/asomiyapratidin/media/media_files/2025/12/14/de159d23-5afb-4d0c-b8e4-018f2ea221de-2025-12-14-14-02-29.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
সেয়া আছিল ১৯৫০খনৰ ৯ ছেপ্টেম্বৰৰ কথা। কলকাতাৰ পৰা প্ৰকাশ হোৱা অমৃত বজাৰ পত্ৰিকাত খবৰ ওলাইছিল সোৱণশিৰিৰ বানত ৮০০ লোক মৃত্যু বা সন্ধানহীন হৈছে। ইয়াৰে ৩৫১জন আছিল সোৱণশিৰিৰ উত্তৰপাৰৰ বাসিন্দা আৰু বাকীসকল আছিল পূব পাৰৰ বাসিন্দা।
পিটিআইৰ এজন সাংবাদিকে এই খবৰ কাকতখনলৈ প্ৰেৰণ কৰিছিল। সেই খবৰত উল্লেখ আছিল যে, গাছীমিৰি নামৰ এটা মিৰি সম্প্ৰদায়ৰ ১৭ জন লোকৰ বাহিৰে বাকী সকলো উটি গৈছিল এই বানত।
১৯৫০ৰ ১৫ আগষ্টত আহিছিল বৰ ভূমিকম্প। সমগ্ৰ দেশে উদযাপন কৰি আছিল দেশৰ তৃতীয় স্বাধীনতা দিৱস। সেই সময়তে ৮.৬ প্ৰাবল্যৰ বৰভূমিকম্পই জোঁকাৰি গৈছিল। এই ভূমিকম্প অনুভূত হৈছিল সন্ধিয়া ৭.৪২ বজাত।
অসমত এই ভূমিকম্পই বিস্তৰ ক্ষতিসাধন কৰিছিল। ভূমিকম্পত পাহাৰ খঁহি পৰাত দুলুংমুখ নামৰ পাহাৰীয়া অঞ্চলটোত সোৱণশিৰি নদীৰ পানী বন্ধ হৈ পৰিছিল। আৰু সেই পানীয়ে এক জলবোমাৰ ৰূপ লৈছিল।
ভূমিকম্পৰ কিছু দিনৰ পাছত আৱদ্ধ হৈ পৰা সোৱণশিৰি নদীৰ এই পানী যেতিয়া পাৰ ভাঙি তললৈ বৈ আহিছিল, তেতিয়া সেই দুলুংমুখ এক বৃহৎ হ্ৰদলৈ পৰিণত হৈছিল। ভৈয়ামত বাস কৰা লোকসকল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল এই বানত।
১৯৫০ চনত অহা এই ভূমিকম্পৰ প্ৰাবল্য ইমান বেছি আছিল যে, ১৯৩৪চনত বিহাৰ আৰু ১৯৩৫চনত হোৱা কোৱেটৰ ভূমিকম্পতকৈ ইয়াৰ জোকাৰণি বেছি আছিল। ভূমিকম্পৰ পাছতেই কেবাখনো নদীৰ পানী শুকাই গৈছিল। তাৰ কাৰণ আছিল পাহাৰৰ ভূমিস্খলনত নদীৰ পানী আৱদ্ধ হৈ পৰিছিল।
দিহিং নৈৰ পানীও হঠাৎ বন্ধ হৈছিল, কিন্তু দ্ৰুতগতিত বাঢ়ি সেই সময়ত লখিমপুৰ চহৰ সাগৰ সদৃশ কৰি পেলাইছিল। অভাৱনীয়ভাৱে ভূমিকম্পৰ পাছত এনে প্ৰাকৃতিক দুৰ্যোগে ৰাজ্যত ক্ষতিসাধন কৰিছিল। সোৱণশিৰি নদীৰ পানী প্ৰথমে শুকাই যোৱা সময়ত আচলতে কি হৈছে সেয়া চাবলৈ উৰা জাহাজ লৈ আকাশৰ পৰা জৰীপ চলোৱা হৈছিল।
নদীখনৰ ওপৰৰ ভাগত এনেদৰে পানী জমা হোৱা দেখি বহু বাসিন্দাক নিৰাপদ স্থানলৈ আঁতৰাই নিয়া হৈছিল। ঠায়ে ঠায়ে মাইকযোগে আৰু ঢোল পিটি মানুহবোৰক আঁতৰি যাবলৈ কোৱা হৈছিল। তাৰ পাছতো সোৱণশিৰিত এই ভূমিকম্পৰ পাছত পাহাৰৰ ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ পৰা পাহাৰ ভেটা ভাঙি তললৈ নামি অহাত নামনিৰ ১৫খন গাঁও উটুৱাই নিছিল।
