মৃদুল কুমাৰ সন্দিকৈ
কিউ পেইছা পেইছা কৰতি হ্যু/ কিউ পেইছা পে তু মৰ্তি হ্যু...- এই হিন্দী জনপ্ৰিয় গীতটো আছিল ২০০৯চনত মুক্তি পোৱা হিন্দী ছবি ‘ডে ডনাডন’ৰ। সেই গীতটোৰ দৰেই এতিয়া এচামে কৈছে- পইচা পইচা বুলি কিয় মৰিছ আৰু আন এচামে কৈছে- পইচা বা টকা নহ’লে একো নহয় আজিৰ দিনত।
এগৰাকী দায়িত্বশীল পদত থকা মহিলা ৰাজনীতিবিদৰ কিছু মন্তব্যক কেন্দ্ৰ কৰি এই বাদানুবাদৰ সূত্ৰপাত হৈছে। সামাজিক মাধ্যমত মহিলা ৰাজনীতিবিদগৰাকীয়ে কোৱা কথাক লৈ তেওঁৰ বিৰুদ্ধে বহু লোক সৰৱ হৈ উঠিছে। কিয়নো এখন জনসভাত অংশ লৈ ৰাজ্যৰ মহিলা সমাজক উদ্দেশ্যি তেখেতে কোৱা কথাতো বহুতে হজম কৰিব পৰা নাই।
নলবাৰীত নাৰী সবলীকৰণৰ এখন সজাগতা সভাত অংশ লৈ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ পদবীত থকা এইগৰাকী নেত্ৰীয়ে ক’লে-‘পতকে বিয়া নহ’বা দেই। প্ৰথমে একাউন্ট গৰম কৰি ল’বা। তাৰ পাছত, হয়নে নহয়? …আজি মোৰ বেংক বেলেন্স আছে,সেইকাৰণে মই সিদ্ধান্ত ল'ব পাৰো। মই গাড়ী এখন ল'ম বুলি ক'লে ল'ব পাৰো এতিয়াই। মোক ঘৰ এটা লাগে বুলি ক'লে মই ল'ব পাৰো।‘
তেওঁ ঠিকেই কৈছে! এতিয়া টকাইহে মানুহ চিনে। সেয়েহে স্বাৱলন্বীতা আৰু আত্মসংস্থাপন পুৰুষ-মহিলা উভয়ৰ বাবে বৰ দৰকাৰী। কেৱল তেওঁ কোৱাৰ ধৰণটো আৰু কোন উৎসৰ পৰা সেই ধন কেনেকৈ আহিব সেই পথৰ কথাহে নক’লে। এইদৰে মন্তব্য কৰা নেত্ৰীগৰাকী ব্যক্তিগত পৰিয়ালকেন্দ্ৰিক জীৱনক সাঙুৰি বহুতে বৰ কঠোৰ ভাষাৰে গালি-গালাজো কৰিছে।
ৰাজনীতিলৈ অহাৰ আগতে তেওঁ আছিল এগৰাকী অভিনেত্ৰী। সেই সময়ত তেওঁ কিমান উপাৰ্জন কৰিছিল তাৰ নিৰ্ভৰযোগ্য তথ্য নাই। কিন্তু ৰাজনীতিত প্ৰৱেশ কৰাৰ পাছত তেওঁৰ সম্পত্তিৰ পৰিমাণ ঠিকেই বৃদ্ধি পাইছে। তেওঁৰ ভাষাত তেওঁৰ একাউন্ট ৰাজনীতিয়ে গৰম কৰিছে।
২০১৫-১৬বিত্তীয় বৰ্ষত এইগৰাকী নেত্ৰীয়ে আয়কৰ বিভাগক দিয়া তথ্য অনুসৰি, তেওঁৰ উপাৰ্জন আছিল ৬লাখ ৭৮হাজাৰ, ২৪১টকা। ২০১৬-১৭বৰ্ষত সেই উপাৰ্জন বৃদ্ধি হৈ হৈছিল ৭লাখ ৬১হাজাৰ ৯২১টকা। ২০১৭-১৮ত আয়কৰ বিভাগকেই দিয়া তথ্য অনুসৰি তেওঁ বাৰ্ষিক উপাৰ্জন আছিল ১০লাখ ৩৯হাজাৰ ১৭৩টকা।
