/asomiyapratidin/media/media_files/2025/12/29/f09ab2b1-6af1-46ab-885c-da41e05270ab-2025-12-29-11-30-26.jpg)
মৃদুল কুমাৰ সন্দিকৈ
বছৰটো শেষ হ’বলৈ চাৰিটা দিন থাকোতে অহা খবৰটো আছিল অতি দুৰ্বিসহ, দুভাৰ্গ্যজনক, মৰ্মান্তিক আৰু হতাশাৰে ভৰা। ভাৰতৰ ‘ফৰেষ্ট মেন’ হিচাপে খ্যাত যাদৱ পায়েঙৰ দ্বাৰা সৃষ্ট মোলাই কাঠনি নামৰ অৰণ্যখনৰ পৰিৱৰ্ধিত এক অংশত দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰা এই খবৰটোৱে সকলো মানুহকে আচৰিত কৰি তুলিছিল।
মাজুলীৰ বালিচৰত যাদৱ পায়েঙে নিজে গছপুলি ৰুই, আপডাল কৰি এই অৰণ্যখন সৃষ্টি কৰিছিল। এতিয়া সেই অৰণ্য বণ্যপ্ৰাণীৰ বাসস্থল আৰু সমগ্ৰ বিশ্বৰ বাবে পাৰিপাশ্বিকতাৰ দৃষ্টিৰে এক সুন্দৰ উদাহৰণ হৈ পৰিছে। তেনে এখন অৰণ্যত কোনো দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰাৰ কাৰণ কি থাকিব পাৰে বা কিহৰ বাবে এই কাণ্ড সংঘটিত কৰিলে সেই প্ৰশ্নই নিশ্চয় সকলোকে জোঁকাৰি গৈছে।
জানিব পৰা মতে, মোলাই কাঠনিৰ সমীপতে এটা এৰাসূঁতি পাৰ হৈ আন এক স্থানত আন এখন অৰণ্য গঢ়ি তুলিবলৈ যোৱা ৩টা বছৰে যাদৱ পায়েং আৰু তেওঁৰ কন্যা মুনমুনি পায়েঙৰ উদ্যোগত কাম কৰি থকা হৈছে। ২০২১চনৰ পৰা সেই বালিচৰত গছপুলি ৰোপন, পুলি উৎপাদন আদি কাম চলি আছে।
থলুৱা গছৰ লগতে উক্ত স্থানত প্ৰায় ৭০জন লোকে দৈনিক নাৰ্ছাৰীত সাজু কৰা আৰু বন্যপ্ৰাণীৰ খাদ্য হ’ব পৰা গছ-বন সেই স্থানত ৰোপন কৰি থকা হৈছে। ২৮ডিচেম্বৰ, ২০২৫ৰ দিনৰ ১১.২৫বজাত খবৰ আহিছিল যে, নতুনকৈ তেওঁলোকে গছ-বন ৰুই থকা অৰণ্যখনত জুই লাগিছে।
সমীপতে থকা বাঘমৰা ই’ক কেম্পৰ পৰা সেই খবৰ দিয়া হৈছিল যাদৱ পায়েঙৰ পৰিয়ালক। খবৰ পায়েই ৪জন মান লোক লৈ উক্ত স্থান পাইছিলগৈ যাদৱ পায়েঙৰ কন্যা মুনমুনি। চকুৰ সন্মুখতে তেওঁলোকে দেখিছিল দপদপাই গছ-বনবোৰ জ্বলি থকা, চৰাইৰ বাহ আৰু কণীৰ লগতে আন জীৱ-জন্তুবোৰত জুঁইত দগ্ধ হোৱা।
ঝাৰু বনে কোবাই কোবাই প্ৰায় আঢ়ৈ বজাত সেই জুই প্ৰশমিত কৰিবলৈ তেওঁলোক সক্ষম হৈছিল। কোনে, কিয় এই কাণ্ড সংঘটিত কৰিলে সেই সন্দৰ্ভত যাদৱ পায়েং বা তেওঁৰ পৰিয়ালে স্পষ্টকৈ কোনো কথা নক’লেও ইয়াৰ সৈতে এক বালি মাফিয়া চক্ৰ হৈ থকাৰ অভিযোগ উঠিছে।
এই বালি মাফিয়া চক্ৰটো ইমানেই শক্তিশালী যে তেওঁলোকে কোনো বিভাগৰে বাধা নামানে। অৱশ্যে বন বিভাগৰ স্থানীয় দুই শীৰ্ষ বিষয়াই ৰহস্যজনক কাৰণত তেওঁলোকক ৰক্ষণাবেক্ষণ দি আহিছে। বালি মাফিয়া চক্ৰটোৱে ককিলামুখৰ ২নং শৈলবান্ধৰ পৰা আৰম্ভ কৰি যোৱা ৫-৬বছৰে ৮নং শৈলবান্ধৰ লৈকে ব্ৰহ্মপুত্ৰৰ বুকুত বালি খনন কৰি সেই বালি বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছে।
