/asomiyapratidin/media/media_files/2025/06/29/ap-bikhekh-lekha-jnb-2025-06-29-10-34-36.jpg)
মৃদুল কুমাৰ সন্দিকৈ
তিনি বন্ধুৱে মিলি এখন সংহত কৃষি পামৰ সপোন দেখিছিল। বিজ্ঞানসন্মত আৰু মনে বিচৰা ধৰণে এনে এখন ফাৰ্ম প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকৰ হাতত কোটি কোটি টকা নাছিল যদিও, মনত আছিল প্ৰৱল ইচ্ছা।
তাৰে এজন বন্ধুৱে ঘৰত সৰুকৈ আৰম্ভ কৰিছিল মৎস্য উতপাদন। সেই সময়তে তেওঁলোকে খবৰ পাইছিল ৰঙিয়াৰ কুমতিবাৰীত এখন বৃহৎ কৃষিফাৰ্ম আছে, যিখন মালিকে চলাব পৰা নাই। উপযুক্ত তদাৰকৰ অভাৱ সেই ফাৰ্মখনত, কিন্তু সম্ভাৱনা বহুত আছিল।
এদিন সেই ফাৰ্মখনৰ মালিকৰ সৈতে পৰিচয় হৈছিল এই তিনিজন বন্ধুৰ মাজৰ এজনৰ সৈতে। ফাৰ্মখনৰ মালিকৰ নাম আছিল অজিত বৈশ্য। বৈশ্যৰ সৈতে তেওঁলোকৰ কথা হ’ল। তিনি বন্ধুৰ আগ্ৰহ দেখি বৈশ্য মান্তি হ’ল তেওঁলোকক সেই ফাৰ্মখন লীজত বা বিক্ৰী কৰিবলৈ।
অজিত বৈশ্যৰ গুৱাহাটীৰ ঘৰলৈ আহি কথা হ’ল। চুক্তি অনুসৰি এই তিনি বন্ধুৱে ফাৰ্মখনৰ দায়িত্ব ল’লে। ঘৰৰ চকী-মেজ আনি ফাৰ্মত সোমোৱালে। লাগি গ’ল নতুন উদ্যমেৰে কামত। ফাৰ্মখনৰ বাবদ তেওঁলোকে ২কোটি টকা দিয়াৰ কথা আছিল অজিত বৈশ্যক। একেলগে নহয়, সেই ধন পৰ্যায়ক্ৰমে দিয়াৰ সিদ্ধান্ত লৈছিল।
কথাবোৰ কৈ গৈছিল সেই তিনিগৰাকী বন্ধুৰ মাজৰ এগৰাকীয়ে। দ্ৰুতগতিত চলিল ফাৰ্মৰ কাম। তিনি বন্ধুৱে যেনেকৈ পাৰে ফাৰ্মত ধন বিনিয়োগ কৰিলে। ফাৰ্মখনৰ আন্তঃগাথনি তৈয়াৰ কৰোতেই তেওঁলোকৰ বহু টকা ব্যয় হৈছিল।
মাটি আছিল ১০৭বিঘা। হাবি-জংঘলেৰে ভৰি থকা ফাৰ্মখন চাফা কৰা হ’ল। ২০১৬চনৰ ১৭ ফেব্ৰুৱাৰী আছিল সেই দিনটো। চুক্তি হৈছিল সেইদিনা। ২৫বছৰৰ বাবে লীজত দিয়া হৈছিল ফাৰ্মখন। তিনি বন্ধুৰ নাম আছিল ক্ৰমে- জেহিৰুল ইছলাম, নিপন ভূঞা আৰু বিতুমণি দেৱী।
সেয়েহে তেওঁলোকে ফাৰ্মখনৰ নামাকৰণ কৰিছিল- জে এন বি একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড বুলি। ফাৰ্মখনত কৰিব পৰা সকলো খেতি, পশু-পালন কৰিছিল তেওঁলোকে। ফাৰ্মখনৰ ডিপিআৰ প্ৰস্তুত কৰি দিছিল কাহিঁকুছি কৃষি গৱেষণা কেন্দ্ৰৰ কৃষি বিজ্ঞানী প্ৰদীপ মহন্ত আৰু শৰৎ শইকীয়াই।
