আমিনো নেতানে, নচলা দুটকা...

প্ৰভাৱ নাথাকিলে কিহৰ নেতা?  ৰাইজৰ মাজত থাকিবলৈ সুযোগ নাপালে ৰাইজেও পাহৰে তেনে নেতাক। উদাহৰণ বহু আছে। বৰ বেছি দিনৰ আগৰ কথা নহয়। সৌ সিদিনা তেওঁলোকে পিন্ধিছিল গেৰুৱা বসন।

author-image
Asomiya Pratidin
New Update
6960d5f2-f3ed-4c9d-9376-178f1d8c7d13 (1)

মৃদুল কুমাৰ সন্দিকৈ

প্ৰভাৱ নাথাকিলে কিহৰ নেতা?  ৰাইজৰ মাজত থাকিবলৈ সুযোগ নাপালে ৰাইজেও পাহৰে তেনে নেতাক। উদাহৰণ বহু আছে। বৰ বেছি দিনৰ আগৰ কথা নহয়। সৌ সিদিনা তেওঁলোকে পিন্ধিছিল গেৰুৱা বসন। ৰাতিৰ ভিতৰতে সলনি হৈছিল পুৰণি ঠিকনা। ৰাজীৱ ভৱনৰ ঠিকনা এৰি বাজপেয়ী ভৱনক কৰি লৈছিল আপোন।

শাসনত থকা বিজেপিত যোগদান কৰি ধন্য হৈছিল। ৰাজনৈতিক কেৰিয়াৰ ধন-ক্ষমতাই নদন-বদন হৈ পৰিব বুলি আশা কৰিছিল। সেই আশা চোন আশা হৈয়ে ৰ’ল। ৰাইজক পৰিৱৰ্তনৰ ইংগিত দি নিজেই পাহৰঁণিৰ গৰ্ভত হেৰাই থাকিল। ২০২৪চনৰ ২৯ফেব্ৰুৱাৰী। বাতৰি কাকতত সেই দিনটোৰ অন্যতম খবৰ হৈছিল- ৰাণা গোস্বামী।

কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত থকা ৰাণা গোস্বামীয়ে দলটোৰ নেতৃত্বলৈ এটা শাৰীত পদত্যগ পত্ৰ প্ৰেৰণ কৰিছিল। তেওঁ লিখিছিল-  "I beg to state that I am tendering my resignation as the working President of Assam Pradesh Congress Committee and as an active member of Indian National Congress."

তাৰ পাছত বাজপেয়ী ভৱনত আয়োজন কৰা যোগদান অনুষ্ঠানত অংশ লৈ বিজেপিত যোগ দিছিল গোস্বামীয়ে। এই ক্ষণৰ সাক্ষী হৈছিল মুখ্যমন্ত্ৰী আৰু দলটোৰ তেতিয়াৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা। প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাণা গোস্বামীয়ে যুক্তি দিছিল কিহৰ বাবে তেওঁ কংগ্ৰেছ এৰি বিজেপিত যোগ দিলে। 

তাৎক্ষণিকভাৱে বিজেপিয়ে তেওঁক বিষয়বাবো দিছিল। তাৰ পাছত সময় বাগৰিল। ৰাণা গোস্বামী বিজেপিত এক প্ৰকাৰৰ এলাগী হৈ ৰ’ল। নিৰ্বাচন খেলিবলৈ টিকট বিচাৰি অনিশ্চয়তাৰ মাজত ৰাজনৈতিক কেৰিয়াৰ কোনোমতে আগবঢ়াই নিছে। নাই কোনো দলত প্ৰভাৱ। নাই কোনো তেওঁক লৈ চৰ্চা। 

কংগ্ৰেছত থাকোতে অন্যতম থিংক টেংক ৰূপত থকা গোস্বামী এতিয়া বিজেপিৰ গন্তিত অহা নেতা বুলি গণ্য কৰা নহয়। কংগ্ৰেছৰ পৰাই বিজেপিলৈ জাপ দিছিল মানস বৰাই। কংগ্ৰেছৰ অন্যতম শক্তিশালী যুৱ নেতা আছিল মানস বৰা। পিতৃও আছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী।

অকণ বৰাৰ পুত্ৰ মানস বৰাই ৩০মাৰ্চ, ২০২৪ত বিজেপিত যোগদান কৰিছিল। সেই অনুষ্ঠানত উপস্থিত আছিল পৱিত্ৰ মাৰ্ঘেৰিটা, ভৱেশ কলিতা, চন্দ্ৰমোহন পাটোৱাৰী আদি। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা মানস বৰাই ভাৱিছিল, গুৱাহাটীৰ কোনোবা এটা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব।সেই সপোন পূৰণ নহ’ল বৰাৰ। কেতিয়াবা যে তেনে ৰাজনৈতিক সপোন ফলিয়াব, তাৰো কোনো নিশ্চয়তা নাই। বিজেপিত এতিয়া মানস বৰা দলটোৰ অ বি চি মৰ্চাৰ উপ-সভাপতি। 

