ডাষ্টবিন নহয়, ছহিদ স্মাৰক ক্ষেত্ৰক মন্দিৰ কৰি ৰাখো আহক...

১৯৭৯চনৰ ২ডিচেম্বৰ। দেশৰ নিৰ্বাচন আয়োগে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰিছিল। সেই দিনটোতে আয়োগে জনাইছিল যে, কোনো কাৰণতে অসমত নিৰ্বাচনত স্থগিত কৰা নহয়। অবৈধ বিদেশীৰ বিৰুদ্ধে অসমত আৰম্ভ হৈছিল আন্দোলন। 

author-image
Asomiya Pratidin
New Update
bikhekh Lekha AP

মৃদুল কুমাৰ সন্দিকৈ

১৯৭৯চনৰ ২ডিচেম্বৰ। দেশৰ নিৰ্বাচন আয়োগে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰিছিল। সেই দিনটোতে আয়োগে জনাইছিল যে, কোনো কাৰণতে অসমত নিৰ্বাচনত স্থগিত কৰা নহয়। অবৈধ বিদেশীৰ বিৰুদ্ধে অসমত আৰম্ভ হৈছিল আন্দোলন। 

আন্দোলনকাৰীসকলে বিচাৰিছিল অবৈধ বিদেশীৰ নাম থকা ভোটাৰ তালিকাৰে অসমত নিৰ্বাচনত হ’ব নোৱাৰিব, সেয়েহে বন্ধ কৰিব লাগে নিৰ্বাচন। নিৰ্বাচন আয়োগে সেই দাবী অস্বীকাৰ কৰি ঘোষণা কৰিছিল ৩ডিচেম্বৰৰ পৰা ১১ডিচেম্বৰলৈ মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থীয়ে।

4911ec6d-e64f-44b4-ac4b-bd27d2fa863f

১০ডিচেম্বৰ, ১৯৭৯। গুৱাহাটী লাখটকীয়াত থকা ঘৰৰ পৰা পুৱাই ওলাই গৈছিল বেগম আবিদা হুচেইন। প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলী আহমেদৰ পত্নী আছিল তেওঁ। বৰপেটা সমষ্টিৰ পৰা তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়ন পত্ৰ জমা দিয়াৰ উদ্দেশ্যেৰে এই যাত্ৰা আছিল।

আন্দোলনকাৰী সকলে মনোনয়ন পত্ৰ জমা দিয়া প্ৰাৰ্থীসকলক বাধা দিছিল। বেগম আবিদাকো বাধা দিয়াৰ উদ্দেশ্যৰে ভৱানীপুৰত সমবেত হৈছিল বহুলোক। সেই লোকসকলৰ মাজত আছিল ভৱানীপুৰৰ উজানবৰবাৰী গাঁৱৰ খগেৰ্শ্বৰ। সম্পূৰ্ণ নাম খৰ্গেশ্বৰ তালুকদাৰ।

তেতিয়াও তেওঁ হাউলী কলেজৰ ক’লা শাখাৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ। ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰো সাধাৰণ সম্পাদক আছিল। আৰক্ষীয়ে বাধা দিয়া আন্দোলনকাৰীৰ ওপৰত জপিয়াই পৰিছিল। আৰক্ষীৰ হেঁচা-ঠেলাত কাষৰ এটা পুখুৰীত পৰিছিলগৈ খৰ্গেশ্বৰ তালুকদাৰ। 

4911ec6d-e64f-44b4-ac4b-bd27d2fa863f

সেই ঘটনাতে মৃত্যু হৈছিল ছাত্ৰ নেতাজনৰ। অসম আন্দোলনৰ প্ৰথমজন ছহিদ হৈছিল খৰ্গেশ্বৰ তালুকদাৰ। তাৰ পাছত এই আন্দোলন তীব্ৰতৰ ৰূপত আগবাঢ়ি গৈছিল। প্ৰৱল আন্দোলনৰ পৰিণতিত ৮৫৫গৰাকী ছহিদ হৈছিল। সেই সংখ্যা চৰকাৰী তথ্যত পৰৱৰ্তী সময়ত ৮৬০লৈ বৃদ্ধি পাইছিল।

এদিন আন্দোলনৰ অন্ত পৰিল। ৮৬০গৰাকী ছহিদৰ চৰম ত্যাগ আৰু কেচাঁ তেজৰ বিনিময়ত ১৯৮৫ৰ ১৫আগষ্টত স্বাক্ষৰিত হৈছিল ঐতিহাসিক অসম চুক্তি। সেই চুক্তিৰ পাছতেই আন্দোলনৰ নেতৃত্ব লোৱা ছাত্ৰ নেতাই দিছপুৰত ক্ষমতা দখল কৰিছিল। কেৱল এলাগী হৈ ৰৈছিল এই ত্যাগৰ কাহিনীবোৰ।

