নিৰ্মল হৃদয়, বিমল প্ৰাণৰ মানুহজন...

১৫ফেব্ৰুৱাৰী, ২০২৬। দেওবাৰ। নৱগ্ৰহ শশ্মানৰ ২নং চিতাত তেখেতৰ শেষকৃত্যৰ বাবে যাৱতীয় কৰ্মখিনি চলি আছে। আত্মীয় আৰু কেইগৰাকীমান গুণমুগ্ধই অশ্ৰুসিক্ত নয়নেৰে কৰি আছে কৰ্ম কেইভাগ। এনে সময়তে উধাতু খাই আহিল এগৰাকী লোক। দোকান

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-15 at 10.14.17 PM

ডিম্পুল বৰগোহাঁই

১৫ফেব্ৰুৱাৰী, ২০২৬। দেওবাৰ। নৱগ্ৰহ শশ্মানৰ ২নং চিতাত তেখেতৰ শেষকৃত্যৰ বাবে যাৱতীয় কৰ্মখিনি চলি আছে। আত্মীয় আৰু কেইগৰাকীমান গুণমুগ্ধই অশ্ৰুসিক্ত নয়নেৰে কৰি আছে কৰ্ম কেইভাগ। এনে সময়তে উধাতু খাই আহিল এগৰাকী লোক। দোকান বন্ধ কৰি খৰ-খেদাকৈ আহিছে। তাতে থকা এজনক সুধিলে- তৰেণ দাক চিতাত উঠালেই নেকি?

হয়, জ্বলাবয়ে এতিয়া! এই উত্তৰ শুনাৰ পাছতে লোকজন একপ্ৰকাৰে দৌৰি চিতাৰ ওচৰ পালেগৈ। ভিৰৰ মাজৰ পৰাই জোতাযোৰ খুলি আঠু কাঢ়ি শেষবাৰৰ বাবে সেৱা জনালে তেওঁ। হুকহুকাই কান্দি উঠিল লোকজন। মানুহজনৰ ওচৰলৈ গৈ লাহেকৈ সোধাত ক’লে- মোৰ ঘৰ খাৰঘূলিৰ ওপৰ লুইতপুৰত। তৰেণ দাৰ ঘৰৰ ওচৰতে। আজি মই দেউতাক হেৰুওৱাৰ নিচিনা লাগিছে।

তেখেতক শেষ বিদায় দিবলৈ গুৱাহাটীৰ ভিন্ন ঠাইত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কেইটাত সকলোৰে মুখত সেই একেই কথা। এগৰাকী অভিভাৱকক হেৰুৱাৰ বেদনাত দগ্ধ আছিল সকলো। বৰ্ণিল সাহিত্য-সাংস্কৃতিক জীৱনৰ সমান্তৰালভাৱে সকলোৱে আলোচনা কৰিছিল তেখেতৰ উদাৰতা, সৰলতা আৰু অকৃত্ৰিম ভালপোৱা প্ৰকাশ পোৱা কথাবোৰ।

WhatsApp Image 2026-02-15 at 9.46.02 PM

বয়সত তেখেতকৈ সৰুৱেই হওঁক বা ডাঙৰেই হওঁক, কাকোৱেই কোনোদিন উচ্চবাচ্য নকৰিছিল তেওঁ। কাৰোবাৰ সৈতে সহমত পোষণ কৰিব নোৱাৰিলে তাৰ উত্তৰ সৰলতাৰে দিছিল। ব্যস্ততাৰ মাজতো নিজৰ জীৱনৰ লগতে তেওঁৰ আশে-পাশে থকা সকলোকে জীৱনটো সহজ-সৰলভাৱে উদযাপন কৰিবলৈ শিকাইছিল।

বড়ো-অসমীয়াৰ মাজত তেওঁ সমন্বয়ৰ সাকোঁ গঢ়াৰ চেষ্টা কৰি গ’ল আজীৱন। বড়ো সাহিত্যৰ লগতে অসমীয়া ভাষাত তেওঁৰ সাহিত্য চৰ্চা আছিল অতি উন্নতমানৰ। অসমীয়া ভাষাৰ পৰা বড়ো ভাষালৈ তিনিখন গ্ৰন্থ অনুবাদ কৰাৰ উপৰি অসমীয়া আৰু বড়ো দুয়োটা ভাষাতেই চুটিগল্প, কবিতা, নাটক সৃষ্টি কৰিছিল তেওঁ। ৩খন অসমীয়া ছবিত অভিনয়ো কৰিছিল।

WhatsApp Image 2026-02-15 at 9.46.06 PM

চাকৰি কৰি থাকোতেও সাহিত্যৰ ক্ষেত্ৰখনত তেওঁ সমানেই কাম গৈছিল। সকলোকে একেলগে আগুৱাই নিয়াৰ মানসিকতাৰ বাবে সকলো বয়সৰ লোকৰ তেওঁ ওচৰ চাপিব পাৰিছিল। কেৱল সাহিত্য ক্ষেত্ৰখনতে নহয়।  ব্যক্তিগত জীৱনতো শেষ সময়খিনিৰ লৈকে সেই একেই ধাৰণাৰেই জীয়াই আছিল, সহজ-সৰলভাৱে।