বিস্মিতা গগৈ। খুমটাইৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত এবাৰ জয়ী হৈ অহা এগৰাকী কংগ্ৰেছী নেত্ৰী আছিল। প্ৰাক্তন বিত্তমন্ত্ৰী জীৱকান্ত গগৈৰ বোৱাৰী, তেওঁৰ আন এক পৰিচয়। তৰুণ গগৈয়ে তেওঁক তৃতীয়টো কাৰ্যকালত সাংস্কৃতিক মন্ত্ৰীও পাতিছিল। ৰাজনীতিত ক্ষমতা আহে আৰু যায়। ক্ষমতাহীন হ’ল কংগ্ৰেছ। বিস্মিতা গগৈয়েও ল’লে সেই সুযোগ।

কংগ্ৰেছে তেওঁক সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকাও কৰিছিল। ২৮জানুৱাৰী, ২০২৪ত তেওঁ মোট সলালে। হাত এৰি পদুম তুলি ল’লে হাতত। বিজেপিত যোগদান কৰিয়ে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হ’ল। কৈছিল সেইদিনা- কংগ্ৰেছত হেনো নাৰী একেবাৰে সুৰক্ষিত নহয়।

বিজেপিলৈ আহিল যদিও সুৰক্ষিত নহ’ল ৰাজনৈতিক জীৱন। টিকট বিচাৰি বিমুখ হ’ল। এতিয়াতো তেওঁ ৰাজনৈতিক জীৱনৰ পৰিধিও সংকুচিত হৈ পৰিল। একালৰ বৃন্দাবন, একালত পৰে চন’ৰ দৰে দশা এইগৰাকী নেত্ৰীৰ। দলীয় পদবী দি থলেও সেয়া যেন এক সন্তুষ্টি লভিবলৈ দিয়া এক লজেঞ্চ গুটিহে। 

অংকিতা দত্তৰ পিতৃ আছিল অঞ্জন দত্ত। কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা আৰু প্ৰাক্তন মন্ত্ৰী। দলটোক নেতৃত্বও দিছিল অসমত। পিতৃৰ পথেৰেই গৈ কংগ্ৰেছৰ কৰ্মকতা হৈছিল অংকিতা। যুৱ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লৈছিল। সেই অংকিতাই কংগ্ৰেছ এৰি যোগ দিছিল বিজেপিত। ২০২৪ৰ ২৮জানুৱাৰীত গেৰুৱা বসন পিন্ধিছিল তেওঁ।

এতিয়া অংকিতা দত্তৰ কংগ্ৰেছত থকাৰ দৰে প্ৰভাৱ বিজেপিত নাই। দুই এটা টক শ্ব’ত তেওঁক দেখা পোৱা যায়। ২০২৬ৰ নিৰ্বাচনত শিৱসাগৰৰ পৰা টিকট বিচাৰিছে যদিও পোৱাৰ সম্ভাৱনা যে নাই সেয়া তেওঁ বুজে বা জানে। কোনো মতে দলে তেওঁক সংস্থাপন কৰি ৰাখিছে। তাৰ বাদে তেওঁ এতিয়া ৰাজনীতিৰ ক্ষেত্ৰখনত ক্লান্ত এক ঘোৰাঁ। 

লোকসভা নিৰ্বাচনৰ সময়ত গুৱাহাটী লোকসভাৰ সমষ্টিৰ পৰা টিকট বিচাৰিছিল প্ৰাক্তন কংগ্ৰেছ সাংসদ দ্বীজেন বৰাই। দলে তেওঁক টিকটৰ পৰা বঞ্চিত কৰিলে। খঙতে তেওঁ দল এৰিলে। যোগ দিলে বিজেপিত। পিছে এই ৰাজনৈতিক ঠিকনা পৰিৱৰ্তনে তেওঁৰ ৰাজনৈতিক জীৱনক বিশেষ গতি দিব নোৱাৰিলে।

কংগ্ৰেছৰ নগাঁও জিলাৰ এজন শক্তিশালী নেতা আছিল সুৰেশ বৰা। নগাঁও জিলা কংগ্ৰেছৰ সভাপতি । ১১নৱেম্বৰ, ২০২৩ত কংগ্ৰেছ এৰি তেওঁ গুছি গৈছিল বিজেপিলৈ। দলে ২০২৪ত লোকসভা নিৰ্বাচনত তেওঁক নগাঁৱত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। জিকিব নোৱাৰিলে সেই নিৰ্বাচনী ৰণ। তাৰপাছত ২০২৬লৈ লক্ষ্য কৰি কুছকাৱাজ চলাই এতিয়া সমষ্টিয়েই বিচাৰি পোৱা নাই এইগৰাকী প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ বিজেপি নেতাই। বহুতে কয়, ইয়াতেই শেষ সুৰেশ বৰাৰ ৰাজনৈতিক দৌৰ। 

