আপুনি কিমান সৌভাগ্যৱান...

আপোনাৰ জীৱনলৈও হয়তো আহিছে এনে দিন, যি দিনত আপুনি নিজৰ জীৱনক লৈ চৰম দুখী হৈছে। প্ৰত্যেক মানুহৰ জীৱনলৈ এনে বেয়া দিন আহে যিবোৰ দিনত আপুনি মূৰ আফলিয়াই ভাগ্যক ধিয়াবলৈ মন যায়?

New Update
thhhg

ডিম্পুল বৰগোহাই

আপোনাৰ জীৱনলৈও হয়তো আহিছে এনে দিন, যি দিনত আপুনি নিজৰ জীৱনক লৈ চৰম দুখী হৈছে। প্ৰত্যেক মানুহৰ জীৱনলৈ এনে বেয়া দিন আহে যিবোৰ দিনত আপুনি মূৰ আফলিয়াই ভাগ্যক ধিয়াবলৈ মন যায়? দৈনন্দিন ভিন্ন ব্যক্তিগত কাৰণত এনে ভাৱ অহাৰ লগতে অসমত বাস কৰা মানুহৰ বাবে বেয়া দিন আহে অইন ধৰণেও। 

Advertisment

এই ধৰক,  গুৱাহাটীৰ ট্রেফিক জামত আবদ্ধ হোৱাই হওক বা এটা গুরুত্বপূর্ণ কামৰ আগতে বিদ্যুৎ নোহোৱা হোৱাই হওক, আমি সকলোৱে এইবোৰ অভিজ্ঞতাৰ সম্মুখীন হওঁ। কিন্তু সুখবৰটো হ'ল- এটা বেয়া দিনক সদায় বেয়া হৈ থাকিবলৈ নিদিয়াকৈও ভাল কৰিব পাৰি।

আপোনাক এটা উদাহৰণ দিও, বিখ্যাত ভিয়েনা বিমানবন্দৰত এনে এখন ডেস্ক আছে, যিয়ে ভুল বিমানযাত্রীক সঠিক বাট দেখুৱায়। কিয়নো বহু বিমান যাত্ৰীয়ে নামৰ বিসংগতিৰ বাবে অষ্ট্ৰেলিয়াৰ সলনি উপস্থিত হয় অষ্ট্রিয়াত। কেতিয়াবা মানুহে এই দুখন দেশৰ নামত ভুল কৰি এখন সম্পূর্ণ বেলেগ মহাদেশত উপস্থিত হয়। কিন্তু তেওঁলোকক অসহায় অৱস্থাত এৰি নিদি, তাত স্থাপন কৰা বিশেষ ডেস্কে তেনে যাত্ৰীসকলক সহায়ৰ হাত আগবঢ়ায়।  কথাটো হ'ল- যদি তেওঁলোকে এনে ভুল সামৰিব পাৰে, তেন্তে আমিও আমাৰ দৈনন্দিন সমস্যাবোৰ হাঁহি মুখেৰে সমাধান কৰিব পাৰোঁ।

আপুনি য'তেই নাথাকক, ভিয়েনা হওক বা অসম, এটা জীৱনত সুখৰ সন্ধান কৰিবলৈ সদায় উপায় থাকে। দুর্ভাগ্যজনক দিনবোৰে আমাক ব্যক্তিগতভাবে আঘাত কৰা যেন লাগে। বহু দিন আগৰ পৰাই পৰিয়ালৰ সৈতে পিকনিকলৈ যাম বুলি দিন এটা ঠিক কৰিছিল, কিন্তু নির্দিষ্ট দিনটোত পুৱাৰে পৰা ধাৰাসাৰ বৰষুণ- কোনো ক'তো ওলাব নোৱাৰা অৱস্থা। নতুবা এটকা এটকাকৈ সাঁচি বজাৰলৈ অহা নতুন স্মার্ট ফোনটো কিনি ঘৰলৈ আহিছেহে মাত্র, জেপৰ পৰা পৰি ডিচপ্লে'খনেই ভাঙি থাকিল।

এনেবোৰ ঘটনাই আমাৰ মন-মগজুত ক্ৰিয়া কৰি আপোনাক এনে ভাবলৈ বাধ্য কৰে যে হয়তো আপোনাৰ গ্রহ-নক্ষত্ৰবোৰেই বেয়া চলি আছে। কিন্তু এটা কথাত আমি সদায় গুৰুত্ব নিদিওঁ- দিনটো কেৱল ঘটনাবোৰৰ বাবেই "বেয়া" নহয়, ই আমাৰ দৃষ্টিভংগীৰ ওপৰতো নিৰ্ভৰ কৰে। যদি আপুনি নেতিবাচক কথাবোৰত মনোনিৱেশ কৰে, তেন্তে সেইবোৰ ডাঙৰ হৈ পৰে। কিন্তু যদি আপুনি অলপ ৰৈ নিজৰ দৃষ্টিভংগী সলনি কৰে, তেন্তে হয়তো আপুনি হাঁহি বা নতুনকৈ ভাৱিবলৈ সুযোগ এটা পাব পাৰে।

