/asomiyapratidin/media/media_files/2025/10/14/ap-for-web-new-bikhekh-lekha-4-2025-10-14-13-16-06.jpg)
মৃদুল কুমাৰ সন্দিকৈ
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰা বিশেষ তদন্তকাৰী গোটেও বহু সিদ্ধান্ত ল’ব পৰা নাই। ইয়াৰ অৱশ্যে কাৰণ আৰু যুক্তিও আছে। এফালে মানুহৰ আবেগ আৰু জুবিন ভাৱমূৰ্তি, আনফালে তদন্তৰ আইনগত দিশ আৰু বহু পক্ষৰ ৰাজনৈতিক দৃষ্টিকোণ।
তেনে দোমাজাত দুবাৰকৈ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত শেহতীয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন তদন্তকাৰী গোটে লাভ কৰাৰ পাছতেই বহুবোৰ নতুন কথাই ভুমুকি মাৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা গঠিত এটা দলে দিল্লীৰ পৰা অহা ভেছেৰা ৰিৰ্পটৰ ওপৰত ভিত্তি কৰি চূড়ান্ত যিখন প্ৰতিবেদন প্ৰস্তুত কৰিলে।
অৱশ্যে তাত কি আছে, সেয়া ৰাজহুৱা নহয় বুলি তদন্তকাৰী গোটৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই স্পষ্ট কৰি দিলে ১৩অক্টোবৰ, ২০২৫ত। তাৰ পাছতেই ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক এছ আই টিয়ে এই গোচৰৰ তদন্তৰ সন্দৰ্ভত বিশেষ আলোচনাৰ বাবে নিমন্ত্ৰণ কৰাতো এক লক্ষ্যণীয় বিষয়।
প্ৰথমে ১৩গৰাকী লোকৰ নাম ৰাজহুৱা হৈছিল। তাৰ পৰৱৰ্তীসময়ত ১৫জনলৈ সেই সংখ্যা বৃদ্ধি পায়। শেষলৈ মুঠ ২১ গৰাকী লোকৰ নাম চৰ্চালৈ আহে, যিসকলক এছ আই টিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত কিছু কথা অৱগত আৰু তেওঁলোকৰ পৰা কিছু পৰামৰ্শ লোৱাৰ পৰিকল্পনা কৰিছিল।
চৰ্চালৈ অহা সেই বিশিষ্ট লোকৰ তালিকাখনত থকা সকল আছিল ক্ৰমে- অদীপ ফুকন, প্ৰাণজিৎ শইকীয়া, ধৈৰ্য হাজৰিকা, মনোজ কুমাৰ গোস্বামী, শিৱানু বৰা, অতনু ভূঞা, মৃণাল তালুকদাৰ, ৰামানুজ দত্ত চৌধুৰী, সঞ্জীৱ ফুকন, ডা০ হিতেশ বৰুৱা, ডাঃ শুভ্ৰকিংকৰ গোস্বামী, প্ৰাঞ্জল শইকীয়া, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, উৎপল শৰ্মা, ৰাজদ্বীপ বাইলুং বৰুৱা, সমুজ্জল ভট্টাচাৰ্য, অনুৰাধা শৰ্মা পূজাৰী, সমীৰণ ফুকন, শ্যামন্তক গৌতম আৰু ৰাহুল গৌতম শৰ্মা, চৈয়দ জাৰিৰ হুচেইন।
মানুহৰ মনত এক সাধাৰণ প্ৰশ্ন জাগ্ৰত হৈছে- এই মৰণোত্তৰ প্ৰতিবেদনত কি আছে বা তদন্ত প্ৰক্ৰিয়াত কি প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে যে, এনেদৰে এটা আইনী গোচৰ তদন্ত কৰা তদন্তকাৰী গোটে এই আলোচনাৰ আহ্বান কৰিব লগা হ’ল।
মানুহৰ সেই প্ৰশ্ন আৰু আবেগক প্ৰাধান্য দি এছ আই টিয়ে আলোচনাৰ বাবে মতা গৰিষ্ঠ সংখ্যকে আলোচনাত অংশ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইসকলৰ ভিতৰত আছে- মনোজ কুমাৰ গোস্বামী, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, প্ৰাণজিত শইকীয়া, অনুৰাধা শৰ্মা পূজাৰী, ৰাজদ্বীপ বাইলুং বৰুৱা, ধৈৰ্য হাজৰিকা, মৃণাল তালুকদাৰ, আছুৰ তিনি নেতৃত্ব, শ্যামন্তক গৌতম, ৰাহুল গৌতম শৰ্মা আৰু অদীপ ফুকন।
