কোভিডে গৰকা দেওবাৰ…

কোভিডে গৰকা দেওবাৰ দেওবাৰ। আগতে এই দিনটোলৈ ৰৈ থকা হয়। কিন্তু এতিয়া যে প্ৰতিটো দিনেই যেন দেওবাৰ। ধূসৰ সময়ে ছানি

author-image
asomiyapratidin
New Update
কোভিডে গৰকা দেওবাৰ…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

কোভিডে গৰকা দেওবাৰ…

দেওবাৰ। আগতে এই দিনটোলৈ ৰৈ থকা হয়। কিন্তু এতিয়া যে প্ৰতিটো দিনেই যেন দেওবাৰ। ধূসৰ সময়ে ছানি ধৰা পৃথিৱীত অসুখী মানুহ। কোভিডে গৰকা দেওবাৰ এটা দিনলিপি এয়া। সময় তেতিয়া ৫বাজিবলৈ ২০মিনিটমান বাকী। সময়েতো নামানে কোৰোনাৰ বাধা। পুৱা ৫বজাৰ পৰা আৰম্ভ হয় আচলতে স্বাভাৱিক জীৱন। মাত্ৰ ৭ঘন্টাৰ বাবে এতিয়া এটা দিন।

৫বজাই নাছিল! তেওঁ হয়তো ওলাই গৈছে মৰ্ণিং ৱাৰ্কলৈ

কোভিডৰ সংক্ৰমণৰ পাছত সকলোৰে ৰুটিন সলনি হৈছে। কেনেদৰে কোভিডৰ মাজত এটা দেওবাৰ পাৰ হয় তাৰ আভাস লোৱাৰ বাবেই ওলাইছিলো আমি। সময় পুৱা ৫বজা নাছিল। খালী পথটোৰে আগবাঢ়ি গৈছে এজন মানুহ। পিছফালৰ পৰা চাই অনুমান কৰিব পাৰিলো এই পুৱা তেওঁ প্ৰাতঃভ্ৰমণত ওলাইছে।

পুৱা ৫বজাৰ পৰা পুৱা ১১বজালৈকে দোকান-পোহাৰ খোলা। তাৰ পাছত ১২বজাৰ পৰা সান্ধ্য আইন। কোভিডৰ বাবে এই প্ৰটকল চৰকাৰৰ। জুৰোডৰ নাৰিকলবস্তিৰ পৰা ওলাই মাদাৰ টেৰেছা পথেৰে জুৰোড তিনিআলিফালে আহি থাকোতে দেখা পালো আন এক দৃশ্য।

হয়তো গেৰেজৰ সন্ধানত…

গীতানগৰ থানাৰ পাৰ হৈ দুজন যুৱক গৈ আছিল। ঠেলি নিছে এখন স্কুটি। হয়তো বেয়া হৈছিল আগদিনা। পুৱাই দুয়ো এইদৰে স্কুটীখন ঠেলি গেৰেজৰ সন্ধানত আগবাঢ়িছে। কিবা এটা সমস্যা নিশ্চয় তেওঁলোকৰ হৈছে। আনকালে হোৱা হ'লে তেওঁলোকে ইমান পুৱাই স্কুটী ঠেলি ওলাই নাহে। এতিয়া যে কোভিডৰ সময়, ১১বজালৈকেহে খোলা থাকে দোকান-পোহাৰ।

জুৰোড তিনিআলিত স্বাভাৱিক দিনত পুৱাই মানুহৰ ভিৰ হয়। কিয়নো তাত গোট খায়হি বহু মানুহ। কাম বিচাৰি অহা মানুহ তেওঁলোক। এতিয়া সেই জুৰোড খালী। কাৰন একেই, কোভিড। আগবাঢ়িলো কৰ্মাচ কলেজৰ দিশে। পুৱাই কৰ্মাচ কলেজৰ উৰণীয়া সেতুত মানুহৰ কিছু ভিৰ। খোজ কঢ়াই খোজ কাঢ়িছে, কিন্তু মুখত পিন্ধি আছে মাস্ক।

