/asomiyapratidin/media/media_files/2025/09/07/bikhekh-lekha-new-5-2025-09-07-11-32-07.jpg)
মৃদুল কুমাৰ সন্দিকৈ
‘কবিতা’ কবিৰ স্বাধীনতা। কবিৰ সেই স্বাধীনতাত হাত দিয়া আছে জানো কাৰোবাৰ অধিকাৰ। এই অধিকাৰক খৰ্ব কৰি যদি অসম সাহিত্য সভাৰ মঞ্চৰ পৰাই আহে ফতোৱা, তেনে এয়া কেনে কাৰবাৰ? চৰকাৰৰ বিৰুদ্ধে লিখা কবিতা সাহিত্য সভাৰ অনুষ্ঠানত পাঠ কৰিব নোৱাৰিব বুলি কবিক দিয়া নিৰ্দেশনা অসমীয়া জাতিৰ বাবে এক ডাঙৰ যান্ত্ৰণা।
অসম সাহিত্য সভাৰ ইতিহাসত কেতিয়াও এনে হোৱা নাছিল। বৰঞ্চ জাতিক জগাই তুলিবলৈ প্ৰয়োজনত ৰজাঘৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ কবিয়ে এই সাহিত্য সভাৰ মঞ্চতে কবিতাৰ জৰিয়তে মুকলি প্ৰত্যাহ্বান জনোৱাৰ উদাহৰণ আছে। সেই ঐতিহ্য আৰু চৰিত্ৰ স্লান কৰি অসম সাহিত্য সভাৰ দৰে এক জাতীয় অনুষ্ঠানৰ মঞ্চৰ পৰা কোনোবাই যদি এনে আহ্বান জনাইছে, তেনে তাৰ অলপ হ’লেও দায়িত্ব সাহিত্য সভাৰ নেতৃত্বই ল’বই লাগিব।
অসম সাহিত্য সভাৰ পূৰ্বৰ কবি সন্মিলনবোৰ আছিল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। কিয়নো কবিতাই বহু কথা কৈ যায়, কবিতাই বহু কথা থৈ যায়। কবিতাৰ জৰিয়তে জাগ্ৰত চেতনাবোধে মানুহক চুই যায়। সেইবাবেইতো ‘কবিতা’ কবিতা। কবিতাৰ স্থান আনে ল’ব নোৱাৰে।
অসমীয়া সাহিত্যত আন সৃষ্টিতকৈ কবিতাৰ স্থান বহু ওপৰত। এই কবিতাক লৈয়ে অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন- গুৱাহাটী অধিৱেশনৰ নামত জাৰি কৰা এক নিৰ্দেশনাই চকু কপাঁলত তুলিব আপোনাৰ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, পাঞ্জাবাৰীত ৩১জানুৱাৰী, ১,২ আৰু ৩ফেব্ৰুৱাৰী, ২০২৬ত আয়োজন কৰা হৈছে এই অধিৱেশনৰ।
আগন্তুক সেই অধিবেশনৰ সৈতে সংগতি ৰাখি ২৬ছেপ্টেম্বৰ, ২০২৫ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হৈছে ‘পঞ্চৰত্ন- গুৱাহাটী কাব্যতীৰ্থ’ শীৰ্ষক এক কাবিতা পাঠৰ অনুষ্ঠানৰ। তাৰ বাবে কবিক দিয়া হৈছে কিছু নিৰ্দেশনা। সাহিত্য সভাৰ ল’গ ব্যৱহাৰ কৰি কবি সন্মিলন উপ সমিতিৰ আহ্বায়ক অনুপ কুমাৰ তালুকদাৰে প্ৰকাশ কৰা এই নিৰ্দেশনাত কবিসকলৰ বাবে দিয়া হৈছে ৯টা বিশেষ নিৰ্দেশনা।
এই নিৰ্দেশনাবোৰৰ ৫নং নিৰ্দেশনাটো হ’ল- কোনো কবিয়ে চৰকাৰ বিৰোধী বা আন দল-সংগঠনক লৈ ৰচনা কৰা কবিতা পাঠ কৰিব নোৱাৰিব। কেনেকৈ আহ্বায়ক সকলে সাহিত্য সভাৰ নাম লৈ এনে ফতোৱামূলক নিৰ্দেশনা জাৰি কৰিছে, সেয়াহে বিচাৰ্যৰ বিষয়।
