/asomiyapratidin/media/media_files/2025/10/31/ap-for-web-new-bikhekh-lekha-31-2025-10-31-10-04-23.png)
মৃদুল কুমাৰ সন্দিকৈ
জুবিন গাৰ্গ আছিল এজন ভাল অভিনেতা। অভিনয়ৰ প্ৰতি প্ৰৱল আগ্ৰহ আছিল জুবিনৰ। কেৱল গীতেৰেই নহয়, অভিনয়ৰেও তেওঁ মন জিনি নিজৰ মৃত্যুৰ কাহিনী দৰ্শকক দেখুৱাই যেন গুছি গ’ল এই পৃথিৱী এৰি। ৩১অক্টোবৰ, ২০২৫ৰ লৈকেই মানুহ অপেক্ষা কৰি আছিল।
সকলো নিয়ম ভাঙি পুৱতি নিশা ৪.২৫বজাৰ পৰাই আৰম্ভ হৈছিল জুবিন অভিনীত হেপাঁহৰ শেষৰখন ছবিৰ দৰ্শনী। ছবিখন চাই কান্দি কান্দি ওলাই আহিছিল জুবিনক ভাল পোৱা অনুৰাগীসকল। অসমীয়া ছবি উদ্যোগৰ উত্তৰণৰ কথা কোৱা জুবিনে হাতে-কামে কৰি দেখুৱালে এই উদ্যোগটোক কেনেদৰে আৰু অধিক প্ৰাণৱন্ত কৰি তুলিব পাৰি।স্বৰ্তস্ফূটভাৱে বয়সৰ কথা নাভাৱি ডেকা-বৃদ্ধ সকলো দৌৰি আহিল ছবিগৃহলৈ।
নিজৰ জীৱন কাহিনীয়ে যেন জুবিনে ৰূপালী পৰ্দাত সকলোকে দেখুৱালে। চকুলো নুটোকাকৈ থাকিব নোৱাৰিলে কোনো। এজন অন্ধ শিল্পীৰ চৰিত্ৰত জুবিনৰ অভিনয় দেখি মানুহে কেৱল কান্দিলে। ৪২দিনৰ পূৰ্বে ছিংগাপুৰত মৃত্যু হোৱা জুবিনৰ যেন আজিহে মৃত্যু ঘটিল, তেনে অনুভৱো বহুতে কৰিলে।
জিল ক্ৰিয়েশ্যন আৰু আই ক্ৰিয়েশ্যনৰ যৌথ উদ্যোগত নিৰ্মাণ কৰা হৈছিল জুবিনৰ এই হেপাঁহৰ ছবিখন। ছবিখনৰ কাহিনী আছিল জুবিন গাৰ্গৰ। চিত্ৰনাট্য লিখিছিল ৰাহুল গৌতম শৰ্মা আৰু শান্তুনু ৰৌমৰীয়াই। ছবিখনত প্ৰযোজক জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গ আৰু শামন্তুক গৌতম।
সংগীতধৰ্মী এই ছবিখনত জুবিনৰ লগতে অভিনয় কৰিছিল- মৌচুমী আলিফা, জয় কাশ্যপ, আচুৰ্য বৰপাত্ৰ আদিয়ে। ৫.১কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা ছবিখনৰ দৈৰ্ঘ্য ১৪৫মিনিট। ৰাজেশ ভূঞাই পৰিচালনা কৰিছে এই ছবিখন। ছবিখনৰ অন্তিমটো দৃশ্য জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত দৃশ্যায়ণ কৰা হৈছিল।
ডলবী এটমছত নিৰ্মাণ কৰা এইখন প্ৰথম অসমীয়া ছবি। ছবিখনৰ মুক্তিৰ পূৰ্বেই টিকট বিক্ৰীৰো অভিলেখ হৈছিল। অনলাইন যোগে সকলোবোৰ ছবিগৃহৰ টিকট বিক্ৰী হৈ গৈছিল। জুবিন গাৰ্গৰ আন এখন ছবি নিৰ্মাণ কৰা পৰিকল্পনা আছিল। ৰঞ্জু হাজৰিকাৰ জুলু নামৰ উপন্যাসখনৰ আধাৰত ছবিখন নিৰ্মাণ কৰাৰ পৰিকলল্পনা কৰিছিল। ইয়াৰোপৰি অঘাইটং, বাঘ আৰু ডাষ্টবিন নামৰ তিনিখন ছবিৰো নিৰ্মাণৰ কথা আছিল জুবিনৰ।