ফাৰ্মখনলৈ অনা হৈছিল ব্ৰয়লাৰ পোৱালি, হাঁহ, ৫০টা গৰু, ছাগলী ইত্যাদি। ফাৰ্মখনৰ উন্নয়নৰ বাবে এপেক্স বেংকৰ ৰঙিয়া শাখাৰ পৰা ঋণ লৈছিল তিনি বন্ধুৱে। এজন বন্ধুৰ ঘৰ-মাটি বন্ধকত থৈছিল বেংকত।
২.৫৬কোটি টকা ঋণ লৈ আৰম্ভ কৰিছিল নতুন নতুন খেতি আৰু মৎস্য উতপাদনৰ প্ৰকল্প। ভাৱিছিল এই ফাৰ্মত উতপাদন হোৱা হাহঁ-কুকুৰা, কণী, ছাগলী, মাছেৰে থলুৱা বজাৰখন দখল কৰিব।
এবাৰ একে দিনাই ৮০০ হাঁহ মৰিল। গাই গৰু কেইজনীও বেমাৰত পৰিল। গাখীৰ সলনি তেজ ওলাল! তথাপিও আশা এৰি নিদিলে। এইসকলোবোৰ পশুপালন আৰু কৃষিকৰ্মৰ বাবে তেওঁলোকে বীমা কৰিছিল। এনে পৰিস্থিতিত তেওঁলোকে বীমাৰ পৰা কিছু ধন পাই নেকি বুলি অফিচে অফিচে ঘূৰিছিল।
নাই! কোনো সহাঁৰি নাপালে। চৰকাৰী আঁচনি কিবা সাহায্য পোৱাৰ আশাতো তেওঁলোক বন্দী হৈ আছিল। সেয়াও তেওঁলোকৰ ভাগ্যত নিমিলিল। ঋণ লোৱা কিছু ধন তেওঁলোকে কৃষি ফাৰ্মখনৰ মূল গৰাকীক দিছিল। বাকী ধন বিনিয়োগ কৰিছিল ফাৰ্মখনত।
কেইবাটাও পুখুৰী খান্দিছিল। প্ৰায় ১লাখ লিটাৰ পানী ভৰ্তি মাছৰ পোনা উৎপাদন কেন্দ্ৰ এটা নিৰ্মাণ কৰিছিল। অমিতাৰ পৰা আৰম্ভ কৰি আন শাক-পাচলি আৰু ৰজনীগন্ধা ফুলৰ লৈকে খেতি কৰিছিল। ফাৰ্মখনত প্ৰয়োজন হোৱা ধন দিবলৈ এগৰাকী বন্ধুৱে পৈতিক সম্পত্তি ৰূপে পোৱা ১৬বিঘা মাটি বিক্ৰী কৰি দিছিল।
লাভৰ মুখ নেদেখিলে তিনি বন্ধুৱে। কিন্তু সংগ্ৰাম কৰিলে বহুত। ৰঙিয়া এপেক্স বেংকৰ শাখাৰ পৰা লোৱাৰ পৰা ঋণৰ মাহেকীয়া কিস্তি দিব নোৱাৰা হ’ল। গুৱাহাটীৰ পৰা ঋণৰ কিস্তি বিচাৰি সেই সময়ৰ এপেক্স বেংকৰ এম ডিৰ ফোন অহা হ’ল।
তিনি বন্ধুৱে সিদ্ধান্ত ল’লে তেওঁলোকৰে ঘনিষ্ঠ এগৰাকী মন্ত্ৰীক এই ফাৰ্মখনত কিছু ধন বিনিয়োগৰ বাবে ক’ব। ৰাজনৈতিকভাৱে সুসম্পৰ্ক থকা মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ প্ৰস্তাৱ নুই কৰিলে। ক’লে- প্ৰয়োজনত তেওঁ ফাৰ্মখন কিনি ল’ব।