ভিয়েনা বিমানবন্দৰৰ কাহিনীটোৰ কথা ভাবক। কল্পনা কৰক-আপুনি আমলিয়াৰ সলনি অষ্টিয়াত উপস্থিত হৈছে, কেংগাৰু আৰু সাগৰৰ সৈতে সাক্ষাৎ কৰিবলৈ ওলাইছে, কিন্তু সলনি তাত তুষাৰ আৰু শ্লিটজেল পালে। এটা দুর্যোগ, নহয় জানো? কিন্তু বিমানবন্দৰটোরে ইয়াক এক আনন্দদায়ক কাহিনীলৈ ৰূপান্তৰ হবে। এই দৃষ্টিভংগীটো আমিও গ্রহণ কৰিব পাৰোঁ, সমস্যাবোৰ ইতিবাচক চিন্তা আৰু হাঁহিৰে সমাধান কৰিব পাৰো।

ষণাই কয় যে ইতিবাচক চিন্তাই মানসিক চাপ কমায়, মন ভাল কৰে আৰু কঠিন সময়বোৰৰ পৰা সোনকালে ওলাই অহাত সহায় কৰে। কিন্তু বিজ্ঞানৰ বাহিৰেও, ই জীৱনক সুন্দৰ কৰে। অসমত, আমি প্রত্যাহ্বানবোৰৰ সৈতে পৰিচিত-বানপানী, তাপপ্রবাহ আদি। তথাপি আমি আগবাঢ়ি যাওঁ। এই সহনশীলতা আমাৰ মাজত ইতিমধ্যে আছে,  ইতিবাচক চিন্তাই ইয়াক মাত্র শাণিত কৰে।

বিহুলৈয়ে চাওকচোন- বিহু আমাৰ আনন্দৰ উৎসৱ। কিন্তু এই বিহুৰ আগৰ দিনবোৰ কিমান যে কষ্টকৰ। খেতিয়কৰ পৰিশ্ৰম, বানৰ তাণ্ডৱ আৰু ক'ত কিমান যে বাধা-বিঘিনি। কিন্তু তথাপি আমি নাচোঁ, গাওঁ আৰু ভোজ কৰোঁ। ইয়েই হ'ল ইতিবাচক চিন্তা, জীৱনত সকলো ঠিক নহ'লেও ভালবোৰক উদযাপন কৰা।

দুর্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ অলেখ উদাহৰণ আমাৰ চৌদিশত আছে। কণিমা সিনহাও তেনেই এগৰাকী যুবতী। কণিমা ভাবতৰ এগৰাকী প্রতিভাসম্পন্ন ভলীবলৈ খেলুৱৈ আছিল। কিন্তু ট্রেইনৰ পৰা পৰি এখন ভৰি হেৰুওৱাৰ পিছত সলনি হৈ পৰিছিল তেওঁৰ সমগ্র জীৱন।

বেছিভাগ লোকে ইয়াক এটা দুর্ভাগ্যজনক ঘটনা বুলি ক'ব পাৰে। কিন্তু অৰুণিমাই জীবনক এক নতুন বাট দিলে। এখন ভৰি নথকা সত্ত্বেও মাউন্ট এভাৰেষ্ট আৰোহণৰ সিদ্ধান্ত ল'লে অৰুণিমাই। তেওঁৰ দৃঢ়তা আৰু ইতিবাচক চিন্তাৰ জৰিয়তে তেওঁ প্রথম বিকলাংগ মহিলা হিচাপে শিখৰত উপস্থিত হ'ল। তেওঁৰ কাহিনীটো কেৱল প্রেৰণাদায়ক নহয়, এয়া হতাশাক কৰা প্রত্যাখ্যানৰ নজিৰ।

সুখী হোৱাৰ অৰ্থ কেতিয়াও দুখ নকৰা নহয়। গাড়ীৰে গৈ থাকোতে আধা বাটত স্টার্ট বন্ধ হৈ যোৱা, পৰীক্ষাত অকৃতকার্য হোৱা বা আপোনজনৰ সৈতে মনোমালিন্য ঘটা জীৱনৰ কিছুমান স্বাভাৱিক পৰিস্থিতি। কিন্তু ইতিবাচক চিন্তা এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আপোনাৰ বাবে এটা ছাতি হ'ব পাৰে। ছাতিয়ে বৰষুণ ৰুধিব নোৱাৰে, কিন্তু আপোনাক বৰষুণত ভিজাৰ পৰা নিশ্চয়কৈ ৰক্ষা কৰিব পাৰে।

'দুর্ভাগ্যই মোৰ লগ নেৰে' বুলি যদি আপোনাৰ মনলৈও কেতিয়াবা যদি  ভাৱ আহে, তেন্তে ভিয়েনা বিমানবন্দৰৰ সেই হেল্প ডেস্কখনৰ কথা ভাৱক, ভাৱক অৰুণিমাৰ কথা। আপোনাতকৈ দুখত দিন কটোৱা পৃথিবীৰ অজস্র দিকহাৰা, অঘৰী, ভোকাতুৰ মানুহবোৰৰ কথা ভাৱক আৰু তাৰ পিছত এটা দীঘলীয়া উশাহ টানি ভাৱক- আপুনি কিমান সৌভাগ্যৱান...



ভাৰত সুখী আৰু সফল জীৱন