জুবিন গাৰ্গে প্ৰথম অভিনয় কৰা চিনেমাসমূহ হ’ল ২০০০চনত তুমি মোৰ মাথোঁ মোৰ। এইখন এখন ৰোমান্টিক-একচনধৰ্মী ছবি আছিল। ছবিখৰ প্ৰযোজক আছিল দেৱ বৰকটকী। জুবিন গাৰ্গৰ উপৰিও জেৰিফা ৱাহিদ, যতীন বৰা, নিপন গোস্বামী, মৃদুলা বৰুৱা, প্ৰস্তুতি পৰাশৰ আদি তাৰকাই এই ছবিত অভিনয় কৰিছিল। ছবিখনৰ পৰিচালক, কাহিনী আছিল জুবিনৰ। চিত্ৰনাট্য লিখিছিল অমূল্য কাকতি। এইখনেই জুবিনৰ প্ৰথমখন অভিনয় আৰু পৰিচালনা কৰা ছবি আছিল। ২০০০চনৰ ২৫ফেব্ৰুৱাৰীত মুক্তি দিয়া হৈছিল ছবিগৃহত। 
২০০৪চনত জুবিনে দীনবন্ধু নামৰ ছবিখনত ৰূপায়ন কৰা চৰিত্ৰটো আছিল বিপুল। এই ছবিখন পৰিচালনা কৰিছিল মুনিন বৰুৱাই। ছবিখন ২০০৪চনৰ ১৫অক্টোবৰত মুক্তি লাভ কৰিছিল। ছবিখনে সেই বছৰত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বটাঁ ৰজত কমল লাভ কৰিছিল।
তাৰ পাছত ২০০২ত শম্ভু গুপ্তাৰ পৰিচালিত প্ৰেম আৰু প্ৰেম নামৰ ছবিখনত অভিনেতা হিচাপে জুবিনে বিশেষ ভূমুকি মাৰিছিল। ২০০৮চনত জুবিনে অভিনয় কৰিছিল এম মণিৰামে পৰিচালনা কৰা ছবি মন যায়’ত। এই ছবিখনত তেওঁৰ চৰিত্ৰটো আছিল মানৱ। ২০০৮চনৰ ১২ছেপ্টেম্বৰত ছবিখনে মুক্তি লাভ কৰিছিল। ছবিখনৰ কাহিনী আছিল ৪জন নিবনুৱা শিক্ষিত যুৱকক লৈ। সেই চাৰিজন যুৱক ক্ৰমে- মানৱ, নয়ন, তপন আৰু অকণ। আন তিনিটা যুৱকৰ চৰিত্ৰত অভিনয় কৰিছিল- নয়নৰ চৰিত্ৰ পৱিত্ৰ মাৰ্ঘেৰিটা, তপনৰ চৰিত্ৰত জ্ঞানেন্দ্ৰ পল্লৱ আৰু অকণৰ চৰিত্ৰত নৱদ্বীপ বৰগোহাঁয়ে। ছবিখনে ৫৬সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিছিল।
২০১৪চনত বাহাৰুল ইছলামৰ পৰিচালিত ছবি ৰ’দৰ চিঠিত জুবিনে অভিনয় কৰিছিল। ২০১৫চনত জুবিনে অভিনয় কৰিছিল বাণী দাস পৰিচালিত ছবি অহেতুকত। তাৰ পাছত জুবিনে মুনিন বৰুৱাৰ পৰিচালিত আন এখন ছবি ৰামধেনুত অভিনেতা হিচাপে এভূমুকি মাৰিছিল। ২০১৬চনত জুবিনে দুখন ছবিত অভিনয় কৰিছিল। এখন আছিল ৰাজেশ যশপালৰ পৰিচালিত গানে কি আনে আৰু আন এখন আছিল আব্দুল মজিদৰ পৰিচালিত ছবি সাত নম্বৰৰ সন্ধানত।
২০১৭চনত মুনিন বৰুৱাৰ ছবি প্ৰিয়াৰ প্ৰিয়ত অভিনয় কৰে। উক্ত বছৰতে জুবিনে নিজে পৰিচালনা কৰা মিছন চাইনা নামৰ ছবিখনতো অভিনয় কৰে। আই ক্ৰিয়েশ্যনৰ বেনাৰত জুবিন গাৰ্গে পত্নী গৰিমা গাৰ্গৰ সৈতে এই ছবিখন প্ৰযোজনা কৰিছিল। ছবিখনৰ কাহিনী, চিত্ৰনাট্য আছিল জুবিনৰ নিজৰ। ছবিখন মুক্তি দিয়া হৈছিল ২০১৭চনৰ ৮ছেপ্টেম্বৰত।
বক্স অফিচত ছবিখনে বিশেষ সফলতা লাভ কৰিছিল। ১কোটি ২৮লাখ টকাৰ ব্যৱসায় কৰিছিল ছবিখনে। অসমীয়া ছবিৰ ৰ্দুদিনৰ সময়ত মিছন চাইনাৰ জৰিয়তে জুবিনে অসমীয়া ছবি উদ্যোগলৈ নতুনত্ব আৰু প্ৰাণ সঞ্চাৰ কৰিছিল। প্ৰথম দিনাই ছবিখনে সংগ্ৰহ কৰিছিল ৩৯.৯৭লাখ টকা। প্ৰথম তিনি দিন ছবিখনে সংগ্ৰহ কৰা ধনে অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল।