এয়া হ’ল সোৱণশিৰিৰ ইতিহাস। সেই ইতিহাসেই পুনৰাবৃত্তি হ’ব বুলি শংকিত সাধাৰণ মানুহ। বাৰে বাৰে বিশেষজ্ঞ সকলেও অভিমত পোষণ কৰিছে যে, সোৱণশিৰি নদীত বৃহত নদীবান্ধ নিৰ্মাণ কৰাতো অত্যন্ত বিপদজনক।
ইয়াক লৈ আন্দোলন হৈছে। প্ৰায় এটা দশক ধৰি নামনি সোৱণশিৰি নদী বান্ধ নিৰ্মাণৰ বিৰুদ্ধে আন্দোলন চলিছিল। এই তীব্ৰতৰ আন্দোলনৰ বাবেই ৬হাজাৰ কোটি টকীয়া প্ৰাৰম্ভিক প্ৰকল্পৰ ব্যয় ২৬হাজাৰ কোটিৰো অধিক হ’ল।
বিদেশী বিশেষজ্ঞ দলেও অধ্যয়ন কৰি নামনি সোৱণশিৰি নদীবান্ধৰ সুৰক্ষাক লৈ উদ্বিগ্নতা ব্যক্ত কৰিলে। কিন্তু নদীবান্ধৰ কাম বন্ধ নকৰিলে এন এইচ পি চিয়ে। হঠাত এটা খবৰ আহিল। এইখন নদীৰে ওপৰভাগত নিৰ্মাণ কৰা উজনি সোৱণশিৰি নদীবান্ধৰ কাম সাময়িকভাৱে স্থগিত ৰখা হৈছে।
ইয়াৰ কাৰণ হিচাপে অৰুণাচলৰ দ্যপৰিজুত নিৰ্মাণ কৰিবলৈ লোৱা নদীবান্ধৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ বাবে এনে সিদ্ধান্ত লৈছে এন এইচ পি চিয়ে। নামনি সোৱণশিৰি নদীবান্ধৰ তুলনাত সেই আন্দোলন বা প্ৰতিবাদ তেনেই সামান্য। তাৰ পাছতো এন এইচ পি চিয়ে এই সিদ্ধান্ত লোৱাতো এটা বিশেষভাৱে তাতপৰ্যপূৰ্ণ বিষয়।
একেই যুক্তিতে নামনি সোৱণশিৰিৰ নদীবান্ধ বন্ধ কৰাৰ কথা কিয় এন এইচ পি চিয়ে ভৱা নাই। ইমান প্ৰতিবাদৰ পাছতো এই নদীবান্ধ নিৰ্মাণ কৰি প্ৰধানমন্ত্ৰীৰ হতুৱাই নদীবান্ধটোৰ উতপাদনৰ কাম শুভাৰম্ভ কৰিবলৈ ততপৰ হৈ পৰিছিল এন এইচ পি চিৰ কৰ্তৃপক্ষ।
প্ৰধানমন্ত্ৰীৰ এই কাৰ্যসূচীৰ বাবে আই বিয়ে প্ৰস্তুত কৰা প্ৰতিবেদনত নদীবান্ধটোৰ নিৰ্মাণত থকা বিসংগতিৰ বাবেই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সেউজ সংকেত প্ৰদান নকৰাত এয়া সম্ভৱ হৈ উঠা নাই। প্ৰকৃতিয়েও নদীবান্ধটোৰ নিৰ্মাণত হেঙাৰ হৈ থিয় দিছে।
২০০০মেগাৱাট বিদ্যুত উতপাদনৰ লক্ষ্যৰে এই নদী বান্ধ নিৰ্মাণ কৰা হৈছে। কিন্তু বৰ্তমান ৫০০মেগাৱাট বিদ্যুত উতপাদন কৰাৰ সক্ষমতা নাই নদীবান্ধটোত। ৮টা টাৰবাইনৰ ৬টাই বিদ্যুত উতপাদন কৰিব পৰা অৱস্থাত নাই।