২০১৯-২০বৰ্ষত এই নেত্ৰীগৰাকীৰ বাৰ্ষিক উপাৰ্জন হয়গৈ ২৩লাখ ৭৭হাজাৰ ৫৫৫টকা। আয়ৰ উৎস কি, সেয়া সোধাৰ আমাৰ অধিক নাই। কিন্তু সম্পত্তিৰ পৰিসৰ যে তেওঁৰ বাঢ়ি গৈছে সেয়া তেওঁ নিজেই দাখিল কৰা নিৰ্বাচনী শপতনামাতে স্পষ্ট হৈ আছে।
২০১৬চনত তেওঁ ৰাজনীতিত প্ৰৱেশ কৰিছিল আকস্মিকভাৱে। কেনেদৰে ৰাজনীতিত প্ৰৱেশ ঘটিছিল সেই কথা ইতিমধ্যে বহুবাৰ তেওঁৰ সেই সময়ৰ জীৱন সংগীয়েইকৈ থৈছে। ২০১৬চনৰ নিৰ্বাচনত তেওঁৰ সম্পত্তিৰ মুঠ পৰিমাণ আছিল ৯৬লাখ, ২৫হাজাৰ, ৯৮৮টকা।
২০২১চনত তেওঁ নগাওঁ বটদ্ৰৱা সমষ্টিৰ পৰা নিৰ্বাচনত অৱৰ্তীণ হৈছিল। ২০১৬ৰ নিৰ্বাচনত এই সমষ্টিৰ পৰা ৪৬হাজাৰ ৩৪৮টা ভোট লাভ কৰি তেওঁ জয়ী হৈছিল বিজেপিৰ প্ৰাৰ্থী হিচাপে। ২০২১ত সেই ফলাফল পুণৰাবৃত্তি নহ’ল। কিয়নো ২১ৰ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই ৮৪হাজাৰ ২৭৮টা ভোট পোৱাৰ বিপৰীতে এই নেত্ৰীগৰাকীয়ে পাইছিল ৫১হাজাৰ ৪৫৮টা ভোট।
নিৰ্বাচনত হাৰিলেও ২০২১ত তেওঁ দিয়া হিচাপ মতে, তেওঁৰ সম্পত্তিৰ পৰিমাণ ১০০গুণতকৈ অধিক বৃদ্ধি পাইছিল। তেওঁৰ সম্পত্তিৰ মূল্য ২০২১ত হৈছিলগৈ ২কোটি ১৫লাখ ৭হাজাৰ ৬৪৬টকা। এছ বি আই একাউন্টত সেই সময়ত জমা আছিল ২০লাখ ৪২হাজাৰ ৬৯২টকা।
এক্সিছ বেংকৰ দুটা একাউন্ট, চ্ৰেন্টেল বেংক অৱ ইণ্ডিয়া, এইচ ডি এফ চি আৰু আন এটা বিত্তীয় প্ৰতিষ্ঠানত থকা একাউন্টতো ধন জমা ৰাখিছিল তেওঁ। এক কথাত তেওঁ আৰ্থিকভাৱে স্বচ্ছল হৈ পৰিছিল। যিকোনো কঠিন সিদ্ধান্ত ল’বলৈ তেওঁ এবাৰো ভাৱিব লগা হোৱা নাছিল। এৰো বুলিলে এৰো বা ধৰো বুলিলে ধৰোৰ দৰে সিদ্ধান্ত ল’ব পৰাকৈ তেওঁ সবল হৈ পৰিছিল।
