ৰঙে-ৰূপে একাকাৰ…

ফাকুৱা মানে  ৰং, তামাচা, সুৰা, সুন্দৰী আৰু ৰেইন ডান্স  নহয়। ফাকুৱা মানে কেৱল উন্মাদনা বা উশৃংখলা নহয়।  ফাকুৱাৰ সৈতে জড়িত হৈ আছে আধ্যাত্মিক চিন্তা, চেতনা। ফাকুৱাই দিয়ে মিলন আৰু ভাতৃত্ববোধৰ বাৰ্তা।

New Update
sssssssssssss

ডিম্পুল বৰগোহাঁই

Advertisment

ফাকুৱা মানে  ৰং, তামাচা, সুৰা, সুন্দৰী আৰু ৰেইন ডান্স  নহয়। ফাকুৱা মানে কেৱল উন্মাদনা বা উশৃংখলা নহয়।  ফাকুৱাৰ সৈতে জড়িত হৈ আছে আধ্যাত্মিক চিন্তা, চেতনা। ফাকুৱাই দিয়ে মিলন আৰু ভাতৃত্ববোধৰ বাৰ্তা। ফাকুৱাৰ সৈতে জড়িত হৈ আছে চহকী সংস্কৃতি। প্ৰকৃতিৰ নান্দনিক সৌন্দৰ্যৰ মাজেৰে ঋতু পৰিৱৰ্তনৰ সময়চোৱাত উদযাপিত ফাকুৱাৰ সৈতে জড়িত হৈ আছে ভাৰতীয় আধ্যাত্মিক সংস্কৃতি।

ফাকুৱা বা দৌল উৎসৱৰ জৰিয়তে শ্ৰীকৃষ্ণৰ মহত্ব আৰু কৃষ্ণ সংস্কৃতিৰ বৰ্হি প্ৰকাশ ঘটে। কৃষ্ণভক্তি প্ৰকাশ আৰু জগতৰ কল্যাণৰ হেতু এই উৎসৱ পালন কৰি অহা বুলি জানিব পৰা যায়। অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জন্মস্থান বৰদোৱাত প্ৰথমে এই উৎসৱৰ আৰম্ভণি কৰিছিল।

পৰম্পৰা অনুসৰি শীতজৰ্জৰ মধ্য এছিয়াৰ পৰা প্ৰবজিত হৈ আৰ্য্যসকলে হিন্দুকুশ পৰ্বত পাৰ হৈ ভাৰতৰ সিন্ধু উপত্যকাত প্ৰবেশ কৰিছিল। যেতিয়া শীত ঋতুৱে বিদায় লৈ বসন্তৰ আগমন ঘটে তেতিয়া তেওলোকে মহা আনন্দৰে ঋতুৰাজ বসন্তক আদৰি উৎসৱ পাতিছিল। শীতৰ প্ৰতীকৰূপে ভেড়াৰ মূৰ্তি সাজি তাৰ ওপৰত বুঢ়া-বুঢ়ীৰ মূৰ্তি দুটা ভেড়াৰ নোমেৰে তৈয়াৰী কাপোৰেৰে মেৰিয়াই দিছিল। আৰ্য্যসকলে মৃত্যুদণ্ড দিছিল গ্ৰীস্মৰ আগমনৰ বাৰ্তাবাহক তথা কৰ্মপ্ৰেৰনা যোগোৱা বসন্তক আদৰিবলৈ বুলি এঠাইত একত্ৰিত হৈ মুৰ্তিকেইটা অগ্নিত দাহ কৰি জাৰ পুৰিছিল। সেই সময়ৰ পৰাই ফল্গুৎসৱ পালন কৰি অহা হৈছে বুলি জনবিশ্বাস আছে।

ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে জড়িত হৈ আছে বহুতো পৌৰাণিক আখ্যান৷ পৌৰাণিক আখ্যান মতে, হিৰণ্য কশিপুয়ে পুত্ৰ প্ৰহ্লাদক হত্যাৰ বাবে কন্যা হোলীকাক নিৰ্দেশ দিছিল। কিন্তু হোলীকাই যেতিয়া নিজৰ গাত জুই লগাই প্ৰহ্লাদক হত্যাৰ চেষ্টা চলায়, তেতিয়া নিজেই মৃত্যুমুখত পৰে। মৃত্যুৰ পূৰ্বে হোলীকাই নিজৰ ভুলৰ কথা বুজি উঠি প্ৰহ্লাদৰ ওচৰত ক্ষমা বিচাৰে। প্ৰহ্লাদে তেতিয়া হোলীকাৰ মূৰ চুই বছৰত অন্ততঃ এবাৰ মানুহে হোলীকাক মনত পেলাব বুলি বৰ দান কৰে। আখ্যান অনুসৰি হোলীকাৰ এই নামৰ পৰাই হোলীৰ উৎপত্তি হৈছে। আৰু সেই অনুপাতে আজিও বছৰত এবাৰ হোলী পালন কৰি অহা হৈছে।

সত্যৰ জয়, ভুলৰ অৱসান, এয়াই ফাকুৱাৰ মূল উদ্দেশ্য। ৰঙৰ আবিৰেৰে ৰঙীয়াই তুলি ভুলবোৰ মচি পেলোৱাৰ বাবেই পালন কৰা হয় ফাকুৱা। ভাৰতৰ বিভিন্ন প্ৰান্তত ফাকুৱা উৎসৱ পালন কৰাৰ প্ৰথা বেলেগ বেলেগ। কোনো ঠাইত ফল্গুৎসৱৰ আগনিশা মেজি সজা হয়। কোনো কোনো ঠাইত, বিশেষকৈ দক্ষিণ ভাৰতত ইজনে সিজনৰ ফাকুৰ ৰঙ সনাৰ আগদিনা হোলীকাক দাহ কৰাৰ প্ৰথা আজিও চলি আহিছে।

দৌলোৎসৱৰ সৈতে ফাকুৱাৰ আছে এক এৰাব নোৱাৰা সম্পৰ্ক। বৈষ্ণৱ বিশ্বাস অনুসৰি, ফাগুন মাহৰ পূৰ্ণিমা তিথিতি শ্ৰী কৃষ্ণই গোপী সকলৰ সৈতে বৃন্দাবনত ৰঙৰ খেলা খেলিছিল। তাৰ পৰাই দৌলোৎসৱৰৰ উৎপত্তি হয়। আনহাতে ফাগুনৰ মাহৰ পূৰ্ণিমা তিথিটোত শ্ৰীকৃষ্ণই গোপী সকলৰ সৈতে এই খেলা কৰাৰ বাবে সেই পূৰ্ণিমা তিথিটোক দৌল পূৰ্ণিমা বা ফল্গু পূৰ্ণিমা বুলিও কোৱা হয়।

উচ্চ স্বৰত বলিউডী গান বজাই উদ্দাম নৃত্য কৰাৰ মাজতে এই চামৰ ফাকুৱা কেন্দ্ৰিভূত হৈ আছে। এই অপসংস্কৃতি লাহে লাহে চহৰৰ পৰা গ্ৰামাঞ্চললৈও শিপাইছে। অথচ দুখনমান সত্ৰ আৰু নামঘৰতে আৱদ্ধ হৈ আছে আমাৰ চহকী হোলী গীতসমূহ।

মহাপুৰুষ শংকৰ, মাধৱৰ বহু কেইটা বৰগীত, কীৰ্ত্তন ঘোষা, নাম ঘোষাৰ পদ ব্যৱহাৰ কৰি হোলী গীত গোৱাৰ নিয়ম আছে। কালক্ৰমত ফাকুৱাক কেন্দ্ৰ কৰি বহু কবি, গীতিকাৰে হোলী গীত ৰচনা কৰিছে।

