অসমীয়াৰ দৃষ্টিত বদনামী হৈয়ে ৰৈ যাব নেকি সত্যজিৎ ৰায়...

এতিয়াৰ দৰে তেতিয়াও ৰাজনৈতিক সংস্থাপন আছিল, কিন্তু এতিয়াৰ দৰে নাছিল! বহু যোগ্য ব্যক্তিক ৰাজনীতিৰ উৰ্ধলৈ গৈ গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত কৰিছিল। এতিয়াৰ দৰে নিগম, নিকায় আৰু চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ

author-image
Asomiya Pratidin
New Update
ap BIKHEKH LEKHA (25)

মৃদুল কুমাৰ সন্দিকৈ

এতিয়াৰ দৰে তেতিয়াও ৰাজনৈতিক সংস্থাপন আছিল, কিন্তু এতিয়াৰ দৰে নাছিল! বহু যোগ্য ব্যক্তিক ৰাজনীতিৰ উৰ্ধলৈ গৈ গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত কৰিছিল। এতিয়াৰ দৰে নিগম, নিকায় আৰু চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ পদবীবোৰ ৰাজনৈতিক নেতাৰ বাবে বা ক্ষমতাত থকা দলটোৰ চৰ্বিত-শ্ৰৱণ কৰা লোকৰ বাবে সংৰক্ষিত নাছিল। 

Advertisment

চৰকাৰে কিছু পৰিমাণে হ’লেও যোগ্যজনৰ মূল্য বুজিছিল। তেনেবোৰ কাৰণতে প্ৰথিতযশা সাহিত্যিক ড০ ভৱেন্দ্ৰ নাথ শইকীয়াক কলাক্ষেত্ৰৰ গুৰু দায়িত্ব দিছিল। যি দায়িত্ব সেই সময়ত ভৱেন্দ্ৰ নাথ শইকীয়াই দহো বন কাটি কৰি পালন কৰি গৈছিল। কেনেকৈ শংকৰদেৱ কলাক্ষেত্ৰক সমৃদ্ধ কৰিব পাৰি সেই চিন্তাতেই তেওঁ মগ্ন হৈ পৰিছিল। 

অগপৰ প্ৰথমটো শাসনকালত চলচ্চিত্ৰ নিৰ্মাতা হিচাপেও বিশেষ সুনাম থকা আৰু সত তথা স্বচ্ছ ভাৱমূৰ্তিৰ বাবে পৰিচিত ড০ ভৱেন্দ্ৰ নাথ শইকীয়াক আন এক গধুৰ দায়িত্বও দিয়া হৈছিল। সেয়া আছিল চলচ্চিত্ৰ বিত্তীয় নিগমৰ অধ্যক্ষৰ দায়িত্ব। 

এয়া ৯০দশকৰ কথা আছিল। এদিন ভীষণ খং উঠিছিল ড০ শইকীয়াৰ। সেই খঙৰ ভমকতেই তেওঁ সেই সময়ত সাংস্কৃতিক বিভাগৰ সচিব পদত থকা বীৰেশ্বৰ বৰুৱালৈ ফোন কৰিছিল। ফোনত তেওঁ জনাইছিল যে আৰু অপমান সহ্য কৰিব নোৱাৰে। সেয়েহে উক্ত পদৰ পৰা তেওঁ অব্যাহতি বিচাৰি পদত্যাগ পত্ৰ দাখিল কৰিব।

ভৱেন্দ্ৰ নাথ শইকীয়াক ভালদৰে বুজিছিল গুণীৰ মূল বুজা বীৰেশ্বৰ বৰুৱাই। তেওঁ আবেলিৰ সেই ফোনটো পোৱাৰ পাছত ল’ৰাল’ৰিকৈ ড০ শইকীয়াৰ ঘৰলৈ গৈছিল। ঘটনাৰ সবিশেষ ড০ শইকীয়াই বীৰেশ্বৰ বৰুৱাক কৈ তেওঁৰ শেষ কথাটো কৈছিল যে- মই পদত্যাগ কৰিছোৱেই, পদত্যাগ পত্ৰ গ্ৰহণ কৰক। মোক টনাটনি নকৰিব। এইখন অসমত আমি নিজেই যি পাৰো তাকেই নীৰৱে কৰি যোৱা উচিত।‘


