Advertisment

ঢেকী দিবলৈ এতিয়া নাই লাহৰি...

এটা সময় আছিল। যেতিয়া কইনা চাবলৈ গৈ দৰা ঘৰৰ ফালৰ পৰা সোধা প্ৰধান প্ৰশ্নবোৰৰ ভিতৰত এটা বিশেষ প্ৰশ্ন আছিল- ঢেকী দিব জানানে নাজানা? সময় সলনি হৈছে আৰু সময়ৰ সোঁতত লাহে লাহে

author-image
Asomiya Pratidin
New Update
ঢেকীৰে চাবতে কপাঁই তোল চুবুৰী...

ঢেকীৰে চাবতে কপাঁই তোল চুবুৰী... Photograph: (ঢেকীৰে চাবতে কপাঁই তোল চুবুৰী...)

ডিম্পুল বৰগোহাঁই

Advertisment

এটা সময় আছিল। যেতিয়া কইনা চাবলৈ গৈ দৰা ঘৰৰ ফালৰ পৰা সোধা প্ৰধান প্ৰশ্নবোৰৰ ভিতৰত এটা বিশেষ প্ৰশ্ন আছিল- ঢেকী দিব জানানে নাজানা? সময় সলনি হৈছে আৰু সময়ৰ সোঁতত লাহে লাহে এনে প্ৰশ্নবোৰ অপ্ৰাংসগিক হৈ পৰিল। প্ৰাংসগিক হৈ নো কেনেকৈ থাকিব? আজিৰ অসমীয়া সমাজত ঢেকী জানো পূৰ্বৰ দৰে প্ৰাসংগিক হৈ আছে?

এটা সময়ত অসমীয়া গ্ৰামাঞ্চলত ঢেকীতেই খুন্দা হৈছিল ধান। ঢেকীতেই খুন্দা হৈছিল প্ৰায়বোৰ জলপান চিৰা, পিঠাগুড়ি, সান্দহ। কিন্তু বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে অহা বিভিন্ন যন্ত্ৰ-পাতিয়ে সমাজৰ পৰা যেন খেদি পঠিয়ালে ঢেকীক। অসমীয়া সমাজত এসময়ত ঢেকীত খুন্দা চাউলৰ পৰাই বিভিন্ন সকাহ-নিকাম কৰাও পৰম্পৰা আছিল। এতিয়া অৱশ্যে এইবোৰ সলনি হৈছে।

আজিৰ প্ৰজন্মৰ অধিক সংখ্যকৰেই হয়তো ঢেকীঁৰ বিষয়ে সম্যক জ্ঞান নাই। ইয়াৰ বাবে অৱশ্যে তেওঁলোকক দোষো জাপিঁ দিব নোৱাৰে। কিয়নো ঢেকীৰ দৰে অসমীয়া সমাজৰ বহু সা-সামগ্ৰী বা পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে সমগ্ৰ অসমীয়া জাতি। বিহুৰ সময়ত এটা সময়ত চুবুৰী কপাঁই আছিল ঢেকীৰ শব্দই। ঢেকীৰ জনপ্ৰিয়তা আৰু ব্যৱহাৰৰ গুৰুত্বৰ বাবেই সৃষ্টি হৈছিল বহু জনপ্ৰিয় গীতৰো।

ঢেঁকীৰ বিভিন্ন অংশক বিভিন্ন নামেৰে জনা যায়। অঞ্চল আৰু জনগোষ্ঠীয় সমাজভেদে এই অংশবিলাকৰ নাম ভিন্ন হোৱা দেখা যায়।প্ৰায় পাঁচ হাত মান দীঘল আয়তাকাৰ কাঠৰ টুকুৰাৰ আগফালে এটা ফুটা কৰি তাত ভাল কাঠৰ দীঘলীয়া টুকুৰা এডাল লগোৱা হয়, যাক ঢেঁকীথোৰা বোলা হয়। এই থোৰা ডাল সাধাৰণতে মজবুত কাঠৰ হ'ব লাগে। থোৰাটোৰ একেবাৰে মূৰত এটা লোহাৰ আঙুঠি সদৃশ এটি টুকুৰা থাকে যাক গুলচ বুলি কোৱা হয়।

থোৰাটো যিটো অংশত পেলাই ৰখা হয় তাক খুবলি বোলা হয়। সাধাৰণতে শিল এচটাত গাত খান্দি খুবলি প্ৰস্তুত কৰা হয়। ঢেঁকীৰ একেবাৰে পাছফালৰ যিখিনি অংশ ভৰিৰে ব্যৱহাৰ কৰা হয় সেইখিনি হ'ল ফিছা। সেইখিনিৰ পৰাই অলপ আঁতৰতে এডাল শলাৰে ঢেঁকীৰ ভাৰসাম্য ৰক্ষা কৰা হয় যাক আশল শলা বা বা মলুৱা বাৰি বুলি কোৱা হয়। এই শলা ডাল দুয়োফালে দুডাল Y আকৃতিৰ সৰু কাঠৰ খুটাত লগাই ৰখা হয়, যাক কঁতৰা বোলা হয়।

ইয়াৰ উপৰি মূল ঢেঁকীৰ অংশ নহলেও গুৰি কৰি থকা অংশখিনি খুবলিত ওলোৱা-সোমোৱা কৰিবলৈ এডাল দীঘল মাৰি অকলশৰীয়া ঢেঁকী দিওঁতা জনে ব্যৱহাৰ কৰে, যাক বৰণি মাৰি বোলে। আনহাতে, সান্দহ, চিৰা আদি খুচৰিবলৈ ব্যৱহাৰ কৰা চেপেটা মাৰি ডালক খচ্‌ৰা বাৰি বোলা হয়। ফিছাৰ সৈতে বন্ধা চালিৰ জৰী ডালক ঢেঁকী জৰী বোলে। ঢেঁকী দিওঁতে হাতেৰে টনা জৰী ডালক সতিনী জৰী বোলা হয়।