তেওঁলোকে বিভিন্ন মাধ্যমৰ জৰিয়তে নিজৰ সিদ্ধান্তৰ কথা অৱগত কৰিছে। তাৰ বিপৰীতে তদন্তকাৰী গোটৰ এই আলোচনাত অংশ লোৱাৰ বাবে সন্মতি প্ৰদান কৰিছে। তেওঁলোক ক্ৰমে- ডা০ হিতেশ বৰুৱা, প্ৰাঞ্জল শইকীয়া, সঞ্জীৱ ফুকন, অতনু ভূঞা, শিৱানু বৰা, ডা০ শুভ্ৰকিংকৰ গোস্বামী, চৈয়দ জাৰিৰ হুছেইন।
আলোচনালৈ যাব বুলি ইয়েছ কোৱা লোকৰ সংখ্যা ৭ হোৱাৰ বিপৰীতে আলোচনাত অংশ নলওঁ বুলি কোৱা লোকৰ সংখ্যা তাৰ দুগুণ অৰ্থাৎ ১৪গৰাকী। এই স্পৰ্শকাতৰ গোচৰৰ তদন্তৰ বাবে তদন্তকাৰী সংস্থা অতি সাৱধানে আগবাঢ়িব লগা হৈছে। কাৰণ মানুহে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আছে আৰু পতিয়নযোগ্য এক সিদ্ধান্তলৈ নহালৈকে মানুহ ক্ষান্ত নহ’ব।
মানুহৰ মনত যিবোৰ সন্দেহৰ বীজ আৰু কথা-বতৰাই ক্ৰিয়া কৰিছে সেই ক্ৰিয়া-প্ৰতিক্ৰিয়াই বহুতৰ ৰাজনৈতিক জীৱনৰ পথ স্তদ্ধ কৰি দিয়াৰ সম্ভাৱনা আছে। দুই কুল ৰক্ষা কৰি গণৰোষৰ বলি নোহোৱাকৈ এনে এক বিভিন্ন স্তৰৰ লোকৰ পৰামৰ্শৰ আধাৰত ইয়াক সাধাৰণীকৰণৰ প্ৰচেষ্টা এতিয়া চলিছে।
জুবিনৰ অনুৰাগীসকলে তেওঁলোকৰ আদালতৰ বিচাৰত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা আৰু শেখৰজ্যোতিহতঁক ইতিমধ্যে অপৰাধীৰূপে গণ্য কৰিছে। ছিংগাপুৰত এই পাৰ্টি আয়োজন কৰা তন্ময় ফুকন, অভিমুন্য তালুকদাৰহঁতকো একে শাৰীতেই থৈছে।
ৰাইজৰ এই ক্ষোভ আৰু ৰোষক তদন্ত প্ৰক্ৰিয়াৰে আইনী শাস্তিলৈ পৰিৱৰ্তন কৰিব নোৱাৰিলে ৰাইজৰ দৃষ্টিত সেয়া হ’ব চৰকাৰ আৰু তদন্তকাৰী গোটৰ বিফলতা। কিন্তু আদালত কাৰোবাৰ আবেগৰ দ্বাৰা পৰিচালিত নহয়। ইয়াক যুক্তি আৰু তথ্য প্ৰমাণেৰে প্ৰতিপন্ন কৰিব লগা হয়। সেয়া তদন্তকাৰী গোটে কৰিব পাৰিবনে বা সেয়া সম্ভৱ হ’বনে এইটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।
এছ আই টিৰ ভিতৰৰ পৰা বহুবোৰ খবৰ ফাদিল হৈছে। যিবোৰ খবৰ নিশ্চয় কোনোবাই ইচ্ছাকৃতভাৱে বিয়পাই দিছে। সেই খবৰবোৰৰ মাজত জুবিন অনুৰাগীক হতাশ কৰিব পৰা খবৰহে আছে। কাৰ সৈতে জুবিনে ছিংগাপুৰত একেটা কোঠাত কটাইছিল, তাৰ স্বীকাৰোক্তিয়ে জনমানসত জুবিনৰ নেতিবাচক এক ভাৱমূৰ্তি তৈয়াৰ কৰাৰ চেষ্টা কৰবাত চলিছে।
এইবোৰ খবৰৰ বিপৰীতে কিন্তু এছ আই টিৰ ভিতৰৰ পৰা গুৰুত্বপূৰ্ণ আন কিছু খবৰ এইদৰে ফাদিল হোৱা নাই। শ্যামকানুৰ ঘৰত তালাচী চলাওতে কি কি নথি-পত্ৰ পাইছিল? শ্যামকানু মহন্তৰ সৈতে কাৰ সুসম্পৰ্ক আছে আৰু কাৰ আৰ্শীবাদত তেওঁ ৰাজকোষৰ ধন ইমান সহজতে লাভ কৰিছিল?