২০১৭ৰ ৭এপ্ৰিল। ধেমাজি বিধানসভাৰ উপ নিৰ্বাচনৰ বাবে মাজত মাথোঁ দুটা দিন। এই দিনটোতে লখিমপুৰ আৱৰ্ত ভৱনত ঘটিছিল এক ৰাজনৈতিক অঘটন। তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতিত ধেমাজিৰ এগৰাকী শক্তিশালী কংগ্ৰেছ নেত্ৰীয়ে বিজেপিত যোগদান কৰিছিল।

সুমিত্ৰা পাটিৰ আছিল তেওঁৰ নাম। দুবাৰকৈ ধেমাজি সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত জয়ী হৈ আহিছিল। তৰুণ গগৈয়ে তেওঁক সমাজ কল্যাণ মন্ত্ৰীও পাতিছিল। দলৰ প্ৰতি কোনো অনুকম্পা নাছিল সুমিত্ৰা পাটিৰৰ। বিজেপিত যোগদান কৰিও উদ্ধাৰ কৰিব নোৱাৰিলে নিজৰ ৰাজনৈতিক জীৱন। হেৰাই গ’ল এইগৰাকী নেত্ৰী সময়ৰ সোঁতত।

ৰিপুণ বৰা তেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল। সুমিত্ৰা পাটিৰ বিজেপি গমনক লৈ বৰাই সেই সময়ত মন্তব্য কৰিছিল যে, এ পি চি চি কেলেংকাৰীত নাম সাঙুৰ খোৱাৰ বাবে নিজক বচাবলৈ বিজেপিত যোগদান কৰিলে সুমিত্ৰা পাটিৰে। তাৰ পাছত কেইবাটাও নিৰ্বাচন হ’ল। সেই সময়তো পৰিলক্ষিত নহ’ল সুমিত্ৰা নামৰ এইগৰাকী নেত্ৰীৰ ৰাজনৈতিক সক্ৰিয়তা।

কংগ্ৰেছৰ দীৰ্ঘ সময়ৰ নেতা আছিল কিশোৰ ভট্টাচাৰ্য। দলৰ হৈ বহু সময় যুক্তি-তৰ্কত অৱতীৰ্ণ হৈছিল। দলৰ পৰা তেওঁ বৰ বিশেষ গুৰুত্ব পোৱা নাছিল। অথচ এখন চিনাকি মুখ আছিল তেওঁ। হয়তো সেই অৱজ্ঞাই তেওঁক সিদ্ধান্ত ল’বলৈ বাধ্য কৰাইছিল।  ২০২৪ৰ ৩১মাৰ্চত বিজেপিত যোগদান কৰিছিল কিশোৰ ভট্টাচাৰ্যই।

তেওঁৰো এই পৰিৱৰ্তনকামী ৰাজনৈতিক যাত্ৰাই কোনো ভাল খবৰ নানিলে।  আগতে কংগ্ৰেছৰ মুখপাত্ৰ আছিল, এতিয়া বিজেপিৰ মুখপাত্ৰ তেওঁ। অৱশ্যে তেওঁ কংগ্ৰেছ এৰাৰ সময়ত আন তথাকথিত নেতাসকলৰ দৰে দলটোৰ বদনাম গোৱা নাছিল। প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ মাথোঁ কৈছিল- যিটো দলত দীৰ্ঘ সময় সেৱা আগবঢ়ালো, সেই দলটোৰ বিৰুদ্ধে মই একো নকওঁ।

২০২১ৰ ৩১জুলাইত জুৰি শৰ্মা বৰদলৈয়ে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল। কংগ্ৰেছৰ এগৰাকী শক্তিশালী নেত্ৰী আছিল জুৰি শৰ্মা বৰদলৈ। বহু ক্ষোভ লৈ তেওঁ আশা বান্ধি বিজেপিলৈ গৈছিল। এতিয়াও তেওঁ সেই ৰাজনৈতিক আশাতেই বন্দী হৈ আছে।

প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ পুত্ৰ অনুজ বৰকটকী। চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি আছিল তেওঁ। তেওঁলোকৰ তেজত কংগ্ৰেছ প্ৰৱাহিত হৈছিল। সেই অনুজ বৰকটকীয়ে ২০২৪ৰ ৩০মাৰ্চত কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল। ভাৱিছিল শাসনত থকা দলটোত যোগদানে তেওঁৰ ৰাজনৈতিক জীৱনক সমৃদ্ধ কৰিব। সেই উত্থান জানো কোনোবাই দেখা পাইছে অনুজ বৰকটকীৰ ক্ষেত্ৰত? 

এয়াই ৰাজনীতি। কেতিয়াবা স্থান এৰিলে হেৰাই মান। বহু সপোন দেখিলেও বাস্তৱত পৰিণত নহয়। তাৰ উদাহৰণ এইসকল ৰাজনৈতিক নেতা। এতিয়া তেওঁলোক যেন নেতা হৈও নেতা নহয়। দল সলনি কৰি ৰক্ষা বা সমৃদ্ধ কৰিব নোৱাৰিলে নিজৰ কেৰিয়াৰ। সেয়েহে তেওঁলোকৰ বহুতে এতিয়া আক্ষেপেৰে কয়- আমিনো এতিয়া নেতানে, নচলা দুটকা! ...

নিৰ্বাচন