‘বেয়া পাইছো আপোনাক !’...

‘১৯৯৭চনৰ ৩১ডিচেম্বৰৰ পুৱা। মই আপোনাৰ ওচৰলৈ গৈ আপোনাক জনাইছিলো যে, ১জানুৱাৰীৰ নতুন বছৰৰ দিনটোতে মই পুনৰ কংগ্ৰেছ দললৈ ঘূৰি যাব খুজিছো।‘-  এইদৰে এজন ৰাজনৈতিক নেতাই আৰম্ভ কৰিছিল এখন দীঘলীয়া চিঠিৰ পাতনি।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ap BIKHEKH LEKHA (6)

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

১৯৯৭চনৰ ৩১ডিচেম্বৰৰ পুৱা। মই আপোনাৰ ওচৰলৈ গৈ আপোনাক জনাইছিলো যে, ১জানুৱাৰীৰ নতুন বছৰৰ দিনটোতে মই পুনৰ কংগ্ৰেছ দললৈ ঘূৰি যাব খুজিছো।‘-  এইদৰে এজন ৰাজনৈতিক নেতাই আৰম্ভ কৰিছিল এখন দীঘলীয়া চিঠিৰ পাতনি।

তেতিয়াৰ মুখ্যমন্ত্ৰীলৈ লিখা চিঠি আছিল এইখন। এখন ৰাজনৈতিক চিঠি। বহু ঘটনা প্ৰৱাহৰ ইংগিত বহনকাৰী এই পুৰণি চিঠিখন। চিঠিখনৰ দ্বিতীয়টো পেৰেগ্ৰাফত এই ৰাজনৈতিক নেতাজনে লিখিছিল-  আপোনাক সাক্ষাৎ কৰোতে কি কি কাৰণত আপোনাৰ ব্যক্তিগত জনপ্ৰিয়তা আৰু বিশ্বাসযোগ্যতা হ্ৰাস পাইছে, সেই কথা ব্যক্ত কৰাৰ কথাতো আপোনাৰ নিশ্চয় মনত আছে।

চিঠিখনত উল্লেখ থকা মতে, এইগৰাকী ৰাজনৈতিক নেতাৰ হাতত ধৰি তেতিয়াৰ অসমৰ সেই মুখ্যমন্ত্ৰীজনে তেওঁক কি কৈছিল, সেই বিষয়ে চিঠিখনত উল্লেখ আছে এইদৰে-  এক অতি ঘৰুৱা পৰিৱেশত মোৰ হাতত ধৰি মোক আপুনি কৈছিল- কংগ্ৰেছে আপোনাক আপোনাৰ প্ৰাপ্য স্থান নিদিলে আৰু নিদিয়ে। আপুনি কংগ্ৰেছলৈ যোৱাৰ কথা বাদ দিয়ক, আপুনি অগপত যোগ দিয়ক। আমি আপোনাক প্ৰাপ্য স্থান দিম।

সেই আন্তৰিকতাত মুগ্ধ হৈয়ে হেনো এই নেতাজনে অগপত যোগদান কৰিছিল। মুখ্যমন্ত্ৰী গৰাকীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি, তেওঁক হেনো দলটোত প্ৰাপ্য স্থানেই দিছিল। কিন্তু তাৰ ১০মাহৰ পাছতে অৰ্থাৎ ১৯৯৮চনৰ ৮নৱেম্বৰত দলটোৰ পৰা এই নেতাগৰাকীয়ে পদত্যাগ কৰি লিখিছিল এই পত্ৰ।

তেওঁ লিখিছিল-  মই অগপ দলৰ পৰা পদত্যাগ কৰাৰ ঘটনাই আপোনাক আচৰিত কৰিছিল বুলি মই জানো। আৰু ইয়াৰ বাখ্যা জনসাধাৰণৰ সন্মুখত উচিত সময়ত দাঙি ধৰিম বুলি প্ৰতিশ্ৰুতিৱদ্ধ। এইবোৰ ব্যক্তিগত কথাৰ মাজতে তেওঁ কেইটামান গুৰুত্বপূৰ্ণ আৰু সদায় প্ৰাসংগিক হৈ থকা কথা উল্লেখ কৰিছিল।

তাৰ ভিতৰত এটা আছিল জনমতৰ প্ৰতি থকা আস্থা আৰু অসমৰ ভৱিষ্যতৰ প্ৰতি থকা দায়ৱদ্ধতাই হেনো সেইদিনা তেওঁক এনে সিদ্ধান্ত লবলৈ বাধ্য কৰিছিল।বৰ দীঘলীয়া আছিল এই চিঠিখন। হয়তো তেতিয়া সংবাদমাধ্যমৰ হাততো পৰা নাছিল এইখন চিঠি।

