নাম তেওঁৰ জ্ঞানশ্ৰী...

ৰসায়ন বিজ্ঞানক বিদায়। আকৌ এবাৰ ৰাজনীতি। জৈৱ ৰসায়নৰ জটিল গৱেষণা আৰু অধ্যয়ন তথা শিক্ষাদানৰ পাৰ আঁতৰি ঘূৰি আহিছে তেওঁ ৰাজনীতিৰ ক্ষেত্ৰলৈ। কিয় এই উভতনি যাত্ৰা?

author-image
Asomiya Pratidin
New Update
bb5727d8-64db-44c7-b6ed-5190f7cc6421

মৃদুল কুমাৰ সন্দিকৈ

ৰসায়ন বিজ্ঞানক বিদায়। আকৌ এবাৰ ৰাজনীতি। জৈৱ ৰসায়নৰ জটিল গৱেষণা আৰু অধ্যয়ন তথা শিক্ষাদানৰ পাৰ আঁতৰি ঘূৰি আহিছে তেওঁ ৰাজনীতিৰ ক্ষেত্ৰলৈ। কিয় এই উভতনি যাত্ৰা?  কিয় শ্ৰেণীকোঠাৰ পৰা আকৌ এবাৰ ৰাজনীতিক অনিশ্চয়তাৰ খোজ! 

এগৰাকী যুৱ সহকাৰী অধ্যাপিকাৰ শেহতীয়া এই সিদ্ধান্তক লৈ অনেকৰ অনেক কথা। চলিছে বহু গুণাগাথাঁ। বিধায়িকা হোৱাৰ সপোন নেকি তেওঁৰ? সেই উৎসুকতা আমাৰো। বহুতে ভৱাৰ দৰে আমিও তেনে ধাৰণাকে মনত লৈ ফুৰিছিলো।  

কোন দলত তেওঁ যোগদান কৰিছে, সেয়া আমাৰ বাবে আলোচ্য বিষয় নহয়। এগৰাকী বাকপটু বক্তা, মেধাৱী সহকাৰী অধ্যাপিকাৰ ৰাজনীতিলৈ আগমনৰ আঁৰত থাকিব পৰা সমীকৰণ আৰু পৰিৱেশ- পৰিস্থিতিক লৈ  বহু কথা ভৱাৰ অৱকাশ আছে।

খুমটাইৰ এখন সৰু গাওঁ ঢেকিয়াল কুমাৰগাওঁ। সেই গাঁৱৰে এজন খেতিয়ক উমেশ্বৰ বৰা। পূৰ্বতে চৰকাৰী চাকৰি কৰিছিল যদিও স্বেচ্ছাই অৱসৰ লৈ কৃষিকৰ্মত নিয়োজিত হৈ আছে বৰা। অৱশ্যে তেওঁৰ পত্নী প্ৰমিলা বৰা এগৰাকী শিক্ষয়ত্ৰী। 

পৰিয়ালটোত প্ৰত্যক্ষ ৰাজনীতিৰে জড়িত কোনো নাই। কেৱল খেতি কৰ্ম, পঢ়া শুনাক লৈয়ে তেওঁলোক ব্যস্ত আছিল। তেওঁলোকৰ কন্যা সৰুৰে পৰা মেধাৱী আছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৪শতাংশৰো অধিক নম্বৰেৰে উজ্বলি উঠিছিল। বাকীবোৰ পৰীক্ষাতো একেই সফলতাই বুটলিছিল।

স্নাতকোত্তৰ শ্ৰেণীত জৈৱ ৰসায়ন বিজ্ঞানত ৮০শতাংশৰো অধিক নম্বৰৰে উৰ্ত্তীণ হৈছিল। তাৰ পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পি এইচ ডিৰ বাবে নামভৰ্তি কৰিছিল। গৱেষণাৰ বিষয় আছিল-  Synthesis of Some Phenolic Schiff Bases and Study of  Their Applications. 

আদৰ্শ আৰু প্ৰমূল্যবোধৰ ৰাজনীতিৰ প্ৰতি আগ্ৰহী আছিল তেওঁ। সেয়েহে ২০২১চনত ৰসায়ন বিজ্ঞানৰ গৱেষণা কৰি থকা এই গৱেষিকা ছাত্ৰী গৰাকীয়ে যোগদান কৰিছিল প্ৰত্যক্ষ ৰাজনীতিত। মৰাণত ৰাইজৰ দলৰ প্ৰথমখন অভিৱৰ্তন অনুষ্ঠিত হৈছিল। তাতেই তেওঁ যোগদান কৰিছিল ৰাইজৰ দলত। 