এই প্ৰশ্নৰ নিশ্চয় এছ আই টিয়ে শ্যামকানু মহন্তক কৰিছে। লগতে এই কথাও সুধিছে ছাগৈ- কাৰ ফৰমাইছত তেওঁ ৰাজ্যৰ অতি বিশেষ অনুষ্ঠানৰ চৰকাৰৰ মনোনিত প্ৰতিনিধি হৈছিল। আনবোৰ প্ৰশ্নও আছে, যিবোৰ ফেশ্বন শ্ব’ৰ সৈতে সম্পৰ্কীয়।
শ্যামকানু মহন্ত কোনো ফেক্টৰ নহ’লহেতেন যদিহে তেওঁ কেন্দ্ৰিক ৰাজনৈতিক মাত্ৰা থকা আন কিছু প্ৰশ্ন বিৰোধী বা আন পক্ষই উত্থাপন নকৰিলেহেঁতেন। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যিমানখিনিলৈকে পাৰে টানিছিল যদিও শেষ মূৰ্হুতত তেওঁ এই প্ৰসংগটোৰ সন্দৰ্ভত সৰ্বত্ৰে উত্থাপিত হোৱা প্ৰশ্নবোৰত দিকভ্ৰান্ত হৈ পৰিছে।
তাৰ বাবেই হয়তো এই সক্ৰিয়তা আৰু আলোচনা। যিসকলে এছ আই টি আমন্ত্ৰণ ৰক্ষা কৰিছে, তেওঁলোকৰো যুক্তিৰ গ্ৰহণযোগ্যতা আছে। আনহাতে আমন্ত্ৰণ ৰক্ষা নকৰাসকলৰ কথা আৰু যুক্তিবোৰো পতিয়নযোগ্য। আইনী প্ৰক্ৰিয়াৰে তেওঁলোকে এই তদন্ত আগবঢ়াতো বিচাৰে।
আৰক্ষীক উপদেশ বা পৰামৰ্শ দিয়াৰ পক্ষ্যপাতী নহয় বহুজন। তাৰ বাবে অভিজ্ঞ আইনজ্ঞ, বিশিষ্ট ব্যক্তি আৰু সমাজৰ ভিন্ন শ্ৰেণীৰ প্ৰতিনিধিৰে এক আলোচনা পোষকতা কৰে। দুয়ো পক্ষই জুবিনৰ ন্যায় বিচাৰে। এইবোৰ প্ৰেক্ষাপটৰ মাজতেই মানুহৰ মনত ৰেখাপাত কৰিছে আচঁলতে হৈ আছে কি জাতীয় এক মৌলিক প্ৰশ্ন।
ন্যায় লাগে সকলোকে। সেই ন্যায় প্ৰদানৰ বাবে পৰামৰ্শ লাগে তদন্তকাৰী সংস্থাক। হয়তো জনাব খোজে প্ৰতিনিধিত্বমূলক ভাৱে কিছু স্পৰ্শকাতৰ কথা। সেই কথাবোৰনো কি? অপেক্ষা কৰিব লাগিব এতিয়া আমি...