আপুনি বিধায়ক! গলিৰ গুণ্ডা নহয়...

২০০৬চনৰ কথা। বিধায়ক হিচাপে প্ৰথমবাৰৰ নিৰ্বাচিত হৈ অসম বিধানসভাৰ পৱিত্ৰ মজিয়াত ঈশ্বৰৰ নামত তেওঁ শপত লৈ সদনৰ গৰিমা অক্ষুন্ন ৰখাৰ শপত লৈছিল। তাৰ পিছৰে পৰা ধাৰাবাহিকভাৱে তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈ

New Update
dhany'

ডিম্পুল বৰগোহাঁই

Advertisment

অসম বিধানসভাৰ মজিয়াত এনে ঘটনা ইতিহাসত এইবাৰেই প্ৰথম। বহু জটিলৰো জটিল বিষয়ৰ ওপৰত অসম বিধানসভাৰ মজিয়াত আলোচনা হৈছে, বিৰ্তক হৈছে, উত্তপ্ত পৰিস্থিতি হৈছে। কিন্তু অসম বিধানসভাৰ মজিয়াত এজনে আনজনক প্ৰতিনিধিক প্ৰহাৰ কৰিবলৈ চোচাঁ লোৱা পৰিৱেশ কেতিয়াও অৱতাৰণা হোৱা নাছিল।

১৯৩৭ গঠিত অসম বিধানসভাৰ মজিয়াত বহু বিৰ্তক গৈছে। বহু ৰাজনৈতিক বিশ্লেষকে ক'ব খোজে যে,   ১৯৪০ ৰ দশকটোৱেই আছিল আটাইতকৈ দুৰ্যোগ আৰু প্ৰত্যাহ্বানৰ দশক ৷ মুছলিম লীগৰ পাকিস্তান দাবীয়ে গোটেই দেশতেই ভয়ানক পৰিবেশ সৃষ্টি কৰিছিল । মুছলিম লীগ অসম বিধানসভাৰ শক্তিশালী দলৰ লগতে শাসনতো আছিল ৷ গ্ৰুপিং বিতৰ্ক হৈছিল অসম বিধানসভাত ৷

দেশ বিভাজনৰ পাছত অসম বিধানসভাই পাকিস্তান সংবিধান সভালৈ সদস্য নিৰ্বাচন কৰিছিল ৷ ভাষা আন্দোলন, জৰুৰীকালীন অৱস্থা,অসম আন্দোলন আদি ভিন্ন বিষয়ক লৈ বিৰ্তক হৈছিল। উত্তপ্ত হৈছিল সদন। কিন্তু তেতিয়াও এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা নাছিল। তাৰ পিছতো অলেখ সবল বিৰ্তকৰ সূচনা হৈছে অসম বিধানসভাৰ মজিয়াত।

৭০দশকৰ প্ৰথমাৱস্থাত বিষ্ণুৰাম মেধি আৰু ছৈয়দ ছাদুল্লাৰ মাজৰ বিতৰ্ক আছিল উত্তপ্ত কিন্তু তথ্যৰ ওপৰত আধাৰিত ৷ বিৰোধী নেতা গৌৰীশংকৰ ভট্টাচাৰ্যৰ তীব্ৰ বাক্যবাণক অধ্যক্ষ কুলধৰ চলিহাই বাধা দিয়া দূৰৰে কথা মাজে মাজে অধিক কথা ক’বলৈ উৎসাহিত কৰিছিল ৷ হৰেশ্বৰ গোস্বামীৰ দৰে বিৰোধী নেতাকো চৰকাৰে সমীহ কৰিছিল ৷ দুলাল চন্দ্ৰ বৰুৱাৰ উগ্ৰতাই পৰিস্থিতি উত্তপ্ত কৰিছিল ৷ কিন্তু আজিৰ দৰে লাজ লগা পৰিৱেশৰ সাক্ষী হোৱা নাছিল ৰাজ্যবাসী। 

অৱশ্যে এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, ১৯৯৩ চনত চৰকাৰে বড়ো অটোনোমাচ কাউন্সিল বিধেয়ক সদনত উপস্থাপন কৰি সদনৰ অনুমতি নোলোৱাকৈ সেই বিধেয়কৰ পাঠ সলনি কৰি বিধেয়কখন পুনৰ সদনত জমা দিলে ৷ চৰকাৰৰ এই কাণ্ডৰ পাছত সদনত উত্তপ্ত পৰিস্থিতি হোৱাই নহয়  সদনৰ চকী- মেজো ওপৰলৈ উঠাই প্ৰতিবাদ কৰিছিল বিৰোধীয়ে। কিন্তু সেই প্ৰতিবাদত কোনোৱে কাকো প্ৰহাৰ কৰা বা মাইক ভাঙি পেলোৱাৰ ভাবুকি দিয়া নাছিল। সেই কাম কৰি কাললৈ কালিমা আৰ্জিলে মৰিয়নীৰ 'ধনুকায়ে'। 

