আপোনালৈও হঠাতে আহেনে এনে ফোন...

কেতিয়াবা কোনো কথাত সেমেকি থাকে মনটো। কাকো মাতিবলৈ মন নাযায়, কাৰো সৈতে কথা পাতিবলৈ মন নাযায়। এশ এবুৰি চিন্তাত কেৱল বিষন্নতাৰ মাজত কটাবলৈ মন যায় ঘন্টাৰ পাছত ঘন্টা সময়। অকলশৰে এনেদৰে থকা সময়ত

New Update
ujuj

ডিম্পুল বৰগোহাঁই

কেতিয়াবা কোনো কথাত মনটো সেমেকি থাকে। না কাৰোবাক মাতিবলৈ মন যায়, না কাৰোবাৰ সৈতে কথা পাতিবলৈ মন যায়! একোৱেই কৰিবলৈ মন নাযায়।  এশ এবুৰি চিন্তাত কেৱল বিষন্নতাৰ মাজত কটাবলৈ মন যায় ঘন্টাৰ পাছত ঘন্টা । অকলশৰে এনেদৰে থকা সময়ত আজিলৈকে বহুবাৰ হঠাতে এটা ফোন আহে। সিফালৰ পৰা মা’ই আদৰৰে কয়- তোৰ গা- মন বেয়া নেকি? মোৰ মনটোৱে চোন আজি তেনেক কৈ আছে…’

Advertisment

মা’ৰ এই প্ৰশ্নত মই সদায়েই আচৰিত হওঁ। কেনেকৈ বাৰু গম পায়! এই ঘটনা কেৱল মোৰ লগতে যে হৈছে এনে নহয়। ঘৰৰ পৰা দূৰত থকা প্ৰতিগৰাকী সন্তানৰ ক্ষেত্ৰতেই হয়। কোনো বিপদ বা অঘটনৰ পৰা আদি কৰি দূৰৈত থাকিলেও সন্তানৰ মনৰ বিষয়ে এগৰাকী মাতৃয়ে অতি গভীৰভাৱে উপলদ্ধি কৰিব পাৰে।

এগৰাকী মাতৃৰ এনে উপলদ্ধিক ঐশ্বৰিক বুলি কোৱা হয়। বিজ্ঞানৰ যুগত ঐশ্বৰিক শক্তিৰ মান্যতাক লৈ বহুতেই নিশ্চিতভাৱে প্ৰশ্ন উত্থাপন কৰিব। কিয়নো সময়ৰ সোঁতত আমি আধ্যাত্মিক বা ঐশ্বৰিক বুলি ভৱা বহু কথা বিজ্ঞানে যুক্তিৰ জৰিয়তে নস্যাত কৰি আহিছে।

ওপৰত আমি উল্লেখ কৰা বিষয়টোত বিজ্ঞানেও বহু পৰীক্ষা চলাইছে। বহু কঠিন পৰীক্ষাৰ অন্তত বিজ্ঞানেও মানি লৈছে যে, দূৰৈত থাকিলেও সন্তানৰ মনৰ ভাৱ এগৰাকী মাতৃয়ে শুদ্ধ আৰু সঠিকভাৱে উপলদ্ধি কৰিব পাৰে। বিজ্ঞানে এইটোও  লগতে কৈছে,  কেৱল মাতৃয়েই নহয়! এগৰাকী ব্যক্তিৰ জীৱনত অতি আন্তৰিকতা আৰু আপোন সম্পৰ্ক বজাই ৰখা প্ৰতিগৰাকী ব্যক্তিৰ এনে ক্ষমতা থাকে।

বিজ্ঞানে এই শক্তিটোক নামাকৰণ কৰিছে ‘টেলিপেথী’ বুলি। টেলিপেথীৰ অসমীয়া সমাৰ্থক অৰ্থ হৈছে- অতিন্দ্ৰিয় সংযোগ বা দূৰানুভূতি। অৰ্থাত কোনো যোগাযোগৰ মাধ্যম নোহোৱাকৈ দুজন ব্যক্তিৰ মাজত ভাব, অনুভূতি বা চিন্তাৰ আদান প্ৰদান হোৱা ৷ বহুতে এই টেলিপেথীক কাকতলীয় ঘটনা বুলি ক'ব খোজে যদিও, বিজ্ঞানে কিন্তু এই ক্ষেত্ৰত ধৰা পেলাইছে অন্য এটা দিশহে।

বিজ্ঞানে কয় যে, আমাৰ দেহৰ "পঞ্চইন্দ্রিয়"ই সচৰাচৰ জীৱনৰ সকলোখিনি কাম পৰিচালনা কৰি থাকে যদিও, কিছু মানৱ দেহত ষষ্ঠ ইন্দ্ৰিয়ৰ আৱিৰ্ভাৱ হয়। অৱশ্যে বিজ্ঞানে ইয়াক এতিয়ালৈকে অনুষ্ঠানিকভাৱে ইন্দ্ৰিয় হিচাপে নামাকৰণ কৰা নাই যদিও ইয়াক Extra Sensory Perception  বুলি নামাকৰণ কৰিছে।

