/asomiyapratidin/media/media_files/2025/08/26/bikhekh-lekha-hdfhjftgj-2025-08-26-15-24-34.jpg)
মৃদুল কুমাৰ সন্দিকৈ
আম্বানীৰ পুতেকৰে নহয়, আমাৰো এখন চিৰিয়াখানা আছিল। জীৱ-জন্তুৰে ভৰপূৰ সেই চিৰিয়াখানা চাবলৈ বহু দূৰ-দূৰৈৰ পৰা মানুহ আহিছিল। এতিয়াও সেই চিৰিয়াখানাখন আছে, কিন্তু তাত আগৰ দৰে জীৱ-জন্তু নাই।
কিছু সংখ্যক জীৱ-জন্তু বয়স আৰু প্ৰাকৃতিকগত কাৰণত মৃত্যু হৈছে। বহু সংখ্যক জীৱ-জন্তু এই চিৰিয়াখানাৰ পৰা লৈ গৈছে। এনেদৰে আমাৰ চিৰিয়াখানাৰ পৰাই নহয়, অসম-অৰুণাচলৰ পৰাও হাতী আৰু আন জীৱ-জন্তু নি তেওঁলোকেও এখন চিৰিয়াখানা খুলিছে।
যিসকলে সেই চিৰিয়াখানা খুলিছে, তেওঁলোকৰ বাবে এয়া হেনো তেওঁলোকৰ বন্যপ্ৰাণী সেৱা। আমাৰ চিৰিয়াখানাৰ পৰা তেওঁলোকক বন্যপ্ৰাণীবোৰ লৈ যাবলৈ দিয়াৰ কাৰণ হ’ল তেওঁলোকৰ হাতত থকা ক্ষমতা, ধন আৰু প্ৰভাৱ।
বহু প্ৰতিবাদ হৈছিল ইয়াৰ বিৰুদ্ধে। কিন্তু কোনেও তেওঁলোকক বাধা দিব নোৱাৰিলে। কনভয় লৈ তেওঁলোকে যেতিয়াই যিমান ইচ্ছা হাতী লৈ যায় ইয়াৰ পৰা। বন্যপ্ৰাণী আইন, চিৰিয়াখানাৰ জীৱ-জন্তু বিনিময়ৰ নীতি সকলোবোৰ ফুটুকাৰ ফেন তেওঁলোকৰ ওচৰত।
যোৱা ৫-৬টা বছৰৰ ভিতৰত জাপৰিযোগৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা ১১শ মান বন্যপ্ৰাণী নোহোৱা হৈছে। ক’ত হেৰাল বা কিমান বন্যপ্ৰাণীৰ মৃত্যু হ’ল, সেই তথ্য ৰাজহুৱা নহ’ল সঠিকভাৱে।
অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা গুজৰাটৰ জামনগৰস্থিত গ্ৰীণ জুলজি’কেল ৰিছাৰ্জ এণ্ড ৰিহেবিটিলাইটেশ্যন চেন্টাৰলৈ প্ৰায় নি থকা হয় জীৱ-জন্তু। ২০২২-২৩বৰ্ষৰ এই গ্ৰীণ জুলজি’কেল ৰিছাৰ্জ এণ্ড ৰিহেবিটিলাইটেশ্যন চেন্টাৰ (পূৰ্বৰ নাম বনতাৰা)ৰ প্ৰতিবেদন অনুসৰি, সেই বছৰটোত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা মুঠ ৬৪টা বন্যপ্ৰাণী তেওঁলোকে লাভ কৰিছিল। য’ত দুটাকৈ এশিঙিয়া গড়, ১৭টা আফ্ৰিকান কাছ, এটা কেংগাৰু, এটা গিবন আদিকে ধৰি বহু আপুৰুগীয়া জীৱ-জন্তু।
নিশা আন্ধাৰ হ’লে অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা জন্তু চালান দিয়া হৈছিল আম্বানীৰ এই বনাতাৰা চিৰিয়াখানালৈ। এখন চৰকাৰী চিৰিয়াখানাৰ পৰা ব্যক্তিগত খণ্ডৰ চিৰিয়াখানালৈ কেনেদৰে জীৱ-জন্তু দিয়া হয়, সেই প্ৰশ্নও সাথঁৰ হৈয়ে ৰৈছিল।
২০২২ৰ ডিচেম্বৰৰ দ্বিতীয় সপ্তাহত ৯টা বান্দৰ, দুটা গড়ৰ পোৱালি, ৮শিঙিয়া হৰিণ লৈ যোৱা হৈছিল বনতাৰালৈ। চিৰিয়াখানাৰ সন্মুখত প্ৰতিবাদ হৈছিল। বাতৰি কাকততো খবৰ ওলাইছিল। কিন্তু সেই প্ৰতিবাদৰ কোনো ফলাফল নাছিল।
মাজে আহে অনেক এনে খবৰ। অসম ৰাজ্যিক চিৰিয়াখানাত থকা ঘোং লৈ যোৱা হৈছিল আম্বানীৰ চিৰিয়াখানালৈ। প্ৰশ্ন কৰিলে চিৰিয়াখানা কৰ্তৃপক্ষই কয়, এয়া হেনো জীৱ-জন্তুৰ সালসলনিৰ এক প্ৰক্ৰিয়া।
