মিছা ক’লে মুখ্যমন্ত্ৰীয়ে! প্ৰমাণ দিলে এটা মেইলে..

সকলো জিলাৰ ডি পি এম আৰু ডি চি এমলৈ এটা মেইল আহিল। এন এইচ এম, অসমৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ৰ পৰা মানৱ সম্পদ বিভাগৰ পৰা প্ৰেৰণ কৰা হৈছিল এই মেইল। hmhmassam@gmail.comৰ

author-image
Asomiya Pratidin
New Update
AP FOR WEB NEW  bikhekh lekha (19)

মৃদুল কুমাৰ সন্দিকৈ

সকলো জিলাৰ ডি পি এম আৰু ডি চি এমলৈ এটা মেইল আহিল। এন এইচ এম, অসমৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ৰ পৰা মানৱ সম্পদ বিভাগৰ পৰা প্ৰেৰণ কৰা হৈছিল এই মেইল। hmhmassam@gmail.comৰ পৰা ২৯নৱেম্বৰ, ২০২৫ৰ আবেলি ৫.৩৫বজাত প্ৰেৰণ কৰা এই মেইলটোৰ বিষয় আছিল এন এইচ এমত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ ২১অক্টোবৰ, ২০২৫ৰ পৰা ২০নৱেম্বৰ, ২০২৫লৈ প্ৰস্তুত কৰিব লগা মাহিলী পাৰিতোষিক বিষয়ক। 

এই বিশেষ মেইলটোত উল্লেখ কৰা হৈছিল যে, প্ৰতিপক্ষ নিৰ্দেশনা অনুসৰি আপোনালোকক এই নিৰ্দেশ দিয়া হ’ল যে, উক্ত সময়চোৱাৰ বাবে এন এইচ এমৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ মাহিলী পাৰিতোষিক প্ৰস্তুত কৰোতে তলত উল্লেখ কৰা ধৰণে তেওঁলোকৰ দৰমহা কৰ্তন কৰিব।

ই-মেইলটোত দিয়া নিৰ্দেশ অনুসৰি, চাৰ্ভিছ ডেলিভাৰী ষ্ট্ৰাফ(ডাক্তৰ), চি এই অ এছ, নাৰ্চ, প্ৰেয়াৰ মেডিকেল আৰু অন্যান্য ডেলিভাৰী ষ্ট্ৰাফৰ তিনিদিনৰ সম্পূৰ্ণ দৰমহা কৰ্তন কৰিব লাগিব। আনহাতে নন টেকনিকেল এমপ্লয়ী (প্ৰগেম মেনেজমেন্ট ষ্ট্ৰাফ)ৰ ৭ দিনৰ দৰমহা কৰ্তন কৰিহে দৰমহাৰ বিল বনাব।

মেইলটো পোৱাৰ পাছতে ৰাজ্যত কৰ্মৰত প্ৰায় ২৬হাজাৰ এন এইচ এমৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ মাজত হাঁহাকাৰ লাগিল। অৱশ্যে মেইলটোত উল্লেখ কৰা হৈছে যে, এই নিৰ্দেশনা যিসকল কৰ্মচাৰীয়ে কোনো আন্দোলনত অংশ লোৱা নাছিল আৰু যিসকলে ছুটীত আছিল, তেওঁলোকৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য নহয়।
এই বিলসমূহ সংশ্লিষ্ট জিলাসমূহে ১ডিচেম্বৰ, ২০২৫ৰ ভিতৰত বাধ্যতামূলকভাৱে জমা দিব লাগিব। যদি উৰ্ধতন কৰ্তৃপক্ষৰ পৰা পৰৱৰ্তী সময়ত আন কিবা নিৰ্দেশনা আহে, তেনে জনোৱা হ’ব। এইচ আৰ ডি, এম এইম এম আসাম,  শইকীয়া কৰ্মাচিয়ে কমপ্লেক্স, শ্ৰীনগৰ পথ, খ্ৰীষ্টানবস্তি, গুৱাহাটী-৫ৰ পৰা কৰা হৈছিল এই মেইলটো।

এন এইচ এমৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে তেওঁলোকৰ কিছু প্ৰাপ্য বিচাৰি এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। ২৯অক্টোবৰ, ২০২৫ত তেওঁলোকৰ দাবী পূৰণৰ বাবে চচলত এক ধৰ্ণা কাৰ্যসূচী হাতত লৈছিল। তাৰ পাছত পৰ্যায়ক্ৰমে তেওঁলোকে কাম কৰিলেও ১২নৱেম্বৰ, ২০২৫ৰ লৈকে এই প্ৰতিবাদী কাৰ্যসূচী ভিন্ন ধৰণে অব্যাহত ৰাখিছিল। 

৩, ৪, ৫ নৱেম্বৰত জিলা পৰ্যায়ত এন এইচ এমৰ কৰ্মচাৰীসকলে এই প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰিছিল। জৰুৰীকালীন সেৱা যাতে বিঘ্নিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তব্য সম্পাদন কৰিছিল যদিও ৰিৰ্পটিং কৰা নাছিল। 

উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ বিষয়ে উৰ্ধতন কৰ্তৃপক্ষ, স্বাস্থ্য মন্ত্ৰী সকলোকে আগতীয়াকৈ অৱগতও কৰিছিল। আনকি তেজপুৰত প্ৰতিবাদী কাৰ্যসূচীৰ পূৰ্বে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কনফাৰেন্স হলত স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ সৈতে আলোচনাত মিলিত হৈছিল। 

