দুষ্টবোৰ ক’ৰবাৰ...

পাকিস্তান! শুনিলেই বিৰাগ জন্মা এটা শব্দ। সেই বৈৰী দেশখনৰ এজেন্ট হৈ অসম মূলুকত কোনোবা এজন সাধাৰণ ব্যক্তিও যদি থাকে, তেওঁক কোনেও সহ্য কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি আনুষ্ঠানিকভাৱে এগৰাকী সাংসদ আৰু তেওঁৰ বিদেশী পত্নী

author-image
Asomiya Pratidin
New Update
bcc4bb9d-264a-44ca-b67a-c1d56518caa2

মৃদুল কুমাৰ সন্দিকৈ

পাকিস্তান! শুনিলেই বিৰাগ জন্মা এটা শব্দ। সেই বৈৰী দেশখনৰ এজেন্ট হৈ অসম মূলুকত কোনোবা এজন সাধাৰণ ব্যক্তিও যদি থাকে, তেওঁক কোনেও সহ্য কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি আনুষ্ঠানিকভাৱে এগৰাকী সাংসদ আৰু তেওঁৰ বিদেশী পত্নী পাকিস্তান কানেকশ্যনৰ কথা ৰাজহুৱা কৰাৰ পাছত অসমৰ ৰাইজে সহজভাৱে লোৱা নাই বিষয়টো। 

এয়া দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰে জড়িত অতি স্পৰ্শকাতৰ বিষয়। এয়া ৰাজনীতিৰ মুনাফা লুটিবলৈ খেলা পাকিস্তান-পাকিস্তান খেল নহয়। যদি সেয়া হৈছে, প্ৰমাণ আছে, তেনে এয়া দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰে জড়িত সংস্থা তথা চোৰাংচোৱা বিভাগ সমূহৰ বিফলতা।

এই নীৰৱতা আৰু নিষ্ক্ৰিয়তা কিয় সংস্থাসমূহৰ! কি কৰি আছে দিল্লীয়ে। দেশত মুকলিকৈ ঘূৰি আছে পাকিস্তানী এজেন্ট! পাকিস্তানী এজেন্ট ৰূপত গৌৰৱ গগৈক ড০ হিমন্ত বিশ্ব শৰ্মাই আৱিষ্কাৰ আৰু প্ৰতিষ্ঠা কৰাৰ পিছতো কিয় গ্ৰহণ কৰা হোৱা নাই আইনী ব্যৱস্থা। এতিয়া মূল বিষয় এইটোহে।

তাকেই নকৰি ৰাজনীতিকৰণৰ প্ৰয়াসেৰে গৌৰৱ বধৰ যিখন নাটক ৰাইজে দেখিছে, তাত বহুতে আশ্বস্ত হ’ব পৰা নাই। মানুহে চিধা প্ৰশ্ন আৰু স্পষ্ট উত্তৰ দুয়ো পক্ষৰ পৰাই বিচাৰে। বিশেষ তদন্তকাৰী গোট গঠনেৰে প্ৰতিবেদন প্ৰস্তুত কৰা হ’ল। 

গোপন আৰু স্পৰ্শকাতৰ সেই প্ৰতিবেদন সংবাদমেল পাতি ৰাজহুৱা কৰোতেই ৰাষ্ট্ৰৰ নিৰাপত্তাক লৈ উত্থাপিত প্ৰশ্নত কোন কিমান সচেতন তাৰ প্ৰমাণ পোৱা গ’ল। যেন বিষয়টো লঘূ কৰি দি ইয়াৰ আধাৰত ২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ বাবে ইয়াক এক অস্ত্ৰৰূপে গঢ়ি তুলিলে। 

যিখন ৰাজ্যত পাকিস্তান জিন্দাবাদ দিয়া, ফেচবুকত পাকিস্তানৰ কথা ভালকৈ কোৱা লোকক চোচঁৰাই জেললৈ প্ৰেৰণ কৰা হয়, সেইখন ৰাজ্যত খোদ মুখ্যমন্ত্ৰী গৰাকীয়ে কিয় কৰি আছে গৌৰৱ-পাকিস্তান নামৰ এই ল’ৰা ধেমালি?

১০ছেপ্টেম্বৰ, ২০২৫ৰ পৰা ৮ফেব্ৰুৱাৰী, ২০২৬লৈ প্ৰায় ৬মাহ কি কাৰণত এই গুৰুত্বপূৰ্ণ এছ আই টিৰ প্ৰতিবেদন ৰাখি থলে নিজৰ লগত। সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে। মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পাছত গৌৰৱ গগৈৰ সংবাদমেলত বিষয়টোক লৈ শুনা কথাবোৰৰ জটিলতা সাধাৰণ মানুহে অতিক্ৰম কৰিব নোৱাৰে।

মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পাছতেই দোষীৰ বিৰুদ্ধে অৰ্থাত গৌৰৱ গগৈৰ বিৰুদ্ধে শাস্তিৰ দাবীত ৰাজপথত মিচিল ওলাইছিল। সেই মিছিলৰ নেতৃত্ব দিছে বিজেপিৰ নেতা-মন্ত্ৰীয়ে। কিন্তু প্ৰকৃততে তেওঁলোকে কি উদঙাই দিলে। গৌৰৱ গগৈক অপ্ৰাসংগিক কৰি তুলিবলৈ গৈ অসমৰ ৰাজনীতিত অধিক প্ৰাসংগিক কৰি তুলিলে নেকি?