২০১৮চনত ৰাজেশ যশপালৰ পৰিচালিত ছবি দ্য আণ্ডাৰৱৰ্ল্ডত অভিনেতাৰূপে জুবিনক দেখা গৈছিল। ২০১৯চনত জুবিন গাৰ্গে কাঞ্চনজংঘা নামৰ তেওঁৰ দ্বিতীয়খন ছবি নিৰ্মাণ কৰিছিল। আই ক্ৰিয়েশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল জুবিনে। তেওঁ পৰিচালনা কৰা এইখন তৃতীয় ছবি আছিল।
ছবিখনৰ কাহিনী আছিল জুবিনৰ নিজৰ। ছবিখন মুক্তি দিয়া হৈছিল ৬ছেপ্টেম্বৰ, ২০১৯ত। ছবিখনৰ বাজেট আছিল ১.০৫কোটি টকা। ছবিখনে আয় কৰিছিল ৫.১২কোটি টকা। ছবিখনত মুঠ ৬টা গীত আছিল। সেই গীতবোৰ যথেষ্ট জনপ্ৰিয় হৈছিল। ছবিখনত জুবিন গাৰ্গে ৰূপায়ন কৰা চৰিত্ৰটোৰ নাম আছিল অৰ্নিবাণ ভট্টাচাৰ্য।
ছবিখনত পাঞ্চনাৰ চৰিত্ৰত পিংকি শৰ্মাই, পৱিত্ৰৰ চৰিত্ৰত পৱিত্ৰ ৰাভা. শশাংকৰ চৰিত্ৰত শশাংক সমীৰে, অৰ্নিবাণৰ মাতৃৰ চৰিত্ৰত ৰুণু দেৱী আৰু অৰ্নিবাণৰ ভগ্নীৰ চৰিত্ৰ জেৰিণা বৰুৱাই অভিনয় কৰিছিল। এই ছবিখনত অসম লোকসেৱা আয়োগৰ এখন বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছিল সাংবাদিক অতনু ভূঞাই।
কাঞ্চনজংঘাত ‘কাঞ্চনজংঘা’ শীৰ্ষক গীতটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিখ্যাত কবিতা কাঞ্চনজংঘাৰ এটা অংশ কবিতা ৰূপত আবৃত্তি আৰু আন এটা অংশ গান হিচাপে সুৰ দিছিল জুবিনে। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা’ শীৰ্ষক সংলাপ যথেষ্ট চৰ্চিত হৈ পৰিছিল।
২০২২চনত জুবিনে মনজিত শৰ্মাৰ পৰিচালিত ছবি ৰাজনীতিত অভিনয় কৰিছিল। ২০২৩ত নিপন গোস্বামীৰ পৰিচালিত ছবি ডা০ বেজবৰুৱা-২ত, ২০২৪ত দেৱাংকৰ বৰগোহাঁইৰ পৰিচালিত ছবি চিকাৰত জুবিনক দেখা গৈছিল। হোমৱৰ্কতো এভূমুকি মাৰিছে জুবিনে।
তাৰ পাছত জুবিনে ২০২৫ত প্ৰায় ৩বছৰৰ দৃশ্যগ্ৰহণৰ অন্তত মুক্তিৰ বাবে সাজু কৰিছিল ৰৈ ৰৈ বিনালে নামৰ তেওঁৰ অন্তিমখন ছবি। ছিংগাপুৰত ১৯ছেপ্টেম্বৰ, ২০২৫ত মৃত্যু হোৱাৰ পূৰ্বে তেওঁ এই ছবিখনৰ ৮০শতাংশৰো অধিক কাম সম্পূৰ্ণ কৰি থৈ গৈছিল। তেওঁৰ ইচ্ছা অনুসৰিয়েই জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে ২০২৫ৰ ৩১অক্টোবৰত মুক্তি দিয়া হয়।  
ছবিখনৰ মধ্য বিৰতিত ভাঁহি আছে এক বাণী- আজিকালি 3G, 4G, 5G চলে, অসমত ZG চলে। আৰু ছবিখনৰ শেষত স্কীণত ভাঁহি আছে জুবিনৰ কবিতাৰ এটা পংক্তি – শেষ বুলিলেইতো শেষ নহয়, আকৌ হয় আৰম্ভ। এনেকৈয়ে অন্ত পৰে ৰৈ ৰৈ বিনালে। শোকৰ মাজতো আশাৰ বতৰা লৈ দৰ্শকে ছবিগৃহ এৰে...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us