/asomiyapratidin/media/media_files/2025/09/12/305a79ce-1625-438d-a937-47065f58a0b3-2025-09-12-15-21-07.jpg)
মৃদুল কুমাৰ সন্দিকৈ
জীৱন মিঠা, জীৱন তিতা! জীৱন বৈচিত্ৰতাৰে ভৰা। জীৱন অনুপম, জীৱন দুৰ্বিসহ। কি হৈ যায় মানুহৰ? সকলো জানিও, সকলো বুজিও জীৱশ্ৰেষ্ঠ মানুহ হৈ পৰে বিবেকহীন এক হিংস্ৰু জীৱ। সময়ে মানুহক কেতিয়াবা বৰ বেয়াকৈ ঠগি দিয়ে, দুঃসময়ৰ বলিয়া বতাঁহে বিধ্বস্ত কৰে জীৱন।
ধৰি লওঁক তেনে এক জীৱনৰে কাহিনী এয়া। মানুহজনৰ নাম দীপক। সম্পূৰ্ণ নাম দীপক নাথ। বয়স ৫৩বছৰ মান হ’ব। এটা ভাল উপাৰ্জন অহা চাকৰি চাকৰিয়াল তেওঁ। চাৰি মহলীয়া এটা ঘৰ, ১৩বছৰীয়া এটা ল’ৰা, সাদৰী এগৰাকী পত্নী, গাড়ী-বাৰী সকলো আছিল।
এটা খবৰ আহিল দুঃখবৰ হৈ। কেৱল দুঃখবৰ বুলিলেও ভুল হ’ব এই খবৰক। গা শিয়ৰি যোৱা ভয়ানক খবৰ। কেতিয়াবাই হয়তো সেই খবৰৰ পটভূমি ৰচনা হৈছিল। সংঘটিত হৈ গৈছিল এটাৰ পাছত এটা হত্যাকাণ্ড। স্থান- দৰং জিলাৰ ছিপাঝাৰৰ নাৰিকলি।
দীপক নাথ নামৰ মানুহজনৰ ঘৰৰ ভিতৰতে সংঘটিত হৈ গৈছিল এই কাণ্ড। পকা ৱালেৰে আৱৰা ঘৰৰ চৌহদৰ ভিতৰত কি ঘটিছিল, সেয়া বাহিৰৰ মানুহে জনাৰ অৱকাশ নাছিল। ভিতৰৰ ফালৰ পৰা মূল গেটখন বন্ধ কৰি থোৱাই আছিল তেতিয়াও।
দীপক নাথ বৃত্তিত লাট মণ্ডল। ঘৰৰ পৰাই পুৱা অফিচলৈ অহা-যোৱা কৰে। প্ৰায় একে সময়তে স্কুললৈ ওলাই যায় ১৩বছৰীয়া পুত্ৰ ধৃতিৰাজ নাথ। ঘৰত থাকে ৪২বছৰীয়া পত্নী প্ৰতিমা নাথ। এয়াই তেওঁলোকৰ দৈনিক ৰুটিন। সেইদিনা আছিল বৃহস্পতিবাৰ, ১১ছেপ্টম্বৰ ২০২৫।
কিছু নিলগত দীপক নাথৰ ঘাই ঘৰ। প্ৰায় ঘাই ঘৰৰ পৰা গাখীৰ দিবলৈ এজন আত্মীয় আহে তেওঁৰ ঘৰলৈ। দীপক নাথক ককাইদেউ বুলি মাতে তেওঁ। সেইদিনা ফোন কৰিছিল গাখীৰ দিবলৈ আহিবলৈ। কেইবাবাৰো ফোনটো ৰিং হৈ শেষ হৈছিল। আত্মীয়জনে ভাৱিছিল- বৌয়েক কিবা কামত ব্যস্ত আছে, ককায়েক আৰু ভতিজাক কাৰ্যালয়-স্কুললৈ গ’ল।
নামঘৰত সকামো আছিল। সেয়েহে আবেলিপৰত সেই নামঘৰত থকা সকামৰ প্ৰসাদৰ টোপোলা এটা, গাখীৰ টেমাটো লৈ বাইকেৰে আহিছিল দীপক নাথৰ ঘৰলৈ বুলি। ৩-৪বাৰ মান ঘৰৰ গেটৰ সন্মুখত ৰৈ বাইকৰ হৰ্ণ বজাইছিল। ভিতৰৰ পৰা কোনো সহাঁৰি নহাত কিবা এটা সন্দেহ তেওঁৰ মনত জাগ্ৰত হৈছিল।
বাইক ষ্টেণ্ড কৰি থৈ টোপোলা কেইটা বাইকতে ৰখাই তেওঁ গেট পাৰ হৈ চৌহদৰ ভিতৰত প্ৰৱেশ কৰিছিল। এয়া আত্মীয়জনে কোৱা ভাষ্য। বাহিৰত পৰি আছে ককায়েক দীপক নাথ। মূলগেটত তেতিয়াও ভিতৰৰ পৰা তলা ওলমি আছিল।
