/asomiyapratidin/media/media_files/2025/05/07/aaCNlWPjHq2qkwoLEyUQ.png)
মৃদুল কুমাৰ সন্দিকৈ
কুকুৰৰ নেজ মাটিত পুতি থলেও চিধা নহয়! সেই একেষাৰ কথাই পাকিস্তানৰ ক্ষেত্ৰত খাটে। কিমানবাৰ ভাৰতে পাকিস্তানক শিক্ষা দিলে তাৰ হিচাপ নাই। পূব পাকিস্তান যুদ্ধত পাক সেনাৰ নিলৰ্জ্জ আত্মসমপৰ্ণ, কাৰ্গিলত শোচনীয় পৰাজয় আদিৰ পৰাও পাকিস্তানে শিক্ষা নল'লে।
পাকিস্তানৰ বাবে সৌভাগ্য যে, তেওঁলোকৰ এনে আচৰণ বাৰে বাৰে সহ্য কৰি ভাৰতে এক দায়িত্বশীল চুবুৰীয়াৰ পৰিচয় দি আহিছে। কিন্তু পাকিস্তানে এনে কিছু কাম কৰে যে, ভাৰতে তাৰ উচিত প্ৰত্যত্তৰ দিবলৈ বাধ্য হয়।
পেহেলগাম কাণ্ডৰ পাছত সেই প্ৰত্যুত্তৰ দিবলৈ ভাৰতে অপাৰেচন সিন্দুৰ কথা ভাৱিব লগা হল। পাক সেনা তথা সাধাৰণ জনতাক লক্ষ্য কৰি নোলোৱাকৈ সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতীয় সেনাই কৰিলে এই মোক্ষম আঘাত।
যুদ্ধ ভাৰতে নিবিচাৰে! কিয়নো ভাৰতে ভালকৈ জানে পাকিস্তানৰ দৰে ভাৰত নহয়। যিখন দেশৰ ভৱিষ্যতেই নাই, বিধ্বংস্ত যত বৰ্তমান, সেইখন দেশেৰে যুদ্ধ কৰি ভাৰতে শক্তি অপব্যয় কৰিব নোখোজে। সেয়েহে অতি সাৱধানে, সুপৰিকল্পিতভাৱে নতুন দিল্লীয়ে পাকিস্তানক শিক্ষা দিবলৈ এই ৰণনীতি প্ৰস্তুত কৰিব লগা হৈছিল।
বিশ্ব সমুদায়ৰ হাতত তুলি দিছিল বিশ্বাসঘাটক পাকিস্তানৰ স্বৰূপ। পেহেলগাম কাণ্ডৰ ১৫দিনৰ অন্তত মাজনিশা গৰজি উঠিল ভাৰতৰ মিছাইল। লক্ষ্য কোনো নিৰপৰাধী নাছিল। বাৰে বাৰে ভাৰত ব্যতিব্যস্ত কৰি তোলা সেইসকল সন্ত্ৰাসবাদী আৰু সিহতৰ ঘাটিবোৰ ভাৰতৰ মিছাইলৰ আঘাতত ধূলি হৈ পৰিছিল।
এইয়াইতো ভাৰতৰ শক্তি। খবৰ আহিল জেঈছ ই লস্কৰী তৈইবাৰ নেতা মাছুদ আজাহাৰ ৰণত পৰিল। পৰিয়ালৰ ১৪জনকৈ লোক এই আক্ৰমণত নিহত হ'ল। যিসকল সন্ত্ৰাসবাদীয়ে ভাৰতীয় নাৰী কপাঁলৰ সেন্দুৰ মচিছিল, সেইসকলৰ সন্ত্ৰাসবাদীৰ ৰক্তৰে অকাঁ হ'ল বিজয় তিলক।
তাৰ পাছত কম্পমান ইছলামাবাদ। সৰ্তকবাণী আহিল পাকিস্তানলৈ আমেৰিকাৰ পৰা। ৰাষ্ট্ৰ সংঘৰ সচিব প্ৰধানেও পৰোক্ষভাৱে পাকিস্তানকে সংযত হোৱাৰ পৰামৰ্শ দিলে। চতুৰ চীনে নীৰৱতা অৱলম্বন কৰি শান্তি বিৰাজ কৰাৰ আহ্বান জনালে।