অসমৰে হাতী চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পৰা নিয়া বুলি দেখুওৱা হয় আম্বানীৰ চিৰিয়াখানালৈ। এফালে প্ৰকৃতিপ্ৰেমী দল-সংগঠন, আনফালে আম্বানীৰ দৰে পুজিপতি লোকৰ ক্ষমতা আৰু ধনৰ শক্তি। এইবোৰ কথাত এতিয়া এসমৰ মানুহে মাত নমতা হ’ল। প্ৰতিবাদ কৰি কৰি ভাগৰি গ’ল।
চকুৰ সন্মুখতে অসমৰ হাতী, চিৰিয়াখানাৰ জীৱ-জন্তু গুছি গ’ল আম্বানীৰ ৰাজ্যলৈ। কিন্তু শেহতীয়া এটা খবৰে জোকাৰি গ’ল দেশ। এজনী হাতী। নাম আছিল মহাদেৱী। মহাৰাষ্ট্ৰ কোলহাপুৰৰ এটা জৈন মঠত আছিল হাতীজনী।
ৰাইজৰ বিৰোধিতাৰ স্বত্বেও হাতীজনীক গতাই দিয়া হৈছিল আম্বানীৰ প্ৰাইভেট চিৰিয়াখানাত। লৈ গ’ল মহাদেৱীক বনতাৰালৈ। আমি হোৱা হ’লে দুই এদিন প্ৰতিবাদ কৰি পাহৰি গ’লোহেতেন মহাদেৱীৰ কথা। আমাৰ কিমান মহাদেৱী এতিয়া যে আম্বানী চিৰিয়াখানাৰ আলহী!
কিন্তু মহাৰাষ্ট্ৰৰ কোহলাপুৰৰ ৰাইজে আম্বানীক শান্তিৰে থাকিবলৈ নিদিলে। ৰাইজে সিদ্ধান্ত লৈছিল আম্বানীক শিক্ষা দিব। জিলাখনৰ ৭৪৩খন গাঁৱৰ ৰাইজে একেদিনাই এৰি দিলে জিঅ’ ছিমৰ সংযোগ। ৭ সহস্ৰাধিক লোক এয়া আছিল মাষ্টাৰ ষ্ট্ৰোক।
তাৰ পাছত একত্ৰিত হ’ল জৈন সমাজ। ঘূৰাই বিচাৰিলে মহাদেৱীক। কথা দিও ঘূৰাই দিয়া নাছিল হাতীজনীক। প্ৰতিবাদেৰে নোৱাৰি ৰাইজ কাষ চাপিছিল ন্যায়ালয়ৰ। ন্যায়ালয়ত দাখিল কৰা হ’ল ৰাজহুৱা স্বাৰ্থজনিত আবেদন।
এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ২৫আগষ্ট, ২০২৫ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পংকজ মিঠাল আৰু পি বি ভাৰলে গঠিত দুজনীয়া বিচাৰপীঠে দিলে এই কাণ্ডৰ তদন্তৰ ৰায়দান। গঠন কৰা হ’ল হাতীজনীক কেন্দ্ৰ কৰি দুখন পি আই এলৰ আধাৰত বিশেষ তদন্তকাৰী কমিটি।
প্ৰাক্তন ন্যায়াধীশ জে. চেলামেশ্বৰৰ নেতৃত্বত গঠিত তদন্তকাৰী দলে ১২ছেপ্টম্বৰ, ২০২৫ৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন। ভাৰত আৰু বিদেশৰ পৰা জীৱ-জন্তু, বিশেষকৈ হাতী অধিগ্ৰহণ, বন্যপ্ৰাণী সুৰক্ষা আইন- ১৯৭২ উলংঘন, চিৰিয়াখানাৰ আন আইন উলংঘন হৈছে নেকি সেইবোৰ দিশ পৰীক্ষা কৰিব এই তদন্ত কমিটিয়ে।
পৰীক্ষণ আৰু পৰিদৰ্শন কৰিবলৈ এছ আই টিক নিৰ্দেশ দিছে বিচাৰপীঠে। ইয়াত সহযোগ কৰিব লাগিব গুজৰাট বন বিভাগৰ সচিবে। বাস্তৱতে কি হৈ আছে তাৰ এক সঠিক ছবি দাঙি ধৰিবলৈ গঠন কৰা এই এছ আই টিৰ ওপৰতেই নিৰ্ভৰ কৰি বনতাৰাৰ ভৱিষ্যত।
যিটো কাম আমিও কৰিব পাৰিব লাগিছিল। জবাবদিহি কেতিয়াবাই কৰিব লগা আছিল আম্বানীক। দেখাত সেৱা হ’লেও এয়া যে সেৱাৰ নামত এক বিলাস সেই কথা লুকাই থকা নাই এতিয়া। বিনোদনৰ বাবে তেওঁলোকে চিৰিয়াখানা সাজে। মন গ’লেই আমাৰ ৰাজহুৱা চিৰিয়াখানা উদং কৰি ইয়াৰ জীৱ-জন্তু তালৈ লৈ যায়। আৰু আমি অসহায় হৈ দুদিন প্ৰতিবাদ কৰি থমকি ৰওঁ...