প্ৰফুল্ল মহন্ত, ভৃগু ফুকন, বৃন্দাবন গোস্বামী, অতুল বৰা কোনোৱেই এই ইতিহাস যুগমীয়া আৰু সোঁৱৰণ কৰিব পৰাকৈ একোৱেই নকৰিলে। অসম চুক্তিও এক ভালুকৰ সাঙী হৈ ৰৈ গ’ল। বিদেশী খেদাম বুলি কোৱা মানুহবোৰে ক্ষমতাৰ ছশমা পিন্ধি বিদেশীয়েই নেদেখিলে অসমত।

7f5bc6d2-c78c-4a80-983a-2dda03b4e033

সকলো যেন ফুটুকাৰ ফেন। দুবাৰকৈ ক্ষমতালৈ আহিল আছুৰ পিঠিৰ পৰা বগাই অসম গণ পৰিষদ নামৰ আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা ছাত্ৰ নেতাবোৰ। ছহিদ হোৱা পৰিয়ালবোৰৰ খবৰ ল’বলৈ তেওঁলোকৰ আজৰিয়ে নহ’ল। পাৰ হ’ল এনেকৈয়ে চাৰিটা দশক।

২০১৯চনৰ কথা। শাসনত বিজেপিৰ চৰকাৰ। মানুহৰ আৱেগক মূলধনলৈ পৰিণত কৰাত পাকৈত দলটোৰ নেতৃত্বই নতুনকৈ কথাবোৰ চিন্তা কৰিলে। ভাল কামবোৰক ভাল বুলি স্বীকাৰ কৰাৰ প্ৰৱণতা আমাৰ অভাৱ। কঠোৰ সমালোচনাৰ কাঠগড়াত বিজেপিক উঠালেও এইবোৰ চিন্তাৰ বাবেই তেওঁলোক ব্যতিক্ৰম।

সেই বছৰতে ১০ ডিচেম্বৰ অৰ্থাত ছহিদ দিৱসৰ দিনা আৰম্ভ কৰা হ’ল এক প্ৰকল্পৰ কাম। ২০২০ৰ ১০ডিচেম্বৰত ভূমি পূজনেৰে পশ্চিম বৰাগাঁৱত আৰম্ভ হ’ল নিৰ্মাণ কাৰ্য। তাৰ পাছত ২০২৫ৰ ১০ডিচেম্বৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ল অসম আন্দোলনৰ ৮৬০গৰাকী ছহিদৰ স্মৃতিত - ছহিদ স্মাৰক ক্ষেত্ৰ। 

0685e324-950c-4247-95a5-e46cb17fc09e

এতিয়া সেই স্মাৰক ক্ষেত্ৰই কয় অসম আন্দোলনৰ বৰ্ণিল অধ্যায়বোৰৰ কথা। ১৭০কোটি টকাৰ ব্যয়েৰে ডেৰশ বিঘা মাটি আৱৰি আছে এই স্মাৰক ক্ষেত্ৰই। অৱশ্যে এতিয়াও কিছু কাম বাকী। ৬৭.২মিটাৰ উচ্চতাৰ এটা টাৱাৰৰ ভিতৰত আছে অসম আন্দোলনৰ ছহিদ সকলৰ প্ৰতিমূৰ্তি আৰু এই আন্দোলনৰ স্মৃতি বিজড়িত বহু পুৰণি কাকতৰ লগতে আলোকচিত্ৰ।

এটা ভাল লগা পৰিৱেশ। প্ৰতিদিনেই হাজাৰ হাজাৰ মানুহ সমাগম ঘটিছে। প্ৰৱেশ পথতে জোতা খুলি সেই স্থানত প্ৰৱেশ কৰা অভিজ্ঞতাই সুকীয়া। কণ কণ স্কুলীয়া শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ লোকসকলে এতিয়া ভিৰ কৰিছেহি তাত। 

সোমাই গৈয়ে প্ৰথম আলোকচিত্ৰৰে ভৰি থকা এটা কোঠা। সেই কোঠাটোত আছে আন্দোলনৰ সময়ত প্ৰকাশ কৰা বহু বাতৰিকাকতৰ সেই সময়ৰ খবৰবোৰ। আছে অসম আন্দোলনৰ সময়ত কেমেৰাত বন্দী হোৱা ইতিহাসৰ সাক্ষী হৈ ৰোৱা ফটোবোৰ।

24f6043d-178c-49dd-9bdc-d391560f2e74

মানুহবোৰে তন্ময় হৈ সেইবোৰ চাই যোৱা দৃশ্য বৰ আৱেগপূৰ্ণ। পিতৃয়ে পুত্ৰক কৈ গৈছিল সেই ফটোবোৰৰ আধাৰত অসম আন্দোলনৰ সময়ৰ কাহিনী। ছহিদ সমাধি ক্ষেত্ৰলৈ গৈ যিকোনো লোকেই হ’ব তেনে দৃশ্যৰ সাক্ষী। অতি পৰিকল্পতিভাৱে সজোৱা হৈছে সেই স্মাৰক ক্ষেত্ৰ। 