এন এইচ পি চিৰ ৬০হাজাৰ কৰ্মচাৰীক পোহপাল দিয়াৰ স্বাৰ্থত এই নদীবান্ধ নিৰ্মাণৰ কাম চলাই থকা হৈছে। নদীবান্ধটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ল বুলি এন এইচ পি চিয়ে দাবী কৰিলেও বিসংগতিপূৰ্ণভাৱে ইয়াক নিৰ্মাণ হোৱাৰ কথাতো ইতিমধ্যে প্ৰতীয়মান হৈছে।
অসমৰ ৰাইজক এন এইচ পি চিয়ে বহু কথা আন্ধাৰত ৰখাই থৈছে। প্ৰতিষ্ঠানটোৱে আনকি চৰকাৰে দিয়া মাটি বন্ধকত থৈ বিশ্ব বেংকৰ পৰা ঋণ লোৱাৰ প্ৰস্তুতিও চলাইছিল। ৰিজাৰ্ভ বেংকৰ হস্তক্ষেপত সেই অভিপ্ৰায় পূৰণ নহ’ল।
অভিযোগ উঠে এই নদীবান্ধ আন্দোলনৰ সৈতে জড়িত প্ৰায়বোৰ পক্ষ মেনেজ হৈ গৈছে। ছাত্ৰ সংগঠনৰ বৃদ্ধ নেতাৰ পৰা, আন্দোলনকাৰী সংগঠনৰ সক্ৰিয় নেতা, মূধাফুটা সাংবাদিক সকলোৰে জেপত এন এইচ পি চিৰ ধন। যাৰ বাবে তেওঁলোকে এতিয়া আগৰ দৰে নদীবান্ধৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে।
এয়া আমাৰ বাবে কম পৰিতাপৰ কথা নহয়। কোনে কিমান ধন লৈছে বুলি তালিকা প্ৰস্তুত কৰি থকা আন্দোলনকাৰী নেতাই যেতিয়া কান্ধত ওলোমাই থোৱা বেগত এন এইচ পি চিৰ ধনৰ বোঁজা ভৰ ল’ব লগা হয়, তেতিয়া আন্দোলনবোৰ এনেদৰেই নিষ্প্ৰভ হৈ পৰে।
সেই তালিকা প্ৰস্তুত কৰা নেতাই এন এইচ পি চিৰ পৰা ধন লোৱা বুলি অভিযোগ তোলা লোকৰ শাৰীতে নিজৰ নামো লিপিৱদ্ধ কৰিব নোৱাৰাৰ বাবেই সেই তালিকাই প্ৰকাশ কৰিব নোৱাৰিলে। পূৰ্বতে প্ৰস্তুত কৰা বহু খবৰত যিধৰণে শংকা ব্যক্ত কৰা হৈছিল, সেই খবৰবোৰে এতিয়া বাস্তৱ হ’বলৈ গৈ আছে।
এই নদীবান্ধত উতপাদন কৰা বিদ্যুত ক’ত বিক্ৰী কৰিব, প্ৰতি ইউনিট বিদ্যুতৰ উতপাদন মূল্য যে বজাৰতকৈ বেছি হ’ব সেয়া পোহৰলৈ আহিছে। উজনি সোৱণশিৰি নদীবান্ধ বন্ধ কৰাৰ পাছত একেই আচিলাৰে নামনি সোৱণশিৰি নদীবান্ধো বন্ধ হৈ যোৱাৰ সম্ভাৱনাই দেখা দিছে।
কিন্তু প্ৰশ্ন হয়, নামনি সোৱণশিৰি নদীবান্ধত ২৬হাজাৰ কোটিকে ধৰি এই নদীখনত নদীবান্ধ নিৰ্মাণৰ নামত এতিয়ালৈকে ৪০হাজাৰৰো অধিক কোটি টকা ব্যয় কৰা হ’ল। এই ৰাজহুৱা ধন ক’ত, কেনেকৈ ব্যয় হ’ল তাৰ এক নিৰপেক্ষ তদন্ত প্ৰয়োজন হৈ পৰিছে।
পানীৰ দৰে এন এইচ পি চিয়ে ধন ব্যয় কৰিলে। কাৰো সাৱধানবাণী নুশুনি আকোৰগোঁজ হৈ এই কাম কাৰ স্বাৰ্থত কৰা হৈছিল। সোৱণশিৰিকে ধৰি অসমৰ নিৰ্বাচিত নদীসমূহত নদীবান্ধ নিৰ্মাণ কৰাৰ প্ৰসংগত উত্থাপন হৈছিল অসম চুক্তিৰ সময়ত।
