/asomiyapratidin/media/media_files/2025/11/22/7fcb360f-f468-4729-9bbf-e915dc5d68ce-2025-11-22-13-06-58.jpg)
মৃদুল কুমাৰ সন্দিকৈ
হঠাৎ ফোনটো বাজি উঠিছিল সাংবাদিক ৰাণা ডেকাৰ। তেওঁ জানিবলৈ দিয়া মতে, ২০নৱেম্বৰ, ২০২৫ত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা ঘৰৰ অভিমুখে আহি আছিল। বাজি থকা মোবাইলটোত ভাঁহি উঠা নম্বৰটো আছিল ৯৪৩৫১-০২৪৯# ।
বাইকখন ৰখাই বাইকৰ ওপৰত বহিয়ে সাংবাদিকগৰাকীয়ে কথা পাতিছিল ফোনত। যিজন লোকে ফোন কৰিছিল তেওঁ এজন অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া। এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক আৰু কিছুদিনৰ পূৰ্বলৈকে বাক্সাত থকা অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাৰ পিতৃ। নাম- হিতেশ দেৱ শৰ্মা।
তাৰ পাছত সেই ফোনকলটো ভাইৰেল হৈ পৰিছিল। দিনৰ ১০.৩০বজাত ১০মিনিট ৩৪ছেকেণ্ড ধৰি দুয়োৰে মাজত কথাপকথন হৈছিল ফোনত। সেই কথাখিনি পতা হৈছিল কেইদিনমানৰ পূৰ্বে বাক্সাৰ নিকাচিত থকা জিলা কাৰাগাৰৰ সন্মুখৰ পৰা পৰিৱেশন কৰা এটা বাতৰিক লৈ।
জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ পাছত গ্ৰেপ্তাৰ কৰা শ্যামকানু মহন্তকে ধৰি ৫জন অভিযুক্তক ১৫অক্টোবৰ, ২০২৫ত আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছত লৈ যোৱা হৈছিল সেই কাৰাগাৰলৈ। সেই সময়তে কিছু বিক্ষিপ্ত ঘটনা হৈছিল।
এই বিক্ষিপ্ত ঘটনাৰ আঁৰত এজন আৰক্ষী বিষয়াৰ ৰুঢ় ব্যৱহাৰ আৰু আচৰণক দোষাৰূপ কৰিছিল সংবাদমাধ্যমে। সেই স্থানত সমৱেত হোৱা লোকৰ ওপৰত আৰক্ষী বিষয়াজনে অৰ্তকিতে লাঠীচালনা কৰাৰ অভিযোগ উঠিছিল। সেয়েহে গীতাৰ্থ দেৱ শৰ্মা নামৰ বাক্সা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে হাতত লাঠী লৈ মানুহক পিটি থকা কিছু দৃশ্য সাংবাদিকৰ কেমেৰাত বন্দী হৈছিল।
এইবোৰ দৃশ্য আৰু খবৰ প্ৰায়বোৰ সংবাদমাধ্যমতে প্ৰচাৰ আৰু প্ৰকাশ হৈছিল। পিতৃ হিচাপে হিতেশ দেৱ শৰ্মাইয়ো সামাজিক মাধ্যমত দিয়া এক পোষ্টক লৈ সমান্তৰালভাৱে চৰ্চা হৈছিল। সেই খবৰ কিয় কৰিব বুলি সাংবাদিক জবাবদিহি কৰা আৰু ধমকি দিয়াৰ ফোন আছিল এইটো।
ইয়াৰ পাছত ভুক্তভোগী সাংবাদিকগৰাকীয়ে বজালী জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত এই সমগ্ৰ ঘটনা অৱগত কৰি এখন আবেদন দাখিল কৰে। যিখন আবেদনত উল্লেখ কৰা আছে যে, এই সাংবাদিকগৰাকীয়ে দিগদাৰি কৰি আছে। ফোনতেই তেওঁক হিতেশ দেৱ শৰ্মাই কৈছিল- ধৰা তুমি ৰাস্তাৰে গৈ আছা আৰু তোমাক পিছৰ পৰা গাড়ী এখনে খুন্দা মাৰি যদি গুৰুতৰভাৱে আহত কৰে তুমি কাক অভিযোগ দিবা?
