সদায় আমাক 'SORRY' ক’লেই নহ’ব...

আকৌ এবাৰ সকলোৱে মিলি উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ-পূববাসীক চূড়ান্তভাৱে তুচ্চ তাচ্চিল্য কৰিলে। আমি ভাৰতীয় বুলি মূলসুঁতিৰ মুষ্টিমেয় লোকে মানি নোলোৱা প্ৰৱণতা প্ৰতিফলিত হল এক হত্যাকাণ্ডক কেন্দ্ৰ কৰি।  

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ap BIKHEKিিিH LEKHA

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

আকৌ এবাৰ সকলোৱে মিলি উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ-পূববাসীক চূড়ান্তভাৱে তুচ্চ তাচ্চিল্য কৰিলে। আমি ভাৰতীয় বুলি মূলসুঁতিৰ মুষ্টিমেয় লোকে মানি নোলোৱা প্ৰৱণতা প্ৰতিফলিত হল এক হত্যাকাণ্ডক কেন্দ্ৰ কৰি।  

সংবাদ মাধ্যম, সামাজিক মাধ্যম আৰু আন বহু মাধ্যমৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেওঁলোকৰ মনোভাৱ প্ৰকট হল এইবাৰ কৰ্মকাণ্ডৰ জৰিয়তে। এয়াই অৱশ্যে উত্তৰ-পূবৰ ওপৰত বৰ্ণবাদ বিদ্বেষৰ প্ৰথমটো আক্ৰমণৰ ঘটনা নহয়।

চেৰাপুঞ্জীলৈ ফুৰিবলৈ আহি সন্ধানহীন হৈছিল সোনম ৰঘূবংশী আৰু ৰাজা ৰঘূবংশী নামৰ নৱদম্পত্তি। উদ্ধাৰ হৈছিল ৰাজা ৰঘূবংশীৰ গলিত মৃতদেহ। তাৰ পাছত দেশজুৰি এই হত্যাকাণ্ডক লৈ ভিন্ন দৃষ্টিকোণেৰে চলিছিল আলোচনা-সমালোচনা।

২৩মে, ২০২৫ত নিখোঁজ হোৱা ৰাজা ৰঘূবংশীৰ মৃতদেহ ২জুনত উদ্ধাৰ হলেও নিখোঁজ হৈ আছিল সোনম ৰঘূবংশী। তাৰ পাছতে এই ঘটনাৰ বদনামৰ ভাৰ লব লগা হৈছিল মেঘালয় তথা উত্তৰ পূৰ্বাঞ্চলে।

আনকি কোনো কোনোৱে উত্তৰ-পূৰ্বাঞ্চল মানে নৰখাদক, অমানুহ বাসস্থান কৰা অতি অসুৰক্ষিত স্থান বুলিও প্ৰচাৰ চলালে। মধ্যপ্ৰদেশৰ ইন্দোৰৰ আছিল এই নৱদম্পত্তি। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ৰাজ্যৰ হনিমুনলৈ যোৱা নৱদম্পত্তিৰ মৃত্যুক লৈ মেঘালয় চৰকাৰ তথা আৰক্ষীৰ অনুসন্ধানত সন্তুষ্ট নহৈ চি বি আইৰ তদন্তৰ দাবী তুলিলে।

সমগ্ৰ দেশতে মেঘালয়ৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি আন এক ভাৱমূৰ্তি গঢ় লৈ উঠিল মূৰ্হূততে। ৰাষ্ট্ৰীয়তাবাদৰ জটিল প্ৰত্যাহ্বানৰ সন্মুখত প্ৰায়ে ভুক্তভোগী হোৱা উত্তৰ-পূবৰ মানুহৰ বাবে এই ঘটনা আন এক ভাবুকি হৈ থিয় দিলে।

তাৰ পাছত নাটকীয়ভাৱে সেই ঘটনাৰ মেৰপাঁক খোল খালে যেতিয়া এই হত্যাকাণ্ডৰ মূল অভিযুক্তগৰাকীয়ে উত্তৰ প্ৰদেশত আৰক্ষীৰ ওচৰত আত্মসৰ্মপণ কৰিলে। স্বীকাৰ কৰিলে তেৱেঁই স্বামীক হত্যা কৰি এনেদৰে পলাই ফুৰিছিল।

গাজিপুৰৰ নন্দনগঞ্জ নামৰ ঠাইত থকা এখন ধাবাত উপস্থিত হৈ নিজৰ পৰিয়াললৈ ফোন কৰি জনালে, প্ৰেমিক ৰাজ সিং কুশ্বৱাহাৰ সৈতে মিলি কেনেকৈ এই হত্যাকাণ্ড সংঘটিত কৰিছিল। এই কথাও আৰক্ষীক কলে যে, হত্যাকাণ্ডৰ বাবে দুজন ভাড়াতীয়া নিয়োগ কৰিছিল তেওঁলোকে।

