/asomiyapratidin/media/media_files/2025/12/11/fa644a85-3544-403b-8a7f-e99b2bc6f4ee-2025-12-11-00-52-19.jpeg)
ডিম্পুল বৰগোহাঁই
অসমৰ বুৰঞ্জীৰ পাতে পাতে অসম আন্দোলনৰ ছহিদসকলৰ ত্যাগ এক চিৰন্তন সত্য হিচাপে জিলিকি আছে। এই আন্দোলন আছিল অসমীয়া জাতি-জনজাতিৰ অস্তিত্ব, সাংস্কৃতিক স্বকীয়তা আৰু ভূমি-সম্পদৰ ওপৰত অধিকাৰ ৰক্ষাৰ এক নিৰ্ণায়ক সংগ্ৰাম।
৪৫ বছৰৰ মূৰত অসম আন্দোলনৰ যি ভয়াৱহ দিনবোৰ অতিবাহিত হৈছিল, সেইবোৰৰ স্মৃতি আজিও অসমবাসীৰ মানসপটত উজ্বল হৈ আছে। বিশেষকৈ যেতিয়া আমাৰ চকুৰ সন্মুখত ছহিদ স্মাৰকৰ সেই সুউচ্চ স্তম্ভ থিয় দি থাকে। এই স্মৃতিবোৰ কেৱল অতীতৰ ছবি নহয়, ই বৰ্তমানৰ চেতনা আৰু ভৱিষ্যৎ গঢ়াৰ প্ৰেৰণাৰ উৎস। এই মহান সংগ্ৰামত প্ৰাণ উছৰ্গা কৰা বীৰসকলৰ স্মৃতিক অমৰ কৰি ৰাখিবলৈ অসম চৰকাৰে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত এক বিশাল শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰি জাতিলৈ উছৰ্গা কৰিছে। এই স্মাৰক কেৱল ইটা-বালি-চিমেন্টেৰে সজা স্থাপত্য নহয়, ইয়াৰ মাজেদি ফুটি উঠিছে এটা জাতীয় চেতনা, ইতিহাসৰ প্ৰতি দায়বদ্ধতা আৰু আত্মত্যাগী প্ৰজন্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।
ঐতিহাসিক ছহিদ দিৱসত ই এক ঐতিহাসিক উছৰ্গা। ১০-১২-২০২৫, বুধবাৰৰ ছহিদ দিৱসৰ পৱিত্ৰ দিনটোত ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত কেন্দ্ৰীয় ছহিদ দিৱস অনুষ্ঠানৰ লগত সংগতি ৰাখিয়েই ১১৭ বিঘা বিশাল ভূমি সামৰি নিৰ্মাণ কৰা এই স্মাৰক ক্ষেত্ৰটোৰ আনুষ্ঠানিক উদ্বোধন কৰা হয়। ক্ষেত্ৰটোৰ মাজত সগৌৰৱে দণ্ডায়মান হৈছে ১৩ মহলীয়া, ২২৫ ফুট ওখ এক সুউচ্চ স্মাৰক স্তম্ভ।
ইয়াৰ উচ্চ শিখৰৰ পৰা দৃষ্টি নিক্ষেপ কৰিলে গোটেই গুৱাহাটী মহানগৰীৰ ৰূপ দেখা পোৱা যায়— এই বিশেষত্বটোৱে ইয়াক এক প্ৰতীকী উচ্চতালৈ উন্নীত কৰিছে। যেন ছহিদসকলৰ আদৰ্শ আৰু ত্যাগ আমাৰ সমাজৰ উচ্চতম স্থান পাইছে।
৪৫ বছৰৰ দীঘলীয়া সময়ৰ পাছত আজি এই প্ৰতিষ্ঠানটোৱে সেই যন্ত্ৰণাদায়ক দিনবোৰৰ সংঘৰ্ষ, বেদনা আৰু চূড়ান্ত ত্যাগৰ ইতিহাসক এক স্থায়ী ৰূপদান কৰিলে।স্মাৰকটোৰ অন্যতম হৃদয়স্পৰ্শী অংশ হ’ল এক গেলাৰী, য’ত অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ-ছহিদসকলৰ আবক্ষ মূৰ্তি স্থাপন কৰা হৈছে।
প্ৰতিটো মূৰ্তি যেন মৌন ভাষাত ইতিহাস কয়, প্ৰতিটোৱে একোটা গৌৰৱগাঁথাৰ সাক্ষ্য বহন কৰিছে। এই গেলাৰীটোৱে ভৱিষ্যৎ প্ৰজন্মক ছহিদসকলৰ চৰিত্ৰ আৰু সংগ্ৰামৰ সৈতে প্রত্যক্ষভাৱে সংযুক্ত কৰাৰ এক অমূল্য মাধ্যম হিচাপে কাম কৰিব।