ড০ শইকীয়াৰ মাতত ফুটিঁ উঠিছিল খং আৰু প্ৰচণ্ড অভিমান। ঘটনাটো আছিল জ্যোতি চিত্ৰবনক কেন্দ্ৰ কৰি। জ্যোতি চিত্ৰবনত শব্দ ৰেকৰ্ডিঙৰ কিবা অসুবিধা পাই এটা দল গৈ ভৱেন্দ্ৰনাথ শইকীয়াৰ ঘৰ ওলাইছিল। সেই দলটোৰ নেতৃত্ব লৈছিল সেই সময়ৰ এজন নেতাই।

ড০ শইকীয়াৰ ভাষাত – যিজন মানুহে আহি মোক বেছি গালি-গালাজ আৰু অপমান কৰিলে, সেই মানুহজন কথাছবি জগতৰ লগত সম্পৰ্কিত নহয়। তেওঁ ওপৰতে হঠাৎ লীডাৰ হৈ আহি মোক অপমান কৰিলে। এনে মনোবৃত্তিৰ মানুহৰ লগত মই সংশ্ৰৱ নাৰাখো। তেওঁৰ বিৰুদ্ধে আদালতলৈ যোৱাৰো প্ৰয়োজন। 

ড০ ভৱেন্দ্ৰ নাথ শইকীয়াৰ শেষ কথা আছিল লিখিত পদত্যাগ পত্ৰ পিছদিনা পঠাই দিব। ঘৰত গালি-গালাজ কৰি সেই লীডাৰজন আৰু দলটো গুছি গ’ল। কিন্তু ভৱেন্দ্ৰ নাথ শইকীয়াৰ বুকুত সেই অপমান ৰৈ গ’ল। ড০ শইকীয়াক বুজাই বহাই তেনে নকৰিবলৈ কৈ বীৰেশ্বৰ বৰুৱা ঘূৰি আহিল। 

পিছদিনা ভৱেন্দ্ৰ নাথ শইকীয়াই সমগ্ৰ ঘটনা বৰ্ণনা কৰি পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে। সাংস্কৃতিক বিভাগৰ সচিব বীৰেশ্বৰ বৰুৱাই মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তক সবিশেষ জনালে। মহন্তই সচিব বৰুৱাক ‘আপুনি যি ভাল দেখে তাকেই কৰক’ বুলি দায়িত্ব চম্ভালিলে। 

লগতে তেওঁ মুখ্যমন্ত্ৰী মহন্তক ক’লে- ভৱেন্দ্ৰ নাথ শইকীয়াৰ দৰে মানুহ এনেবোৰ কামৰ পৰা আঁতৰি থাকিলে আমি কাক লৈ এনে কাম কৰিম। মই স্থিৰ কৰিছো, ভৱেন্দ্ৰ নাথ শইকীয়াৰ পদত্যাগ পত্ৰ মই গ্ৰহণ নকৰো। অসমীয়া সাহিত্য-সংস্কৃতিৰ কাম এয়া। পদত্যাগ পত্ৰ গ্ৰহণৰ বাবে আপোনাক তেওঁ নিজেই অনুৰোধ কৰিলে আপুনি মই কোৱা কথাটোকেই ক’ব। 


মুখ্যমন্ত্ৰী মহন্তই সেয়াই কৰিলে। নহ’লে ভৱেন্দ্ৰ নাথ শইকীয়াই তেতিয়াই এই পদৰ পৰা অব্যাহতি ল’লেহেতেঁন। এজন অভিজ্ঞ আৰু সুপৰামৰ্শ দিয়া আমোলাৰ বাবেই মুখ্যমন্ত্ৰীয়ে তেনে সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল। দুদিনৰ পাছত সাংস্কৃতিক বিভাগৰ পৰা লিখিতভাৱে সচিব বৰুৱাই চৰকাৰে পদত্যাগ পত্ৰ গ্ৰহণ নকৰাৰ সিদ্ধান্তৰ কথা জনাইছিল।