অহংকাৰ আৰু দম্ভত মত্ত হৈয়ে হয়তো নিজকে সকলোৰে প্ৰিয়ভাজন বুলি নিজেই দাবী কৰা 'ধনু কায়ে' সদনৰ মজিয়াত কৰা এই ভুলৰ উমান পাই ধাৰাবাহিকভাৱে ক্ষমা খুজি আছে। প্ৰথমে সদনত, তাৰ পাছত সংবাদমাধ্যমৰ সন্মুখত আৰু শেহতীয়াকৈ গভীৰ নিশা নিজা সামাজিক মাধ্যমত নিজৰ ভুল স্বীকাৰ কৰি ৰাইজক ক্ষমা বিচৰিলে তেওঁ।

কিন্তু ক্ষমা বিচাৰিলেও এই ক্ষমাৰ মাজেৰে তেওঁ পুনৰ এক কুটিল ৰাজনীতিৰ সহায় ল'লে। এগৰাকী চাহ জনগোষ্ঠীৰ বিধায়ক হোৱাৰ বাবেই তেওঁক বিৰোধীয়ে বাৰে বাৰে বাধা দিয়াৰ কথা উল্লেখ কৰিলে সামাজিক মাধ্যমত। ক্ষমা খুজিও তেওঁ চাহ জনগোষ্ঠীৰ আৱেগ জয় কৰিবলৈ চেষ্টা কৰি ক' লে-সূৰ্যৰ পোহৰক কলীয়া মেঘে কেতিয়াও ঢাকিব নোৱাৰে। 

সদনৰ দৰে এখন পৱিত্ৰ মজিয়াত এনে অবাঞ্চিত, অস্বাভাৱিক তথা গুণ্ডাৰ দৰে আচৰণ কৰিও ৰূপজ্যোতি কুৰ্মীৰ কোনো যেন অনুশোচনা নাই। সদনৰ মজিয়াত উপাধ্যক্ষৰ নিৰ্দেশ বাৰে বাৰে অমান্য কৰি সতীৰ্থ বিধায়কক প্ৰহাৰ কৰিবলৈ চোচাঁ লোৱা কুৰ্মীক মাৰ্চেলেহে যেনে তেনে ক্ষান্ত কৰে। সদনৰ মজিয়াত 'গলিৰ গুণ্ডা'ৰ দৰে আচৰণ কৰা এগৰাকী জনপ্ৰতিনিধিৰ এনে ব্যৱহাৰক এতিয়া গৰিহণা দিছে সকলোৱে।

সদনত শুকুৰবাৰে লোক নিৰ্মাণ (পথ) বিভাগৰ লগত সম্পৰ্কিত ২০২৫-২৬ বৰ্ষৰ দাবী মঞ্জুৰীৰ ওপৰত বিৰোধীয়ে অনা কৰ্ত্তন প্ৰস্তাৱৰ বিৰোধিতা কৰি কুৰ্মীয়ে আগবঢ়োৱা ভাষণৰ সময়তে সংঘটিত হৈছিল এই ঘটনা। ধোদৰ আলিৰ নিৰ্মাণকাৰ্যক লৈ কুৰ্মীৰ ভাষণৰ মাজতে বিৰোধিতা কৰিছিল অখিল গগৈয়ে। শিৱসাগৰৰ বিধায়কগৰাকীৰ মাত শুনিয়ে ৰূপজ্যোতিৰ ধমক- মোক কথা নকব। আপোনাৰ মাইক ভাঙি দিম মই।

কথা ইমানতে শেষ নহ'ল। ৰূপজ্যোতিৰ এই অসংসদীয় শব্দ ব্যৱহাৰৰ বিৰোধিতা কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে বিধায়ক শ্বেৰমান আলীয়ে। নিজকে মুখ্যমন্ত্ৰীৰ খাচ মানুহ বুলি দাবী কৰা ৰূপজ্যোতি এইবাৰ আৰু এখোপ ওপৰলৈ উঠি খেদি গ'ল বিৰোধী বিধায়কসকলক। তাৰ পিছৰ সদনৰ সেই অৱস্থাৰ বিষয়ে বহলাই কোৱাৰ হয়তো প্ৰয়োজন নাই।