বিভিন্ন সামাজিক কামত নিজক ব্যস্ত ৰাখিছিল। ৰাজনৈতিক সক্ৰিয়তা কমি আহিলেও তেওঁ জানিছিল কেনেদৰে নিজক প্ৰাসংগিক কৰি ৰাখিব পাৰি। বহুতে ভাৱিছিল তেওঁৰ কেৰিয়াৰ আৰম্ভণিতেই শেষ হ’ল নেকি! অথচ এইগৰাকী নেত্ৰী অসম বিধান সভালৈ নিৰ্বাচিত হৈ অহাৰ সময়ত ৰাষ্ট্ৰীয় সংবাদমাধ্যমত তেওঁৰ সৌন্দৰ্যৰ প্ৰশংসাৰে বাতৰি হৈছিল।
ৰাম গোপাল বাৰ্মাৰ দৰে বলিউদৰ ব্যস্ত আৰু দামী পৰিচালকে টুইটাৰত তেওঁক লৈ সেই সময়ত টুইট কৰিছিল। ২০১৬ৰ ২৪মে’ত ৰাম গোপাল বাৰ্মাই দিয়া বৰ্তমান এক্স হেণ্ডেলত এতিয়াও আছে সেই পোষ্ট, য’ত বাৰ্মাই লিখিছিল-If MLA can look like this,Achche din aagaye hai..Thank you Angoorlataji,Thank you Modiji..1st time I love politics.
কম প্ৰশংসা আছিল নে এয়া! সেই স্বীকৃতি আৰু ৰাজনীতিত প্ৰাসংগিক হৈ থকা কিটিপ তেওঁ নাজানে। জানে তেওঁ, কিছু সস্তীয়া কিটিপ যিবোৰে কেৱল তেওঁক প্ৰাসংগিক কৰি ৰাখে সামাজিক মাধ্যমতহে। নলবাৰীত তেওঁ কোৱা কথাখিনি গভীৰ অৰ্থ আছে।
চৰকাৰে ৰাজ্যৰ মহিলাসকলক অৰুণোদয়ৰ ধন, ১০হাজাৰ টকীয়া স্বাৱলম্বীতাৰ আচঁনি, কলেজীয়া ছাত্ৰীৰ বাবে নিযুঁত মইনা আচঁনি আদি দিছে। তাত স্বাৱলম্বীতাৰ দুৰদৃষ্টি নাই। আছে ৰাজনীতিৰ বাবে ক্ষণিকৰ প্ৰাপ্তিৰ এক উন্মাদনা। এই ধনেৰে মহিলাসকলৰ একাউন্ট গৰম নহয়! লওঁ বুলিলেই তেওঁলোকে তেওঁৰ দৰে মূৰ্হুততে ডাঙৰ সিদ্ধান্ত লৈ পেলাব নোৱাৰে।
মহিলা আয়োগৰ অধ্যক্ষা হিচাপে তেওঁ যেন সেই বাস্তৱকে উপলদ্ধি কৰি পৰোক্ষভাৱে হ’লেও মহিলাসকলক সঠিক আহ্বান জনাইছিল। কিন্তু প্ৰকাশ ভংগীৰ জঠৰতা, নিজক স্বাৱলম্বীৰ নিৰ্দশন ৰূপত প্ৰতিষ্ঠা কৰাৰ ব্যাকুলতাই কথাবোৰ বাখ্যা আৰু অৰ্থ আনফালে লৈ যোৱাৰ অৱকাশ আনি দিলে।
তেওঁ বিজেপিত যোগদান কৰি কোটিপতি হ’ল। সেই বাটেৰে ৰাজ্যৰ আন সাধাৰণ মহিলা সকল আঁচনিৰ জোলোঙা লৈ আগবাঢ়িলে স্বাৱলম্বী হৈ থিয় দিব নোৱাৰে। ইতিমধ্যে অসমৰ বহু লাখ মহিলাক আঁচনি আৰু চৰকাৰী সাহায্যৰ ওপৰত নিৰ্ভৰশীল কৰি কৰ্মবিমুখ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। তেনে সময়ত আঙুৰলতা ডেকাক কিয় দিছো আমি সকলোৱে গালি...