টেলিপেথীৰ ক্ষমতা সকলো মানৱ দেহতে কম-বেছি পৰিমাণে থাকে যদিও কিছু লোকৰ ক্ষেত্ৰত ই অতিকৈ সক্ৰিয়। টেলিপেথী দৰাচলতে মন আৰু মস্তিষ্কৰ শক্তিশালী এক সংযোগ বুলি কব বিচাৰে বিজ্ঞানে। এগৰাকী ব্যক্তিয়ে যাৰ সৈতে বেছি কথা পাতে, বেছি সময় কটায়, যাৰ আৱেগ-অনুভূতিক বুজি পায় আৰু প্ৰাধান্য দিয়ে, তেনে ব্যক্তিৰ ক্ষেত্ৰত এই ক্ষমতা অধিক সঠিকভাৱে কাম কৰে।

টেলিপেথীৰ প্ৰাসংগিকতা এতিয়াৰ নহয়। মহাভাৰতৰ যুগৰ পৰা টেলিপেথীক লৈ ভিন্ন চৰ্চা অব্যাহত আছে। মহাভাৰতৰ কালত সঞ্জয়ৰ দেহত এনে শক্তি আছিল যে দূৰত থাকিও যুদ্ধৰ সকলো বৰ্ণনা সাৱলীল আৰু সঠিকভাৱে দিব পাৰিছিল। বিজ্ঞানৰ মতে এয়াও  টেলিপেথীৰ বাবেই সম্ভৱ হৈছিল। কিন্তু সেই সময়ত ইয়াক দিব্য দৃষ্টি হিচাপে নামাকৰণ কৰা হৈছিল।

টেলিপেথীৰ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে বৈজ্ঞানিকভাৱে পৰীক্ষা আৰম্ভ হৈছিল ১৮৮২চনত। বিজ্ঞানী ফ্ৰেডিক ডব্লিউ এছ মায়ৰ্ছে এই সন্দৰ্ভত পৰীক্ষা আৰম্ভ কৰিছিল। বিজ্ঞানীগৰাকীয়ে তেতিয়াই এই বিষয়টো পৰমাণু বিজ্ঞানৰ বিষয় বুলি অভিহিত কৰিছিল। 

মুঠৰ ওপৰত টেলিপেথী হৈছে যোগাযোগ বা সংযোগৰ এক শক্তিশালী আহিলা। এই ক্ষমতাক বহুতে ভৌতিক ক্ষমতা বুলি কব বিচাৰিলেও এয়া আচলতে মন আৰু মস্তিষ্কৰ খেলহে। যি কথা আমি মুখেৰে কব নোৱাৰো, যি কথা আমি ভাৱ-ভংগীৰে বুজাব নোৱাৰো, সেই ভাষা বা বাৰ্তা আমি টেলিপেথীৰ জৰিয়তে আন এজনলৈ প্ৰেৰণ কৰিব পাৰো। 

এনে নহয় যে টেলিপেথীৰ ক্ষমতা বৃদ্ধি কৰিব নোৱাৰি। এগৰাকী ব্যক্তিয়ে যদি বিচাৰে টেলিপেথীৰ ক্ষমতা বৃদ্ধি কৰিব পাৰে। যাৰ বাবে তেওক প্ৰয়োজন হব সুক্ষ্ম পৰ্যবেক্ষণ, শীতল মস্তিষ্ক আৰু কাৰোবাক বুজি পোৱাৰ কৌশল। ধ্যান, প্ৰাণায়ম, যোগৰ জৰিয়তেও বৃদ্ধি কৰিব পাৰি টেলিপেথীৰ ক্ষমতা।

কোনোবাই কিবা কলে যদিহে সচা হয়, তেতিয়া আমি ভাৱো সেই ব্যক্তিজনৰ গাত ভগৱান লম্ভিছে। আচলতে এনে নহয়, যিগৰাকীয়ে ব্য়ক্তিৰ এনে কথা সচা হয়, দৰাচলতে সেই ব্যক্তিগৰাকীয়ে বহুদিনৰে পৰা উক্ত বিষয়টোৰ ওপৰত সুক্ষ্ম পৰ্যবেক্ষণ কৰি থাকে আৰু অৱশেষত তেও এক সম্ভাৱনা ব্যক্ত কৰে। এয়াও শক্তিশালী টেলিপেথীৰ ক্ষমতাৰ বাবেই সম্ভৱ।

এতিয়া কথা হ'ল, সন্তানক ভালকৈ বুজি পোৱা ক্ষেত্ৰত মাতৃতকৈ ওপৰত হয়তো কোনো নাই। ৯মাহ ৯দিন গৰ্ভত ধাৰণ কৰাৰ পাছত তুলি-তালি ডাঙৰ-দীঘল কৰে এগৰাকী মাতৃয়ে। সেই সন্তানৰ মন-মগজুত কেতিয়া কি কথাই ক্ৰিয়া কৰে এগৰাকী মাতৃয়ে দূৰত থাকিলেও উপলদ্ধি কৰিব পাৰে। সেয়েহে বিজ্ঞানেও মানি লৈছে, সন্তানৰ ক্ষেত্ৰত মাতৃৰ টেলিপেথী ক্ষমতা ৯৯.৯ শতাংশ সঠিক আৰু শুদ্ধ হয়...

অসম বিজ্ঞান সমিতি