কেৱল সেয়াই নহয়, পূৰ্বতে চিনা পৰিচয় থকা সাংবাদিকজনক তেওঁ পৰিয়ালৰ খবৰ লৈ ৮বছৰীয়া এটা পুত্ৰ সন্তান থকা জানিব পাৰি কৈছিল- তোমাৰ ৮বছৰীয়া সন্তানটো যদি কিবা অসুবিধা হয়, তেতিয়া তুমি কাক অভিযোগ দিবা। দিন-কাল এতিয়া বৰ বেয়া। ছফট টাৰ্গেট সাংবাদিক।
এইবোৰ কথা শুনিলে ভয় লগাটোৱেই স্বাভাৱিক! তাতে যদি কৈ দিয়ে- তোমাক ৪ঘন্টা সময় দিছো ক্ষমা খোজা, তোমাৰ ৱাৰ্ণিং দিছো, তুমি ৰেহাই নাপাবা, তোমাৰ ব্যৱস্থা মই কৰি আছো আদি ধৰণৰ ভাবুকিস্বৰূপ বাক্য তেনে সেয়া চিন্তণীয় আৰু উদ্বেগৰ বিষয় হ’ব পাৰে সকলোৰে বাবে।
এইজন হিতেশ দেৱ শৰ্মাই পুত্ৰৰ সন্দৰ্ভত কৰা বাতৰিক লৈ উদ্বিগ্ন। তাৰ বহিঃপ্ৰকাশ এই ভাবুকি। ইয়াৰ পূৰ্বে সাংবাদিকগৰাকীক ২০অক্টোবৰ, ২০২৫ত ফেচবুকৰ মেজেঞ্জাৰ যোগে যোগাযোগ কৰিছিল। সুধিছিল- সেইদিনা দণ্ডাধীশৰ আদেশত যে লাঠীচালনা হৈছিল, সেই কথা বাতৰিত কিয় উল্লেখ নকৰিলা?
সাংবাদিকজনে তেনে দণ্ডাধীশে দিয়া নিৰ্দেশনাৰ কথা নাজানো বুলি কোৱাত হিতেশ দেৱ শৰ্মাই সাংবাদিকগৰাকীৰ ফোন নম্বৰটো বিচাৰিছিল। এই ঘটনাৰ পিছত পৰি থকা হিতেশ দেৱ শৰ্মাই তাৰ এমাহৰ পাছত এই ফোনকলটো কৰিছিল সাংবাদিকগৰাকীলৈ।
তেনে ভাবুকি পোৱাৰ পাছত চিন্তিত সাংবাদিকগৰাকীয়ে কৰ্কট ৰোগত আক্ৰান্ত মাতৃ আৰু এজমা ৰোগত আক্ৰান্ত পিতৃ যাতে অধিক চিন্তিত নহয় তাক লৈ সচেতন হ’ব লগা হৈছিল। ঘৰৰ টি ভি চেনেলৰ সংযোগ বিচ্ছিন্ন কৰি উদ্বেগজনক সময় অতিবাহিত কৰিব লগা হৈছে সেই বাতৰি পৰিৱেশন কৰাৰ বাবে।
হিতেশ দেৱ শৰ্মা নামৰ উচ্চ পদস্থ প্ৰাক্তন বিষয়াগৰাকীয়ে ইমান মুকলিকৈ কোনোবা সাংবাদিকক ভাবুকি দিবলৈ মৰসাহ কৰাতো চিন্তনীয় বিষয়। আইন কানুনৰ কথা জানিও এইগৰাকী বিষয়াই পুত্ৰস্নেহত অন্ধ হৈ গাড়ীৰে খুন্দিয়াই সাংবাদিকক মাৰিম বুলি ক’ব পৰা পৰিৱেশ আমাৰ মাজৰ কোনাবাই সৃষ্টি কৰা পৰিৱেশৰ প্ৰতিফলন নেকি, সেয়াও বিচাৰ্যৰ বিষয়।