একেদৰে ই এখন সাংস্কৃতিক-বৌদ্ধিক তীৰ্থস্থানৰ উন্মেষ। ১৮০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই প্ৰকল্পটো কেৱল স্মৃতিৰ মন্তৰ নহয়, ই এখন জীৱন্ত সাংস্কৃতিক আৰু বৌদ্ধিক কেন্দ্ৰ হিচাপে গঢ় দিয়া হৈছে। ইয়াৰ ভূমি মহলাত আছে আদৰণি কক্ষ, প্ৰথম মহলাত যোগ কেন্দ্ৰ, চাইকেলিং ট্ৰেক, ৱাকিং জ’ন, পাৰ্কিং আৰু ছুইমিং পুল।
৫০০ লোকে একেলগে বহিব পৰা প্ৰেক্ষাগৃহটোত যিকোনো অৰাজনৈতিক অনুষ্ঠান আয়োজন কৰিব পৰা যাব। ভৱিষ্যতৰ পৰিকল্পনাত আছে অসমীয়া জাতিৰ পাঁচ হাজাৰ বছৰীয়া ইতিহাস সমৃদ্ধ এখন ডিজিটেল পুথিভঁৰাল নিৰ্মাণৰ মহান প্ৰয়াস। এই সকলোবোৰ উপাদানে ইয়াক এখন পুৰ্ণাংগ স্মাৰক আৰু জ্ঞান-সাধনাৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে।
প্ৰণিধানযোগ্য যে, ২০২০ চনৰ ১০ ডিচেম্বৰৰ ছহিদ দিৱসত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰি এই স্বপ্নৰ বীজ ৰোপণ কৰিছিল। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত ইয়াৰ উদ্বোধন সম্পন্ন হৈ, এই স্মাৰক ভৱিষ্যৎ প্ৰজন্মৰ হাতত এক গৌৰৱময় উত্তৰাধিকাৰ হিচাপে অৰ্পিত হ’ল।
মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তটোক "মোৰ জীৱনৰ বাবে এক অতি গৌৰৱৰ কথা" বুলি কৈ, ছহিদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। তেওঁ কয়, "অসমৰ অস্তিত্ব, সন্মান ৰক্ষা কৰা আমাৰ বীৰ সন্তানসকলৰ ত্যাগ আমি প্ৰতিটো মুহূৰ্তত গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিম৷"
এই বাণী আৰু এই স্মাৰকে ৪৫ বছৰৰ আগৰ সেই বীভৎস দিনবোৰৰ স্মৃতি পুনৰুজ্জীৱিত কৰাৰ লগতে, সেই আত্মত্যাগৰ গুৰুত্ব বৰ্তমান আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে নতুনকৈ বুজাব পাৰিছে। উদ্বোধনৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয়, "২০২০ চনৰ ১০ ডিচেম্বৰত ছহিদ দিৱসৰ দিনা এই প্ৰকল্পটোৰ আধাৰশিলা কৰা হৈছিল ।
তেতিয়াৰ তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে এই স্মাৰক ক্ষেত্রৰ আধাৰশিলা স্থাপন কৰিছিল । ইয়াৰ পিছত আজি অসমৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে অসমৰ ছহিদসকলৰ নামত এই স্মাৰকটো উছৰ্গা কৰিবলৈ পাইছোঁ । এই স্মাৰকটোৰ উচ্চতা ২২৫ ফুট । ইয়াৰ উচ্চ শিখৰত আৰোহণ কৰিলে গোটেই গুৱাহাটী মহানগৰীখন দেখা পোৱা যাব ।"
ইয়াত আছে ছহিদৰ আদৰ্শ আৰু বৰ্তমানৰ প্ৰাসঙ্গিকতা। উদ্বোধনী অনুষ্ঠানতেই মুখ্যমন্ত্ৰীয়ে অসমীয়া তথা ভাৰতীয় ৰাইজলৈ এক জৰুৰী আৰু চিন্তাপ্ৰদ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কয়, "যিমানেই আৰ্থিক অৱস্থা বেয়া নহওক কিয় অচিনাকি ব্যক্তিক মাটি বিক্ৰী নকৰিব । কাৰণ আমি লাহে লাহে মাটি হেৰুৱাই আছোঁ । আমাৰ ব্যৱসায় বা আমাৰ উদ্যোগত অচিনাকি ব্যক্তিক চাকৰি নিদিব আৰু আমাৰ খেতিপথাৰত খেতি কৰিবলৈ অচিনাকি ব্যক্তিক নিদিব ।"