এতিয়া ড০ শইকীয়াৰ দৰে লোক বহা পদবীবোৰত বা আন অতি স্পৰ্শকাতৰ পদবীত কেনেলোক বহি আছে, সেয়া তুলনা কৰিবলৈকে বেয়া লাগে। উক্ত সময়চোৱাতে ১৯৮৯চনত বিশ্বজুৰি সুপৰিচিত সত্যজিৎ ৰায় আৰু মহেশ্বৰ নেওঁগক অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

দুয়োগৰাকীকে দিল্লীৰ বিজ্ঞান ভৱনত বটাঁ প্ৰদানৰ বাবে বিশেষ অনুষ্ঠান আয়োজন কৰা হৈছিল। অসুস্থতাৰ বাবে সত্যজিৎ ৰায় সেই অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল, কিয়নো দুদিনমানৰ পূৰ্বে তেওঁৰ দেহত প্ৰেছমেকাৰ লগোৱা হৈছিল। 

এই বটাঁ কলকাতাত সত্যজিৎ ৰায়ৰ ঘৰলৈ গৈ সু-অভিনেতা সৌমিত্ৰ চট্টোপধ্যায়কে ধৰি বহু বিশিষ্ট লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই অৰ্পন কৰিছিল। পশ্চিম বংগৰ কাকতকে ধৰি ৰাষ্ট্ৰীয় কাকতত এই খবৰ সঠিকভাৱে প্ৰকাশ পালে যদিও অসমৰ সংবাদমাধ্যমত এক নেতিবাচক খবৰ প্ৰচাৰ হ’ল।

এচাম বুদ্ধিজীৱি আৰু ঠাট্টা-উপলুঙা কৰাত বিশেষ নাম থকা লোকে শংকৰদেৱ বটাঁ আৰু সত্যজিৎ ৰায়ৰ সন্দৰ্ভত সৃষ্টি কৰা নেৰেটিভটো আছিল যে, বটাঁ গ্ৰহণ কৰি শংকৰদেৱক নাজানো বুলি ক’লে ৰায়ে। সেই নেৰেটিভ আজিও ৰৈ গ’ল। 

ভৱেন্দ্ৰ নাথ শইকীয়াই ভালদৰে বুজিছিল সত্যজিৎ ৰায়ৰ দৰে লোকে এনে কৰিব নোৱাৰে। সেয়েহে তেওঁ বীৰেশ্বৰ বৰুৱাক এদিন কেইবা বছৰৰ পাছত লগ পাই সুধিছিল, আচলতে কি হৈছিল?  সেই স্থানত সেই সময়ত সুশৰীৰে উপস্থিত থকা তেতিয়াৰ সাংস্কৃতিক সচিব বীৰেশ্বৰ বৰুৱাই কৈছিল যে, সত্যজিৎ ৰায়ে তেনে কোনো মন্তব্য কৰা নাছিল। এফালে শাৰিৰিক অসুস্থতা আৰু নিজৰ সৰলতাৰে শংকৰদেৱৰ দৰে লোক এজনৰ সন্দৰ্ভত বিশেষজ্ঞৰ দৰে মন্তব্য দিবলৈ অস্বীকাৰ কৰিছিল তেওঁ।

ড০ শইকীয়াক বীৰেশ্বৰ বৰুৱাই জনাইছিল, এই বটাঁ তেওঁক দিবলৈ চৰকাৰে সিদ্ধান্ত লোৱাৰ পাছত সত্যজিৎ ৰায়ৰ পৰা সন্মতি বিচাৰি তেওঁ নিজেই গৈছিল। সেইদিনা শংকৰদেৱৰ সন্দৰ্ভত লিখা দুখন ইংৰাজী কিতাপ সত্যজিৎ ৰায়ক দি আহিছিল নিজ হাতে। 

