দশা ভাল চলা নাই...

দেশৰ ৰাজনীতিত আঞ্চলিকতাবাদী শক্তিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ৰাষ্ট্ৰীয় দলবোৰৰ বিপৰীতে এই আঞ্চলিক ৰাজনৈতিক দলবোৰৰ প্ৰতি বিভিন্ন সময়ত মানুহৰ আস্থা আৰু গুৰুত্ব দেখিবলৈ পোৱা যায়। সেয়েহে এই আঞ্চলিক ৰাজনৈতিক শক্তিবোৰক ৰাজনৈতিক

author-image
Asomiya Pratidin
New Update
AP FOR WEB NEW  bikhekh lekha jtj

মৃদুল কুমাৰ সন্দিকৈ

দেশৰ ৰাজনীতিত আঞ্চলিকতাবাদী শক্তিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ৰাষ্ট্ৰীয় দলবোৰৰ বিপৰীতে এই আঞ্চলিক ৰাজনৈতিক দলবোৰৰ প্ৰতি বিভিন্ন সময়ত মানুহৰ আস্থা আৰু গুৰুত্ব দেখিবলৈ পোৱা যায়। সেয়েহে এই আঞ্চলিক ৰাজনৈতিক শক্তিবোৰক ৰাজনৈতিক পপাগেণ্ডাৰে নিজৰ কজ্বাত ৰাখিবলৈ ৰাষ্ট্ৰীয় দলবোৰে চেষ্টা কৰে। কেৱল সেয়াই নহয়, সুযোগ পালেই এই ৰাজনৈতিক আঞ্চলিক দলবোৰক ৰাষ্ট্ৰীয় দলবোৰে অতি কৌশলেৰে তেওঁলোকৰ প্ৰাসংগিকতা নুই কৰিবৰ বাবে চেষ্টা চলায়। 

অসমতো অসম গণ পৰিষদৰ দশা বিজেপিৰ কজ্বাত পৰি একেই হোৱাৰ দিশে আগবাঢ়িছে। ৰাজ্যখনত বিভিন্ন জাতি-জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰৰ হকে মাত মতা শক্তিসমূহক বিজেপিয়ে গ্ৰাস কৰাতো নতুন কথা নহয়। 

বি টি এ ডিত প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলক ৰঙা দলিচা পাৰি যি বিজেপিয়ে আকোৱালি লৈছিল, সেই একেই বিজেপিয়ে ২০২৫ৰ বি টি চি নিৰ্বাচনৰ পাছত বি পি এফক আকোৱালি লৈ ইউ পি পি এলক দূৰলৈ ঠেলি দিলে।

মিচিং স্বায়ত্ত শাসিত পৰিষদতো একেই ধৰণৰ কুছকাৱাজ বিজেপিয়ে অতি কৌশেলেৰে কৰি তেওঁলোকৰ আঞ্চলিক ৰাজনৈতিক সত্বাক বিজেপিৰ সৈতে বিলীন কৰি দিলে। কাৰ্বি, ৰাভা আদি জনগোষ্ঠীৰ সকলৰ ক্ষেত্ৰতো সেই একেই নীতি আৰু ৰাজনৈতিক চক্ৰান্ত দেখিবলৈ পোৱা যায়।

উত্তৰ পূৰ্বাঞ্চলত আঞ্চলিক ৰাজনৈতিক দলৰ পিঠিত উঠি বিজেপিয়ে এই অগ্ৰাসন অব্যাহত ৰাখিছে। এজন বিধায়কক জয়ী কৰাইও মন্ত্ৰীসভাত স্থান দি এই ৰাষ্ট্ৰীয় দলটোৱে ৰাষ্ট্ৰীয়তাবাদক এনেদৰে প্ৰক্ষেপ কৰে যে,  আঞ্চলিক শক্তি মানেই এই ৰাষ্ট্ৰীয়তাবাদী দলটোৰ জেপৰ সোমাই থকা এক ৰাজনৈতিক সমীকৰণ বুলি প্ৰতিপন্ন কৰিব খোজে।