মুখ্যমন্ত্ৰীয়ে লগতে আৰু উল্লেখ কৰে, "কাৰণ তেওঁলোকে এবাৰ অহাৰ পিছত তেওঁলোকে তেওঁলোকৰ যিটো পৰিকল্পনা সেইটো বাস্তৱত ৰূপায়ণ কৰে । পিছত এসময়ত গৃহস্থকে তাৰ পৰা খেদি পঠিয়াই । সেয়েহে মই অনুৰোধ জনাওঁ যে কোনো কাৰণতে যেন অচিনাকি ব্যক্তিক অসমীয়াৰ বৰঘৰত সোমাবলৈ নিদিয়ে ।"
এই বক্তব্যৰ মাজেদি ফুটি উঠিছে সেই একেই চিন্তাধাৰাৰ ধাৰাবাহিকতা, যিয়ে অসম আন্দোলনক ঐতিহাসিক শক্তি প্ৰদান কৰিছিল—অৰ্থাৎ আত্মৰক্ষাৰ সজাগ চেতনা আৰু স্বকীয়তাৰ প্ৰতি অটল অংগীকাৰ। ছহিদসকলৰ ত্যাগৰ মূল লক্ষ্য আছিল অসমৰ ভৌগোলিক, সাংস্কৃতিক আৰু জনসংখ্যাগত অখণ্ডতা সুৰক্ষিত কৰা।
৪৫ বছৰৰ সময়ৰ দূৰত্বৰ পৰা নিৰীক্ষণ কৰিলে, আজিৰ এই আহ্বানটোৱে যেন সেই আন্দোলনৰ সময়ৰ ৰাজনৈতিক, সামাজিক আৰু অস্তিত্বমূলক চিন্তাধাৰাকেই এক সমসাময়িক ৰূপত প্ৰকাশ কৰিছে। ই আমাক সোঁৱৰাই দিয়ে যে ইতিহাস কেৱল অতীতৰ পৃষ্ঠাবোৰত সীমাবদ্ধ নাথাকে, ই বৰ্তমানৰ নীতি আৰু ভৱিষ্যৎৰ পথ নিৰ্দেশনা গঠন কৰে।
পশ্চিম বৰাগাঁৱৰ এই বিশাল ছহিদ স্মাৰক ক্ষেত্ৰ সমগ্ৰ জাতিৰ কৃতজ্ঞতাপূৰ্ণ হৃদয়ৰ মূৰ্ত প্ৰতীক। ই ছহিদসকলৰ নামত নিৰ্মিত হৈছে, কিন্তু ইয়াৰ দ্বাৰা সঁচাকৈয়ে সন্মানিত হৈছে অসমৰ সাধাৰণ জনতা। যিসকলে নিজৰ অতীতৰ বীৰত্ব স্মৰণ ৰখাৰ লগতে ভৱিষ্যৎ গঢ়াৰ দৃঢ় প্ৰতিজ্ঞাও প্ৰদৰ্শন কৰিছে।
৪৫ বছৰৰ সময়চক্ৰই হয়তো ঘটনাবোৰৰ ৰং ম্লান কৰিব পাৰে, কিন্তু এনে মহান স্থাপত্য আৰু ৰাজহুৱা স্মাৰকবোৰে সেই স্মৃতিক চিৰসজীৱ কৰি ৰাখে, ছহিদসকলৰ সংগ্ৰামৰ গভীৰ তাৎপৰ্য্য প্ৰতি নতুন প্ৰজন্মৰ মনত উদ্ভাসিত কৰে।
এই স্মাৰকে আমাক কেৱল অতীতলৈ উভতি চাবলৈ নিশিকায়, ই বৰ্তমানক সচেতনভাৱে বুকুভৰাই গ্ৰহণ কৰিবলৈ আৰু দায়বদ্ধতাৰে ভৱিষ্যৎ গঢ়িবলৈ প্ৰেৰণা যোগায়। ছহিদসকলৰ আত্মদান বৃথা হোৱা নাই; সেয়া এটা সজাগ, সচেতন আৰু আত্মবিশ্বাসী সমাজ গঢ়াৰ অমোঘ ভেঁটি স্বৰূপ।
আমাৰ কৰ্তব্য হৈছে- এই স্মাৰকৰ নীৰৱ শিক্ষাৰ পৰা জ্ঞান আহৰণ কৰি, ছহিদসকলৰ আদৰ্শ হৃদয়ত ধাৰণ কৰি, এনে এখন অসমৰ নিৰ্মাণত অৰিহণা যোগোৱা। য’ত তেওঁলোকৰ স্বপ্নৰ সাৰ্থকতা প্ৰতিগৰাকী নাগৰিকৰ জীৱনত পৰিস্ফুট হয়। পৰিশেষত ৪৫ বছৰৰ স্মৃতিজড়িত এই শিলস্তম্ভ জ্যোতিৰ্ময় হৈ থাকক। যুগ যুগ ধৰি আমাৰ জাতীয় যাত্ৰাৰ পথ আলোকিত কৰক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us