প্ৰকৃত ঘটনা পোহৰলৈ অহাৰ পাছত উত্তৰ-পূবক লৈ তুচ্চ-তাচ্চিল্য কৰা সকলৰ মুখৰ মাত হেৰাল। ৰাজা ৰঘূবংশীৰ সম্বন্ধীয় ভনীয়েকে ইনষ্টাগ্ৰাম আৰু আন সামাজিক মাধ্যমত দিয়া পোষ্ট তথা ভিডিঅ ডিলিট কৰিব লগা হল।

কেৱল এয়াই নহয়, প্ৰতিষ্ঠিত ৰাষ্ট্ৰীয় কাকতেও এই হত্যাকাণ্ডক লৈ প্ৰকাশ কৰা বহু বাতৰি অনলাইন সংস্কৰণৰ পৰা মচিঁ দিব লগা হল। কিয়নো সেই বাতৰিবোৰত প্ৰকৃত ঘটনাৰ অনুসন্ধানৰ বিপৰীতে আছিল উত্তৰ-পূবৰ সন্দৰ্ভত একাংশই লৈ থকা তুচ্চ ধ্যান-ধাৰণাৰ প্ৰতিফলন।

ৰাষ্ট্ৰীয় সংবাদ ক্ষেত্ৰত প্ৰতিষ্ঠিত অসমৰে এগৰাকী সাংবাদিকে উত্তৰ-পূবৰ এই মানুহবোৰক লৈ খোদ প্ৰধানমন্ত্ৰীয়ে কৰা এক মন্তব্যক কেন্দ্ৰ কৰি এখন মুকলি চিঠি লিখিছিল। এন অপেল লেটাৰঃ আই হেভ স্মল আইচ, মিঃ প্ৰাইম মিনিষ্টাৰ- শীৰ্ষক এই মুকলি চিঠিত তেওঁ আপত্তি কৰিছিল গৃহ ৰাজ্য গুজৰাটত এক সভাত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোডীয়ে কৰা এক মন্তব্যক লৈ।

২৭মে, ২০২৫ত প্ৰধানমন্ত্ৰী মোডীয়ে ভাষণত সৰু সৰু আধা খোলা চকুবোৰক লৈ তীৰ্যক মন্তব্য কৰিছিল। উত্তৰ-পূবৰ লোকসকলক লৈ ভাৰতৰ অন্য প্ৰান্তৰ মূল মহানগৰ সমূহত এনে মন্তব্য কৰাতো এক স্বাভাৱিক ঘটনা।

চিংকি, নেপালী আদি আখ্যাৰে উত্তৰ-পূবৰ লোকসকলক বৰ্ণবিদ্বেষৰ বলি কৰা হয়। সেই একেধৰণেই প্ৰধানমন্ত্ৰী মোডীৰ এই মন্তব্যৰ বিৰোধিতা কৰিছিল সাংবাদিক সংগীতা বৰুৱা পিচাৰতিয়ে। যিখন চিঠিয়ে উত্তৰ-পূবৰ লোকসকলক ভাৱ-ধাৰণাত কিদৰে আঘাত হানিছে,তাক উদঙাই দিছে।

মেঘালয়ত সংঘটিত হত্যাকাণ্ডৰ আধাৰত টাইমছ অৱ ইণ্ডিয়াৰ দৰে ৰাষ্ট্ৰীয় কাকতেও উত্তৰ-পূবৰ প্ৰতি একশ্ৰেণী মূলসুঁতি ভাৰতীয়ৰ মানসিকতাক সম্বল কৰি বাতৰি পৰিৱেশন কৰিছিল। যি বাতৰিত উল্লেখ কৰা হৈছিল মেঘালয়ত ‘CRIME PRONE HILLS’ বুলি।

ভূপাল সংস্কৰণত কাকতখনে এইদৰে বাতৰি পৰিৱেশন কৰিছিল। ইয়াক লৈ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া। যাৰ বাবে কাকতখনে শুধৰণি দিব লগা হল এইদৰে-  Corrigendum- In a report published only I in the Bhopal edition, TΟΙ used the term 'crime-prone hills' to refer to a specific ar-ea in Meghalaya. The term was never meant to refer to the entire state, or its people, nor was it ever our intention to paint Meghalaya, a peace-ful, tourist-friendly state, in bad light. Our reports have consistently mentioned how Meghalaya police braved treacherous terrain and harsh weather in their search for the couple. We have also regularly reported the Meghalaya police's ver-sion of events as well as the family's concerns and fears. Nevertheless, we under-stand that the use of the term has upset the senti ments of the people of Meghalaya. We apologise for the same, and have re-moved it from the online copy

সুযোগ পালেই এনে বৰ্ণ বিদ্বেষৰ বলি কৰি আহিছে উত্তৰ-পূববাসীক। মেঘালয়ৰ ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰো ইয়াৰ ব্যতিক্ৰম নহল। উত্তৰ-পূবৰ প্ৰতি এই ধাৰণা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আঁতৰ কৰাৰ দায়িত্ব কাৰ? এচাম দেশবাসীয়ে আন এচাম দেশবাসীৰ প্ৰতি কৰা এই অৱহেলাৰ অৱসান ঘটিব কেতিয়া?

অসম