কবিতাত কেৱল প্ৰেম নাথাকে। কবিতাত থাকে সময়ৰ আহ্বান, সমাজ জীৱনৰ প্ৰতিফলন। কবিতাতে কবিয়ে সামৰি থয় নিজস্ব ধ্যান-ধাৰণাৰে চেতনাৰ মাজেৰে বৈ যোৱা সুখ-দুখ, ক্ষোভ, বেদনা আৰু অসন্তুষ্টিক। পৰোক্ষ-প্ৰত্যক্ষভাৱে শব্দৰ সমদলত ভাঁহি থাকে বহু অৰ্থ।
কেনেকৈ আহ্বায়কসকলে নিৰ্ধাৰণ কৰিব কোনটো কবিতা চৰকাৰৰ বিৰোধী, কোনটো চৰকাৰৰ গুণানুকীৰ্তনৰ কবিতা? ভাল কবিয়ে কেতিয়াও মুকলিকৈ কাকো সমালোচনা নকৰে, প্ৰতীকিভাৱে কৈ যায় বুজাই বুজিব পৰাকৈ কবিতাৰ কথা।
এই নিৰ্দেশনা পত্ৰত আছে আৰু এটা বিশেষ নিৰ্দেশনা। সেয়া হ’ল, কবিতা পাঠ কৰিবলৈ সাহিত্য সভাৰ মজিয়ালৈ আহিবৰ বাবে দিব লাগিব কিছু অৰিহণা। নিৰ্দেশনা পত্ৰত তেনে ব্যৱস্থা কৰি ছপা কৰা হৈছে কিউ আৰ কৰ্ড। প্ৰথমটো নিৰ্দেশনাতে আয়োজকসকলে কৈ দিছে, প্ৰতিগৰাকী কবিয়ে কবিতা পাঠৰ বাবে দিব লাগিব প্ৰৱেশ মাচুল। সেই মাচুল নিৰ্ধাৰণ কৰা হৈছে ২৫০টকাকৈ।
অৰ্থ হ’ল ২৫০টকা দিয়া আৰু কবিতা পঢ়া। এয়া সাহিত্য সভাৰ সাহিত্যৰ পৰিৱেশ সৃষ্টি কৰা উদ্যোগ নে কবি আৰু কবিতাক লৈ কৰা বেপাৰ? অংশগ্ৰহণকাৰী হ’ব লাগিব সাহিত্য সভাৰ সভ্য। সভ্যৰ প্ৰমাণপত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰিলে নাপাব কবিতা পাঠৰ সুবিধা।
উক্ত কবিতা অনুষ্ঠানৰ জৰিয়তে হেনো অসম সাহিত্য সভাৰ পঞ্চৰত্ন-গুৱাহাটী অধিৱেশনৰ প্ৰাৰম্ভিক অনুষ্ঠান বিবেচিত হ’ব। তাৰ পৰাই সেই অধিৱেশনত কবিতা পাঠ কৰিব লগা কবি সকলক নিৰ্বাচিত কৰিব। যেন এয়া কবি আৰু কবিক স্কেনিং কৰাৰ এক সম্পৰীক্ষাহে।
সাহিত্য সভাই এতিয়া জবাব নিশ্চয় দিব! ড০ বসন্ত কুমাৰ গোস্বামীৰ দৰে গুণীজনৰ নেতৃত্বত গঠিত সাহিত্য সভাৰ মঞ্চৰ পৰা কোনোবাই কবি আৰু কবিতাক লৈ যি ইচ্ছা তাকেই কৰিব, সেয়া জানো মানুহে সহজভাৱে ল’ব? ইতিমধ্যে কবিসকললৈ প্ৰেৰণ কৰা হৈছে এই নিৰ্দেশনা পত্ৰ।
এচামে এনে নিৰ্দেশনা দেখি উৎসাহিত হৈছে, আন এচামে কবিতাৰ নামত সাহিত্য সভাৰ ভিতৰৰ পৰা চলা এই দুই নম্বৰীবোৰ দেখি হতাশত ভাগি পৰিছে। কবিৰ স্বাধীনতাত যদি সাহিত্য সভাইও হাত দিয়ে, বাকী থাকিল কি? সাহিত্য সভাৰ সভাপতি প্ৰমুখ্যে প্ৰধান সম্পাদকে এতিয়া সেই অভিযোগ খণ্ডন কৰি সভাক তেনে বিৰ্তকৰ পৰা উদ্ধাৰ নকৰিলে আহি থকা দিনত ই এক ক’লা অধ্যায় হৈ ৰৈ যাব চিৰদিনৰ বাবে…