আজি কাষত নাই সি...

ছন্দ হেৰাই যায় জীৱনৰ। জীৱনৰো আছে জীৱন! সুখ-দুখ, প্ৰাপ্তি-অপ্ৰাপ্তি আৰু ভাল-বেয়াৰে এই জীৱন সমৃদ্ধ। তেনে এক জীৱনৰে কৰুণ গাথাঁ এয়া। ৰাজধানী দিল্লীৰ এখন চিকিৎসালয়ত

author-image
Asomiya Pratidin
New Update
AP FOR WEB NEW  bikhekh lekha (1)

মৃদুল কুমাৰ সন্দিকৈ

ছন্দ হেৰাই যায় জীৱনৰ। জীৱনৰো আছে জীৱন! সুখ-দুখ, প্ৰাপ্তি-অপ্ৰাপ্তি আৰু ভাল-বেয়াৰে এই জীৱন সমৃদ্ধ। তেনে এক জীৱনৰে কৰুণ গাথাঁ এয়া। ৰাজধানী দিল্লীৰ এখন চিকিসালয়ত চিকিসাধীন তেওঁ।

এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰিবলৈকে গৈছিল দিল্লীলৈ। ৰোগীয়ে শৰীৰে তেওঁ হস্পাতালৰ বিচনাৰ পৰাই লিখিলে মাত্ৰ এশাৰী বাক্য- Never trust your son in old age.

তেওঁ লিখা সেই কথাষাৰতেই লুকাই আছে ক’ত বেদনা। হুমুনিয়াহে ভৰা সময়ৰ কৰুণ বাস্তৱ। কিয় এনে হ’ল বা কিয় এইদৰে তেওঁ এশাৰী বাক্যতে লিখিব লগা হল দুখৰ এই দস্তাবেজ, সেয়া আমাৰ বাবে আছিল এক জটিল প্ৰশ্ন।

বহু উত্থান দেখিছো তেওঁলোকৰ। সুখৰ সেই দিনৰ পোহৰে উজ্বলাই তোলা এই মানুহজনৰ মুখখন তেতিয়াও দেখিছিলো। প্ৰত্যয় আৰু উসাহেৰে ভৰা সেই দিনবোৰ এনেদৰে দুখৰ সাগৰত ডুব গৈ সংঘাতৰ পটভূমি কেনেদৰে ৰচনা হল, সেই উত্তৰ এতিয়া আমাৰ হাতত নাই।

সামাজিক মাধ্যমতে পালো এক প্ৰত্যুত্তৰ। পিতৃক পুত্ৰই দিয়া পৰোক্ষ উত্তৰ। যত লিখিছিল পুত্ৰই- "You don't get to cry victim after spending a lifetime making others your victims." The Scars may fade, but the memory of an abusive father never leaves the family

এইজন পুত্ৰই আজি পৰা ১১বছৰ পূৰ্বেসেই দেউতাকৰ বিষয়ে এক পৃথক দৃষ্টি আৰু অনুভৱ কঢ়িয়াই লৈ ফুৰিছিল। সফলতাৰ মাজতেই পুত্ৰই তাৰ কৃতিত্বৰ পিতৃকো দি লিখিছিল- I had a hard life, but my hardships are nothing against the hardships that u have went through dad, in order to get me to where i am and for being with me in the the difficult times and guiding me to chosse the right path n always being with me da.....LovE U ALWAYS DAD

তাৰ পাছত এই সংঘাতৰ উকমুকনি। কোনো সাধাৰণ পুত্ৰই পিতৃক অৱজ্ঞা বা অৱমাননা কৰিলেই আমি হতাশ হওঁ। কামনা নকৰো এনে সংঘাতৰ। তেনে স্থলত বক্সিঙৰ জৰিয়তে সমগ্ৰ বিশ্বতে পৰিচিত এজন পুত্ৰ আৰু পিতৃ এই সংঘাতৰ খবৰে যিকোনো লোকক ব্যৰ্থিত কৰাতোৱে স্বাভাৱিক।

পুত্ৰৰ বাবে এই পিতৃৰ ত্যাগ বহুতে দেখিছে। বহুতে শুনিছে। অসমৰ পৰা গৈ অলিম্পিকত বক্সিঙত দেশক প্ৰতিনিধিত্ব কৰা পুত্ৰক ইয়াৰ বাবে সাজু কৰিবলৈ কাৰাটেৰ প্ৰশিক্ষক হিচাপে কঠোৰ অনুশীলন কৰাইছিল পিতৃয়ে।

আন মানসিক আৰু আৰ্থিক সমস্যাবোৰ আছিলেই। সকলোবোৰ সমাধান কৰি পুত্ৰক এই পৰ্যায়লৈ লৈ যাবলৈ কৰা সংগ্ৰাম ভৰা জীৱনৰ অন্তত এনে উপেক্ষা কোনোৱে কাম্য নকৰে।

হাজাৰ যুক্তিয়েও বহু যুক্তি খণ্ডন কৰিব নোৱাৰি। বিপদ আৰু অসহায়ৰ সময়ত সকলো সংঘাতৰ উৰ্ধলৈ গৈ পিতৃৰ কাষত পুত্ৰৰ উপস্থিতিয়ে হৈ পৰে সাহস। ভাল চাকৰি, ভাল কেৰিয়াৰ গঢ়ি সমাজৰ আন সকলৰ বাবে অনুকৰণীয় হৈ পৰা নায়ক পুত্ৰৰ অভিমান, খং দায়ৱদ্ধতালৈ ৰূপান্তৰ হওঁক...

শিৱ থাপা