ডিম্পুল বৰগোহাঁই
সহজ ধনৰ আশাত বহুতে বহু কাম কৰিবলৈ লৈছে। কিন্তু তাৰ মাজতো বহুতে কৰি হৈছে সততাৰে, নিষ্ঠাৰে আৰু কষ্টেৰে বহু কাম। প্ৰায় সকলো লোকৰে এটা ধাৰণা থাকে- পাণ দোকান দি নো কিমান টকা ঘটিব। ঘৰখন কেনেবাকৈ চলাব পাৰেহে ছাগে! কিন্তু বছৰৰ এই শেষৰটো দিনত আমি আজি এনে দুজন অসমীয়া পাণদোকানীৰ কথা কম যাৰ উপাৰ্জন মাহিলী লাখটকাৰো অধিক।
অসমীয়া লৰাই কামলৈ লাজ কৰে, ভয় কৰে আদি অসংখ্য বদনাম আছে। কিন্তু এনে বদনামৰ বিপৰীতে আছে এনে কিছুমান উদাহৰণ যিবোৰে উফৰাই পেলাব পাৰে এনে হাজাৰটা বদনাম। অসমীয়া ডেকাই শেহতীয়াকৈ খেতি কৰিবলৈ লৈছে, দোকান দিবলৈ লৈছে, প্ৰয়োজনত চেলুন খুলিছে। ইয়াৰ অলেখ উদাহৰণ আছে।
গুৱাহাটীৰ দৰে সদাব্যস্ত চহৰত কামলৈ ভয়-লাজ নকৰি, কামক কাম হিচাপে লৈ আগবঢ়া দুজন সফল অসমীয়া ডেকাৰ সফলতাৰ কাহিনীকলৈ। গুৱাহাটীত দুয়োগৰাকী যুৱকৰে আছে ভিন্ন ভিন্ন স্থানত একোখনকৈ পাণৰ দোকান। নানা তৰহৰ পাণ উপলদ্ধ তেওঁলোকৰ এই বিপনীত। যাৰ মূল্য ১৫টকাৰ পৰা আৰম্ভ হৈ শেষ হয় হাজাৰ টকাত।
যুৱক দুজনৰ বিষয়ে কোৱাৰ পূৰ্বে আমি পাঠকক আন এটা কথা কৈ যাব খুজিছো। গুৱাহাটী মহানগৰীত হাজাৰখন পাণ দোকান আছে। ইয়াৰ ভিতৰত অতিকৈ জনপ্ৰিয় পাণৰ দোকান আঙুলিৰ মুৰত লেখিব পাৰি। কিন্তু ভালদৰে লক্ষ্য কৰিলে দেখিব যে, এই জনপ্ৰিয় পাণদোকান সমূহৰ অধিকাংশ মালিক হৈছে বহিঃৰাজ্যৰ।
এটা দিনত ১০০০-১৫০০খন পাণ বিক্ৰী হোৱা এই দোকান বোৰত মাহিলী উপাৰ্জন কেইবালাখ টকা। সাধাৰণভাৱেই হিচাপ কৰিলে দেখিব এই পাণ দোকানবোৰ উপাৰ্জন অতি কমও মাহিলী ৫-৬লাখ টকা।পাণ দোকানৰ এই লাভ কথা প্ৰথম অৱস্থাত অসমীয়া মানুহে তলকিব পৰা নাছিল যদিও শেহতীয়াকৈ অসমৰ চুকে-কোণে অধিক এনে পাণ দোকান গঢ় লৈ উঠিছে। কিন্তু সামগ্ৰিক ভাৱে আজিও বহিঃৰাজ্যৰ এই পাণদোকান বোৰৰে জনপ্ৰিয়তা বেছি।
এইক্ষেত্ৰখনত বহিঃৰাজ্যৰ ব্যৱসায়ীৰ দখল থকাৰ মাজতো গুৱাহাটীৰ দৰে চহৰত সফল একোগৰাকী ব্যৱসায়ী ৰূপে নিজকে প্ৰতিষ্ঠা কৰিছে দুই অসমীয়া যুৱকে। তেওঁলোক হৈছে, শিৱসাগৰৰ সোণাৰিৰ প্ৰণৱ গগৈ আৰু গুৱাহাটীৰ চানমাৰিৰ কুনাল কাশ্যপ।