ৰাজনীতিলৈ অহাৰ পূৰ্বে তেওঁ গৱেষণাৰ বাবে বহু স্বীকৃতিও পাইছিল। নেচনেল একাডেমী অৱ চায়েন্স ইণ্ডিয়া চমুকৈ NASIএ ২০১৬চনত তেওঁলৈ আগবঢ়াইছিল সন্মানীয় ‘স্পীঞ্জাৰ এৱাৰ্ড’। ৮৬সংখ্যক বাৰ্ষিক অধিৱেশনত তেওঁক প্ৰদান কৰা হৈছিল এই সন্মান।

তাৰ পাছত ‘ইয়ং চায়েন্সটিছ’ সন্মানো লাভ কৰিছিল এই গৱেষিকা ছাত্ৰীগৰাকীয়ে। কেমিকেল চায়েন্সৰ এখন কনফাৰেন্সত তেওঁৰ হাতত তুলি দিয়া হৈছিল এই স্বীকৃতি। সমান্তৰালভাৱে সক্ৰিয় হৈ আছিল ৰাজনীতিৰ ক্ষেত্ৰখনতো। 

বহুতে কেৱল তেওঁক তেতিয়া এগৰাকী এটা ৰাজনৈতিক দলৰ প্ৰৱক্তা বুলি ভাৱিছিল। যুক্তিপূৰ্ণ কথা, চোকা ভাষা আৰু বিনম্ৰতা তেওঁৰ অন্য এক পৰিচয় হৈ পৰিছিল। কিন্তু পিতৃ-মাতৃয়ে বিচাৰিছিল ইমান পঢ়াশুনা কৰা আৰু ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ অন্যতম কনিষ্ঠ ডক্টৰেট ডিগ্ৰী লাভ কৰা কন্যাই ডিগ্ৰী আৰু অধ্যয়নকো আত্মপ্ৰতিষ্ঠাৰ এক অংশ কৰি লওঁক।

পিতৃ-মাতৃৰ সেই ইচ্ছাক সন্মান জনাই তেওঁ বিদায় লৈছিল ৰাজনীতিৰ পৰা। ২০২৩ৰ ১জুনত তেওঁ যোগদান কৰিছিল গোৱালপাৰা মহাবিদ্যালয়ৰ ৰাসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ৰূপে। প্ৰায় আঢ়ৈ বছৰ কাল তেওঁ শ্ৰেণীকোঠাত আৱদ্ধ হৈ থাকিল। 

চৰকাৰী চাকৰিয়ালৰ নিয়ম অনুসৰিয়ে ৰাজনীতিৰ পৰা আঁতৰি আছিল সম্পূৰ্ণৰূপে। কিন্তু মনৰ ভিতৰত কৰবাত ৰাজনীতিৰ প্ৰতি থকা হেপাঁহ, নতুন প্ৰজন্মক প্ৰতিনিধিত্ব কৰি সুস্থ ৰাজনৈতিক পৰিৱেশ গঢ়াৰ এগৰাকী সৈনিক হিচাপে কাম কৰাৰ হাবিয়াস লৈ ফুৰিছিল। 

শুভাকাংক্ষীসকলেও তেওঁক ৰাজনীতিত বিচাৰিছিল। তাৰ মাজতে বিবাহ পাশত আৱদ্ধ হৈছিল তেওঁ। স্বামীও সামাজিক কাম-কাজতে জড়িত। তেনে কৰোতে ৰাষ্ট্ৰযন্ত্ৰৰ আক্ৰোশৰো বলি হৈছিল স্বামী। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হৈছিল তেওঁৰ স্বামী। 

আৰ্থিকভাৱে স্বচ্ছলতা নাছিল যদিও বহু কথা ভাৱি তেওঁ সিদ্ধান্ত চূড়ান্ত কৰি পেলাইছিল। চৰকাৰী পক্ষলৈ আবেদন জনাইছিল যে, তেওঁক চাকৰিৰ পৰা অব্যাহতি দিব লাগে। কলেজৰ পৰিচালনা কমিটিয়েও চৰকাৰী নিৰ্দেশ অহাৰ পাছত তেওঁৰ সিদ্ধান্তত ছীল-মোহৰ মাৰি চাকৰিৰ পৰা মুক্ত কৰি দিছিল।

লগ ধৰিছিল পূৰ্বতে যিটো ৰাজনৈতিক দলত তেওঁ যোগদান কৰিছিল, সেই দলটোৰ সভাপতিজনক। জনাইছিল নিজৰ সিদ্ধান্ত। আচৰিত হৈছিল তেওঁৰ এই সিদ্ধান্ত শুনি। সুধিছিল- কিয় তই চাকৰি এৰিব খুজিছ? ইলেকশ্যন খেলিবি নেকি ক…।