কৰ্মাচ কলেজৰ সমীপৰ উৰণীয়া সেতুত শাৰীৰিক কচৰৎ

আগবাঢ়ি গৈ থাকিলো। চানমাৰীৰ আকাশবাণীৰ সন্মুখত দুই-এখন শাক-পাচলিৰ দোকান পদপথত বহিছে। প্ৰায় শূণ্য ৰাজপথ। পুৱাই দোকান খুলি গ্ৰাহকৰ অপেক্ষাত এতিয়া ব্যৱসায়ী। যোৱা কিছুদিন ধৰি এয়া নিয়ম হৈ পৰিছে। সৰু চাহৰ দোকানখনত ৰৈ থকা মহিলাগৰাকীয়ে কেৰাচিনৰ ষ্টভটোত চাহৰ ডেস্কীটো উঠাই উদাস দৃষ্টিৰে কোনোবা তেওঁৰ কাষলৈ আহিব নেকি চাই ৰৈছে।

সেই উদাসীনতাতেই যেন লুকাই আছে আছে জীৱন, বৰ্তমান আৰু ভৱিষ্যত। শেষ ক'ত, কোনেও নাজানে, মাথোঁ এতিয়া অপেক্ষা আকৌ ঘূৰি আহিব সেই পুৰণি দিনবোৰ, যত মুখত নাথাকিব আৱৰণ। বিপৰীত দিশৰ পৰা এজন ব্যক্তিয়ে খুউব খৰখেদাকৈ তেওঁৰ স্কুটীখনত আলু, পিয়াজ অন্যান্য শাক-পাচলি লৈ আহিছে। তেওঁৰ মুখৰ অভিব্যক্তিয়ে কৈছে কিহৰ বাবে তেওঁৰ এই খৰ-খেদা। সোনকালে গৈ পাব লাগে দোকান।

যাত্ৰী নাই…

অনুৰূপ দৃশ্য দেখা পালো কিছু আগত। আনকালে যাত্ৰী কঢ়িওৱা এখন ই ৰিক্সাই এতিয়া কঢ়িয়াইছে শাক-পাচলি। দীঘলি পুখুৰীৰ পাৰতো মানুহৰ কিছু সমাগম। কোভিডৰ মাজতে এইদৰে ওলাই আহিল কিছু সময়ৰ বাবে হলেও প্ৰকৃতিৰ মাজত বিলীন হৈ এটা সুন্দৰ দিনৰ প্ৰত্যাশা চকুত।

সেই পথেৰে গৈ কটন কলেজৰ সমুখত কিছু সময় ৰ'লো। কটনৰ সন্মুখৰ মানুহৰ ভিৰ পুৱাৰ পৰাই লাগিব। নেহৰু পাৰ্ক দীৰ্ঘদিন ধৰি বন্ধ। পদপথত থকা দোকানসমূহত তলা। তিনিজন মান ব্যক্তিয়ে নাৰিকলৰ কেইবাটাও থোকা লৈ গ্ৰাহকৰ বাবে ৰৈ আছে। এটা ডাবৰ দাম ৫০টকা।

গৰম হৈছে, গ্ৰাহকহে নাই…

গৰম যথেষ্ট হৈছে। ১০০-২০০ ডাব বিক্ৰী হৈছিল দিনে। এতিয়া গৰম হলেও গ্ৰাহক নাই। জীৱন সংগ্ৰামৰ সচাঁ কাহিনী এয়া। এইগৰাকী ডাব ব্যৱসায়ী জীৱনতো প্ৰভাৱ পেলাইছে কোৰোনাই। তাৰ পাছত মেঘদূতৰ কাষৰ ফুলৰ পুলিৰ দোকানবোৰতো কোভিডৰ প্ৰভাৱ। পুলিবোৰ উলিয়াই সজাই মানে সোমোৱাবৰে হয়।

শুক্লেশ্বৰ ঘাট পাইছোগৈ তেতিয়া। আগৰ দৰে পদপথত থকা মানুহবোৰৰ সংখ্যা কিছু কমিছে। দুজনমানে সন্মুখত থকা বাছ ষ্ট্ৰেপেজটোত বহি গল্প-গুজব কৰি আছে। কোভিডে চুই যোৱা জীৱনৰ এটা এটা মূৰ্হুত চকুৰ সন্মুখত দেখিছো।

কাম নাই!