কিয় সাংবাদিকক এনেদৰে ধমকি দিলে? অনুতপ্ত হোৱা নাই নে আপুনি এনে এক কাম কৰি ? এই প্ৰতিক্ৰিয়াৰ পাছত সকলোৱে ধিক্কাৰ দিছে আপোনাক। সাংবাদিকজনৰ যদি সচাঁকৈয়ে কিবা অঘটন হয়, তেনে আপুনিয়ে হ’ব জগৰীয়া। প্ৰত্যক্ষভাৱে হিতেশ দেৱ শৰ্মালৈ আমাৰ আছিল এইবোৰ প্ৰশ্ন।
খঙত হেনো তেওঁ এনেদৰে কৈছিল। তেওঁ কোৱা কথাবোৰৰ অৰ্থ অন্য ফালে ঢাল খোৱোৱা হৈছে। যি ক’ব লগা আছে থানাত কমগৈ বুলি কথাবোৰ সামৰিব খুজিলে তেওঁ। বাক্সাৰ ঘটনাৰ পাছতেই ১২নৱেম্বৰ, ২০২৫ত বদলি কৰা হৈছিল গীতাৰ্থ দেৱ শৰ্মাক।
পুত্ৰক শাস্তিমূলক বদলি দিয়াৰ বাবে এই আক্ৰোশ নেকি তেওঁৰ। সেই প্ৰশ্নৰ উত্তৰত তেওঁ ক’লে- পুত্ৰক শাস্তিমূলক বদলি দিয়া হোৱা নাই। বৰঞ্চ পুত্ৰই নিজে গুৱাহাটীলৈ বদলি লৈছে। আবেদন কৰিছিল বদলিৰ বাবে। হিতেশ দেৱ শৰ্মাই ইয়াকো ক’লে ইয়াৰ বাবে হেনো তেওঁ পোনপতীয়াকৈ যোগাযোগ কৰিছিল আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে।
ব্যক্তিগতভাৱে হোৱাইটএপত মেচেজ দিছিল। ১৪আগষ্ট, ২০২৫তেই সেই সংক্ৰান্তীয় মেচেজ দিয়াৰ কথা তেওঁ সদৰি কৰিলে। য’ত তেওঁ লিখিছিল- গীতাৰ্থ দেৱ শৰ্মাৰ অসুস্থতাৰ বাবে তেওঁৰ পুত্ৰক গুৱাহাটীৰ চি আই ডিলৈ বদলি কৰিব লাগে।
যদি হিতেশ দেৱ শৰ্মাই কোৱাৰ দৰে এয়া বাক্সাৰ ঘটনাৰ সৈতে পুত্ৰৰ বদলি কোনো সম্পৰ্কই নাছিল, তেনে কিয় সেই খবৰৰ আধাৰত আকৌ সাংবাদিকক লক্ষ্য কৰি ল’লে! তেওঁৰ বিৰুদ্ধে বহু অভিযোগ আছে। আন এটা অভিযোগ যোগ হ’ল তেওঁৰ সৈতে।
এইবাৰৰ অভিযোগ সাধাৰণ নহয়। সাংবাদিকক মাৰিম বুলি দিয়া ভাবুকিৰ অভিযোগ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিক্ৰিয়া দিছে। বজালী থানাত গোচৰ ৰুজু হৈছে। সাংবাদিক সমাজ জাঙুৰ খাই উঠিছে।
এতিয়া ৰাজ্যত এনে অৱস্থা যে, সাংবাদিকে প্ৰশ্ন সুধিলেও জগৰ লাগে। বাতৰি কৰিলেও মৃত্যুৰ ভাবুকি আহে। ইয়াৰ পৰা পৰা সাংবাদিক সমাজক উদ্ধাৰ কৰিবলৈ হিতেশ দেৱ শৰ্মাৰ দৰে লোকক উচিত শিক্ষা দিব লাগিব। সাংবাদিকক ভাবুকি দিয়া প্ৰৱণতা বৰমূৰীয়াসকলেও পৰিত্যাগ কৰিব লাগিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us