এটা নীলা ৰঙৰ চাৰ্ট আৰু ক’লা ৰঙৰ পেন্ট পৰিধান কৰি আছিল দীপক নাথে। ভিতৰত গৈ দেখা পায় দুটা মৃতদেহ। এটা ধৃতিৰাজৰ, আনটো বৌৱেক প্ৰতিমা নাথৰ। এজন মানুহে এই পৰিৱেশ দেখা পাই কি পৰিস্থিতি সন্মুখীন হ’ব পাৰে কল্পনাই কৰিব নোৱাৰি।
তেনেকৈ পোহৰলৈ আহিল এই কাণ্ড। মানুহে ভৰি পৰিল দীপক নাথৰ ঘৰৰ চৌদিশে। আহিল আৰক্ষী, দণ্ডাধীশ আৰু অন্যান্য অনুসন্ধানৰে জৰিত বিষয়া-কৰ্মচাৰীসকল। স্নীফাৰ ডগ লৈ আহিছিল আৰক্ষী। ইয়াৰ জৰিয়তেও চলাইছিল তদন্ত।
নিশা ১- ১.৩০বজালৈকে আৰক্ষীয়ে তালাচী চলালে ঘৰটোত। নিজৰ ধৰণে আৰক্ষীয়ে কামবোৰ কৰি গ’ল। তাৰ পাছত গুছি গ’ল আৰক্ষী আৰু প্ৰশাসনৰ লোক। কোনোবাই কোৱামতে এটা তলা মাৰিয়েই এৰি থৈ গ’ল সেই ঘটনাস্থলী।
পিছদিনা আকৌ এই কাণ্ডক লৈ আন এক ৰহস্যৰ বাতাবৰণ সৃষ্টি হ’ল। পৰিয়ালৰ লোকে জানিবলৈ দিলে দীপক নাথৰ নৱনিৰ্মিত ঘৰটোৰ চতুৰ্থ মহলাত এখন খুকুৰি, এজোৰ চেণ্ডেল আৰু দীপক নাথৰ মোবাইল ফোনটো উদ্ধাৰ হৈছে।
মানুহৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া হ’ল। কি তদন্ত কৰিলে তেন্তে আৰক্ষীয়ে? পৰিয়ালৰ লোকে কেনেকৈ উদ্ধাৰ কৰিলে এই সামগ্ৰীসমূহ। ঘটনাস্থলীলৈ আহিল আৰক্ষীৰ দল। ছিপাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে পৰিয়ালৰ লোকে উদ্ধাৰ কৰা সামগ্ৰীসমূহ থানালৈ লৈ গ’ল।
কোনো প্ৰশ্নৰ উত্তৰ নিদিলে আৰক্ষীয়ে। বহুকেইটা দৃষ্টিকোণ ৰৈ গ’ল মানুহৰ মনত। এয়া কোনোবা বাহিৰৰ দুৰ্বৃত্তই সংঘটিত কৰা কাণ্ড নে এক পাৰিবাৰিক সংঘাতৰ পৰিণতি, তাক লৈ নতুন প্ৰশ্নৰ অৱতাৰণা হৈছে। প্ৰতিবেশীৰ মতে, দীপক নাথ আৰু পত্নীৰ মাজত প্ৰায়ে কাজিয়া হৈছিল। সেই কাজিয়াৰ কাৰণবোৰে এনে এক দুভাগ্যজনক কাণ্ডৰ কাৰণ হ’ল নেকি, তাক লৈও ৰাইজৰ মনত প্ৰশ্ন।
কিছুমান কথা স্থানীয় লোক সকলে নকওঁ নকওঁকৈ কৈ দিলে। সেইবোৰ সচাঁ-মিছাঁ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব। পত্নী-পুত্ৰৰ গাত চোকা অস্ত্ৰৰে আঘাতৰ চিন থকাৰ বিপৰীতে দীপক নাথৰ গাত নাছিল তেনে কোনো আঘাত। নাকৰ পৰা অৱশ্যে ৰক্তক্ষৰণ হৈছিল বুলি প্ৰত্যক্ষদৰ্শীৰ ভাষ্যত প্ৰকাশ পাইছে। সন্দেহ বিহ প্ৰাণো কৰিব পাৰে দীপক নাথে।
পৰীক্ষাত ওলাব সেইবোৰ তথ্য। কিন্তু মানুহবোৰৰ ভাষ্য দীপক নাথৰ সপক্ষে নহয়। তেওঁক লৈ অলেখ কথা, যিবোৰ ভাল নলগা। কেনেকৈ শেষ হৈ যায় জীৱন! বিলাসিতা আৰু যান্ত্ৰিকতাত বিধ্বস্ত হোৱা জীৱনৰ মূল্য এতিয়া শূণ্য। দীপক নাথৰ পৰিয়ালৰ এই কাহিনী এটা ঘটনাহে। সেই ঘটনাৰ মাজেৰে প্ৰতিফলিত হৈছে আস্থা আৰু বিশ্বাসহীন পৃথিৱীৰ কঠিন সময়...