খাৰঘূলিৰ পাহাৰত আছে ওপৰ লুইতপুৰ অঞ্চলটো। ঘৰ নং- ১৪৪। যেতিয়াই স্কুটীখন লৈ তেওঁ ঘৰৰ পৰা ওলাই আহে, ৰাস্তাত লগ পোৱা সকলোকে এষাৰ মাত দিয়ে। কাৰোবাৰ কিবা অসুবিধা হ’লে ৰাস্তাৰ কাষত ৰৈ পৰামৰ্শও দি আহে। অঞ্চলটোত যি অনুষ্ঠানেই নহওঁক। তেওঁৰ সহযোগিতা আছিল সক্ৰিয়। সকলোৱে তেওঁক এগৰাকী অভিভাৱকৰ দৰে জ্ঞান কৰে। যাৰ বাবে খাৰঘূলি প্ৰতি ঘৰৰ এজন হ’লেও লোক আহি তেওঁক জনালে শেষ শ্ৰদ্ধাঞ্জলি।

WhatsApp Image 2026-02-15 at 9.46.01 PM (1)

তেওঁ কোনো দিন শিপা পাহৰি যোৱা নাছিল। শিপা খামুচিয়ে তেওঁ আৰম্ভ কৰিছিল বৰ্ণিল ৰ’দমুখী যাত্ৰা। তেওঁ নোহোৱা হোৱাৰ খবৰ শুনি জন্ম গাঁওখনৰ পৰা দৌৰি আহিল পুৰণি বন্ধু-বৰ্গ, অগ্ৰজ-অনুজ সকলো। কোনোবা আহিছিল লাখুটি লৈ, কোনোবা আহিছিল পেঙৰ সহায় লৈ। মুঠৰ ওপৰত তেওঁৰ শেষযাত্ৰাৰ সময়তো সকলোৰে আৱৰি ৰাখিছিল তেখেতৰ সৰলতা আৰু নিভাঁজ মৰমবোৰে।

WhatsApp Image 2026-02-15 at 9.45.58 PM

বড়ো সামাজিক-ৰাজনৈতিক, সাহিত্য-সংস্কৃতিৰ সকলো লোক আহিল তেওঁক শেষ শ্ৰদ্ধা জনাবলৈ। অসম সাহিত্য সভাইও তেখেতক যাঁচিলে শেষ শ্ৰদ্ধা। সাহিত্য একাডেমীৰ প্ৰতিনিধিও দৌৰি আহিল। কেইবাটাও আহোম সংগঠনেও তেখেতৰ মূৰত বান্ধি দিলে পৰম্পাগত পাগুৰি। বিশ্বজিত দৈমাৰী, প্ৰমোদ বড়োৰ পৰা আৰম্ভ কৰি অনিল বড়োৰ লৈকে বড়ো জনগোষ্ঠীৰ সকলো গণ্যমাণ্য ব্যক্তিয়ে শ্ৰদ্ধা যাচিঁলে তেওঁক।

WhatsApp Image 2026-02-15 at 9.46.01 PM

তেওঁ পঞ্চভূতত বিলীন হ’ল। ডাঙৰ জোৱাইঁয়েকে কৰিলে মুখাগ্নি। সহজ-সৰলভাৱে থাকি ভাল পোৱা, মানুহৰ মাজত থাকি ভাল পোৱা মানুহজনক ৰাজ্যিক মৰ্যদাও প্ৰদান কৰা হ’ল। তেজৰ নহ’লেও আত্মিক সম্পৰ্কৰ ডোলেৰে কিমান মানুহক বান্ধি ৰাখিব পাৰি তেওঁ তাৰ প্ৰমাণ দি গ’ল। 

নিৰ্মল হৃদয়ৰ বিমল প্ৰাণৰ মানুহ আছিল তেওঁ।মানুহ মহৎ হোৱাৰ আঁৰত ধন-সম্পত্তিৰ কোনো মূল্য নাই। মাথোঁ এটি শুদ্ধ, নিভাঁজ মনৰহে প্ৰয়োজন। তেখেতৰ সৰলতাক সকলোৱে স্মৰণ কৰিলে। মৃদুভাৱী মাতটোৰ কথা কৰিলে ৰোমন্থন। তেখেতৰ অভিভাৱকত্বৰ কথা সোঁৱৰি আৱেগিক হৈ পৰিল সকলো।

চিতাৰ জুইকুৰা দপদপাই জ্বলি উঠোতে কাষতে থকা এগৰাকী ভদ্ৰ বড়ো লোকে অসহায় নিজে নিজকে কৈছিল- উফ, বিগৌমা গ’লগৈ। শুনিলো যদিও বুজি নাপালো ‘বিগৌমা’ শব্দৰ অৰ্থ কি?  পাছত বড়ো ভাষা-সাহিত্যৰ সৈতে জড়িত থকা এগৰাকী লোকক সোধাত ক’লে এই শব্দটোৰ অৰ্থ- দেউতা, অভিভাৱক ইত্যাদি...

তৰেণ বড়ো