দেখা নাই এনে ৰাজনীতি! মুখ্যমন্ত্ৰীৰ পত্নী...

গৌৰৱ গগৈ বনাম হিমন্ত বিশ্ব শৰ্মাৰ পাকিস্তানকেন্দ্ৰিক ৰাজনৈতিক আক্ৰমণ-প্ৰত্যাক্ৰমণৰ যুঁজখন এতিয়া তুংগত। কাৰ জয় হৈছে, কোন পৰাজিত হৈছে সেই বিচাৰ আৰু বিশ্লেষণ ভিন্ন ধৰণেৰে মানুহৰ মাজত চলিছে।

author-image
Asomiya Pratidin
New Update
c9cd122b-8d90-48c0-817c-e725c37e98ec

মৃদুল কুমাৰ সন্দিকৈ

গৌৰৱ গগৈ বনাম হিমন্ত বিশ্ব শৰ্মাৰ পাকিস্তানকেন্দ্ৰিক ৰাজনৈতিক আক্ৰমণ-প্ৰত্যাক্ৰমণৰ যুঁজখন এতিয়া তুংগত। কাৰ জয় হৈছে, কোন পৰাজিত হৈছে সেই বিচাৰ আৰু বিশ্লেষণ ভিন্ন ধৰণেৰে মানুহৰ মাজত চলিছে। এফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ, আনফালে গৌৰৱ গগৈ প্ৰত্যুত্তৰ ভৰা আক্ৰমণে ৰাজ্যত ব্যক্তিকেন্দ্ৰিক এক নিকৃষ্ট ৰাজনীতিৰ পৰিৱেশ গঢ়ি তুলিছে। 

সেই যুজঁত সেনাপতিসকলে সৈনিকসকলক লগত লৈ জপিঁয়াই পৰিছে নিজৰ নিজৰ নেতাৰ পক্ষত। এইবোৰ দেখি-শুনি কাৰ মনত কি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, সেই ব্যক্তিগত প্ৰতিক্ৰিয়াই সামাজিক মাধ্যম ভৰি পৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম, অসমৰ সংবাদমাধ্যমত কথাবোৰক লৈ পৰ্যালোচনা আৰু বিশ্লেষণো চলিছে।

গৌৰৱ গগৈক ৰাজনৈতিকভাৱে নিঃশেষ কৰিবলৈ পাকিস্তানী এজেন্ট নামৰ যিখন যজ্ঞ মুখ্যমন্ত্ৰীয়ে পাতিলে, সেই যজ্ঞত এছ আই টি গঠন কৰি তাৰ প্ৰতিবেদনৰ আধাৰত যি অৰ্ঘ্য ঢালিলে, সেই জুইয়ে মুখ্যমন্ত্ৰীকেই বিপদত পেলোৱা বুলি চৰ্চা চলিছে।

জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগৰে দেশৰ প্ৰতিৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা তথ্য ভৰা প্ৰতিবেদন মুখ্যমন্ত্ৰীয়ে  ছমাহে ফাদিল নকৰিলে, সেই প্ৰতিবেদন যে জুবিনৰ মৃত্যুৰ ১০দিনৰ পূৰ্বে তেওঁৰ হাতত পৰিছিল সেই হিচাপ তেওঁ কৰিবলৈ পাহৰিলে। সেয়েহে এনে মৌলিক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাবোৰ যে মিছা সেয়া ৰাইজে বুজিবলৈ অসুবিধা হোৱা নাই।

দেশৰ নিৰাপত্তাক লৈ অতি চিন্তিত আৰু উদ্বেগ ব্যক্ত কৰা মুখ্যমন্ত্ৰীয়ে সংবাদমেল পাতি এইবোৰ কথা ৰাজহুৱা কৰিব লাগিছিল নে  কেন্দ্ৰীয় সংশ্লিষ্ট সংস্থা তথা চৰকাৰক জনাব লাগিছিল, এই প্ৰশ্নও এতিয়া উঠিছে। অসমত জুবিনৰ মুত্যুৰ পাছত সৃষ্টি হোৱা পৰিৱেশৰ বাবে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানে সুযোগ নোলোৱাকৈ থাকিব পাৰে বুলি তেওঁক কোনে আশ্বস্ত কৰিলে?

জুবিন গাৰ্গ মৃত্যু তদন্তৰ অভিযোগনামাৰ কেইটামান পৃষ্ঠা ৰাজহুৱা কৰাৰ বাবে যদি কোনো ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হয়, তেন্তে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে একে অপৰাধতে আইনী ব্যৱস্থা কিয় গ্ৰহণ কৰা নহ’ব? এয়া সচাঁকৈয়ে দেশৰ নিৰাপত্তাৰ প্ৰশ্ন নে ৰাজনৈতিক ভীতিগ্ৰস্ততাৰ বহিঃপ্ৰকাশ?

