Advertisment

কেনে আছে তৰুণ গগৈ…

কেনে আছে তৰুণ গগৈ…

author-image
asomiyapratidin
New Update
কেনে আছে তৰুণ গগৈ…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

তেওঁ সদায় তৰুণ। এক প্ৰাণৱন্ত হাঁহি লাগি থাকে তেওঁৰ মুখত। দীৰ্ঘদিনৰ ৰাজনীতিৰ অভিজ্ঞাতাৰে অভিজ্ঞ তেওঁ। যিকোনো পৰিস্থিতি তেওঁ চম্ভালিব পাৰে। কাকো কেৰেপ নকৰা এটা স্বভাৱ লৈ ফুৰে। সেয়েহে কৈ দিব পাৰে- "বাদ দিয়া হে।"

১৯৩৪চনৰ ১১ অক্টোবৰ। ৰঙাজান চাহ বাগিছাত জন্ম হৈছিল তেওঁৰ। ধাৰাবাহিকভাৱে তিনিবাৰকৈ ২০০৬চনৰ ১৪মে'ৰ পৰা ২০১৬চনৰ লৈকে তেওঁ অসমৰ মুখ্যমন্ত্ৰী আছিল। ৰাজনৈতিক পৰিপক্কতাৰ বাবে তেওঁ মুখৰ এটা বাক্যই সাধাৰণ ভোটাৰৰ বাবে বিৰোধীৰ বিৰুদ্ধে পাশুপাত অস্ত্ৰ হৈছিল।

ৰাজনীতিত তেওঁ আছিল বিশ্ৰামহীন ৰণুৱা। তেওঁ বুজি পায় ৰাজনীতি কেনেকৈ কৰিব লাগে। কেতিয়া , কত, কাক আকোৱালি আৰু কাক প্ৰত্যাহ্বান জনাব লাগে। সেয়েহে তেওঁ প্ৰত্যাহ্বান জনাব পাৰিছিল বদৰুদ্দিন আজমলক। কৈছিল- "হু ইজ বদৰুদ্দিন।"

তৰুণ গগৈৰ পিতৃৰ নাম আছিল ড০ কমলেশ্বৰ গগৈ আৰু মাক নাম উষা গগৈ। পিতৃ আছিল ৰঙাজান চাহ বাগিছাৰ চিকিতসক। মাতৃ আছিল অসমৰ এজন জনপ্ৰিয় কবি গণেশ গগৈৰ কনিষ্ঠা ভগ্নী। ৰঙাজান চাহ বাগিছাত থকা ৰঙাজান নিম্ন বুনিয়াদী বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল গগৈয়ে।

তাৰ পিছত তেওঁ যোৰহাটত আৰু ভোলাগুৰি হাইস্কুলত পৰৱৰ্তী শ্ৰেণী অধ্যয়ন কৰে। ১৯৪৯চনত যোৰহাট চৰকাৰী হাইস্কুলত নামভৰ্তি কৰিছিল। পঢ়া-শুনাত মেধাৱী নাছিল তেওঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ জে বি কলেজকত নামভৰ্তি কৰে।

তাৰপাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এল এল বি ডিগ্ৰী গ্ৰহণ কৰি ৰাজনীতিৰে জড়িত হৈ পৰিছিল তেওঁ। সকলোৰে বাবে তেওঁৰ নামটো আছিল এজন স্বভাৱসুলভ, হাঁহিমুখীয়া আৰু ৰাজ্যৰ ৰাজনীতিত সাম্প্ৰতিক সময়ৰ এক চৰ্চিত নাম।

তৰুণ গগৈ। কোৰোনাৰ সংক্ৰমণৰ আগলৈকে তেওঁ আছিল অত্যন্ত সক্ৰিয় কংগ্ৰেছৰ এজন নেতা। শাসক পক্ষক তেওঁ তুলা-ধুনা দিছিল। প্ৰয়োজনত সংবাদমেল অনুষ্ঠিত কৰি শাসক তথা বিজেপিৰ বিৰুদ্ধে এই বয়সতো সৰৱ হৈ পৰিছিল। তেওঁ আছিল তৰুণ গগৈ, সদায় তৰুণ এজন নেতা।

৬বাৰকৈ লোকসভাৰ সাংসদ হৈছিল তেওঁ। ১৯৭১চনৰ পৰা ৮৫চনলৈ তেওঁ যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদৰূপে নিৰ্বাচিত হৈছিল। ইয়াৰ পূৰ্বে ১৯৬৭চনত যোৰহাট মিউনিচিপালিটী বৰ্ডৰ সদস্যৰূপে নিৰ্বাচিত হৈছিল।