এই কিতাপ দুখন পঢ়ি শংকৰদেৱৰ সন্দৰ্ভত সত্যজিত ৰায়ে যথেষ্ট কথা গম পোৱা বুলিও জনাইছিল। কথাবোৰ বীৰেশ্বৰ বৰুৱাৰ মুখেৰে শুনাৰ পাছত ড০ শইকীয়াই কৈছিল- আমাৰ মানুহবোৰে তিলকে তালটো কৰি এই  অপ্ৰচাৰ কৰাতো সমীচিন আছিল জানো? সত্যজিৎ ৰায় তেনে তৰল বিধৰ মানুহ কেতিয়াও নহয়। আপুনি আৰু কি তথ্য আছে দিয়ক, মই প্ৰান্তিকত প্ৰকাশ কৰিম। মানুহে সকলো কথা জনা উচিত। এই মিথ্যাচাৰৰ পৰা তেওঁ ৰেহাই পাব লাগে।

সত্যজিৎ ৰায়ে বটাঁ ঘোষণাৰ পাছত অসম চৰকাৰলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জনাই বাৰ্তাসুলভ এক পত্ৰ প্ৰেৰণ কৰিছিল। সেই পত্ৰখনেই সত্যজিত ৰায়ৰ বিৰুদ্ধে অসমত সৃষ্টি হোৱা শংকৰদেৱ কেন্দ্ৰিক নেতিবাচক নেৰেটিভৰ যোগ্য প্ৰত্যুত্তৰ আছিল।

ড০ শইকীয়াক সেইখন পত্ৰ দিম বুলি কথা দিও বিচাৰি নোপোৱাৰ বাবে পত্ৰখন দিব নোৱাৰিলে। তাৰ কেইবাবছৰৰ পাছতহে কাৰ্যালয়ৰ ফাইলৰ মাজত সেই পত্ৰখন বীৰেশ্বৰ বৰুৱাই বিচাৰি পাইছিল। কিন্তু তেতিয়ালৈ ড০ ভৱেন্দ্ৰ নাথ শইকীয়া জীয়াই নাছিল। 

এই কথাবোৰো সময়ৰ সোঁতত হেৰাই গৈছিল। ৰৈ গৈছিল এষাৰেই কথা- সত্যজিৎ ৰায়ে শংকৰদেৱ বটাঁ লৈ শংকৰদেৱক অপমান কৰিলে। বীৰেশ্বৰ বৰুৱাৰ হাতত থকা সেই বাৰ্তাসুলভ পত্ৰখনত সত্যজিত ৰায়ে লিখিছিল এইদৰে-  

MESSAGE FROM SHRI SATYAJIT RAY


I am proud and happy to receive the prestigious Sankardeva Award from the Government of Assam. Unfortunately, my indifferent health prevents me from attending the Awards Ceremony in New Delhi.


Bengal has had close ties with Assam for centuries. When I was a student of Fine Arts in Santiniketan in the early Forties, Manipuri Dance was taught to the students of dancing. It played a major role in the performance of Tagore's Dance Dramas. I am sure the prectice has continued to this day.


I believe that this award is an indication of the cultural proximity between Assam and Bengal. I again thank the Government of Assam for their gesture and express my gratitude and pleasure.

Sd/- Satyajit Ray.
3.10.89

কথাবোৰত তেনেদৰে ৰহণ লাগে, সত্যবোৰ এনেদৰেই আঁৰত থাকে। বীৰেশ্বৰ বৰুৱাই কোৱা কথাবোৰ এতিয়ানো কোনে শুনে? অসমীয়াৰ দৃষ্টিত সত্যজিৎ ৰায় খলনায়ক হৈ ৰৈ গ’ল আজীৱন। ভৱেন্দ্ৰ নাথ শইকীয়াই সেই অপবাদৰ পৰা ৰায়ক উদ্ধাৰ কৰাৰ চেষ্টা কৰিছিল যদিও সময়ত হাতত নপৰিলহি এই পত্ৰখন। আমি এই অপবাদৰ পৰা সত্যজিৎ ৰায়ক কেতিয়াও নিদিম নেকি মুক্তি...

অগপ চৰকাৰ অসম