/asomiyapratidin/media/media_files/2025/12/19/adf98ac4-3891-4ef0-a8c4-12e4eeda9a58-2025-12-19-12-38-58.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
খবৰটো নাহিল! ১৮ডিচেম্বৰ,২০২৫ত বিয়লি ৩বজাত আহিব লগা আছিল কেইবাটাও ভাল খবৰ। দেশৰ সাহিত্য জগতখনলৈ প্ৰতিবছৰে বছৰৰ অন্তিম দিন কেইটাত এই খবৰ আহে সাহিত্য অকাডেমীৰ পৰা।
সাহিত্য অকাডেমীৰ সচিব পল্লৱ প্ৰশান্ত হলকাৰে স্বাক্ষৰ কৰা এক বিবৃতি প্ৰকাশ কৰা হৈছিল ১৬ডিচেম্বৰ, ২০২৫ত। SA.61/19/AW/PC নম্বৰৰ এই বিবৃতিটোৰ শীৰ্ষ আছিল সাহিত্য অকাডেমীৰ সন্মান- ২০২৫ৰ সন্দৰ্ভত সংবাদমেল।
বিবৃতিটোত কোৱা হৈছিল যে, সেইদিনাই প্ৰতিবছৰে ঘোষণা কৰাৰ দৰে সাহিত্য অকাডেমী সন্মান প্ৰাপকৰ নাম ঘোষণা কৰা হ’ব। ইয়াৰ বাবে ১৮ডিচেম্বৰ, ২০২৫ত এক সংবাদমেল বিয়লি ৩বজাত আয়োজন কৰা হৈছিল।
এই সংবাদমেলৰ স্থান আছিল নতুন দিল্লীৰ ফিৰোজ শ্বাহ ৰোডত থকা ৰবীন্দ্ৰ ভৱনৰ তৃতীয় মহলাত থকা সাহিত্য একাডেমীৰ কনফাৰেন্স হল। বিবৃতিটোত উল্লেখ কৰা মতে, দেশৰ ২৪টা সংবিধান স্বীকৃত ভাষাত দিব লগা সাহিত্য অকাডেমী সন্মানৰ বিজেতাৰ নাম আৰু তেওঁলোকৰ গ্ৰন্থসমূহৰ এক প্ৰদৰ্শনীও থাকিব এই সংবাদমেলত।
সেয়েহে সকলোৱে ১৮ডিচেম্বৰ, ২০২৫ৰ বৃহস্পতিবাৰলৈ অধীৰ অপেক্ষাৰ বাট চাইছিল। মাত্ৰ ৩০মিনিটৰ বাবে আয়োজন কৰা হৈছিল এই সংবাদমেলখন। ইয়াত কোৱা হৈছিল যে, এই সন্মান প্ৰাপকসকলৰ নাম সাহিত্য অকাডেমীৰ কাৰ্যকৰী পৰিষদে অনুমোদন জনাইছে।
১৮ডিচেম্বৰ, ২০২৫ আহিল। পাৰ হ’ল বিয়লি ৩বজা। কিন্তু সাহিত্য অকাডেমীৰ পৰা ২০২৫বৰ্ষৰ বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা নহ’ল। তাৰ সলনি সংবাদমেল অনুষ্ঠিত হোৱাৰ পূৰ্বেই আন এক খবৰ আহিল।
সেই খবৰটো আছিল- সেইদিনা আয়োজন কৰা সংবাদমেলখন বাতিল কৰা হৈছে। সাহিত্য অকাডেমীৰ ইতিহাসত এনে নজিৰ নাই। কি হ’ল হঠাত সাহিত্য অকাডেমীৰ? কি কাৰণত বন্ধ কৰিব লগা হ’ল বঁটা ঘোষণাৰ এই সংবাদমেল!
এটা অতি দায়িত্বশীল অনুষ্ঠানে নিশ্চয় গুৰুতৰ কাৰণত এনে সিদ্ধান্ত ল’বলৈ বাধ্য হৈছিল। সাহিত্য অকাডেমীৰ সন্মানক লৈ বহুতৰে আশা থাকে। ভৱা হয়, উপযুক্তজনে এনে সন্মান লাভ কৰিলে এই সন্মানৰ শ্ৰীবৃদ্ধি ঘটে, মৰ্যদা অটুট থাকে।
খবৰ অনুসৰি, দুটা ভাষাত এইবাৰ কাক সাহিত্য অকাডেমী দিব সেই সহমত হেনো জুৰিৰ সদস্যসকলে ল’বই পৰা নাছিল। মূলতঃ এই কাৰণতে সময় অনুসৰি ঘোষণা কৰিব পৰা নগ’ল সাহিত্য অকাডেমীৰ বঁটা প্ৰাপকৰ নাম।
সাহিত্য অকাডেমীৰ অসমীয়া ভাষাৰ বাবে নিৰ্বাচিত গ্ৰন্থ আৰু লিখকৰ নাম চূড়ান্ত হৈ আছে। তিনিখন গ্ৰন্থ বিবেচনালৈ আহিছিল এই বঁটাৰ বাবে। অসমীয়া ভাষাৰ সেই গ্ৰন্থ নিৰ্বাচন কৰাৰ জুৰিত আছিল এগৰাকী বিশিষ্ট লেখক, শিক্ষাবিদ, এগৰাকী চিকিৎসক-সুসাহিত্যিক আৰু আন এগৰাকী আছিল মহিলা লিখক-সাহিত্যিক।
তেওঁলোকে অসমীয়া ভাষা ২০২৫বৰ্ষৰ সাহিত্য অকাডেমী বঁটাৰ বাবে সহমতত উপনীত হৈ এগৰাকী যোগ্য আৰু প্ৰবীণ গল্পকাৰ তথা ঔপন্যাসিকৰ নাম চূড়ান্ত কৰি দিছিল। সাহিত্য অকাডেমীয়ে সেই নাম ঘোষণা কৰিলে এইবাৰ অসমীয়া পাঠকে কড়িৰ খেল খেলিব পাৰিব কিতাপৰ পাতত।
কেতিয়াবাই তেখেতে এই সন্মান পাব লাগিছিল। বিভিন্ন কাৰনত সেয়া সম্ভৱ হৈ নুঠিলেও তেওঁৰ কলমৰ শব্দৰ ওপৰত উৰা পখিলাবোৰ এতিয়াও পাঠকৰ হিয়াৰ পখিলা হৈ উৰি আছে। তেওঁৰ লেখাত বাস্তৱৰ ৰেখাপাত, সৰল অথচ নিৰ্মোহভাৱে হয়।
এই খবৰ পোৱাৰ পাছত অসমীয়া পাঠক আৰু সুধী সমাজে এক সুখানুভূতি অনুভৱ কৰিব। এই দৌৰত অৱশ্যে আছিল আন দুখন উল্লেখযোগ্য গ্ৰন্থ। তাৰেই এখনৰ স্ৰষ্টা গৰাকী প্ৰাক্তন বিপ্লৱী হোৱাৰ বাবে চূড়ান্ত পৰ্যায়ত তেওঁৰ নামটো বিবেচনাৰ পৰা আঁতৰাই ৰখা হৈছিল।
এতিয়া অপেক্ষা সেই সময়লৈ, সাহিত্য অকাডেমীৰ সংবাদ মেললৈ। যিকোনো মূৰ্হুততে আহিব এই ভাল খবৰ। অসমীয়া ভাষাত এইবাৰ সাহিত্য অকাডেমী লাভ কৰিছে...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us