তেনে চিন্তাধাৰাৰে প্ৰতিফলন ঘটিছিল বিজেপিৰ পৃষ্ঠপোষকতাত গঠিত হোৱাৰ নেডাৰ ক্ষেত্ৰত।এই সকলো সমীকৰণক ওলট-পালট কৰি ৪নৱেম্বৰ, ২০২৫ত দিল্লীৰ কনষ্টিটিউচন ক্লাবত ‘ৱান নৰ্থ ইষ্ট’ শীৰ্ষক যি ৰাজনৈতিক ধাৰণা সৃষ্টি কৰা হ’ল, সেই ধাৰণাই উত্তৰ-পূবৰ ৰাজনীতিত ৰাষ্ট্ৰীয়তাবাদৰ সন্মুখত এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। 

এক সংবাদমেলযোগে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, ত্ৰিপুৰাৰ নেতা প্ৰদ্যুত বিক্ৰম মাণিক্য, বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ এম কিকনৰ এই ৰাজনৈতিক ভূমিকা অতি গুৰুত্বপূৰ্ণ। ই এক ঐতিহাসিক সিদ্ধান্ত আৰু বিভিন্ন সময়ত উত্তৰ-পূবৰ বহুধা বিভক্ত ৰাজনৈতিক শক্তিক একত্ৰ কৰাৰ এক উল্লেখযোগ্য পদক্ষেপ।

সচাঁ অৰ্থত যদি এই ঐক্যৱদ্ধ আৰু শক্তিশালী খিলঞ্জীয়া ৰাজনীতিক তুলি ধৰা হয়, সেয়া হ’ব উত্তৰ-পূবৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম অধ্যায়। অৱশ্যে এই ৰাজনৈতিক মঞ্চত উত্তৰ-পূবৰ সকলো ৰাজনৈতিক দল একত্ৰিত হ’ব পৰাকৈ কি ৰূপৰেখা আৰু নীতি তৈয়াৰ কৰা হয়, সেয়াও লক্ষ্যণীয় হ’ব।

এটা কথা চৰ্চা হৈ আছে যে, নেডাক সন্মুখৰ পৰা নেতৃত্ব দিয়াত হিমন্ত বিশ্ব শৰ্মা বিফল হৈছে। মণিপুৰৰ জলন্ত পৰিৱেশ, নাগালেণ্ডৰ ৰাজনৈতিক শেহতীয়া সমীকৰণ, ত্ৰিপুৰাত আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰভাৱ, অসমৰ অগপৰ সৈতে বিজেপিৰ মতানৈক্য প্ৰেক্ষাপট এই সকলোবোৰে হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত যি প্ৰত্যাহ্বান থিয় কৰাইছে, সেয়া আগন্তুক সময়ৰ বাবে শুভকাৰক নহয়।

জুবিনৰ মৃত্যুৰ পাছত অসমত ৰাজনৈতিক সমীকৰণৰ বহু নেৰেটিভ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ সম্পৰ্কীয় পাকিস্তান কেন্দ্ৰিক কথা-বতৰাবোৰ যি ধৰণে উত্থাপন কৰিছিল, সেইবোৰৰ সত্যতা প্ৰতিষ্ঠা কৰাত তেওঁ বিফল হ’ল। 

সংবাদ মাধ্যমৰ সন্মুখত সেই কথাবোৰক লৈ তেওঁ ভাষ্য প্ৰদান কৰিলেও নিৰ্ধাৰিত দিন দি তাক সত্যৰ ওপৰত প্ৰতিষ্ঠা কৰিব নোৱাৰাতো তেওঁৰ ৰাজনৈতিক জীৱনৰ অন্যতম এক আঘাত হিচাপে আহি থকা সময়ত ধৰা দিব। 

