/asomiyapratidin/media/media_files/2025/07/22/bikhekh-lekha-new-5-2025-07-22-21-42-31.jpg)
✒️ডিম্পুল বৰগোহাঁই
ৰিমনজিৎৰ গা বেয়া! বতাহৰ গতিত বিয়পি পৰিছিল খবৰটো। সামাজিক ভিন্ন কাম-কাজৰ সৈতে ওতঃপোতভাৱে জড়িত যুৱকজনৰ এই খবৰটো পোৱাৰ পাছতে স্বাভাৱিকতে ভিন্ন জন উদ্বিগ্ন হৈ পৰিল। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ দৰে সংগঠনক জিলা পৰ্যায়ত নেতৃত্ব প্ৰদান কৰা ৰিমনজিৎক উন্নত চিকিৎসাৰ বাবে অনা হৈছিল গুৱাহাটীলৈ।
গুৱাহাটীত চিকিৎসকে পৰীক্ষা-নিৰীক্ষা কৰিলে। পৰীক্ষাত ধৰা পৰিল ৰিমনজিৎৰ যকৃৎ অৰ্থাৎ লিভাৰ বিকল হৈছে। অচিৰেই যকৃৎ সংৰোপন কৰিবলৈ পৰামৰ্শ দিলে চিকিৎসকে। হাঁহি-মাতি ফুৰা যুৱকজনৰ জীৱনৰ লগতে পৰিয়ালটোলৈ হঠাতে নামি আহিছিল অমানিশা।
ৰিমনজিৎ আছিল পৰিয়ালটোৰ ডাঙৰ সন্তান। সাধাৰণতেই পৰিয়ালৰ বৰপুত্ৰলৈ পিতৃৃৃৃ-মাতৃৰ অন্তৰত থাকে এক সুকীয়া মৰম। যিকোনো প্ৰকাৰে ৰিমনজিৎৰ উন্নত চিকিৎসাৰ বাবে সকলো যোজা কৰিবলৈ চেষ্টা কৰিলে পৰিয়ালে। মধ্যবিত্ত পৰিয়াল, হঠাতে ইমান ধন কেনেকৈ যোগাৰ কৰে।
তথাপিও পিতৃৃৃৃৃৃ-মাতৃৰ চেষ্টা, বন্ধুবৰ্গৰ সহায় আৰু হাজাৰ হাজাৰ শুভাকাংক্ষীৰ আৰ্শীবাদ আৰু সহায়-সহযোগত দিল্লীলৈ লৈ যোৱা হ'ল ৰিমনজিৎক। ভৰ্তি কৰোৱা হ'ল এখন উন্নত চিকিৎসালয়ত। চিকিৎসকে পৰিয়ালটোক অতি কম সময়ৰ ভিতৰতে ৰিমনজিৎৰ যকৃৎ সংৰোপনৰ বাবে ডনাৰ ঠিক কৰিবলৈ ক'লে।
ৰিমনজিৎক নতুন জীৱন দিবলৈ এই সময়ত আগবাঢ়ি আহিল ভাতৃ মৃগাংক। চিকিৎসকে প্ৰথমেই স্পষ্টকৈ বুজালে যে মৃগাংকৰ যকৃৎৰ পৰা কিছু অংশ কাটি আনি সংৰোপন কৰা হ'ব ৰিমনজিৎৰ দেহত। ইয়াৰ বাবে মৃগাংকৰো এক জটিল অস্ত্ৰোপচাৰ হ'ব। ককায়েকৰ বাবে এই কঠিন পৰিস্থিতি সন্মুখীন হ'বলৈ মানসিক আৰু শাৰীৰিকভাৱে সাজুনে বুলি চিকিৎসকে সোধাত মৃগাংকই এটা শব্দতেই উত্তৰ দিছিল- মই সাজু।
অৱশেষত সকলোৰে আৰ্শীবাদত দিল্লীত দুই ভাতৃৰ জটিল অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হ'ল। ককায়েকৰ বাবে কলিজাৰ এফাল দিয়া মৃগাংকৰ লগতে ৰিমনজিৎৰ স্বাস্থ্যও ক্ৰমান্বয়ে উন্নত হৈছে। হঠাতে অমানিশা নামি অহা পৰিয়ালটোক পুনৰ চুঁই হৈছে পোহৰৰ এচাঁটি বতাহে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এনেবোৰ খবৰ আমি প্ৰায়ে পাই থাকো। অসমতো মাজে সময়ে আহে এনে বিৰল ত্যাগৰ খবৰ। আপোনজনৰ বাবে কোনোবাই যে ইমান ত্যাগ কৰিব পাৰে বস্তুনিষ্ঠ এই সমাজখনত ভাৱিবলৈকে টান লাগে। ক্ৰমান্বয়ে কৃত্ৰিমতা আৰু আৱেগ- অনুভূতিহীন এই সমাজত নিজতকৈও আপোনজনক ভাল পাব জনা মানুহ এতিয়াও আছে।
মৃগাংক আৰু ৰিমনজিৎৰ ঘটনাটোত কেৱল মাত্ৰ ভালপোৱা বা ত্যাগৰ কথাই নহয়, আছে নিস্বাৰ্থ ভাতৃ প্ৰেমো। যিসময়ত সা-সম্পত্তি, মাটি-বাৰীৰ দৰে সাধাৰণ ঘটনাক লৈ নিজৰ ভাতৃৰ মাজতে কাজিয়া হয়। যি সময়ত এইখন সমাজত ব্যস্ততাৰ বাহানাৰে নিজ আপোন ভাতৃকো পাহৰি যোৱাৰ উদাহৰণ আছে। তেনে এখন সমাজত মৃগাংকৰ দৰে ভাতৃ পোৱাটো হয়তো ৰিমনজিতৰেই সৌভাগ্য।
মৃগাংক আৰু ৰিমনজিৎৰ ঘৰ লখিমপুৰৰ ঘিলামৰাত। ৰিমনজিৎ সামাজিক তথা দল-সংগঠনৰ ভিন্ন কাম-কাজৰ সৈতে জড়িত হৈ থকাৰ বিপৰীতে মৃগাংকও এগৰাকী উচ্চশিক্ষিত যুৱক। ৰিমনজিৎৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে যদিও এতিয়াও আছে কিছু ক্ষেত্ৰত জটিলতা। যাৰ বাবে সমাজ তথা মানুহৰ মাজত থাকি ভাল পোৱা যুৱকজন এতিয়া দিল্লীৰ চিকিৎসালয়ৰ বিচনাতেই আছে। এনে হস্পাতালত খোজে প্ৰতি লাগে ধন। তাৰ মাজতেই পৰিয়ালটোৱে চলাই গৈছে ৰিমনজিত আৰু মৃগাংকৰ চিকিৎসা।
ৰিমনজিৎৰ বাবে ভাতৃ মৃগাংকৰ এই ত্যাগ এতিয়া সামাজিক মাধ্যমতো যথেষ্ট চৰ্চা হৈছে। এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পাছতো এতিয়া অতিকৈ সুখী মৃগাংক। ভাতৃ ৰিমনজিৎক এটা নতুন জীৱন দিবলৈ পাই সি নিজকে সৌভাগ্যৱান বুলি ভাৱিছে । মৃগাংকৰ মতে- আপোনজনৰ বাবে কিমান কৰিবলৈ ভগৱানে সকলোকে সুবিধা নিদিয়ে, মোক দিয়াৰ বাবে মই কৃতজ্ঞ...