তাৰ কিছু দূৰৈত ফুল বিক্ৰী কৰা দোকানবোৰতো ফুলৰ বিক্ৰী কমিছে। এতিয়া তেওঁলোকে নাৰ্জি ফুলহে বেছি বিক্ৰী কৰে। কোৰোনাই অনা দুখৰ খবৰবোৰৰ প্ৰতিফলন এই নাৰ্জিবোৰত। আন নহ'লেও আতৰৰ পৰাই প্ৰিয়জনৰ ফটোত গুজিছে বহুত নাৰ্জিফুলৰ মালা। সেয়াইতো এতিয়া সচাঁ, জীৱনহে কেৱল মিছাঁ।কেতিয়া কেনেকৈ জীৱনে ফাঁকি দিয়ে, কোনেও নাজানে।

এই ফুলৰ মালাত লিখা আছে দুখৰ বতৰা…

আকৌ কওঁ দেওবাৰ, আন দিনাতকৈ পৃথক এই দেওবাৰ। সকলো ঠিকে আছে, ঠিকে নাই কেৱল মানুহ। ঠিকে নাই এই পৃথিৱী। ফুলৰ দোকানৰ পৰা পুনৰ আগবাঢ়ি যাওঁতে হঠাৎ ব্যস্ততা, কিয়নো এয়া ফাঁচী বজাৰ। পাইকাৰী বেপাৰীৰ পৰা আৰম্ভ কৰি খুচুৰা বেপাৰীৰ লৈকে সকলো নিৰ্ভৰশীল এই ফাঁচী বজাৰত।তাৰ পৰা বস্তু নিলেহে বিক্ৰিব পাৰিব তেওঁলোকে।

সময় তেতিয়া ৭ বাজে কি নাবাজে। মানুহবোৰ ভীষণ ব্যস্ত, সকলোৰে হাতে হাতে টোপোলা। একপ্ৰকাৰৰ যান-যটঁ। প্ৰতিযোগিতা চলিছে কোনো কিমান সোনকালে নিজৰ বস্তু লৈ উভতিব পাৰে। পথৰ কাষত থকা অটো ভান বোৰত সামগ্ৰী উঠোৱা-নমোৱা চলি আছে।

পুৱাৰ ফাঁচী বজাৰ

এইসকলোবোৰ পৰিৱৰ্তনৰ কাৰন কোৰোনা। ভৰলুমুখত এতিয়াও ডাঙৰ ডাঙৰ দোকানবোৰ খোলাই নাই। সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ল'ৰাবোৰে খেলিছে। তাৰ মাজতে দুই একে গাড়ী শিকিছে। চকুত পৰা দৃশ্য এয়া। মানুহে পৰিত্ৰাণ বিচাৰিছে, মানুহ যন্ত্ৰ নহয়। সুযোগ পালেই মানুহ ওলাই আহিছে।

দেওবাৰৰ পুৱা সোণাৰাম খেলপথাৰৰ দৃশ্য

সৰু সৰু মানুহবোৰে জীৱিকাৰ পথ বিচাৰিছে। যিপাৰে তাকেই কৰি দুপইচা উপাৰ্জনৰ চেষ্টা কৰিছে। গৈ আছো। বহু দৃশ্য দেখিছো । কামাখ্যা মন্দিৰলৈ যোৱা পথটোৰ সন্মুখত কিছু সময় ৰ'লো। কোভিডৰ বাবে মন্দিৰৰ দৰ্জা বন্ধ। প্ৰৱেশ পথত তম্বু তৰি বন্ধ কৰি দিয়া হৈছে। স্থানীয় লোকসকল অহাযোৱা কৰে সেই পথেৰে।

