লণ্ডন পুলিছ যদি অসমলৈ আহিব পাৰে...

অসম আৰক্ষীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। জেৰা কৰিছে এজনৰ পাছত আনজনক। কিন্তু এতিয়ালৈকে সম্ভৱ হোৱা নাই ছিংগাপুৰৰ যি স্থানত ঘটনা সংঘটিত হৈছিল সেই ঠাই অনুসন্ধানকাৰী বিষয়াই ভ্ৰমণ

author-image
Asomiya Pratidin
New Update
AP FOR WEB NEW  bikhekh lekha (3)

মৃদুল কুমাৰ সন্দিকৈ

অসম আৰক্ষীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। জেৰা কৰিছে এজনৰ পাছত আনজনক। কিন্তু এতিয়ালৈকে সম্ভৱ হোৱা নাই ছিংগাপুৰৰ যি স্থানত ঘটনা সংঘটিত হৈছিল সেই ঠাই অনুসন্ধানকাৰী বিষয়াই ভ্ৰমণ কৰাতো।

একেদৰে সম্ভৱ হোৱা নাই ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত তদন্তত কি পালে বা এই ঘটনাৰ কি পৰ্যায়ত তদন্ত কৰিছে তাক প্ৰত্যক্ষভাৱে জনাতো। ৩০ছেপ্টেম্বৰতেই ভাৰত চৰকাৰে ছিংগাপুৰৰ এটৰ্ণি জেনেৰেললৈ এখন ই-মেইল প্ৰেৰণ কৰিছিল। 

গৃহ মন্ত্ৰণালয়ৰ অবৰ সচিব প্ৰবীণ সিঙে প্ৰেৰণ কৰা সেই অনুৰোধ পত্ৰৰ প্ৰত্যুত্তৰ কি আহিল, সেয়া এতিয়াও ৰাজহুৱা হোৱা নাই। fscons.singapore@mea.gov.in ই-মেইল ঠিকনাত প্ৰেৰণ কৰা ভাৰত চৰকাৰৰ অনুৰোধ পত্ৰত ছিংগাপুৰ চৰকাৰৰ পৰা অসম আৰক্ষীয়ে চি আই ডি থানাত ৰুজু কৰা গোচৰ নম্বৰ ১৮/২০২৫ ৰ অভিযুক্তক গ্ৰেপ্তাৰ বা আটক কৰা বাবে মিউচুৱেল লিগেল সহায় বিচৰা হৈছিল। সেই পত্ৰৰ প্ৰত্যালিপি প্ৰেৰণ কৰা হৈছিল ছিংগাপুৰত থকা ভাৰতীয় দূতাবাসৰ ফাষ্ট চেক্ৰেটেৰী টি প্ৰভাকৰলৈ। 

এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই সংবাদমাধ্যমযোগে ইতিমধ্যে কৈছে যে, কিছু আইনী বাধাৰ বাবে অসম আৰক্ষী ছিংগাপুৰলৈ যাব পৰা নাই। সেই আইনী বাধা কেতিয়া আতৰিব বা ছিংগাপুৰলৈ অসম আৰক্ষীৰ তদন্তকাৰী দল যোৱাতো সম্ভৱ হ’বনে নহয়, সেয়া এতিয়াও অস্পষ্ট। 

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি, অসমত সংঘটিত অপহৰণ আৰু এটা হত্যাকাণ্ডৰ ঘটনা। অসমত এজন ব্ৰিটিছ নাগৰিকৰ হত্যা হৈছিল। এই হত্যাকাণ্ডৰ পাছত ব্ৰিটিছ চৰকাৰ আৰু তাৰ আৰক্ষী ইমানেই সক্ৰিয় হৈছিল যে, কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা(CBI)এ এই গোচৰ অতি গুৰুত্ব সহকাৰে লবলৈ বাধ্য হৈছিল।

সেয়া আছিল ২০০৪চনৰ, ১৭মাৰ্চৰ কথা। পুতুল দেৱ নামৰ ব্যক্তিজনক অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰি নি পৰিয়ালৰ পৰা ধন দাবী কৰিছিল। কাটলিচেৰাৰ পুতুল দেৱ আছিল লণ্ডনৰ নিৱাসী আৰু ব্ৰিটিছ নাগৰিক। কেনিয়া, ইথিওপিয়া, নাইজেৰিয়া আদিত ১৪বছৰ চাকৰি কৰি ১৯৮৬ত তেওঁ ব্ৰিটিছ নাগৰিকত্ব গ্ৰহণ কৰিছিল। 

সেইসময়ত প্ৰৱাসী ভাৰতীয়সকলৰ বাবে দ্বিনাগৰিকত্ব প্ৰযোজ্য আছিল। কোনোবা বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰিলেও তেওঁ ভাৰতৰ নাগৰিকত্বও বাহাল ৰাখিব পাৰিছিল। সেই সূত্ৰেই লণ্ডনৰ পৰা আহি শিলচৰত ৰাজনৈতিক সক্ৰিয়তা আৰম্ভ কৰিছিল এইগৰাকী প্ৰৱাসী ভাৰতীয় তথা ব্ৰিটিছ নাগৰিকে।

২০০১চনৰ অসম বিধানসভা নিৰ্বাচনত তেওঁ বিজেপিৰ প্ৰাৰ্থী হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল। ভনী জোঁৱাই গৌতম ৰয়ৰ বিৰুদ্ধে নিৰ্বাচনত নামিছিল তেওঁ। তেতিয়া গৌতম ৰয় আছিল কংগ্ৰেছৰ অন্যাতম ক্ষমতাশালী মন্ত্ৰী। নিৰ্বাচনত পৰাজয় হ’লেও অসমতেই থাকি ব্যৱসায় আৰম্ভ কৰিছিল।

উক্ত দিনটোত তেওঁ ভৈৰৱীৰ পৰা মিজোৰামলৈ লগত মেনেজাৰ, ড্ৰাইভাৰ আৰু এজন সহযোগীক লৈ যাত্ৰা কৰাতে অসম-মিজোৰাম সীমান্তৰ পৰা তেওঁক অপহৰণ কৰি নিয়া হৈছিল। অপহৰণকাৰীয়ে তেওঁৰ মুক্তিৰ বিনিময়ত ৫০লাখ টকা দাবী কৰিছিল।

দৰ-দামৰ অন্তত ৪০লাখ টকাৰ মুক্তিপণৰ বিনিময়ত পুতুল দেৱক এৰি দিব বুলি অপহৰণকাৰীয়ে পৰিয়ালক জনাইছিল। এটা কিস্তিৰ প্ৰায় ৫লাখ টকা আদায় দিয়া হৈছিল অপহৰণকাৰীক। কিন্তু এৰি দিয়া নাছিল পুতুল দেৱ আৰু তেওঁৰ সহায়কাৰী সাধন নাথক। 

কেইমাহ মানৰ পাছত মিজোৰাম- অসম সীমান্তৰ এখন হাবিত উদ্ধাৰ হৈছিল দুটা নৰকংকাল। এটা নৰকংকালৰ সৈতে পাইছিল এটা প্ৰেছ মেকাৰ। ৬৭বছৰীয়া পুতুল দেৱৰ দেহত আছিল এই প্ৰেছ মেকাৰটো। ডি এন এৰ পৰীক্ষাৰ অন্তত পৰিয়াল আৰু আৰক্ষী নিশ্চিত হৈছিল অপহৰণকাৰীয়ে পুতুল দেৱ আৰু সাধন নাথক হত্যা কৰিছিল।

এই হত্যাকাণ্ডই ৰাজ্যত জোকাৰণি তুলিছিল। কিয়নো পুতুল দেৱে ৰাজনীতিৰ লগতে বাঁহৰ ব্যৱসায় কৰিছিল মিজোৰামৰ পৰা। তেওঁ জীৱনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিছে বুলি আৰক্ষীৰ ওচৰত আবেদনো দাখিল কৰিছিল। 

পুতুল দেৱৰ পৰিয়াল বাস কৰিছিল নৰ্থ লণ্ডনত। পিতৃৰ হত্যাকাণ্ডৰ তদন্ত বিচাৰি ততপৰ হৈছিল কন্যা চিপ্ৰা দেৱ। লণ্ডন আৰক্ষীৰো কাষ চাপিছিল তেওঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ত এই হত্যাকাণ্ডৰ সঠিক তদন্ত বিচাৰি এনভিৰন লিগেল ছচায়েটি নামৰ এটা এন জি অ’য়ে দাখিল কৰিছিল লেখ আবেদন। 

সেই আবেদনৰ ভিত্তিতে বৰাকৰ ক্ষমতাশালী ৰাজনৈতিক নেতাৰ নাম সাঙুৰ খোৱা এই অপহৰণ আৰু হত্যাকাণ্ডৰ গোচৰ ২০০৫ৰ ২০এপ্ৰিলত চি বি আইৰ হাতলৈ হস্তান্তৰ কৰা হৈছিল। লণ্ডনৰ পৰা ন্যায় বিচাৰি লণ্ডন আৰক্ষীৰ এটা দলৰ সৈতে ভাৰতলৈ আহিছিল পুতুল দেৱৰ কন্যা। 

YOURK SHYRE POLICE ৰ দুজনীয়া দল আহি এই গোচৰৰ সন্দৰ্ভত কথা পাতিছিল চি বি আইৰ সৈতে। লণ্ডন আৰক্ষীৰ দলটোৱে সংগ্ৰহ কৰিছিল ঘটনাৰ সবিশেষ তথ্য। তেওঁলোকে মৃতদেহ উদ্ধাৰ হোৱা স্থানো পৰিদৰ্শন কৰিছিল। 

ব্ৰিটিছ চৰকাৰৰ ফালৰ পৰাও আছিল হেচাঁ। চি বি আয়ে এই গোচৰৰ সন্দৰ্ভত দাখিল কৰিছিল অভিযোগনামা। সেই অভিযোগত নাম আছিল ১২জনৰ। তাৰেই ৩জন পলাতক হৈ থাকিল যদিও ৯জনক আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল। 

সেইসকল আছিল- জামালুদ্দিন, হেমেন্দ্ৰ চাকামা, বাট্টি বুড়া, ৰঞ্জিত চাকমা, চাহদেৱ চাকমা, কৃষ্ণমাধৱ চাকমা, কালাপুণ্যো চাকমা, ৰূপধন চাকমা আৰু খগেন্দ্ৰ চাকমা। ব্ৰিটিছ সংবাদমাধ্যমেও এই খবৰ প্ৰকাশ কৰিছিল। 

দ্য গাৰ্ডিনত প্ৰকাশিত খবৰত দুই ব্ৰিটিছ আৰক্ষী বিষয়া কেনেদৰে সক্ৰিয় হৈ পৰিছিল সেই খবৰ প্ৰকাশ কৰিছিল ৬ছেপ্টেম্বৰ, ২০০৫ত। যদি এজন সাধাৰণ ব্ৰিটিছ নাগৰিক তথা প্ৰৱাসী ভাৰতীয়ক লৈ ব্ৰিটিছ আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰিব পাৰে, জুবিন গাৰ্গৰ ক্ষেত্ৰত তেনে সক্ৰিয়তাৰে ভাৰত চৰকাৰেও ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আহি পৰিছে।

ছিংগাপুৰত কেইবাজনো প্ৰৱাসী অসমীয়া, য়টখনৰ চালক আৰু অন্যান্য লোকক ছিংগাপুৰ আৰক্ষীয়ে জেৰা কৰিছিল। তালাচী চলাইছিল য়টৰ লগতে জুবিন গাৰ্গ থকা হোটেলখনৰ কোঠাত। কি পালে তদন্তত ছিংগাপুৰ আৰক্ষীয়ে? 

এইবোৰ কথা এছ আই টিয়ে জুবিনৰ মৃত্যুৰ কাৰণ আৰু ঘটনাৰ সত্যতা উন্মোচনৰ বাবে অতিকৈ প্ৰয়োজন। ছিংগাপুৰলৈ তদন্তকাৰী সংস্থা নগ’লে তদন্ত প্ৰক্ৰিয়াটোৱে সম্পূৰ্ণ আৰু বিশ্বাসযোগ্য হৈ নুঠিব। 

অসম আৰক্ষীয়ে এখন বিদেশী ৰাষ্ট্ৰলৈ গৈ এনে তদন্ত প্ৰক্ৰিয়া চলোৱাতো সম্ভৱ নহয়। প্ৰয়োজনত এই ঘটনাৰ তদন্ত চি বি আইলৈ হস্তান্তৰ কৰিব লাগে। ভাৰত চৰকাৰেও ছিংগাপুৰৰ সৈতে যোগাযোগ কৰি সেই দেশখনৰ আৰক্ষীক তদন্তত সহযোগিতা কৰিবলৈ কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিব লাগিব।

আজিৰ পৰা ২১বছৰ আগতে ব্ৰিটিছ চৰকাৰ আৰু লণ্ডন আৰক্ষীয়ে যি নজিৰ দেখুৱাইছিল, সেই নজিৰ এতিয়া জুবিনৰ ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু অসম আৰক্ষী তথা তদন্তকাৰী সংস্থাই দেখুওৱাৰ সময় আহি পৰিছে...

জুবিন গাৰ্গ