৰি বাহিৰৰ বণিকক খিলঞ্জীয়াৰ মাটি-সম্পদ কেনেদৰে দখল কৰিবলৈ এৰি দিছে, এই কথা লৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
কংগ্ৰেছ বিধায়িকা নন্দিতা দাসকে ধৰি জুবিনৰ সন্দৰ্ভত এই আলোচনাত আৰু দুজনমান বিধায়কে অংশ লৈছিল। কিন্তু যিধৰণে বিৰোধীয়ে চৰকাৰক জবাবদিহি কৰিব পাৰিব লাগিছিল, সেইধৰণে জুবিনৰ প্ৰসংগটো সদনত শক্তিশালীৰূপত উত্থাপন কৰিব নোৱাৰিলে।
সেই সুযোগ গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। জুবিনক কোনোবা সংখ্যালঘুৰ সম্পদ হ’বলৈ এৰি দিব নোৱাৰো বুলি মন্তব্য কৰি আকৌ সেই সাম্প্ৰদায়িক পোচাকযোৰ জুবিন নামৰ সত্বাত মুখ্যমন্ত্ৰীয়ে পিন্ধাই দিছিল বিৰোধীৰ সন্মুখতে।
অখিল গগৈয়ে প্ৰশ্ন কৰিছিল- মুখ্যমন্ত্ৰীয়ে যিহেতু জুবিনৰ মৃত্যুক এক হত্যাকাণ্ড বুলি বাৰে বাৰে কৈ আছে, সেয়েহে তেওঁৰ হাতত কি তথ্য প্ৰমাণ আছে, সেয়া সদনত দাখিল কৰিব লাগে। লগতে তেওঁ প্লেছ অৱ অকাৰেন্স ছিংগাপুৰ হোৱাৰ পাছতো দিছপুৰৰ পৰা এনে তদন্ত মূল্যহীন আৰু বিপথে পৰিচালিত হোৱা বুলি অনুভৱ হোৱাৰ কথা অৱগত কৰিছিল সদনত।
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ কথাও সদনত উত্থাপন হৈছিল এই আলোচনাত। কিয় তেওঁক জেৰা কৰা হোৱা নাই বুলি প্ৰশ্ন তুলিছিল বিৰোধীয়ে। অসুস্থতাৰ কথা জানিও মুখ্যমন্ত্ৰী বা চৰকাৰে জুবিনক ছিংগাপুৰলৈ যোৱাত বাধা কিয় যোৱা নাছিল বুলি বিৰোধীয়ে কৰা প্ৰশ্ন উত্তৰত অখিল গগৈক প্ৰতিপ্ৰশ্নৰে ব্যতিব্যস্ত কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
তেওঁ অখিল গগৈক কৈছিল- জুবিনৰ অসুস্থতাৰ কথা আপুনিও জানিছিল। আপুনি কিয় বাধা দিয়া নাছিল। তদন্তৰ বাবে বিহু কমিটিবোৰক মতাক লৈ বিৰোধী অসন্তুষ্ট আছিল। বিৰোধী বিধায়কে এই কথাতো সদনত তুলি ধৰিছিল।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই জুবিনৰ মৃত্যুৰ পাছৰ ঘটনাক্ৰমৰ কথা উল্লেখ কৰি কেনেদৰে ছিংগাপুৰস্থ ভাৰতৰ উচ্চায়ুক্তৰ সৈতে যোগাযোগ চলিছিল, তদন্ত কি পৰ্যায়ত আছে, আদি তথ্যবোৰ সদনত দাঙি ধৰিছিল। আটাইতকৈ ডাঙৰ কথাতো আছিল জুবিনক হত্যা কৰা হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে দিয়া আনুষ্ঠানিক বক্তব্য।
মুখ্যমন্ত্ৰীৰ মতে, ভাৰতীয় ন্যায় সংহিতাৰ তিনিটা ধাৰাত প্ৰথম এই গোচৰ ৰুজু হৈছিল। বি এন এছৰ ৬১, ১০৫ আৰু ১০৬ৰ অধীনত ৰুজু হোৱা গোচৰটোত আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানৰ অন্তত আন এটা ধাৰা সংযোগ কৰিবলৈ আদালতত আবেদন জনাইছিল।