দেশৰ বিৰুদ্ধে কোনো শত্ৰুৰাষ্ট্ৰৰ সৈতে মিলি গৌৰৱ গগৈয়ে যদি ষড়যন্ত্ৰ কৰিছে, তেওঁক ২০১৩ৰ পৰা যোৱা ১৩বছৰ কাল মুকলি আকাশৰ তলত থাকিবলৈ সুযোগ দিয়া হৈছিল। কি কৰি আছে গৃহমন্ত্ৰী অমিত শ্বাহে, কি কৰি আছে প্ৰধানমন্ত্ৰী মোডীয়ে। অন্যতম শক্তিশালী আৰু নেটৱৰ্ক থকা দেশৰ চোৰাংচোৱা সংস্থা ৰ’, আই বি, এন আই এ আদি সংস্থাবোৰ ইমান নিষ্কৰ্মা নে?

পাকিস্তানে দেশৰ এজন সাংসদক স্পাই ৰূপত ব্যৱহাৰ কৰি আহিছে আৰু সেই কথা আমাৰ চৰকাৰ তথা চোৰাংচোৱা সংস্থাই গমকেই পোৱা নাই। যদি পাকিস্তানলৈ যোৱা আৰু তাত সময় অতিবাহিত কৰাৰ প্ৰশ্নতে এনে ৰাজনৈতিক ৰহন সানি কাৰোবাৰ প্ৰৰোচনাত মুখ্যমন্ত্ৰীয়ে নিজাববীয়াকৈ এই প্ৰেক্ষাপট ৰচনা কৰিলে, তেনে সেয়া প্ৰতিপক্ষক প্ৰতিৰোধক এক ৰাজনৈতিক অভিসন্ধিৰ বাদে ইয়াক কি আখ্যা দিব পাৰি!

সকলোবোৰ কথা তথা তথ্য পোহৰলৈ অহাৰ পাছত গৌৰৱ গগৈৰ মাতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ডলী গগৈৰ কি ভাষ্য হ’ব পাৰে, সেই কথা জানিবলৈ নিশ্চয় বহুতৰে ইচ্ছা যায়। ৰাজনীতিৰ পৰা তেতিয়াও আতঁৰত আছিল ডলী গগৈ। আন বহু বিষয়বাবৰ লগতে ধাৰাবাহিকভাৱে তিনিটা কাৰ্যকাল অসমৰ মুখ্যমন্ত্ৰীৰ আসনত আছিল তৰুণ গগৈ। 

তেতিয়াই ৰাজনীতি ওচৰৰ পৰা দেখিছিল ডলী গগৈয়ে। ৰাজনীতিত প্ৰত্যক্ষ অংশ নল’লেও খবৰ ৰাখিছিল সকলো। আজিৰ প্ৰেক্ষাপটত এই একেই দূৰতে অৱস্থান লৈ দিল্লীত পুত্ৰৰ সৈতে বাস কৰে ডলী গগৈয়ে। নাই কোনো ৰাজহুৱা প্ৰতিক্ৰিয়া, নাই কোনো ৰাজহুৱা উপস্থিতি। 

নাতি-নাতিনীৰ সৈতে সময় অতিবাহিত কৰা ডলী গগৈয়ে এগৰাকী আইতাকৰ ভূমিকা পালন কৰি গৈছে। অৱশ্যে তেওঁ ভিতৰি ৰাজ্যৰ ৰাজনীতি সকলো খবৰ ৰাখিছে। এইবাৰ মাঘ বিহুত গুৱাহাটীৰ অজন্তা পথত থকা ঘৰখনলৈও আহিছিল। 

গুৱাহাটীলৈ আহিলে তেওঁ চলা ফুৰা কৰিবৰ বাবে ঘনিষ্ঠসকলে এখন ভাড়া গাড়ীৰ ব্যৱস্থা কৰি দিয়ে। পূৰ্বতে গিজগিজাই থকা অজন্ত পথৰ সেই ঘৰটোৰ দুটা অংশ ভাড়াত দি ৰাখিছে। নিজৰ বাবে থকা অংশটোত মাৰি থয় তলা। ঘৰলৈ আহিলে নীৰলে পাৰ কৰে সময়। 

প্ৰত্যক্ষভাৱে সংবাদমাধ্যমৰ পৰা আঁতৰি থকা ডলী গগৈয়ে এইবোৰ দেখি ঘনিষ্ঠ মহলক ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। ঘৰুৱা পৰিৱেশত ডলী গগৈয়ে কৈছে- এনেকুৱা নিকৃষ্ট ৰাজনীতি তেওঁ জীৱনত দেখা নাই। আচৰিত পাইছে হেনো তেওঁ এইবোৰ দেখি। কিনো কথাবোৰ ৰাজনীতিৰ নামত কৈ থাকে, তাক লৈও তেওঁ বিৰক্ত হৈছে।

ৰাজ্যৰ আৰ্থিক অৱস্থা, ধৰ্মৰ নামত এনে বিষবাষ্প বিয়পোৱা নেতাৰ কৰ্মকাণ্ড দেখি তেওঁ নিৰাশ হৈছে। পুত্ৰৰ পাকিস্তানকেন্দ্ৰিক বিৰ্তকবোৰ যে নিকৃষ্ট ৰাজনীতিৰ অংশ সেই কথা এগৰাকী বিদূষী মহিলাই ভালদৰে অনুভৱ কৰিছে...

গৌৰৱ গগৈ