প্ৰথমে কওঁ, শিৱসাগৰৰ সোণাৰিৰ প্ৰণৱ গগৈৰ কথা। প্ৰণৱ গগৈৰ পাণ দোকান আছে গুৱাহাটীৰ লখৰাত। পাণ খাই ভালপোৱা লোকসকলক প্ৰণৱৰ বাবা পাণ ভাণ্ডাৰ দোকানখনৰ কথা নতুনকৈ কব নালাগে। উতকৃষ্ট মানৰ পাণ গ্ৰাহকক যোগান ধৰাৰ বাবেই প্ৰণৱে দোপত দোপে উন্নতি লাভ কৰিছে এই ক্ষেত্ৰখনত।
১৯৯৮চনত এটা চাকৰি বিচাৰি প্ৰণৱ আহিছিল গুৱাহাটীলৈ। কিন্তু চাকৰিৰ সলনি নিজে কিবা এটা কৰাৰ কথা ভাৱি গুৱাহাটীৰে বহিৰাজ্যৰ মালিকাধীন এখন পাণদোকানত কাম কৰিছিল। তাৰ ছমাহৰ পাছতে নিজেই এখন পাণ দোকান খুলিলে প্ৰণৱে। তেতিয়াৰ পৰা আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই প্ৰণৱে।
লখৰাত প্ৰণৱৰ পাণ দোকানখন সৰু হলেও এতিয়া লাখৰ ঘৰত উপাৰ্জন। নিজৰ পৰিয়ালৰ লগতে আই কেইবাজনো যুৱকক সংস্থাপনো দিছে প্ৰণৱে। পাণ দোকান দি গুৱাহাটীত ঘৰ মাটি কিনাৰ কথাও আমাৰ আগত গৌৰৱেৰে কলে প্ৰণৱ গগৈৱে। অসমীয়া সকলো ডেকাক কামলৈ লাজ নকৰি কেৱল মাত্ৰ কাম কৰিবলৈ আহ্বান জনালে প্ৰণৱে।
প্ৰণৱ দৰেই আনগৰাকী যুৱক হৈছে কুনাল কাশ্যপ। কুনালৰ ঘৰ গুৱাহাটীতে, আগত ইতিমধ্যে এই কথা উল্লেখ কৰা হৈছে। উচ্চ শিক্ষিত প্ৰণৱে চৰকাৰী চাকৰিলৈ বাট নাচাই ২০১৭ৰ শেষৰফালে আৰম্ভ কৰিছিল ৰিহাবাৰীত এখন পাণৰ দোকান। একাগ্ৰতা আৰু নিষ্ঠাৰে কাম কৰি যোৱা ফল অতি কম সময়ৰ ভিতৰতে লাভ কৰিছে কুনালে।
ৰিহাবাৰীত কুনালৰ 'পাণ বনাৰসৱালা' দোকানখনত সন্ধিয়া হলেই অসংখ্য লোকৰ ভিৰ হয়। নানা ধৰণৰ পাণ বিক্ৰী কৰে কুনালে। কিছু পাণৰ মূল্য হাজাৰ টকাৰো অধিক। অসমীয়া লৰা হিচাপে ব্যৱসায়ত কুনালৰ এই উত্থানক লৈ সকলো গ্ৰাহকে প্ৰশংসা কৰা কথাও কুনালে আমাক কলে।
কুনালৰ এতিয়া মাহিলী উপাৰ্জন লক্ষাধিক টকা। কেইবাজনো অসমীয়া যুৱকক সংস্থাপনো দিছো কুনালে। কুনালে কলে, অসমীয়া বুলি কেৱল কলেই নহব। অসমত অসমীয়াৰ মুৰ দাঙি থিয় দিবলৈ কৰ্ম আন্দোলনো সমান্তৰালভাৱে চলাউই নিব লাগিব।
এনেদৰেই এই দুগৰাকী অসমীয়া যুৱকে সততা, একাগ্ৰতাৰে কৰি গৈছে কাম। ভৱিষ্যতে বহিঃৰাজ্যৰ বণিয়াৰ হাতৰ পৰা নৱপ্ৰজন্মই অৰ্থনীতি কাঢ়ি আনিব বুলিও আশাবাদী তেওঁলোক। কামৰ সৰু বৰ বিচাৰ নকৰি কামক কাম বুলি বিচাৰ কৰা যুৱকদুজনলৈ আমাৰ তৰফৰ পৰাও থাকিল অলেখ শুভকামনা।