/asomiyapratidin/media/media_files/2025/11/21/whatsapp-image-2025-11-21-14-24-19.jpeg)
ইটোৰ পাছত সিটো অঘটন গেৰুকামুখত। এইবাৰ ভাগিল টাৰ্বাইনৰ ৰ'টাৰৰ গিয়েৰিং। চলিত বৰ্ষৰ ডিচেম্বৰত নদীবান্ধটোৰ শুভাৰম্ভৰ বাবে অহা কথা আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।ভয়াৱহ হৈ উঠিব নেকি উৎপাদনৰ কাম আৰম্ভ কৰাৰ পাছত এই জলবিদ্যুৎ প্ৰকল্পস্থলী। এন এইচ পি চি ৰ বিৰুদ্ধে কিয় মাত বন্ধ হৈ গ'ল দল-সংগঠনৰ নেতাৰ? অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন...
উৎপাদন আৰম্ভ হোৱা পূৰ্বেই ইটোৰ পাছত সিটো অঘটনে গেৰুকামুখত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। দল-সংগঠনৰ বাধা নেওচি এই জলবিদ্যুৎ প্ৰকল্পৰ কাম শুভাৰম্ভ কৰিবলৈ এন এচ পি চি কৰ্তৃপক্ষইসাজু হওঁতেই আন এক অঘটনে দেখা দিলে প্ৰকল্পস্থলীত।
এই বছৰৰ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বাৰাই এই বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰম্ভণি কৰিবলৈ সিদ্ধান্ত লওঁতেই জলবিদ্যুৎ প্ৰকল্পটোৰ টাৰ্বাইনৰ ৰ'টাৰৰ গিয়েৰিং ভাগি পৰে। এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, ২০০০ মেগাৱাট জলবিদ্যুৎ উৎপাদনৰ ক্ষমতাযুক্ত প্ৰকল্পটোৰ দুটা টাৰ্বাইন ঘূৰাই ৫০০ মেগাৱাট বিদ্যুত পৰীক্ষামূলকভাৱে উৎপাদন কৰিবলৈ লওঁতেই এই অঘটন সংঘটিত হয়।
এই কথা এন এইচ পি চি কৰ্তৃপক্ষই গোপনে ৰাখি পোলেণ্ডৰ পৰা বিশেষজ্ঞ মতাই আনি সেই যান্ত্ৰিক বিজুতি মেৰামতি কৰিবলৈ চেষ্টা কৰে। ইতিমধ্যে এই প্ৰকল্পস্থলীত ইয়াৰ পূৰ্বেও বহু কেইটা অঘটন আৰু দুৰ্ঘটনা সংঘটিত হৈছিল।
২০২৪ ৰ ২৬ জুনত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সুৰক্ষা বান্ধ ভাগি শক্তি উৎপাদন কক্ষত পানী সোমাইছিল। সেই পানীয়ে এটা মেচিন উটোৱাই নিচিল। এই প্ৰকল্পৰ ৯ নং শ্লুইচ গেট খুলি দিয়াৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে।
গেৰুকামুখৰ পাহাৰত হোৱা প্ৰৱল বৃষ্টিপাতৰ বাবেই এই শ্লুইচ গেট খুলি দিবলৈ বাধ্য হৈছিল প্ৰকল্প কৰ্তৃপক্ষ। ২০২২ ৰ অক্টোবৰত ভূমিস্খলনৰ বাবে এটা ডাইভাৰচন পানেল বন্ধ হৈ পৰাত যথেষ্ট ভাবুকিৰ সৃষ্টি হৈছিল প্ৰকল্পটোৰ প্ৰতি।
২০২৫ ৰ মাৰ্চত প্ৰকল্পস্থলীত এজন শ্ৰমিকৰ মৃত্যু হৈছিল। ২০২৫ ৰ ৩১মে'ত প্ৰকল্পস্থলীৰ ভিউ পইন্টত মূল বান্ধৰ কাষতে খহি পৰিছিল পাহাৰৰ এটা বৃহত অংশ। ২০২৫ ৰ ১১ জুনত সোৱণশিৰি নদীৰ কোবাল সুঁতে খহাই পেলাইছিল স্পিলৱে গেটৰ গাৰ্ডৱাল।
এনেদৰে পাহাৰ খহা মেচিনক বিসংগতি হোৱাতো নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত এক নিয়মীয়া ঘটনাত পৰিণত হৈছে। বিশেষজ্ঞ কমিটিৰ পৰামৰ্শৰ আওকাণ কৰি গেৰুকা পাহাৰৰ কোমল মাটিত এই বৃহত প্ৰকল্প নিৰ্মাণ কৰোতেই ইমান প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল।
উৎপাদন আৰম্ভ কৰাৰ পাছত কি পৰিস্থিতিৰ সৃষ্টি হব পাৰে সেয়া এতিয়া সহজে অনুমান কৰিব পৰা হৈছে।সময়ত গৈ সেয়া এক জলবোমা সদৃশ হবগৈ যে সেয়া নিশ্চিত হোৱাৰ পাছতো এন এইচ পি চিয়ে টালি-টোপোলা মাৰি এই প্ৰকল্পৰ কাম আগুৱাই নিছে।
কেন্দ্ৰীয় শক্তি মন্ত্ৰী শ্ৰীপদ নায়কে সদনতে স্বীকাৰ কৰিছিল,এই প্ৰকল্প অতি বিপদজনক। বিভিন্ন জাতীয় দল-সংগঠনে প্ৰথমে নদী বন্ধৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। সেই আন্দোলনেৰে জড়িত নেতা তথা দল-সংগঠনে এতিয়া পূৰ্বৰ দৰে ইয়াৰ বিৰোধিতা কৰি কোনো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাতো চকুত নপৰে।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিছু দিনৰ পূৰ্বে এই জল বিদ্যুত প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছিল যদিও সেয়াও বাস্তৱত ৰূপায়িত হোৱা পৰিলক্ষিত হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us