কামাখ্যা

আকৌ আগবাঢ়িলো। কিছুদিনৰ পূৰ্বে এটা খবক হৈছিল। ছাত্ৰীক দিবলৈ অনা স্কুটীবোৰ মালিগাঁৱৰ এখন বিদ্যালয়ৰ চৌহদৰ হাবিৰ মাজত পৰি আছিল। সেইবোৰ কেনে আছে চাই যাব বিচাৰিলো। খবৰ হোৱাৰ পাছত গা লৰিল। হাবি বননিৰ পৰা আতঁৰাই কিছু মুকলি ঠাইত স্কুটীবোৰ পূৰ্বতকৈ কিছু সযতনে ৰখাইছে। কেমেৰাত সেই দৃশ্য বন্দী কৰিলো।

এতিয়া এনেদৰে থোৱা হৈছে স্কুটীবোৰ…

মালিগাঁৱত আগৰদৰে ব্যস্ততা নাই। আদাবাৰী বাছ ষ্ট্ৰপেজ শূণ্য। শাৰী শাৰীকৈ ৰখাই থোৱা আছে চিটিবাছবোৰ। গাড়ীবোৰ চলিবলৈ দিলেও ভয়তে মানুহ গাড়ীত নুঠে। যাত্ৰীবিহীন বাছ চলাই কেনেকৈ। চালক-হেণ্ডিমেন-মালিক সকলো চিন্তিত। সেয়াইতো তেওঁলোকৰ জীৱন-জীৱিকা। কিন্তু মানুহৰ জীৱনটো ডাঙৰ কথা। জীৱন নাথাকিলে এইসকলোবোৰতো মিছা। দুই এখন চিটিবাছ চলি আছে তাৰ বাহিৰে আনবোৰৰ একেই দশা

কোভিডে কৰা দশা…

ৰিক্সাৱালা বোৰেও এতিয়া অন্যকামত ধৰিছে। অচিনাকী ৰিক্সাৱালাৰ ৰিক্সাত অচিনাকী যাত্ৰী উঠে কেনেকৈ। কোনে জানে! কাৰ দেহত আছে কোভিডৰ ভাইৰাছ। বহুদিন থৈ দিয়া ৰিক্সাবোৰেই কয় তেওঁলোকৰ বাবে এই দিন কিমান কঠিন হৈছে। একোখন ৰিক্সা চলাই পৰিয়ালক পোহপাল দিয়া সকলে নেদেখাজনক খাটিছে- প্ৰভু কোৰোনাক আতঁৰাই নিয়া। গুৱাহাটীৰ এটা দেওবাৰৰ আলেখ-লেখ এয়া।

ভয়! কোনেও নুসুধে, ৰিক্সাৱালা যাবা?

কৃষ্ণচূড়া ফুলিছে। এজাৰো ফুলিছে। জালুকবাৰী মানেই সেই ৰঙা ৰঙৰ সমাহাৰ। কত প্ৰেম আৰু বিষাদৰ গাথাঁৰে ভৰি আছে জালুকবাৰী। চঞ্চল জালুকবাৰীত এতিয়া কেৱল নিস্তদ্ধতা। প্ৰাণখুলি হাঁহিবলৈ কোনো নাই। কৃষ্ণচূড়াৰ তলত বহি প্ৰিয়জনৰ সান্নিধ্য ল'বলৈ, কেন্টিন-ৰেষ্টুৰাত বহি চাহ খাবলৈ আছে কোন এতিয়া তাত? কৃষ্ণচূড়াৰ দেশতো কোৰোনাৰ প্ৰভাৱ পৰিছে এইদৰে। নিৰাপত্তাৰক্ষী জনে গেটৰ সন্মুখত ৰৈ হামিয়াই-হেকুটিয়াই ব্যস্ততাৰে ঘেৰি ৰখা জালুকবাৰীত কেৱল সময় কটাইছে।