সেই ধাৰাতো আছিল বৰ্তমানৰ বি এন এছৰ ১০৩ নং ধাৰা। যিটো পূৰ্বতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২নং ধাৰা আছিল। এই ধাৰা কোনো হত্যাকাণ্ডৰ সংঘটিত হ’লে সংযোজিত কৰা হয়। এই যুক্তিতেই হেনো মুখ্যমন্ত্ৰীয়ে জুবিনৰ মৃত্যুক হত্যাকাণ্ড আখ্যা দিছিল।
সমগ্ৰ আলোচনা আৰু উত্তৰত মুখ্যমন্ত্ৰীয়ে তেওঁ পূৰ্বৰ বক্তব্যবোৰৰ সমৰ্থনত যুক্তি প্ৰদৰ্শন কৰিবলৈ বিৰোধীয়ে সুযোগ দিয়া যেনেই বোধ হয়। ৮ডিচেম্বৰ, ২০২৫ত অভিযোগনামা দাখিল কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে জনাইছিল।
মুখ্যমন্ত্ৰীয়ে এই কথাও কৈছিল যে, সেই অভিযোগনামা দাখিলৰ পিছত অসমৰ মানুহ আচৰিত হ’ব। সেয়েহে প্ৰশ্ন উঠিছিল অভিযোগনামা দাখিল নকৰাকৈ মুখ্যমন্ত্ৰীয়ে কেনেকৈ তাত কি আছে গম পালে! ইয়াৰ উত্তৰ দিবলৈ মুখ্যমন্ত্ৰীক সুযোগ দিলে বিৰোধীয়ে।
মুখ্যমন্ত্ৰীয়ে ক’লে- ছাৰ্জশ্বিট দাখিলৰ দিনা অসমৰ মানুহে জুবিনৰ হত্যাৰ কাৰণ গম পাব। সেই মটিভ গম পাই কোনেওতো নাহাঁহে। সকলোৱে দুখেই পাব। যথেষ্ট দীৰ্ঘ সময় ধৰি বিৰোধীৰ প্ৰশ্নবোৰৰ উত্তৰ দিছিল মুখ্যমন্ত্ৰীয়ে। জনাইছিল এতিয়ালৈকে ২৫২জন লোকৰ সাক্ষ্যগ্ৰহণ, ৭জন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ কথা।
এই গ্ৰেপ্তাৰ কৰা লোকসকলে ১০৩ বি এন এছ ধাৰাৰ সংযোজন নকৰাহ’লে কেতিয়াবাই জামিন পালেহেতেঁন বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে নকওঁ বুলিও কৈ দিলে জুবিনক হত্যা কৰাৰ হৈছে ধনৰ বাবে। একপ্ৰকাৰৰ জুবিন মৃত্যুকেন্দ্ৰিক গোচৰৰ আঁৰ কাপোৰখন মুখ্যমন্ত্ৰীয়ে গুচাঁই দিলে অসম বিধান সভাৰ মজিয়াত।
জুবিনে গোৱা পলিটিক্স নকৰিবা বন্ধু গীতটো অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মা আৰু পূৰ্বৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাবে লিখা আৰু গোৱা বুলি কওঁতে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ উত্তৰ আছিল- তেওঁৰ মতে এই গীতটো অখিল গগৈৰ বাবে গাইছিল!
বটলা পাৰ্টি বুলি জুবিনে কাক আখ্যা দিছিল বুলি সদনতে উঠা প্ৰশ্নত মুখ্যমন্ত্ৰীৰ টিপ্পনী আছিল লুৰীণজ্যোতি গগৈৰ পাৰ্টিৰ বাবে হেনো এই অভিধা আছিল জুবিনৰ। পলিটিক্স নকৰিবা বুলি কোৱা মানুহজনক লৈ এনেদৰে পলিটিক্স চলি গৈছিল বিধানসভাৰ পৱিত্ৰ সদনত।
জুবিনক ভাৰত ৰত্ন দিয়াৰ বিষয়টোৱেও স্থান পাইছিল এই আলোচনাত। বিৰোধীয়ে তাৰ বাবে এটা প্ৰস্তাৱ চৰকাৰে গ্ৰহণ কৰক বুলি কওঁতে মুখ্যমন্ত্ৰীয়ে আমি প্ৰস্তাৱ গ্ৰহণ কৰিলো বুলি ক’লে যদিও শেষত ক’লে এনে পৰিৱেশত এই প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰি নেকি!