চিঠিখনত এই নেতাগৰাকীয়ে কৈছিল-  সভ্যতাত বিশ্বাসী সমাজক প্ৰত্যাহ্বান জনালে তাৰ বিচাৰ নোহোৱাতোৱেই হব এক সামাজিক অপৰাধ। কেৱল ৰাজনৈতিক বাৰ্তা দি কি শাসন চলাব বিচাৰিছে তাক লৈও এই চিঠিখনত প্ৰশ্ন কৰা হৈছিল।

এজন নেতাক তেতিয়াৰ মুখ্যমন্ত্ৰীয়ে সেই সময়ত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। অথচ সেই নেতাগৰাকী সেই মুখ্যমন্ত্ৰীৰেই ছাত্ৰ ৰাজনীতি কৰা সময়ত অগ্ৰজ আছিল, সতীৰ্থ মন্ত্ৰী হৈছিল। তাৰ পিছত আৰম্ভ হৈছিল ৰাজনৈতিক সংঘাত।

চিঠি লিখা নেতাজনে অনুভৱ কৰিছিল এজন মুখ্যমন্ত্ৰীৰ ভাৱ-ভাষা এনে হোৱা উচিত হোৱা নাই। সেয়েহে এই প্ৰসংগটো উত্থাপন কৰি চিঠিখনত লিখা কথাকেইটা আজিও জানো প্ৰাসংগিক নহয়? – ৰাজনৈতিক মতভেদ হোৱাৰ সময়ত তেওঁ আপোনাক আক্ৰমণ কৰোতে আপুনিও ৰাজনৈতিকভাৱে প্ৰতি আক্ৰমণ কৰক। আমি কোনেও আপত্তি নকৰো। কিন্তু এই আক্ৰমণৰ স্তৰ ইমান নিকৃষ্ট হোৱাৰ অনুচিত।

চৰিত্ৰবোৰ সলনি কৰি সেই চিঠিখনত থকা সেই কথাবোৰ আজি এই সময়ত অনুধাৱন কৰিব পাৰি। ৰাজনৈতিক ষড়যন্ত্ৰ, প্ৰতিহিংসা তেতিয়াও আছিল, আজিও আছে। কিয়নো তেতিয়াই তেওঁ সেই চিঠিত উল্লেখ কৰিছিল- নিদোৰ্ষী বিষয়াক বিবেক বিৰুদ্ধে কাম নকৰাৰ বাবে শাস্তি দিয়া হৈছিল। কম বয়সতে বৈধব্যক আকোৱাঁলি লোৱা মহিলা ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছিল।

এই নেতাগৰাকীয়ে তেওঁৰ দেউতাক ৰাজনীতিৰে জড়িত হোৱাৰ বাবে কেনে ষড়যন্ত্ৰ আৰু প্ৰতিহিংসাৰ বলি হৈছিল, সেই কথা উল্লেখেৰে এই চিঠিত কৈছিল- ক্ষমতাৰ অপ্ৰয়োগেৰে স্বেচ্ছাচাৰিতাৰ এই ঘৃণনীয় প্ৰক্ৰিয়াটোক মই চিনি পাওঁ।

ইংগিতপূৰ্ণ এই চিঠিখন যিজন নেতাই লিখিছিল, তেৱোঁ এদিন অস্থিৰতাৰ বাবেই সক্ৰিয় ৰাজনীতিৰ পৰা হেৰাই গল। সেই মুখ্যমন্ত্ৰীজনৰ ক্ষমতা, জনপ্ৰিয়তা সকলো সময়ে কাঢ়ি নিলে। কিন্তু চিঠিখনত থকা এই কথাবোৰ ৰৈ গল।

বহু নেতাৰ বাবে এই চিঠিখন সত্যাতাক উপলদ্ধিৰে ভৱিষ্যতৰ বাস্তৱক দেখা এক আদিপাঠ হব পাৰে। কিমান ক্ষমতাশালী লোক এই পৃথিৱীত জন্ম হয়। যিসকলে ক্ষমতাক অপব্যৱহাৰ কৰে, তেওঁলোক খলনায়ক হৈ হেৰাই যায়। তাৰ মাজতে বহুজন আদৰ্শ হৈ ৰয়, কিয়নো তেওঁলোকক ক্ষমতাই মূৰত নধৰে।

ক্ষমতাশালী হৈয়ে সকলো কাম নকৰে। সমাজ, জাতি আৰু দেশৰ হকে কৰা কামবোৰত ৰাজনীতিতকৈ দায়ৱদ্ধতা বেছি থাকে।  কিৰিপ চলিহাই প্ৰফুল্ল মহন্তলৈ লিখা এইধৰণৰ ৰাজনৈতিক চিঠি আজি তাৰিখত সচাঁ উপলদ্ধিৰে লিখিব পাৰিবনে কোনোবা নেতা-মন্ত্ৰীয়ে...

প্ৰফুল্ল মহন্ত