ইজৰাইলে সন্ত্ৰাসবাদ দমনৰ ভাৰতৰ এই পদক্ষেপক মুকলিকৈ সমৰ্থন দিলে। ৰাছিয়া আগৰ পৰাই আছিল ভাৰতৰ সৈতে। বিপদৰ সময়ত উদাৰ নীতি গ্ৰহণ কৰি যি তুৰস্কক ভাৰতে সকলো ধৰণৰ সহায় আগবঢ়াইছিল,সেই তুৰস্কই কিন্তু পাকিস্তানৰ পক্ষত থিয় দি শত্ৰু দেশখনলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিলে।
ভাৰতে যুদ্ধ নিবিচাৰে। পাকিস্তানৰ ফিল্ডত বল এৰি দি নতুন দিল্লীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে যুদ্ধ হবনে নহয়, সেই সিদ্ধান্ত পাকিস্তানে লব লাগিব। ২৫মিনিটৰ এয়াৰ ষ্ট্ৰাইকৰ পাছত ইছলামাবাদে ভাৰতক প্ৰত্যাক্ৰমণ কৰাৰ কোনো সবল যুক্তি দাঙি ধৰিব নোৱাৰিলে।
এই যুঁজতো পৰাস্ত হল পাকিস্তান! পাক প্ৰধানমন্ত্ৰীয়ে হুমকি দিছিল- ভাৰতে ক্ষন্তেকীয়া যি সুখ এই আক্ৰমণৰ জৰিয়তে লাভ কৰিছে,সেই সুখ দীৰ্ঘকালৰ দুখলৈ ৰূপান্তৰ হব। এনে ভাবুকিলৈ ভাৰতে ভয় নকৰে। পাক প্ৰতিৰক্ষা মন্ত্ৰীয়েও নিজ দেশৰে প্ৰধানমন্ত্ৰীৰ বিপৰীতে মন্তব্য কৰিলে ভাৰতক আক্ৰমণ নকৰে পাকিস্তানে।
পাক প্ৰতিৰক্ষা মন্ত্ৰীৰ এনে মন্তব্যই দেশখনৰ আনুষ্ঠানিক সিদ্ধান্ত বুলি মানি লব নোৱাৰি। হব পাৰে এয়াও এক ভাৰতৰ দৰেই পাকিস্তানৰ ৰণকৌশল। কিয়নো যুদ্ধৰ আখৰাৰ বাবে দেশবাসীক সাজু কৰি তাৰ পূৰ্বেই পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলাই ভাৰতে যুদ্ধ দাদামা বজাই দিছিল।
দুগৰাকী মহিলা সেনা বিষয়াৰ জৰিয়তে তাৰ পাছত পাকিস্তানলৈ কঠোৰ বাৰ্তা নিক্ষেপ কৰিছিল নতুন দিল্লীয়ে। অপাৰেচন সিন্দুৰৰ সবিশেষ দুই সাহসী নাৰীৰ জৰিয়তে বিশ্ববাসীকো জনাইছে। কৰ্ণেল ছুফিয়া কুৰেশ্বী আৰু উইং কামাণ্ডাৰ ভূমিকা সিঙে বাখ্যা কৰিছিল কেনেদৰে এই অভিযান সফল কৰি তোলা হৈছিল।
যুদ্ধই সমস্যাৰ সমাধান নকৰে। কিন্তু বিশেষ পৰিস্থিতিত যুদ্ধই সেই সমস্যা সমাধানৰ বাবে পৰিৱেশ ৰচনা কৰে। সেয়েহে অনিচ্ছাকৃতভাৱেও ভাৰতে পাকিস্তানৰ বিৰুদ্ধে এই স্থিতি লব লগা হৈছে। সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ স্বাৰ্থত সন্ত্ৰাসবাদ আশ্ৰয় আৰু পৃষ্ঠপোষকতা কৰা সকলক বুজাই দিব লগা হৈছে ভাৰতৰ সৈতে ল'ৰা ধেমালি কৰিলে পৰিস্থিতি বিষম হ'ব।