১২৬জন বিধায়কে জুবিনৰ গুণানুকীৰ্তন কৰি বিৰোধী দলপতি আৰু মুখ্যমন্ত্ৰীৰ স্বাক্ষৰসহ সকলোৱে সন্মতি ক্ৰমে সেই প্ৰস্তাৱ ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিব বুলি বিৰোধীক বিষয়তো তাতেই এৰিবলৈ বাধ্য কৰাইছিল।
বিহু কমিটিবোৰক কিয় তদন্তত মতা হৈছে তাৰ যুক্তি দিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে কৈছিল- জুবিনক ধনৰ বাবে হত্যা কৰা হৈছিল। জুবিনৰ সেই ধনৰ উতস আছিল বিহুৰ ফাংচনবোৰ। বহু তথ্য ওলাইছে বিহু কমিটিবোৰক তলব কৰাৰ বাবে। চাংসাৰি বিহু কমিটিৰ কথা তেওঁ বিশেষভাৱে ক’বলৈ গৈও ৰৈ গৈছিল।
মুখ্যমন্ত্ৰী বক্তব্যৰ স্পষ্ট ইংগিত আছিল জুবিন হত্যাৰ মূল কালপ্ৰিট তেওঁৰ কাষতে থকা মানুহ। মুখ্যমন্ত্ৰীয়ে আনকি বিৰোধীক প্ৰশ্ন কৰিছিল-সিদ্ধাৰ্থ শৰ্মাৰ শাস্তি আমি বিচাৰোনে নাই! মৃত্যুৰ তদন্তৰ সমান্তৰালভাৱে জুবিনৰ প্ৰতি অন্যায় কৰা প্ৰতিজন লোকৰ বিচাৰ হ’ব বুলি কৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল অসম বিধানসভাত যে এই গোচৰৰ অভিযোগনামা দাখিলৰ পাছতে সেইবোৰ কথা তদন্ত কৰিব তদন্তকাৰী গোটে। এতিয়া এয়া সৰু বিষয় হৈ থকা নাই।
বিৰোধী বিধায়ক অখিল গগৈৰ টিপ্পনী আছিল- মুখ্যমন্ত্ৰীয়ে টানি-আজুঁৰি ২৬ৰ লৈকে জুবিনৰ ইচ্ছ্যুটো জীয়াই ৰাখিব খুজিছে নিজৰ পক্ষত। মুখ্যমন্ত্ৰীৰো প্ৰতিভিযোগ বিৰোধীৰ প্ৰতি আছিল- বিজেপিক হৰুৱাবৰ বাবেই জুবিনৰ ইচ্ছ্যুটো যদি জীয়াই ৰাখিব খুজিছে, কথাতো বেলেগ।
ছিংগাপুৰৰ পৰা অহা চিঠিত মুখ্যমন্ত্ৰীয়ে প্লীজ স্পীক বুলি লিখি ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰিছিল। সেই চিঠিখনৰ প্ৰসংগই চৰ্চা লাভ কৰিছিল। এই কথাও বিৰোধীয়ে মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছিল যে, তে্ওঁ কিয় এনেদৰে চিঠিত নোট দি শ্যামকানুক সহায় কৰিব বিচাৰিছিল।
মুখ্যমন্ত্ৰীৰ মতে, তেওঁ সেই চিঠিত অনুমোদন জনোৱা নাছিল। মুখ্য সচিবক হেনো এটকাও নিদিবৰ বাবে পৰৱৰ্তী সময়ত নিৰ্দেশ দিছিল। তেওঁ কৈছিল- মই চিঠিত প্লীজ স্পীক বুলিহে লিখিছিলো, এপ্ৰোভ বুলি লিখা নাছিলো।
জুবিন ক্ষেত্ৰৰ সমীপত থকা অশোক সিংহালৰ মাটিক লৈ বিৰোধীয়ে ৰাজনীতিক খেল খেলা বুলি মুখ্যমন্ত্ৰীয়ে সেই বিষয়টোও লঘু কৰি পেলাইছিল। তেওঁৰ মতে শ্যামকানুৰ দোষ নাই, অশোক সিংহালৰহে দোষ নেকি? এনেদৰে জুবিনময় হৈ পৰিছিল অসম বিধানসভা। ৮বছৰৰ পৰাই হেনো ষড়যন্ত্ৰ চলি আছিল জুবিনক লৈ। কথাবোৰ মুখ্যমন্ত্ৰীয়ে কোৱা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us