কৃষ্ণচূড়াৰ দেশতো নিমজ-নিতাল পৰিৱেশ…

তাৰ পৰা ঘূৰি পল্টন বজাৰ পালোহি। পুৱাৰে পৰা মানুহৰ ভিৰ লগা পল্টন বজাৰো যেন আজি এলাগী। এইখন যেন নহয় আগৰ চিনাকি পল্টন বজাৰ। তাৰ পাছত উলুবাৰী। নেহৰু ষ্টেডিয়ামত দেওবাৰৰ দিনা অনুশীলনৰ বাবে বহু খেলুৱৈ আহিছিল। সেই নেহৰু ষ্টেডিয়ামতো নেদেখিলো পূৰ্বৰ পৰিৱেশ।

তাৰ পাছত আগবাঢ়িলো উলুবাৰীৰ আন এক স্থানলৈ। এই স্থান বিশেষভাৱে বিশেষ। কোভিডত আক্ৰান্ত হোৱা সকলক উলুবাৰীৰ সেই শশ্মানত সৎকাৰ কৰা হয়। শশ্মানলৈ সোমোৱাৰ পথত শাক-পাচলি মাছৰ দোকান। দিনে-নিশাই তাত জ্বলে মৃতদেহ। তেতিয়ালৈকে শশ্মানত নতুন মৃতদেহ অহা নাই। পূৰ্বতে জ্বলাই থোৱা মৃতদেহবোৰৰ পৰা ওলাৱা ধোৱাঁ আতঁৰৰ পৰাই দেখা পালো।

ক'তজন পঞ্চভূতত বিলীন হ'ল, তাৰ হিচাপ ৰাখে কোনে

শশ্মানৰ সন্মূখত অৰাঁ আছে এখন ফলক। কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা সকলৰ সৎকাৰ বিনামূলীয়াকৈ কৰা হয়। কোনো লোকে ধনদাবী কৰিলে ৯৩৬৫০-২৯৬১৪ বা ১০৭৭ নম্বৰত যোগাযোগ কৰিবলৈ। মৃত্যুয়েই যে এতিয়া কোভিডৰ বাবে বিনামূলীয়া। আজি থকা মানুহজন কাইলৈ থাকে বা নাথাকে।

তাৰপাছত পোনে পোনে গণেশগুৰি। সময় ৯ বাজি গৈছিল। বজাৰবোৰ দুই-এখন বহিছে। বি কে টাৱাৰৰ তলৰ দোকানবোৰলৈ মানুহৰ আগমন ঘটিছে। ফল-মূলৰ দোকানীবোৰে বতৰৰ ফল লৈ দোকান পাতি বহিছে।

আশা! গ্ৰাহক আহিব…

ইয়াৰ পাছত লক্ষ্য আছিল বেলতলা বজাৰ। দেওবাৰে সেই পথেৰে আনকালে গাড়ী বাদেই মানুহেই খোজকাঢ়ি পাৰ হব নোৱাৰে। সেই দৃশ্য এই দেওবাৰত বেলতলাত নাই। ১০মিনিটৰ মূৰে মূৰে পুলিছে চাইৰেন বজাই ঘূৰিছে। বেলতলাত বজাৰ কৰাৰ আশা মানুহ এৰিছে। যি দুই এখন সৰু দোকান বহিছ, পুলিছৰ ভয়ে তেওঁলোককো খেদিছে।

ক্লিক কৰি পঢ়কঃনগাঁৱত কোভিডৰ দ্ৰুত সংক্ৰমণঃ দ্বিতীয় ঢৌত ৭৩ জনৰ মৃত্যু, ৪০স্থানক কন্টেইনমেন্ট ঘোষণা…

ইয়াৰ পাছত ছয়মাইলৰ সেই বিখ্যাত মাছৰ বজাৰ। আগৰ দৰে মাছ বিচাৰি মানুহ নাহে। বিধে বিধে মাছ এতিয়া পোৱাও টান হৈছে। যিকেইটা আহিছে, সেইবোৰৰ দাম আকাশলংঘী হৈছে। এজন মাছ বেপাৰীয়ে সন্মূখত চিতল আৰু এটা ডাঙৰ শাল মাছ লৈ গ্ৰাহকক দাম কৈছে। শালমাছটোৰ ওজন তেওঁৰ মতে ৬কেজিৰো ওপৰ হ'ব। কেজি ১০০০টকা। কোনো কোনোৱে দাম শুনিয়ে তাৰ পৰা পলাইছে।

মাছৰ দাম শুনিয়ে গ্ৰাহকে জুই দেখিছে…

কোভিডৰ সময়ৰ প্ৰতিচ্ছবি এয়া। ছয়মাইলৰ পৰা নাৰেংগীৰ লৈকে আহি থাকোতে বাটত দেখা পালো এখন এম্বুলেন্স। এম্বুলেন্স খনত আউজি এক জনশূণ্য ঠাইত মানুহজনে কিছু বিৰাম লৈছে। পি পি ই কিটৰ ওপৰ অংশ খুলি দি তেওঁ কিছুসময়ৰ বাবে ৰৈছে। আতঁৰৰ পৰাই মানুহজনক সুধিলো- কি কৰিছে? তেওঁ ক'লে- ডিউটিত আছো। কিমান পিন্ধিব এইবোৰ, অলপ নেচাৰেল বতাহ লৈছো। কোভিডৰ ৰোগী কঢ়িওৱা এখন এম্বুলেন্সৰ ড্ৰাইভাৰ তেওঁ। সকলোৰেতো আছে দুখ-ভাগৰ।

কোভিডৰ বিৰুদ্ধে বিৰামহীনভাৱে যুঁজিছে…

সময় ১১ বাজো বাজো। ১১বজাত সামৰিব লাগে সকলো। ১২বজাৰ পৰা সান্ধ্য আইন। AIDC পাওতে দেখিলো কেইবাজনো ব্যক্তি আৰু মহিলা ব্যস্ত ন'লা-নদৰ্মা চাফা কৰাত। দুই-এজনৰ মুখত মাস্ক, হাতত গ্লভছ নাই। কোভিড আহিছে বুলি বান নহাকৈ নাথাকে। নদৰ্মাৰ জাঁবৰবোৰ পথৰ কাষতে থৈছে। সেই জাঁবৰৰ ওপৰেৰে পাৰ হ'ব যান-বাহন। তথাপি কৰিব লগা কামবোৰ কৰি গৈছে।

সৰু মানুহৰ ডাঙৰ কাম…

মহানগৰীত দেওবাৰে দেখা দৃশ্য আছিল এয়া। উজান বজাৰত মাছৰ বজাৰত একেই হৈ চৈ। জৰ্জ ফিল্ডত পুৱাই খেলৰ অনুশীলন। কোভিডত আক্ৰান্ত দেওবাৰৰ কিছু দৃশ্য এয়া। এইদৰে চলি গৈছে জীৱন, হয়তো চলি যাব এনেকৈয়ে আৰু কিছুদিন। ৰাতিৰ পাছত পোহৰ হোৱাৰ দৰেই এদিন অচিৰেই আহিব কোভিডবিহীন সময়।

সংকট, সংশয়ে ঘেৰা সময়ৰ খেল

১২ বাজিবৰ হওঁ হওঁ। ১২বজাৰ লগে লগেই ৰাজপথত চলিব তালাচী। ঘৰলৈ উভতাৰ পথত গেলামাল দোকানীজনে কোৱা কথাষাৰে কাণত বাজি থাকিল। বাটে-পথে দেখা দৃশ্যবোৰ চকুত ভাহিঁ থাকিল। দোকানীজনে কৈছিল- বয় বস্তু উলিয়াই দোকান খোলোতে ৯-৯.৩০বাজে। ধূপ-ধুনা এতিয়া জ্বলাবলৈ এৰি দিছো। ধূপ দি চাকি জ্বলাই কি হ'ব। ধূপ জ্বলি শেষ নহয়ে, দোকান বন্ধ কৰিবলৈয়ে হয়…