ৰূপজ্যোতি কুৰ্মীৰ এই আচৰণক লৈ সেই সময়ত অধ্যক্ষৰ আসনত বহি থকা উপাধ্যক্ষ ডা০ নোমল মমিনে কোনো কঠোৰ ব্যৱস্থা নোলোৱাক লৈও এতিয়া সৰৱ চৰ্চা। অখিল গগৈৰ লগতে বিৰোধী বহুকেইগৰাকী বিধায়কে এয়া পক্ষপাতমূলক ব্যৱহাৰ হৈছে বুলি দাবী কৰিছে। যি সময়ত সদনত হুলস্থুলীয়া পৰিৱেশৰ সূচনা হলেই বিৰোধী বিধায়কসকলক বহিষ্কাৰ কৰা হয়, তেনেস্থলত এনে লম্ফজম্ফ কৰা বিধায়ক কুৰ্মীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা কিয় লোৱা নহল বুলি প্ৰশ্ন কৰিছে বিৰোধীয়ে।

বিৰোধীয়ে দাবী উত্থাপন কৰিছে যে, সদনৰ বাকী দিনকেইটাত ৰূপজ্যোতি কুৰ্মীক  সদনৰ কাম-কাজত ভাগ লোৱাৰ পৰা বিৰত ৰখা হওঁক। অধ্যক্ষই এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ'ব। সেয়া যি কি নহ'লেও ৰূপজ্যোতিৰ আজিৰ এই ৰূপ দেখি বহুতে তেওঁক তেওঁৰ মাতৃলৈ মনত পেলোৱাৰ পৰামৰ্শ প্ৰদান কৰিছে।

ৰূপজ্যোতি কুৰ্মীৰ মাতৃ আছিল ৰূপম কুৰ্মী। তেওঁ আছিল অসম চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী। মাতৃৰ পদাংক অনুসৰণ কৰিয়েই ৰাজনীতিত প্ৰৱেশ কৰা ৰূপজ্যোতি কুৰ্মী আৰু মাতৃ ৰূপম কুৰ্মীৰ স্বভাৱত ৰাইজে দেখিছে আকাশ-পাতাল পাৰ্থক্য। সৰলতা আৰু মাৰ্জিত স্বভাৱৰ বাবে জনাজাত মাতৃ ৰূপম কুৰ্মীৰ ভোটবেংকক সাৰথি কৰিয়েই বিধায়ক হৈছিল ৰূপজ্যোতি। আজিৰ সদনত ৰূপজ্যোতিয়ে কৰা এই ব্যৱহাৰে মাতৃকো অপমান কৰিলে বুলি বহুতে আক্ষেপ প্ৰকাশ কৰিছে। 

জম্মু-কাশ্মীৰ বা অন্য ৰাজ্যৰ বিধানসভাত এনে দৃশ্য দেখা পোৱা গৈছিল যদিও এইবাৰ অসমত প্ৰথম এনে দৃশ্য সকলোৱে প্ৰত্যক্ষ কৰিলে। অৱশ্যে শেহতীয়াকৈ ৰাজনীতিত মূল্যবোধৰ চূড়ান্ত সংকটে দেখা দিছে। শাসক-বিৰোধীৰ মাজত মতানৈক্য, বাদ-বিবাদে সীমা চেৰাই গৈছে। কোনো গণতান্ত্ৰিক তথা ভদ্ৰ সমাজে এনে আশা ৰাজনৈতিক নেতাসকলৰ পৰা নকৰে।

যুক্তিবাদী আৰু মানৱতাবাদী চিন্তায়েই জন্ম দিছিল আধুনিক যুগৰ। তাৰ ভেটি আছিল ব্যক্তি স্বাধীনতা, যিটো অবিহনে এখন সমাজত মুক্ত চিন্তাৰ বিকাশ সম্ভৱ নহয়। ব্যক্তি স্বাধীনতা আৰু মুক্ত চিন্তাক গুৰি হিচাপে লৈ জন্ম হৈছিল আধুনিক গণতান্ত্ৰিক ৰাজনৈতিক মতাদৰ্শৰ। বৌদ্ধিকভাৱে যিহেতু যুক্তিবাদ আৰু মানৱতাবাদেই এই সমগ্ৰ ব্যৱস্থাটোৰ সৃষ্টিৰ মূল, সেয়ে গণতান্ত্ৰিক ৰাজনৈতিক মতাদৰ্শ সুস্থ-সবল হৈ থাকিবলৈ ই সেই ব্যৱস্থাৰ মৌলিক গুণখিনিৰ গৰাকী হৈ থাকিব লাগিব।