সেয়া আছিল বান নিয়ন্ত্ৰণৰ বাবে। বহুমুখী নদীবান্ধবোৰে পথাৰলৈ পানীকে ধৰি বিভিন্ন আঁচনি ৰূপায়নৰ কথা কোৱা হৈছিল। সেইবোৰ কথা পৰৱৰ্তীসময়ত সাধু কথা হৈ পৰিল। বৃহত নদীবান্ধ নিৰ্মাণৰ বাবে এটা পক্ষ উঠিপৰি লাগিল। আনকি নদীবান্ধৰ প্ৰয়োজনীয়তাৰ কথা অনুভৱ কৰিবলৈ হেনো ৰাজ্যখনত লোড শ্বেডিঙৰ দৰে পৰিস্থিতি কৃত্ৰিমভাৱে সৃষ্টি কৰা হৈছিল।
বৃহৎ নদীবান্ধ অসমৰ জনজীৱনৰ বাবে ভাবুকি হৈ পৰিব। তাৰ লগতে নদীৰ জীৱকুলৰ বিস্তৰ ক্ষতি, বান্ধ নিৰ্মাণ কৰাৰ ফলত নামনি অংশত নদীৰ পানী শুকাই যোৱাৰ বিপৰীতে বাৰিষা সেই পানী বান্ধৰ পৰা এৰি দিয়াৰ ফলত কেনে পৰিৱেশ সৃষ্টি হ'ব পাৰে, সেয়া ইতিমধ্যে উৎপাদন আৰম্ভ হোৱা সৰু সৰু নদীবান্ধে চলিত বৰ্ষটো সৃষ্টি কৰা বিভীষিকাৰ জৰিয়তেই স্পষ্ট হৈ পৰিছিল।
নদীবান্ধৰ সপক্ষে বা বিপক্ষে যিমানেই যুক্তি দাঙি নধৰক কিয়, সঁচা কথাটো হ'ল- ভূমিকম্পপ্ৰৱণ এই অঞ্চলটোত নদীবান্ধে তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিব। গেৰুকামুখৰ এনএইছপিচিৰ নামনি সোঁৱণশিৰি নদীবান্ধৰ ক্ষেত্ৰত ইতিমধ্যে তীব্ৰ প্ৰতিবাদ হোৱাৰ পাছতো ভৌগলিকভাৱে নদীবান্ধ নিৰ্মাণ কৰাত বাধা থকা এই অঞ্চলটোত চৰকাৰে যিকোনো প্ৰকাৰে জলবিদ্যুৎ উৎপাদনতহে গুৰুত্ব দিয়াহে পৰিলক্ষিত হ’ল।
গেৰুকামুখৰ বান্ধ নিৰ্মাণ কৰা স্থানত থকা শিলবোৰত সৰু ডাঙৰ চ্যুতি আছে। ভূমিকম্পপ্ৰৱণ এই অঞ্চলটোত যিকোনো মুহূৰ্ততে ভূমিকম্পই বান্ধটো ধ্বংস কৰি পেলাব পাৰে। বান্ধৰ ৰিজাৰ্ভাৰত যি বৃহৎ পৰিমাণৰ পানী জমা থাকিব, সেই পানীবোৰে শিলবোৰত থকা চ্যুতিবোৰক সক্ৰিয় কৰি তুলিলে এনে শিলবোৰৰ স্থিতাৱস্থাৰ পৰা গতি কৰিলে ভূমিকম্প হোৱাটো নিশ্চিত।
তদুপৰি, বান্ধ নিৰ্মাণ স্থানত থকা শিলবোৰৰ ধৰণ বান্ধ নিৰ্মাণৰ বাবে উপযুক্ত নহয়। যাৰ বাবে এই শিলবোৰ সহজতে ভাগি পৰাৰ শংকা থাকে। এই স্থানত বান্ধ নিৰ্মাণ কৰিব লাগে নে নালাগে, সেই সন্দৰ্ভত ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু আই আই টি, গুৱাহাটীৰ বিশেষজ্ঞ সকলৰে এখন বিশেষজ্ঞ কমিটী গঠন কৰা হৈছিল। এই কমিটীয়ে দাখিল কৰিছিল এখন প্ৰতিবেদন।
"REPORT ON DOWNSTREAM IMPACT STUDY OF THE ONGOING SUBANSIRI LOWER HYDROELECTRIC POWER PROJECT AT GERUKAMUKH OF NATIONAL HYDROELECTRIC POWER CORPORATION LIMITED- শীৰ্ষক এই প্ৰতিবেদনত এই বান্ধৰ ফলত কি কি পৰিস্থিতৰ উদ্ভৱ হ'ব পাৰে, তাৰ এখন তালিকা দিয়া হৈছিল। এন এইচ পি চিয়ে সেইবোৰলৈ গুৰুত্বই নিদিলে।