তেতিয়া ৰাজ্য চৰকাৰ মেগা হেলথ কেম্পবোৰ চলি আছিল। ইতিমধ্যে ১১৫টা কেম্প সম্পূৰ্ণ হৈ গৈছিল। সেয়েহে বাকী কেম্পবোৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনাইছিল। স্বাস্থ্যমন্ত্ৰী সিংহালে তেওঁলোকৰ সমস্যাবোৰৰ কোনো সমাধান দিব পৰাকৈ প্ৰতিশ্ৰুতি দিব পৰা নাছিল।

সেয়েহে প্ৰশাসনৰ অনুমতি সাপেক্ষে গণতান্ত্ৰিকভাৱে এন এইচ এমৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে এই প্ৰতিবাদী কাৰ্যসূচী হাতত ল’ব লগা হৈছিল। ২০০৫চনৰ পৰা ৰাজ্যত আৰম্ভ হৈছিল ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন। দীৰ্ঘদিন ধৰি কৰ্মৰত ডাক্তৰ, নাৰ্চ, টেকনিকেল ষ্টাফ আৰু মেনেজেৰিয়েল ষ্টাফৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে আন স্থায়ী কৰ্মচাৰীৰ দৰেই কাম কৰিব লাগে। 

কিন্তু তেওঁলোকে স্থায়ী কৰ্মচাৰীৰ তুলনাত ৪০ৰ পৰা ৪৫শতাংশ দৰমহা কমকৈ পায়। সেয়েহে তেওঁলোকৰ দাবী আছিল যে, স্বাস্থ্য বিভাগৰ আন কৰ্মচাৰীসকলৰ সমহাৰত তেওঁলোকক দৰমহা দিব লাগে। ই এছ আই, ই পি এফ আদি সুবিধা প্ৰদান কৰিব লাগে। 

ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক – নীতিৰে দৰমহা দিয়া, গ্ৰেছুইটিৰ ব্যৱস্থা কৰা, আৰ্ন লিভৰ ক্ষেত্ৰত থকা বিত্তীয় জটিলতা দূৰ কৰা আদি দাবীৰে আছিল এই আন্দোলন।  তেওঁলোকৰ আন্দোলন চলি থকাৰ মাজতে ১১নৱেম্বৰ, ২০২৫ত মুখ্যমন্ত্ৰীয়ে নগাঁৱত ইংগিত দিছিল যে, আন্দোলন চলি থাকিলে আলোচনা সম্ভৱ নহয়। 

তেওঁৰ মন্তব্যৰ অৰ্থ আছিল আলোচনাৰ বাবে আন্দোলন বন্ধ হ’ব লাগিব। সেই কথা উপলদ্ধি কৰিয়েই ১২নৱেম্বৰ, ২০২৫ত এন এইচ এমৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে আন্দোলন প্ৰত্যাহাৰ কৰিছিল। তাৰ পাছত আশা কৰিছিল মুখ্যমন্ত্ৰীয়ে তেওঁলোকক আলোচনাৰ বাবে মাতিব, তেওঁলোকৰ সমস্যাবোৰৰ কথা শুনিব। 

ৰাজ্যত প্ৰায় ২৬হাজাৰ এন এইচ এমৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ নিযুক্তিৰ বাবে পদ আছে। বৰ্তমান এই পদসমূহত ১৯,৮৪৫গৰাকীয়ে কাম কৰি আছে। সুদীৰ্ঘ ১৮/২০বছৰ কাম কৰি আছে যদিও, তেওঁলোকৰ ভৱিষ্যতৰ কোনো নিশ্চয়তা নাই।ইয়াৰ ভিতৰত ২৬০০ প্ৰগেম মেনেজেৰিল ষ্টাফ আছে।

মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা তেনে কোনো ভাল খবৰ নাহিল। আহিল এটা দুঃখবৰহে। তেওঁলোকৰ দাবী পূৰণ কৰাৰ বাবে উদ্যোগ লোৱাৰ সলনি আন্দোলনত অংশ লোৱা ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰিবলৈ নিৰ্দেশ দিয়া ই-মেইলহে ২৯নৱেম্বৰ,২০২৫ত জিলাই জিলাই আহিল।

হাঁহাকাৰ অৱস্থা হৈছে কৰ্মচাৰীসকলৰ মাজত। টেকনিকেল ষ্টাফসমূহৰ ৩দিন আৰু নন-টেকনিকেল ষ্টাফৰ ৭দিনৰ দৰমহা কাটিবলৈ নিৰ্দেশ জাৰি কৰিলে ই-মেইলযোগে। কোনো বিষয়াৰ স্বাক্ষৰ অবিহনে হেলথ মিছনৰ মানৱ সম্পদ বিভাগৰ পৰা দিয়া হ’ল এই খবৰ। 

ক্ষোভিত এম এইচ এমত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ মতে, মুখ্যমন্ত্ৰীয়ে তেওঁলোকক ঠগিলে। আলোচনাত মাতিম বুলি ইংগিত দি আন্দোলন বন্ধ কৰি দৰমহাহে কাটিলে। তেওঁলোকৰ প্ৰশ্ন- গণতান্ত্ৰিকভাৱে তেওঁলোকৰ আন্দোলন কৰাৰ অধিকাৰ নাই নেকি? যদি আছে, তেনে কিয় এই আচৰণ দিছপুৰৰ। 

আন বিভাগৰ বিষয়া-কৰ্মচাৰীয়েও আন্দোলন কৰে বিভিন্ন দাবীত। তেওঁলোকৰতো দৰমহা নাকাটে আন্দোলন কৰাৰ বাবে। কিয় চৰকাৰে এন এইচ এম ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এই অন্যায় কৰিছে? গণতান্ত্ৰিক আন্দোলন কৰাৰ বাবে দৰমহা কাটিছে...

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী