/asomiyapratidin/media/media_files/2025/06/15/dLEdeHlD3XEUZJDOS9Tf.jpg)
মৃদুল কুমাৰ সন্দিকৈ
পিতৃ দিৱস দিনাই এগৰাকী কন্যাই দিলে এটা খবৰ। তুলি দিলে পিতৃয়ে লিখা ডায়েৰী এটা পৃষ্ঠা, দুখনমান বিশেষ চিঠি আৰু কেইখনমান আলোকচিত্ৰ। ছোৱালীজনীৰ নাম শিল্পীশিখা বৰুৱা। ঘৰ যোৰহাটৰ টেকেলা গাঁৱত।
অসমীয়া প্ৰতিদিন ডিজিটেলৰ এটা বিশেষ লেখাত লিখা হৈছিল ১৩জুন, ২০২৫ত। আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ প্ৰসংগৰে ১৯৭৭চনৰ ৪নৱেম্বৰত সংঘটিত আন এক বিমান দুৰ্ঘটনাৰ কথা এই লেখা উল্লেখ কৰা হৈছিল।
/asomiyapratidin/media/media_files/2025/06/15/uPaVE7aWW6uZLUtXXaWc.jpg)
কোনোমতে সেই বিমান দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰিছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ। প্ৰধানমন্ত্ৰীয়ে পৰৱৰ্তীসময়ত সেই বিমান দুৰ্ঘটনাৰ পাছত আশ্ৰয় লোৱা ইন্দ্ৰেশ্বৰ বৰুৱালৈ লিখা এখন পত্ৰৰ আঁত ধৰি এই লেখা লিখা হৈছিল।
লেখাটো পঢ়ি মন্তব্য কৰা সকলৰ ভিতৰত অন্যতম আছিল শিল্পীশিখা বৰুৱা। তে্ওঁ লিখিছিল- ‘এই ঐতিহাসিক দূৰ্ঘটনাটো আমাৰ ঘৰৰ আগফালে পথাৰত সংঘটিত হৈছিল।এই দূৰ্ঘটনাত মোৰ দেউতা প্ৰয়াত ললিত বৰুৱাই কান্ধত তুলি প্ৰধানমন্ত্ৰী গৰাকীক নিৰাপদ স্থানলৈ লৈ গৈছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মোৰাৰজী দেশায়ে দেউতাক দিল্লীলৈ মাতি তাত চাকৰি দিয়া ব্যৱস্থা কৰিছিল। আৰু শুশ্ৰূষাৰ চিনস্বৰূপে এখন চাইকেল দেউতাক উপহাৰ দিছিল। বৰ্তমান এই চাইকেল খন মিউজিয়ামত সংৰক্ষিত হৈ আছে।‘
সেই মন্তব্য পঢ়াৰ পাছত কথাবোৰ আৰু বিশদভাৱে জানিবলৈ যোগাযোগৰ চেষ্টা কৰা হৈছিল শিল্পীশিখাৰ সৈতে। তেতিয়াই শিল্পীশিখাই কিছু কথা কৈছিল আৰু তাৰ প্ৰমাণ হিচাপে তেওঁৰ নায়ক পিতৃৰ হাতেৰে লিখা এই ঘটনাৰ বিস্তৰিত বিৱৰণ থকা এটা পৃষ্ঠা, কিছু আলোকচিত্ৰ হোৱাটছ এপযোগে প্ৰেৰণ কৰিছিল।
আমাৰ অনুৰোধমৰ্মে, পিতৃৰ সেই সাহসী অভিযানৰ কথা শিল্পীশিখাই কৈ গৈছিল। দুৰ্ঘটনাত পতিত হোৱা বিমানখনৰ পৰা শিল্পীৰ দেউতাকেই উদ্ধাৰ কৰি নিছিল প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইক। বহুতৰ বাবে এই কাহিনী কোনোবা চিনেমাৰ কাহিনীৰ দৰেই হ’ব।
/asomiyapratidin/media/media_files/2025/06/15/XXJAFygixUzuE4G4oUXJ.jpg)
শিল্পীয়ে পঠোৱা সেই বিশেষ পৃষ্ঠাটোত পিতৃয়ে লিখি থৈ যোৱা সেইদিনাৰ ঘটনাৰ বৰ্ণনা আছিল এনেধৰণৰ- সন্মান সহকাৰে উপৰোক্ত বিষয় সন্দৰ্ভত আপোনাক জনাও যে, ১৯৭৭চনৰ ৪নৱেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই টেকেলা গাঁৱত দুৰ্ঘটনাত পতিত হৈছিল। ঘটনাৰ লগে লগে মই নিজৰ জীৱন-মৰণক আওঁকাণ কৰি ঘটনাস্থলীত উপস্থিত হৈছিলো।
তাৰ পাছত তেওঁ লিখা কথাবোৰ আছিল এনেধৰণৰ- বিমানত অহা এজন বিষয়াই মোক প্ৰধানমন্ত্ৰীক গতাই দিছিল। গাওঁবাসীক চিঞৰি চিঞৰি খবৰ দিছিলো। এজন প্ৰায় ৮-৯বছৰীয়া লৰাই মোক আঁতৰৰ পৰা এটা লেম্ব দিছিল।
/asomiyapratidin/media/media_files/2025/06/15/K7qkZcMdJztnW6RIIRGD.jpg)
প্ৰধানমন্ত্ৰী দেশাইয়ে হেনো বিমানখন বিস্ফোৰণ হোৱাৰ আশংকাত সেই ঠাইৰ পৰা তেওঁক আঁতৰাই নিবলৈ কৈছিল। প্ৰধানমন্ত্ৰীয়ে তেওঁক ধ্বংস হোৱা বিমানখনৰ পৰা ২৫-৩০মিটাৰ নিলগলৈ নি প্ৰায় এঘন্টা সময় তেওঁক ৰখি আছিল।
তাৰ পিছত ওচৰতে থকা ইন্দ্ৰেশ্বৰ বৰুৱাৰ ঘৰলৈ লৈ গৈছিল। তাৰ পৰা ২-৩ঘন্টাৰ পাছতহে ৰৰৈয়া বিমান বন্দৰৰ পৰা মানুহ আহি পাইছিলহি ঘটনাস্থলীত। শিল্পীশিখাই দেউতাকে বহুদিনৰ পূৰ্বেই এই ঘটনাৰ সন্দৰ্ভত প্ৰগতি নামৰ এখন আলোচনীত দিয়া এক সাক্ষাৎকাৰো পঠাই দিছিল।
/asomiyapratidin/media/media_files/2025/06/15/TIGZMcoAdlTlkmjsZUiU.jpg)
স্থানীয় আলোচনীখনৰ বাবে লোৱা এই সাক্ষাৎকাৰত ললিত বৰুৱাক সোধা হৈছিল কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন। তাৰ ভিতৰত এটা আছিল- বিমান দুৰ্ঘটনা হোৱাৰ পাছত বিমানখনৰ ওচৰলৈ আপুনিয়েই গৈছিল নেকি? ভয় লগা নাছিলনে?
ললিত বৰুৱাই উত্তৰত কৈছিল- হয়, প্ৰথম ময়েই গৈছিলো। ভয় লগা নাছিল। সেই সময়ত ভয়ৰ কথা পাহৰিয়েই গৈছিলো। ওচৰ পায়েই দেখিলো কোনোবা এজন নামি আহিছে। তেখেতেই মোক দেখি ঠাই টুকুৰাৰ নাম সুধিলে। ৰৰৈয়ালৈ কিমান দূৰ সুধিলে।
কথা পাতি থাকোতেই প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইক দেখিলো। আমি দুয়োজনে ধৰি বিমানখনৰ পৰা তেওঁক নমালো। মই তেওঁক কান্ধত তুলি দাঙি আনিব বিচাৰিছিলো, কিন্তু তেখেত মান্তি নহ’ল। শেষত দুয়োজনে দুফালে ধৰি ধাননিৰ মাজে মাজে আনি ইন্দ্ৰেশ্বৰ বৰুৱাৰ ঘৰৰ এখন চকীত বহুৱাই দিলোহি। বাকী কেইজনকো তালৈকে অনা হল। চাহ খাবলৈ দিলে। দেশাইয়ে চাহ নাখালে। বাকী কেইজনে খালে। মোৰাৰজী দেশাইৰ পুতেক কান্তিভাই দেশাইয়ে এখন ভৰি একেবাৰে ভাগি গৈছিল।
এই সাক্ষাৎকাৰতে আন এক প্ৰশ্নত পৰৱৰ্তী সময়ত তেখেতক প্ৰধানমন্ত্ৰী দেশাইয়ে দিল্লীলৈ মাতি নিয়াৰ কথা সোধা হৈছিল। তেওঁ সেই কথাও কৈছিল এনেদৰে- ১৯৭৭চনৰ ২৪নৱেম্বৰৰ দিনা মই দিল্লীলৈ গৈছিলো। তেতিয়া তেজপুৰৰ সাংসদ পূৰ্ণনাৰায়ণ সিংহৰ হতুৱাই আমাক (ইন্দ্ৰেশ্বৰ বৰুৱা আৰু ললিত বৰুৱা) মাতি পঠায়।
পূৰ্ণ নাৰায়ণ সিংহদেৱে আমাক লগ কৰে আৰু তেখেতৰ লগতেই মই দিল্লীলৈ যাও। ইন্দ্ৰেশ্বৰ বৰুৱা স্বাস্থ্যজনিত কাৰণত যাব নোৱাৰিলে। ললিত বৰুৱাই প্ৰধানমন্ত্ৰীক সাক্ষাত কৰি প্ৰায় এমাহ হেনো তেওঁৰ ঘৰতেই আছিল।
টেকেলা গাঁৱৰ বাবে চৰকাৰে বহু কিবাকিবি কৰি দিয়াও আশ্বাস দিছিল। এখন স্মাৰক পত্ৰও দিছিল প্ৰধানমন্ত্ৰীক। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বাবে এটা চাকৰিৰ ব্যৱস্থা কৰি দিছিল। সেই দায়িত্ব দিছিল সাংসদ পূৰ্ণ নাৰায়ণ সিংহক।
২৩নৱেম্বৰ ১৯৭৭ত যোৰহাটৰ গকুল হাজৰিকাই পূৰ্ণ নাৰায়ণ সিংহৰ হৈ ললিত বৰুৱাৰ সৈতে যোগাযোগ কৰিছিল। ললিত বৰুৱালৈ লিখিছিল এখন পত্ৰ। ললিত বৰুৱাৰ কন্যাই সেই পত্ৰখনো প্ৰেৰণ কৰিছিল আমালৈ।
/asomiyapratidin/media/media_files/2025/06/15/RC29dZlpxpTzThDlBFM1.jpg)
যিখন পত্ৰত লিখা হৈছিল- আপোনাক এটি সুখবৰ দিছো। আপোনাৰ ষ্ট্ৰেনগ্ৰাফাৰ চাকৰিৰ বাবে পূৰ্ণ নাৰায়ণক সিংহক দিয়া দখাৰ্স্ত অনুসৰি শ্ৰী সিংহই আপোনাক দিল্লীলৈ মাতিছে। চাকৰি প্ৰায় ঠিক হল। আপুনি মোক তৎক্ষণাত লগ কৰক, বিশদ বিৱৰণৰ বাবে। আপুনি দিল্লীত কিছুদিন থাকিব লগা হোৱাকৈ কাপোৰ-কানি লৈ আহক।
দিল্লীত চাকৰি তেওঁ নকৰিলে। কিন্তু প্ৰধানমন্ত্ৰীৰ ঘৰত অতিথি হ’ল। শিল্পীশিখাই দেউতাকৰ এই কথাবোৰ কোৱাৰ লগতে তথ্যসমূহো দাঙি ধৰিলে। সযতনে ঘৰত সাঁচি থোৱা আছে এখন নিৰাপত্তজনিত প্ৰৱেশ পত্ৰ। এই প্ৰৱেশ পত্ৰখন ইচ্ছ্যু কৰা হৈছিল ৫ফেব্ৰুৱাৰী, ১৯৭৮ত। প্ৰৱেশ পত্ৰখনৰ ক্ৰমিক নং- ১৪৯।
/asomiyapratidin/media/media_files/2025/06/15/KC7KHeZKq3S3c3RrBkrt.jpg)
ললিত চন্দ্ৰ বৰুৱাৰ নামত ইচ্ছ্যু কৰা প্ৰৱেশ পত্ৰখন দিয়া হৈছিল ৬ফেব্ৰুৱাৰী, ১৯৭৮ত। যোৰহাট ৰৰৈয়া বিমান বন্দৰলৈ অহা প্ৰধানমন্ত্ৰী দেশাইক সাক্ষাৎ কৰাৰ বাবে। এইবোৰ এতিয়া ইতিহাস। প্ৰধানমন্ত্ৰী দেশাইয়ে এখন বাই চাইকেল উপহাৰ দিছিল ললিত বৰুৱাক।
জীৱনৰ শেষ বয়সৰ লৈকে সেই বাই চাইকেলখন লগত ৰাখিছিল ললিত বৰুৱাই। অসমতে চৰকাৰী চাকৰি কৰি অৱসৰ লৈছিল তেওঁ। ২০০৪ত তেওঁৰ মৃত্যু হ’ল। তাৰ পাছত ললিত বৰুৱাই উপহাৰ হিচাপে পোৱা এই বিশেষ বাই চাইকেলখন বৰুৱাৰ পৰিয়ালে দিছিল ৰৰৈয়া বিমান বন্দৰৰ কৰ্তৃপক্ষক।
/asomiyapratidin/media/media_files/2025/06/15/9ZF1CwKjRrFUxfXqanIJ.jpg)
সযতনে সেই চাইকেলখন তাতেই সংৰক্ষণ কৰা আছে। বহুবোৰ বাতৰি কাকতত প্ৰকাশ হৈছিল যোৰহাটৰ এই দুৰ্ঘটনাৰ খবৰ। অৱশ্যে তেতিয়া এতিয়াৰ দৰে সংবাদ মাধ্যম শক্তিশালী নাছিল। নাছিল তেতিয়া সামাজিক মাধ্যমো।
আঁৰতেই ৰৈ গৈছিল এইজন নায়ক। নিজৰ জীৱন বিপন্ন কৰি প্ৰধানমন্ত্ৰী দেশাইক উদ্ধাৰ কৰা ললিত বৰুৱাৰ কথা আমি বহু অসমীয়াই নাজানো। শিল্পীশিখাহতেঁ সেই তথ্যবোৰ সাঁচি থৈছে অতি সযতনে। সেয়েহে আমাৰ লেখাটো পঢ়াৰ পাছত শিল্পীশিখাৰ এটা আক্ষেপ আছিল- লেখাটোত আচঁল নায়কজনৰ কথাই নিলিখিলে আপুনি।
পিতৃৰ সেই কৰ্মক লৈ এতিয়া তেওঁ গৰ্বিত। শিল্পীশিখাৰ সহযোগতেই যোৰহাটৰ সেই বিমান দুৰ্ঘটনাৰ আঁৰৰ কাহিনী জনাৰ সুযোগ পালো। পিতৃ দিৱসৰ দিনাই এগৰাকী কন্যাই তেওঁৰ পিতৃৰ সংৰক্ষিত এই তথ্যবোৰ আমাক দি কৃতাৰ্থ কৰিলে। জনাৰ সুযোগ দিলে সেইদিনটোৰ কথাবোৰ। স্বীকাৰ কৰো চৰ্চিত নহলেও শিল্পীশিখাৰ পিতৃ আছিল সেইদিনাৰ প্ৰকৃত নায়ক...