সেই ফটো গেলাৰীতে আছে অসম আন্দোলনৰ সেই তথ্যবোৰৰ সন্দৰ্ভত ব্যাখা কৰিব পৰা এখন ডেস্ক। তাৰ পৰৱৰ্তী স্থানলৈ গ’লেই সজাই থোৱা কিছু প্ৰতিমূৰ্তি। সেইবোৰ অসম আন্দোলনত ছহিদ হোৱা লোকৰ প্ৰতিমূৰ্তি। অৱশ্যে কিছু সংখ্যক ছহিদৰ আলোকচিত্ৰ সংগ্ৰহ কৰিব নোৱাৰাৰ বাবে তেওঁলোকৰ নাম লিখি সেই স্থানবোৰ খালী কৰি থোৱা হৈছে।

তাৰ পৰা ওপৰলৈ গ’লেই আছে এটা কোঠা। সেইটো আছিল ধ্যান কেন্দ্ৰ। এই টাৱাৰ কাষেৰেদি আছে এটা পৰিক্ৰমা পথ। কেইবাটাও ভিউ পইন্টৰ লগতে চাইকেল চলাবলৈ এটা ট্ৰেক আৰু চাইণ্ড-লাইট শ্ব’ৰো ব্যৱস্থা কৰা হৈছে। এই লাইট-চাউণ্ডৰ শ্ব’ৰ জৰিয়তে গেলাৰীত বহি শুনিব পাৰিব অসম আন্দোলনৰ ইতিহাস। 

1e028e59-0eb0-42a0-b63e-b0a86fdb3e41

৫০০মানুহ বহিব পৰা এটা প্ৰেক্ষাগৃহৰো ব্যৱস্থা কৰা হৈছে। স্মাৰক ক্ষেত্ৰখনৰ নিৰ্মাণৰ জৰিয়তে অসম আন্দোলনৰ এই ত্যাগ আৰু ইতিহাস নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ এক সুন্দৰ প্ৰদক্ষেপ গ্ৰহণ কৰা হ’ল। দেখা পালো তেনে এটা প্ৰতিমূৰ্তিত কোনোবাই পিন্ধাই থৈছে এখন গামোছা। 

এয়া অসমৰ ইতিহাসৰ এটা অধ্যায়। যি কথা ৰাজ্যবাসীৰ লগতে অসমলৈ অহা বাহিৰৰ লোকক ক’ব স্মাৰক ক্ষেত্ৰখনে। ভাল লগা সেই অভিজ্ঞতাৰ মাজতে দেখা পোৱা কিছু দৃষ্টিকটূ দৃশ্যই আপোনাৰ মন হতাশ কৰি তুলিব পাৰে।

সেই স্থানত থকা সুন্দৰ আলোকসজ্জা খুটাঁবোৰৰ ওপৰতেই কোনোবাই ওলমাই দিছে বেগ। হাতত চিগাৰেট, গুটখা লৈ ভিতৰত প্ৰৱেশ কৰিব বিচাৰি নিৰাপত্তাৰক্ষীৰ সৈতে কাজিয়া কৰাৰ দৃশ্যও তেনেই সুলভ। এইবোৰ মাজতে তাত অসম আন্দোলনৰ সন্দৰ্ভত প্ৰকাশ কৰা গ্ৰন্থ বা সৰু পুস্তিকা বিক্ৰীৰ এক কেন্দ্ৰ গঢ়ি তুলিব পাৰি। 

7ba5e394-8cc6-4598-a418-c7b2571131bb

উভতাৰ পথত দেখা অন্তিম দৃশ্যটোৱে মন সেমেকাই তুলিলে। মূল পথৰ পৰা এই স্মাৰক ক্ষেত্ৰলৈ সোমোৱাৰ মূল গেটখনৰ নিৰাপত্তাৰক্ষী বহি থকা স্থানতেই পাণ-মচলাৰ পিক আৰু পেকেট। নিৰাপত্তাৰক্ষী কেইজনৰ মতে, তেওঁলোকে নাজানে কোনে মাত্ৰ ১৫টা দিনতে সন্মুখৰ ভাগতে এই অৱস্থা কৰিলে।

ছহিদক শ্ৰদ্ধা জনাই নিৰ্মাণ কৰা এই সুন্দৰ স্মাৰক ক্ষেত্ৰৰ বাবে ধন্যবাদৰ যোগ্য চৰকাৰ। সমান্তৰালভাৱে সেই স্থান আটক-ধুনীয়া আৰু পৰিস্কাৰ কৰি ৰখাটোও আমাৰ দায়িত্ব। তেনে ঘটনা যাতে নহয় তাৰ বাবে কৰ্তৃপক্ষও সজাগ, সচেতন হোৱা প্ৰয়োজন, নহ’লে এই ধুনীয়া মন্দিৰ সদৃশ স্মাৰক ক্ষেত্ৰখনো হৈ পৰিব এটা ডাষ্টবিন...

অসম আন্দোলন