১৯৭৬ত তেওঁ এ আই চি চি (নিখিল ভাৰত কংগ্ৰেছ কমিটি)ৰ যুটীয়া সম্পাদকৰূপে নিৰ্বাচিত হৈছিল। ১৯৭৭চনত দ্বিতীয়বাৰৰ বাবে ,১৯৮৩চনত তৃতীয় বাৰৰ বাবে সাংসদৰূপে তেওঁ নিৰ্বাচিত হৈছিল। ১৯৮৩চনত তেওঁ পুনৰ এ আই চি চিৰ যুটীয়া সম্পাদক হয়।

১৯৮৫ত এ আই চিচিৰ সাধাৰণ সম্পাদকৰূপে দায়িত্ব লৈছিল তৰুণ গগৈয়ে। ইন্দিৰা গান্ধীৰো ঘনিষ্ঠ আছিল তৰুণ গগৈ। ১৯৮৬ৰ পৰা ১৯৯০লৈ তেওঁ আছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি। ১৯৯১চনত তেওঁ কেন্দ্ৰীয় খাদ্য মন্ত্ৰী(ৰাজ্যিক স্বতন্ত্ৰ)ৰূপে দায়িত্ব গ্ৰহণ কৰিছিল।

পৰৱৰ্তীসময়ত তেওঁ কলিয়াবৰৰ পৰা ১৯৯১চনত সাংসদৰূপে নিৰ্বাচিত হৈ এই মন্ত্ৰীত্ব লাভ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীসভাত। ১৯৯৩চনত তেওঁ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। ১৯৯৮চনত তেওঁ পুনৰ সাংসদ ৰূপে নিৰ্বাচিত হয়।

তাৰ পিছত ১৯৯৯চনত ষষ্ঠবাৰৰ বাবে কলিয়াবৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল গগৈ। ৰাজ্যৰ ৰাজনীতিত পট পৰিৱৰ্তন ঘটাত তৰুণ গগৈ পুনৰ ঘূৰি আহে অসমলৈ । গুপ্তহত্যা, চৰকাৰী কৰ্মচাৰীক দৰমহা দিব নোৱাৰা আদি অনেক সমস্যাৰে জৰ্জৰিত অসমত ২০০১চনত কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল।

তাৰপিছত মুখ্যমন্ত্ৰীৰূপে দায়িত্ব লৈছিল। পৰৱৰ্তীসময়ত আৰু ২টাকৈ কাৰ্যকাল অথাত মুঠ ১৫বছৰ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত আছিল তৰুণ গগৈ। ২০১৬চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ চৰকাৰ পতন ঘটে।

অৱসান ঘটিছিল তৰুণ গগৈৰ যুগৰ। বহু কেলেংকাৰীৰ দাগ তেওঁৰ চৰকাৰৰ গাত লাগিলেও তৰুণ গগৈয়ে জানিছিল নিজকে নিকা কৰি ৰখাৰ কিটিপ। গতিকে কংগ্ৰেছৰ এই দাগ তৰুণ গগৈয়ে লব লগা হোৱা নাছিল।

তেওঁ জনপ্ৰিয়তা মুখ্যমন্ত্ৰী হৈ থকাৰ দৰেই আজিও আছে। কোৰোনাত আক্ৰান্ত হৈ চিকিতসাধীন হৈ দীৰ্ঘসময় তেওঁ GMCHত ভৰ্তি হৈ আছিল। তাৰ পৰা সুস্থ হৈ দুদিনমানৰ পূৰ্বে ঘৰলৈ উভতি গৈছিল যদিও ১নৱেম্বৰ ২০২০ৰ নিশা পুনৰ অসুস্থ হোৱাৰ পাছত তেওঁক GMCHৰ আই চি ইউত ভৰ্তি কৰা হয়।

তৰুণ গগৈৰ স্বাস্থ্য সংকটমুক্ত নহয়। কিন্তু তেওঁৰ গুণমুগ্ধ তথা ৰাজ্যবাসীয়ে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছে। পুনৰ সুস্থ হৈ আগৰ দৰেই ৰাজনীতিত সক্ৰিয় হৈ পৰিব এই জনপ্ৰিয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। কিয়নো তেওঁ নামৰ দৰেই চিৰ তৰুণ…