খবৰ অনুসৰি, গগৈ উপাধিধাৰী এজন বালি মাফিয়াৰে এই অবৈধ বালি খনন কৰে আৰু তেওঁৰ ওপৰত এজন অনা অসমীয়া পূৰ্বতে বালি খননেৰে জড়িত ব্যক্তিৰ হাত আছে। যিজন ব্যক্তি হাত গগৈ উপাধিধাৰী বালি মাফিয়াজনৰ ওপৰত আছে তেওঁ দিছপুৰৰ এজন অতি ক্ষমতাশালী লোকৰ পত্নীৰ নাম লৈও বিভিন্ন দুকাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।
তাৰ পাছতে, এই অনা অসমীয়া ব্যক্তিজনৰ নামত থকা বালি খননৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছিল। তাৰ পাছত তেওঁ প্ৰত্যক্ষ নহ’লেও পৰোক্ষভাৱে বালি খননৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। সেই বালি কঢ়িয়াবলৈ কুৱেইটত থকা বৰা উপাধিকাৰীৰ এজন ব্যক্তিৰ ১০০খন ডাম্পাৰ পুৱা ৩বজাৰ পৰাই অহা-যোৱা কৰে।
এফালে অবৈধ বালি খনন, আনফালে ডাম্পাৰৰ চলাচলৰ বাবে সৃষ্টি হোৱা প্ৰদূষিত পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি এই বালি খনন বন্ধ কৰিবলৈ যাদৱ পায়েঙে বন বিভাগৰ লোকক অনুৰোধো কৰিছিল। যি অনুৰোধ বন বিভাগে ৰক্ষা নকৰি বালি মাফিয়া চক্ৰক সহযোগহে কৰি গৈছিল।
যাদৱ পায়েঙে সেই বিষয়ে পূৰ্বতেই সংবাদমাধ্যমৰ আগত কিছু কথা কৈছিল। এই অবৈধ বালি খননৰ বিৰুদ্ধে বিভিন্ন সংবাদ মাধ্যমত ধাৰাবাহিক খবৰ প্ৰকাশ পোৱাৰ পাছত জলসম্পদ বিভাগে বাঁহ বান্ধি বালি খনন কৰা স্থান সমূহ বন্ধ কৰি দিছিল যদিও বালি মাফিয়া চক্ৰই সেইবোৰ আঁতৰাই পূৰ্ণগতিত বালি খনন প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।
হয়তো, বালি মাফিয়া চক্ৰৰ এনে প্ৰকৃতি ধ্বংস অভিযানত বাধা দিয়াৰ বাবেই কোনো অপশক্তিৰ জৰিয়তে পোতক তুলিবলৈ এই কাম কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বনাঞ্চলখনত অগ্নিসংযোগ কৰাৰ পাছত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সাৰ পায়।
যাদৱ পায়েঙৰ পৰিয়াললৈ ২৮ডিচেম্বৰ, ২০২৫ৰ নিশা প্ৰায় ৭.৩০বজাত ফোন কৰি উক্ত স্থানত বালি খনন প্ৰক্ৰিয়া বন্ধ কৰাৰ লগতে বন বিভাগে যাৱতীয় প্ৰদক্ষেপ ল’ব বুলি আশ্বাস দিয়ে। কিন্তু ইমান দিনে বন মাফিয়াৰ এই দুঃকাৰ্য বন্ধ কৰিবলৈ বাতৰি, আহ্বান জনাই থকাৰ পাছতো সেইবোৰলৈ দৃষ্টি দিবলৈ আজৰি পোৱা নাছিল বন মন্ত্ৰীগৰাকীয়ে।
অগ্নি সংযোগ কৰাৰ ফলত প্ৰায় ৫বিঘা মাটিৰ গছ, বন্যপ্ৰাণী, চৰাই-চিৰিকতি জ্বলি গৈছে। যাদৱ পায়েঙৰ কন্যাই জানিবলৈ দিয়া মতে, ৫হাজাৰৰো অধিক গছ জুইত জাঁহ গৈছে। চৰাইৰ বাহ, বাহত থকা কণী, আন আন সৰু জীৱ-জন্তু এই জুইত মৃত্যু হৈছে বুলি জানিবলৈ দিয়ে।
সমগ্ৰ ঘটনাই ৰাজ্যতে নহয় দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মানুহ কেনেকৈ অমানুহ হৈ পৰে, সেই প্ৰমাণ এই কাণ্ড সংঘটিত কৰা লোকসকলে ইতিমধ্যে দিছে। প্ৰশ্ন হয়, বন বিভাগ আৰু আন সংশ্লিষ্ট বিভাগে কিয় এই বন মাফিয়া চক্ৰৰ ওচৰত আঠু লৈছে? অৰণ্য সৃষ্টিৰ দৰে এক মহান কামত জড়িত সকলক সুৰক্ষা দিব পৰা ক্ষমতাও নাই নেকি এইখন চৰকাৰৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us