একেদৰে, জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত বিভিন্ন সময়ত তেওঁ কৰা মন্তব্যবোৰ স্ববিৰোধ হোৱাতো মানুহে লক্ষ্য কৰি আছে। যিজন হিমন্ত বিশ্ব শৰ্মাই সাধাৰণ প্ৰেছ ক্লাৱৰ নিৰ্বাচনত কোনোবাই ফটকা ফুটালেও তেওঁৰ তাত ফটো আৰু খবৰ আহি যায় বুলি ক’ব পাৰে, সেইজন হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ সমাধিস্থলীৰ কাষত কাৰ মাটি আছে মই কেনেকৈ জানিম বুলি কোৱা মন্তব্য মুখ্যমন্ত্ৰীৰ বাবে আটাইতকৈ ডাঙৰ অভিশাপ হ’ব।

একেদৰে বিজেপিয়ে ৰাজ্যৰ ভিন্ন জিলাত জুবিন গাৰ্গক ন্যায় প্ৰদানৰ বাবে আৰম্ভ কৰা ন্যায় যাত্ৰা হঠাতে থমকি ৰ’ব লগা হোৱাতো ড০ শৰ্মাৰ আন এক অপৈণত ৰাজনৈতিক সিদ্ধান্তৰ প্ৰতিফলন বুলিব পাৰি। 

বিহাৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে অসমৰ ৰাজনীতিত ব্যাপক প্ৰভাৱ পেলাব। যদিও ৰাজ্যখনত বিৰোধী ৰাজনৈতিক শক্তিৰ প্ৰভাৱ ভৱা ধৰণে বৃদ্ধি হোৱা নাই। জুবিন কেন্দ্ৰিক মুখ্যমন্ত্ৰীৰ চিন্তা-চেতনাই ২০২৬ত অসমৰ ৰাজনীতিত ভাৱিব নোৱাৰা এক সিদ্ধান্ত যুৱ প্ৰজন্মৰ ভোটাৰে লৈ পেলাব পাৰে।

কেৱল মহিলা হিতাধিকাৰী সৃষ্টি কৰি অৰুণোদয় বা আন আচঁনিৰ জৰিয়তে এই নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ বিজেপিয়ে পৰিকল্পনা কৰিবলৈ জুবিন কেন্দ্ৰিক আৱেগ আৰু ইয়াক লৈ ঘণীভূত হোৱা বাতা বৰণে অস্বস্তিত পেলাইছে ড০ হিমন্ত বিশ্ব শৰ্মাক।

তাৰ মাজতেই উত্তৰ-পূবৰ আঞ্চলিক ৰাজনৈতিক দলবোৰ একত্ৰিত হোৱা, নেডাৰ নেতৃত্ব সলনি কৰা, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৰল মন্তব্য আৰু সিদ্ধান্ত আদিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বক অসমত চৰকাৰক নেতৃত্ব দিব পৰা নতুন মুখৰ সন্ধান কৰিবলৈ বাধ্য কৰিব পাৰে। 

মুখ্যমন্ত্ৰী শৰ্মাৰ দৈহিক ভাষাত তেওঁ যে যোৱা কিছুদিনৰ ঘটনা-প্ৰৱাহক লৈ অতিপাত চিন্তিত আৰু সেই কথা ধৰা নপৰিবলৈ হকে-বিহকে মন্তব্য কৰি মুখ্যমন্ত্ৰীৰ মৰ্যদা লাঘৱ কৰা কথাতো অসমৰ ৰাইজে ইতিমধ্যে ধৰা পেলাইছে। অধিক চালাকি, গলাই ফাঁচীৰ দৰে হৈছে মুখ্যমন্ত্ৰীৰ বাবে। 

তেওঁৰ সেই উচ্চ বাচ্যত নাই কোনো আত্মবিশ্বাস, নাই কোনো সঠিক ৰাজনৈতিক দিক নিদেৰ্শনা। শেহতীয়া এই ৰাজনৈতিক ভূমিকম্পই নিজকে অতি ক্ষমতাশালী বুলি ভৱা নেতাৰ ৰাজনৈতিক ভেটিঁ খহাঁই পেলালেও আচৰিত হ’ব লগা একো নাথাকিব। আজিৰ প্ৰেক্ষাপটত সকলো মানুহে বুজি উঠিছে যে, বিপদ ঘণীভূত বহু ক্ষমতাশালী নেতাৰ সন্মুখত।

ড০ হিমন্ত বিশ্ব শৰ্মা