অৱশেষত সেয়াই হ’ল। সেই ফাৰ্মখনৰ বাবদ তেওঁ ৩ বন্ধুক কি দিব লাগে নুসুধিলে। তাৰে এজন আছিল তেওঁৰ অতিকৈ ঘনিষ্ঠ। তেওঁক ক’লে- মোৰ টিহুত থকা ইটা ভাঁটাটো বিক্ৰী কৰাৰ ব্যৱস্থা কৰ। তাৰ পৰা কি আহে, তহঁতি মিলাই ল’বি। আৰু বাকী এপেক্স বেংকৰ ঋণটো মই মাৰি ল’ম।‘
মন্ত্ৰীয়ে এনেদৰে নিৰ্দেশ দিয়া সেই বন্ধুজনৰ নাম আছিল জেহিৰুল। তাৰ পাছত কি হ’ল বাকী দুজন বন্ধুৱে বৰ বিশেষ নাজানে। কেৱল জানে, এপেক্স বেংকৰ ঋণটো মৰিল। নিপনে কিছু টকা পালে, যি টকা তেওঁ মাটি বিক্ৰী কৰি ব্যয় কৰিছিল ফাৰ্মখনত।
মূল ফাৰ্মৰ মালিকৰ সৈতে হয়তো দাম-দৰ চলিল। মন্ত্ৰী পত্নী সেই ফাৰ্মৰ এম ডি হ’ল। ৯৮শতাংশ শ্বেয়াৰ তেওঁৰ নামত থাকিল। পৰৱৰ্তী সময়ত ১শতাংশ শ্বেয়াৰেৰে জেহিৰুলকো ব্যৱসায়িক সহযোগী কৰি এই ফাৰ্মখনৰ সঞ্চালক পাতিলে। লাহেকৈ কন্যাও হৈ পৰিল এই ফাৰ্মখনৰ অন্যতম সঞ্চালক।
নামটো পূৰ্বে জে এন বি আছিল, নতুনকৈ এই মন্ত্ৰীজনে দায়িত্ব লোৱাৰ পাছত নিজৰ নামেৰে N ৰ ঠাইত M কৰি জে এম বি একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড কৰিলে। মন্ত্ৰীয়ে ফাৰ্ম লোৱাৰ পাছত চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে এক প্ৰকাৰে বাহৰ পাতি ল’লে এই ফাৰ্মত।
সুযোগৰ সদব্যৱহাৰ কৰি এনেকৈয়ে এগৰাকী মন্ত্ৰীয়ে কেইবাশ কোটিটকীয়া এখন ফাৰ্মৰ গৰাকী হৈ পৰিল। অতি কষ্টৰে জেপৰ ধন ভাঙি এই ফাৰ্মখন গঢ়া সপোন দেখা সকলৰ ভিতৰত দুজনেই এতিয়া ফাৰ্মখনৰ সৈতে জড়িত নাই।
তেওঁলোকৰ মনত হয়তো সেই পুৰণি দিনবোৰৰ কষ্ট কৰা অভিজ্ঞতা আজি সজীৱ কৰি তুলিছে ফাৰ্মখনৰ কেন্দ্ৰিক এই খবৰবোৰে। ইয়াৰ পাছত আৰু ক’বলৈ কি বাকী থাকিল? দম্ভালি মৰা সেই মন্ত্ৰীজনে তেওঁৰ অতিকৈ ঘনিষ্ঠ সকলৰ পৰাই একপ্ৰকাৰে সুযোগ গ্ৰহণ কৰি এই ফাৰ্মখন কাঢ়ি ল’লে।
বিপদৰ সময়ত সহায় কৰাৰ সলনি, চৰকাৰী আঁচনি বা ৰাজসাহায্যৰ ব্যৱস্থা কৰি নিদি নিজৰ মানুহক মালিক পাতি এতিয়া সেই ৰাজসাহায্য আৰু আচঁনি ভোগ কৰি ধন্য হৈছে। আৰু এইবোৰ মানুহেই সততা, নিষ্ঠা তথা কৃষকৰ প্ৰতি চিন্তা কৰা বুলি বৰ বৰ কথা ক’লে হজম কৰিব জানো পাৰি...