গৰাখহনীয়া বৃদ্ধি, জীৱকুলৰ প্ৰতি ভাবুকিৰ লগতে বান্ধৰ ফলত হ'ব পৰা ক্ষয়-ক্ষতিৰ কথা সবিস্তাৰে উল্লেখ আছিল এই তালিকাত। লগতে উল্লেখ আছিল ১৯৫০ চনত হোৱা ভূমিকম্পত এই সোৱণশিৰি নদীত এটা প্ৰাকৃতিক বান্ধৰ সৃষ্টি হৈছিল। ৩ দিন থকা এই বান্ধটো ভাগি যোৱাৰ পাছত নদীখনৰ নামনি অঞ্চলত বিস্তৰ ক্ষতি হৈছিল। সেই ক্ষতিপূৰণৰ বাবে অঞ্চলটোত ১০ বছৰৰো অধিক সময়ৰ প্ৰয়োজন হৈছিল।
বৰ্তমান ১৯৫০ চনৰ তুলনাত সোৱণশিৰিৰ নামনি অংশত জনসংখ্যা যথেষ্ট বৃদ্ধি পাইছে। যদি এনে পৰিস্থিতিৰ সৃষ্টি হ'বলৈ হয়, তাৰ ভয়াবহতা কি হ'ব পাৰে সেয়া অনুমানেই কৰিব নোৱাৰি। সেই প্ৰতিবেদনত এই কথা লিখিছিল এইদৰে-
"The great 1950 earthquake of Upper Assam, caused landslides in the Subansiri river, thereby daming the river for three days, and when the natural dam failed, it brought total devastation in the downstream area. People required more than a decade for revival, the population was a meager number during that time as compared to the present, and even a calamity of similar magnitude can easily cause far greater devastation today, affecting a much larger population. This is a prime concern of the downstream inhabitants as was revealed during the study"
এই অঞ্চলটো অতি কোমল আৰু বালি শিলেৰে গঠিত। সেয়েহে ভূমিকম্পৰ ফলত এই বান্ধ ভাগি যোৱাৰ সম্ভাৱনা অধিক বেছি। তেনে ক্ষেত্ৰত নামনি সোৱণশিৰিত নদীবান্ধক লৈ ৰাইজৰ শংকা, বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদন আদি সকলোকে আওকাণ কৰি কেৱল বিদ্যুৎ উৎপাদনৰ বাবে অসমৰ পণবন্দী কৰা হ’ল।
গেৰুকামুখৰ প্ৰকল্পৰ নামনিৰ প্ৰভাৱ অধ্যয়ণৰ বাবে পূৰ্বৰ অধ্যয়ণসমূহক অৱজ্ঞা কৰি কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ে একপক্ষীয়ভাৱে তিনিজনীয়া অধ্যয়ণ কমিটী গঠন কৰিছিল। ২৫ জুলাই, ২০১৯ত সেউজ ন্যায়াধীকৰণৰ দিল্লীৰ প্ৰধান বিচাৰ পীঠৰ এই সন্দৰ্ভত এক গোচৰ আবেদন গ্ৰহণ কৰি চৰকাৰী পক্ষ আৰু এনএছপিটচিক ন্যায়াধীকৰণৰ বিচাৰকে প্ৰশ্ন কৰিবলগা হৈছিল যে- অসম ভাৰতৰ অংগৰাজ্য নহয় নেকি?
ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেল, এছ পি বাংৰি, আৰু কে ৰামাকৃষ্ণনৰে গঠিত সেউজ ন্যায়াধীকৰণৰ বিচাৰপীঠে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ দ্বাৰা নিয়োজিত তিনিজনীয়া বিচাৰপীঠক অগ্ৰাহ্য কৰিছিল। সেউজ ন্যায়াধীকৰণৰ বিচাৰপীঠে প্ৰশ্ন কৰিছিল- অসমৰ নাগৰিকৰ স্বাৰ্থ জড়িত বিষয়ক অৱজ্ঞা কৰি দেশৰ উন্নয়নৰ আঁচনি সেই অঞ্চলত কিদৰে ৰূপায়িত হ'ব পাৰে? ভয়াবহ বানত আক্ৰান্ত এই ৰাজ্যখনত বলপূৰ্বকভাৱে কেন্দ্ৰই কোনো সিদ্ধান্ত জাপি দিব নোৱাৰে বুলিও বিচাৰপীঠে স্পষ্ট কৰি দিছিল।
উত্তৰ পূবত কেন্দ্ৰই নদীবান্ধ নিৰ্মাণেৰে জলবিদ্যুৎ উৎপাদনৰ বাবে অধিক তৎপৰতা গ্ৰহণ কৰিছিল। কিয়নো বাজপেয়ী চৰকাৰৰ দিনতে উত্তৰ পূবক 'পাৱাৰ হাউচ' ৰূপে গঢ়ি তোলা নীতিক কাৰ্যকৰী কৰিবলৈ ইটোৰ পাছত সিটো নদীবান্ধ নিৰ্মাণেৰে দেশৰ আন ঠাইৰ বিদ্যুৎসংকট দূৰীকৰণৰ চেষ্টা চলোৱা হৈছিল।
নদীখনক জীৱিকাৰূপে লৈ বা নদীখনৰ পাৰত গঢ়ি উঠা সামাজিক, জৈৱিক প্ৰণালীৰ আৰু অঞ্চলটোৰ জীৱকুলৰ প্ৰতি তীব্ৰ ভাবুকি আহিব। বান্ধৰ পৰা ১৮ ঘন্টাত মাত্ৰ ৬ কিউমেক পৰিমাণৰ পানী এৰি দি বাকী ৬ ঘন্টাত ২৫০০ কিউমেকলৈ বৃদ্ধি কৰি বিদ্যুৎ উৎপাদন কৰিব লাগিব। নদীখনৰ জলস্ৰোতৰ অস্বাভাৱিক হ্ৰাস-বৃদ্ধিয়ে নামনিৰ ইক' চিষ্টেম বিধ্বস্ত কৰি পেলাব।
এই অঞ্চলটোত বছৰি গড়ে ৪৪০ ছেন্টিমিটাৰ বৰষুণ হয়। বাৰিষা কালত পাৰ্বত্য অঞ্চলটোত যথেষ্ট পানী জমা হৈ প্ৰৱল চাপ সৃষ্টি কৰে। বৃষ্টিজনিত সেই চাপ নদীবান্ধটোৰ বাবে অতি বিপজ্জনক হৈ পৰিব। নদীবান্ধ নিৰ্মাণ হ'বলগা সোৱণশিৰি নদীয়ে স্বাভাৱিকভাৱে দৈনিক ২৯৩৩৮ টন পানী কঢ়িয়াই নিয়ে। যদি সেয়াই হয়,তেনেহ'লে নদীবান্ধৰ পানী জমা কৰা অঞ্চলত বান্ধৰ উচ্চতা হ্ৰাস কৰিব। সেই উচ্চতা ৰক্ষা কৰিবলৈ বালিমিশ্ৰিত পানী পাম্প কৰি এৰিব লাগিব। সেই বালিবোৰ এৰি দিলে এই বালি গৈ কাষৰ পথাৰত পৰিবগৈ। যাৰ বাবে পথাৰ সমূহৰ উৎপাদন শক্তি হ্ৰাস পাব।
২০০৮ চনত অনুৰূপ ধৰণে অতিপাত বৰষুণৰ বাবে ৰঙানদীৰ বান্ধৰ পানী এৰি দিয়াত ক্ষন্তেকৰ ভিতৰতে ৩৪৭ খন গাঁও জলমগ্ন কৰি পেলাইছিল। সেইবোৰ সৰু সৰু বান্ধ। কিন্তু ইয়াৰ বিপৰীতে বৃহৎ নদীবান্ধবোৰৰ ভয়াবহতাৰ কথা ৰাইজে কল্পনাই কৰিব পৰা নাই।
সেইবোৰ দিশ এন এইচ পি চি য়ে ইমান দিনে উপেক্ষা কৰি চলিছিল। উজনিত নদীবান্ধৰ কাম বন্ধ কৰাৰ পাছত এতিয়া নামনি সোৱণশিৰি নদীবান্ধৰ কামো একেই যুক্তি আৰু সাম্ভাৱ্য বিপদৰ কথা ভাৱি বন্ধ কৰি দিয়া হোৱা নাই কিয়? এই মৌলিক প্ৰশ্ন কৰিবলৈ যেন এতিয়া কোনো নাই অসমত। নাই কোনো দল-সংগঠন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us