সেইবোৰে জনপ্ৰিয়তাও লাভ কৰিছিল। ঢুলুক, পাতিতাল, খুঁটিতাল আদি ব্যৱহাৰ কৰি জাউৰীয়ে জাউৰীয়ে গোৱা হোলী গীতৰ মাদকতা কিমান সেয়া এবাৰ স্বচক্ষে প্ৰত্যক্ষ কৰি নুশুনিলে উপলব্ধি কৰিব নোৱাৰি।

হোলী গীতত নাই কি? প্ৰকৃতি, ঋতু, প্ৰেম, বিৰহ সকলো আছে। অসম কেশৰীৰ বাসন্তী গীতত আছে – ‘’এনুৱা বসন্তে/প্ৰাণ ক’লে উৰি যোৱা/ ক’লে উৰি যোৱা প্ৰাণ/ মলয়া বতাহে/ হাঁহিছে প্ৰকৃতি চোৱা/ কি প্ৰেমে মাতোৱাল/ যৌৱনৰ প্ৰেম উন্মাদে/ মাতোৱাল পৰাণ।‘’

কেৱল অসমীয়া বা ব্ৰজাবুলি ভাষাতে নহয়, বিভিন্ন ভাষাত হোলী গীতৰ প্ৰচলন আছে। হোলীৰ পৰম্পৰা আজিও সেই একেদৰেই অক্ষুণ্ণ আছে। অৱশ্যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে হোলীৰ উদযাপনৰ মাজতো সৃষ্টি হৈছে ভাল-বেয়াৰ দিশ। হোলীৰ সময়ত গাত লগোৱা ফাকু ৰঙে বৰ্তমান বহু সময়তে ক্ষতিকাৰক হৈ পৰিছে। তাৰ উপৰিও আন একাংশই হোলীত পশ্চিমীয়া ৰং ঢালিবলৈ গৈ প্ৰকৃত পৰম্পৰাটোৰ ক্ষতিসাধনো নকৰা নহয়।

সেয়া যিয়েই নহওক, হোলীৰ উদ্দেশ্য সমাজৰ ভুল বোৰ আতৰাই নিকা আৰু প্ৰফুল্লিত মন গঢ়া। শীত পাৰ হৈ বসন্তৰ দুৱাৰ মুখত এক ন উদ্যম প্ৰদানৰ কাৰক হৈ আহিছে এই হোলী। হোলীৰ মাদকতাই সুকীয়া। জাতি, বৰ্ণ নিৰ্বিশেষে এই উৎসৱটোৱে সদায় সকলোকে একত্ৰিত কৰি আহিছে।

বিভিন্ন ধৰ্মৰ লোকে ইতিমধ্যে ধৰ্মীয় উদাৰতা দেখুৱাই এই উৎসৱত একাত্ম হোৱা পৰিলক্ষিত হৈছে। আমাৰ নতুন প্ৰজন্মই অধিক প্ৰাধান্য দিয়া বলিউডী সংস্কৃতিৰ ধ্বজ্জাবাহক অভিনেতা, অভিনেত্ৰীসকলকেই নাচায় কিয়?

ধৰ্মীয় পৰিচয়ৰ উৰ্ধত গৈ সকলো এই উৎসৱৰ সৈতে একাত্ম হৈছে। তাৰ পাচতো কিয় ৰাজপথত কাৰোবাক ধৰি গাত পানী ঢালি দিয়া হৈছে? ক'লা ৰং সানি দিয়া হৈছে? এনে কৰিলে থাকিবনে ফাকুৱাই সুদৃঢ় কৰা সম্প্ৰীতিৰ এনাজৰীদাল?

এইবোৰ দিশ অনুধাৱন কৰাৰ সময় এয়া। সংস্কৃতি এক বোৱতী নৈৰ দৰে। ইয়ালৈ পৰিৱৰ্তন আহিব। এনে পৰিৱৰ্তনক বাধা দিয়াটো সম্ভৱো নহয়। কিন্তু এই পৰিৱৰ্তনে যাতে শিপাৰ ক্ষতি নকৰে সেই কথা সকলোৱেই বুজি পাব লাগিব।

হোলী গীত