গণতন্ত্ৰৰ ভাষা সদায়েই শালীন। গণতান্ত্ৰিক মত প্ৰকাশত অশালীনতাৰ স্থান নাই। যুক্তিবাদী বক্তব্য অশালীন ভাষাৰে প্ৰকাশ কৰিলে বক্তব্যৰ যুক্তিকেই সেই অশালীনতাই গ্ৰাস কৰে। বক্তব্যখিনি হৈ পৰে চেলেপু তথা অৰ্থহীন।  ভাৰতৰ গণতন্ত্ৰই সংবিধানখনক বিশ্বশ্ৰেষ্ঠৰ শাৰীলৈ আনিছিল। কিন্তু কাগজে-কলমে সংবিধানখন যিমানেই চমৎকাৰ নহওঁক কিয় বাস্তৱ প্ৰয়োগত তাৰ চমৎকাৰিত্ব সম্পূৰ্ণ নিৰ্ভৰ কৰে গণ প্ৰতিনিধিসকলৰ চাৰিত্ৰিক গুণৰ ওপৰত।

গণ প্ৰতিনিধি যদি অভদ্ৰ হয়, অশিষ্টাচাৰী হয়- তেন্তে সংবিধানৰ চমৎকাৰিত্ব কোনো কামত নাহে। গুণৰ গুণ গুণীয়েহে বুজে। প্ৰতিষ্ঠাকালত ৰাজনৈতিক নেতা-নেত্ৰীসকল যি শালীন মূল্যবোধৰ আছিল সম্প্ৰতি সেই মূল্যবোধলৈ কেনে ভয়ানক অৱক্ষয় আহিছে। এই অৱক্ষয়ৰ নেতৃত্ব দিছে ৰূপজ্যোতিৰ দৰে জনপ্ৰতিনিধিয়ে।

শেষত এটা ঘটনাৰে লেখাটো সামৰিব বিচাৰিছো।  খগেন বৰবৰুৱা অসমৰ বিপ্লৱী আন্দোলনৰ এটা জাকত জিলিকা নাম। বিমলাপ্ৰসাদ চলিহা ভাৰতৰ স্বাধীনতা আন্দোলনত অসমক নেতৃত্ব দিয়াসকলৰ মাজৰ এটা উজ্জ্বল নাম। ১৯৫৭চনত অনুষ্ঠিত হৈছিল দেশৰ দ্বিতীয়টো সাধাৰণ নিৰ্বাচন।

অবিভক্ত শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা নিৰ্বাচনত আৰ চি পি আই দলৰ প্ৰাৰ্থী আছিল খগেন বৰবৰুৱা আৰু অবিভক্ত কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী আছিল বিমলাপ্ৰসাদ চলিহা। তেওঁ যদিও চাহ বাগিচাৰ মালিক আছিল, কিন্তু সম্পূৰ্ণ গান্ধীবাদী জীৱন যাপন কৰিছিল। ইফালে, বৰবৰুৱাই সাধাৰণ শিক্ষকৰ চাকৰি কৰিছিল বেচৰকাৰী স্কুলত আৰু তেওঁৰ পাৰ্টিৰ আৰ্থিক সম্বলো অতি দুৰ্বল আছিল।

তেওঁৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গাড়ীও নাছিল। চলিহা গাড়ীৰে নিজ নিৰ্বাচনী প্ৰচাৰৰ বাবে এখন সভালৈ যাওঁতে বৰবৰুৱাক বাটতে পাই নিজৰ গাড়ীত উঠাই নিছিল আৰু তেওঁৰ সমৰ্থকে সজা সভামণ্ডপ আৰু মাইক তেওঁৰ সভাপৰ পিচত প্ৰচাৰ চলাবলৈ বৰবৰুৱাক দিছিল। সেই নিৰ্বাচনত বৰবৰুৱা হৈছিল বিজয়ী! জনপ্ৰতিনিধি সকলৰ মাজত আছিল এই পৰ্যায়ৰ বুজাপৰা, মিলাপ্ৰীতি।  সেই কথাবোৰ আমাৰ প্ৰজন্মৰ বাবে কিবা সপোন সপোন লাগে...

ৰূপজ্যোতি কুৰ্মী