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ বল ঠেলি গৌৰৱ গগৈ আৰু পাকিস্তান ভ্ৰমণৰ তথ্যবোৰৰ আধাৰত মুখ্যমন্ত্ৰীয়ে দাবী কৰাৰ দৰেই সত্য তথ্য যদি আছে, সেই ভয়ংকৰ সত্যতাক প্ৰতিৰোধ কৰি দেশৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দায়িত্ব এতিয়া কাৰ?

দেখা পোৱা গৈছে সামাজিক মাধ্যমত সচাঁই-মিছাই বহু খবৰ বিয়পিছে। গৌৰৱ গগৈক পাকিস্তানী এজেন্ট সজাবলৈ এচামে যেনেকৈ উঠি-পৰি লাগিছে, আন এচামে তেওঁক সেই অভিযোগৰ পৰা মুক্ত কৰিবলৈ সামাজিক মাধ্যমত যুদ্ধংদেহী মনোভাৱ লৈছে।

দেখা পোৱা গৈছে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে মাত্ৰ যোৱা ১৮ঘন্টাত সকলো কাম এৰি সামাজিক মাধ্যমতে মনোনিৱেশ কৰিছে। এই সময়চোৱাত তেওঁ ফেচবুকত ১১টাকৈ পোষ্ট দিছে কেৱল গৌৰৱ গগৈক লৈ। 

কেৱল এয়াই নহয়, গৌৰৱ গগৈৰ পাকিস্তানকেন্দ্ৰিক বিষয়টোত কিছু দল-সংগঠনৰ নেতৃত্বইও সুযোগ বুজি সুবিধাবাদী স্থিতি লৈছে। কোনোবাই যদি মুখ্যমন্ত্ৰীক সমৰ্থন কৰিছে, আন কোনোবাই গৌৰৱ গগৈক সেই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ দাবী তুলিছে।

সাধাৰণ মানুহৰ বাবে এইখন এখন ৰাজনীতিত প্ৰতিপক্ষক বধা এখন নাটক হৈ পৰিছে। মুখ্যমন্ত্ৰীৰ সংবাদ মেলৰ পাছত ৰাজীৱ ভৱনত ৯ফেব্ৰুৱাৰী, ২০২৬ত গৌৰৱ গগৈয়ে সম্বোধন কৰা সংবাদমেলখনতো তেওঁৰ বিৰুদ্ধে উত্থাপিত প্ৰশ্ন সমূহৰ কিছু উত্তৰ পালেও এয়া এক ৰাজনৈতিক যুঁজ সেই আভাসো পাইছে।

গৌৰৱ গগৈ পাকিস্তানৰ এজেন্ট। আমাৰ দৰে সাধাৰণ মানুহৰ বাবে এইটো সৰু কথা নহয়। কিন্তু ইয়াক প্ৰাসংগিক-অপ্ৰাসংগিক কৰি তুলিবলৈ যিবোৰ নাটক আৰু বাক্যবাণ নিক্ষেপ কৰা হৈছে, সেইবোৰ দেখি কোনো এক পক্ষক সমৰ্থন নকৰাকৈ সাধাৰণ মানুহবোৰে ভাৱিবলৈ বাধ্য হৈছে এয়া এক ৰাজনীতিৰ যুঁজ। 

কেতিয়াবা এনে পৰিৱেশো হয়, সৰু ল’ৰা বোৰে কৰা অঘাইটং কামবোৰ দেখি পুত্ৰ বা কন্যাৰ মৰমত অন্ধ মাতৃয়ে স্বাভাৱিকভাৱে কৰা এক মন্তব্য হ’ল- দুষ্টটো ক’ৰবাৰ। ইয়াত  খং, মৰম সকলো সানমিহলি হৈ থাকে। 

একেদৰেই মুখ্যমন্ত্ৰীক ভাল পোৱা  বা গৌৰৱ গগৈক সমৰ্থন কৰা সকলৰ বাবেও পৰিস্থিতি একেই হৈছে। দেখি আছে সকলো, কাকো খং কৰি অৱজ্ঞা কৰিবও নোৱাৰে, অথচ খঙো উঠে এইবোৰ দেখি। সেয়েহে এই নেতাসকলক সেই সৰু ল’ৰা বোৰৰ দৰে প্ৰবোধ দিবলৈ নিজেই নিজকে কৈছে- কি যে কৰি আছে, দুষ্টবোৰ ক’ৰবাৰ...

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ড হিমন্ত বিশ্ব শৰ্মা ড০ হিমন্ত বিশ্ব শৰ্মা