তেওঁ উত্তৰ দিছিল তেনে কেনো ইচ্ছা বা আগ্ৰহৰ বাবে নহয়। সুবিধাবাদৰ ৰাজনীতিৰ বিপৰীতে এক আদৰ্শবাদী ৰাজনীতিত অৱস্থান ল’ব খোজে তেওঁ। ধৰ্ম, সম্প্ৰদায়ৰ নামত লাগি থকা সংঘাত, বিভেদৰ বিপৰীতে সুস্থ ৰাজনৈতিক পৰিৱেশ গঢ়ি নতুন প্ৰজন্মৰ বাবে বাট কাটিব খোজে তেওঁ।

তেনে সিদ্ধান্ত লৈয়ে চাকৰি এৰি ২০২৬ৰ ৫ফেব্ৰুৱাৰীত যোগদান কৰিলে ৰাজনৈতিক দলত। তাৰ পাছত তেওঁ পুনৰ সেই পক্ষবোৰৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিল। দক্ষতা আৰু দায়িত্বশীল শ্ৰমৰ ওপৰত গুৰুত্ব দি দলীয় নেতাজনে কোৱা কথাবোৰত ৰাজনীতিৰ ৰহন সানি দিলে। 

বিৰিয়ানীত কি মাংস দিব, তাক লৈ প্ৰশ্ন তুলি কথাবোৰ বিষাক্ত কৰি তুলিলে। এইবোৰ কথাই তেওঁক বিচলিত কৰিব নোৱাৰে। ক’লে- এচামে এনে সাম্প্ৰদায়িকতাৰে কৰি থকা ৰাজনীতিৰ বিপৰীতেই মোৰ এই অৱস্থান। লগতে ইয়াকো জনালে ভোটৰ ৰাজনীতিত জয়ী হৈ বিধায়িকা হোৱাৰ সপোনেৰে ৰাজনীতিৰ পথাৰত তেওঁ নমা নাই। 

স্বীকাৰ কৰিলে বিভিন্ন স্থানত তেওঁ নিৰ্বাচনত অৱৰ্তীণ হোৱা নোহোৱাক লৈ চৰ্চা চলিছে। সেইবোৰ সিদ্ধান্ত তেওঁ দলীয় নেতৃত্বৰ ওপৰতে এৰিছে। দলে যি দায়িত্ব দিয়ে তাক তেওঁ পালন কৰিবলৈ চেষ্টা কৰিব। কোনোবাই কৈছে মৰিয়নিত তেওঁ প্ৰাৰ্থী হ’ব, আন কোনোবাৰ মতে দেৰগাওঁ বা খুমটাই হ’ব পাৰে তেওঁৰ ৰাজনীতিৰ ঠিকনা।

এই সকলোবোৰ কথা অস্বীকাৰ কৰি তেওঁ ক’লে- মোৰ প্ৰাথমিক দায়িত্ব হ’ব এক সুস্থ বাতাবৰণ তৈয়াৰ কৰি নৱ তথা যুৱ প্ৰজন্মৰ বাবে সুস্থ ৰাজনৈতিক বুনিয়াদ গঢ়ি তোলা। ইয়াৰে প্ৰৱক্তা হ’ব খোজে তেওঁ।  প্ৰত্যক্ষ ৰাজনীতিত অংশ নল’লেও মহাত্মা গান্ধীয়েই তেওঁৰ দৃষ্টিত বিশ্বৰে শ্ৰেষ্ঠ ৰাজনীতিবিদ।

ৰাইজৰ দলৰ অখিল গগৈৰ এই স্থিতি তেওঁৰ আদৰ্শ আৰু বিশ্বাসৰ পটভূমি। একেদৰে ক্ষমতাৰ লিপ্সাত বন্দী নহৈ নিজৰ আদৰ্শত এক হৈ ৰোৱা জাতীয়তাবাদী ধ্বজা কঢ়িওৱা লুৰীণজ্যোতি গগৈয়ো তেওঁৰ অন্যতম প্ৰিয় ৰাজনৈতিক ব্যক্তি। 

এনে মেধা ৰাজনীতিলৈ আগমন এক শুভ বাৰ্তা। পাম বা হেৰুৱাম বুলি নাই তেওঁলোকৰ কোনো ভয়-শংকা। বংশানুক্ৰমিক বাটেৰে এইসকল অহা নাই ৰাজনীতিৰ পথাৰলৈ। আহিছে শুভ ইচ্ছা, প্ৰতিভা আৰু অদম্য সাহস লৈ। নাম তেওঁৰ ড০ জ্ঞানশ্ৰী বৰা...

অখিল গগৈ ৰাইজৰ দল