এটা ঢেকী এনেয়েই প্ৰস্তুত কৰা নহয়। ইয়াৰ বাবে আছে নিৰ্দিষ্ট জোখ-মাখ। মূল ঢেঁকীটোৰ দৈৰ্ঘ্য ৭ ফুটৰ পৰা ৯ ফুট। ঢেঁকীটোৰ ভৰি দিয়া অংশৰ পৰা শলখাদালৰ দৈৰ্ঘ্য প্ৰায় ৩ ফুট। শলখাডাল কঁটৰাটোৰ বা কস্তুৰাটোৰ মাজেদি সোমাই আহে (শলখাডাল ধৰি ৰখা সামগ্ৰী)। সেই শলখাডালৰ দৈৰ্ঘ্য ১৯/২০ ইঞ্চি। শলখাডালক আখলশলা বুলিও কোৱা হয়।

শলখাডাল ধৰি ৰখা কঁটৰাটো কাঠৰ বা ভলুকা বাঁহৰ হ'লে ভাল। ঢেঁকীটোৰ মুৰৰ অংশৰ ফালৰপৰা থোৰাটোলৈ দূৰত্ব প্ৰায় ২৬ ইঞ্চি। থোৰাটোৰ দৈৰ্ঘ্য প্ৰায় ২ ফুট। থোৰাটোৰ খুবলিত সোমোৱা মুৰটোত এটা লোৰ মেৰ দিয়া হয়। তাক গুল বা খামা বুলি কোৱা হয়। গুলৰ ব্যাস প্ৰায় ৪ বা ৫ ইঞ্চি।গুলটোৰে য'ত ধান খুণ্ডে তাক খুবলি বুলি কোৱা হয়। ই গাৰিশালিটোত থকা এটা সৰু গাঁত। তাত ঢেঁকীথোৰাৰ মুৰটো প্ৰায় ছয় ইঞ্চি মান সোমায়। খুবলিটো শাল, কঁঠাল বা আজাৰ কাঠেৰে সজা হয়।

আজিও গ্ৰামাঞ্চলৰ বহু লোকাচাৰ ঢেকীৰ সৈতে সংযুক্ত হৈ আছে। বিবাহ অনুষ্ঠানৰ অন্তৰ্গত লোকাচাৰ গাঁঠিয়ন খুন্দা-ত ঢেঁকী ব্যৱহৃত হয়। ঢেঁকীশাল লখিমীৰ বাসস্থান। নতুন কইনাই গৃহ-প্ৰৱেশ কৰোঁতে তেওঁক ঢেঁকীশাল দেখুওৱাৰ নিয়ম বহু সমাজত আছে। মাঘ বিহুৰ দিনা পুৱা বাৰীৰ লাগনী গছ, ঘৰৰ খুঁটা আদিৰৰ লগতে ঢেঁকীতো ধানখেৰ মেৰিয়াই বান্ধ দিয়া হয়। এই লোকাচাৰ মাঘ-বন্ধা হিচাপে জনাজাত।

আনহাতে বতৰ খৰাং হ'লে কোনো এঘৰৰ পৰা সূৰুজমুখী ঢেঁকী (পূবা-পশ্চিমাকৈ পতা) ৰাতিটোৰ ভিতৰতে চুৰ কৰি নি ওভোটাই পুতি থৈ দিয়া হয়। এনে কৰিলে শীঘ্ৰে বৰষুণ হয় বুলি ভৱা হয়। তোলনী বিয়া অনুষ্ঠানত কেঁচা-পিঠাৰ বাবে অকুমাৰী ছোৱালীয়ে পিঠাগুৰি খুন্দি দিয়াৰ নিয়ম আছে। বিহুত, লখিমী বাৰ হিচাপে গণ্য কৰা বৃহস্পতিবাৰে, মৃতকৰ সকাম আদিত ঢেঁকীশাল মচি-কাচি পৰিষ্কাৰ কৰি ৰখা হয়। উল্লেখ কৰা প্ৰয়োজন যে, কোনো কোনো জনগোষ্ঠীৰ লোকে ঘৰত নতুনকৈ ঢেঁকীশাল স্থাপন কৰিলে তিনিগৰাকী বা পাঁচগৰাকী গোপিনীক নিমন্ত্ৰণ কৰি কল-পিঠা দিয়া অনুষ্ঠানৰ আয়োজন কৰে।

ঢেঁকী সম্পৰ্কীয় বহু প্ৰবচন, যোজনা-পটন্তৰৰ প্ৰচলন আমাৰ সমাজত আছে। যেনে: 'ঢেঁকীয়ে স্বৰ্গলৈ গ'লেও ধান বানে', 'মাকতকৈ জীয়েক কাজী, ঢেঁকীথোৰাৰে বটে পাঁজি' আদি। সাধুকথাটো ঢেঁকীৰ কথা পোৱা যায়। যেনে: মাহীমাকে ঢেঁকীশালত তেজীমলাক ঢেঁকী দিবলৈ লগাই খুন্দি পেলোৱাৰ কথা বুঢ়ী আইৰ সাধুত পোৱা যায়। 'এদঁতীয়া হাতী, ধান খায় পাচি পাচি'ৰ দৰে সাঁথৰৰ সৃষ্টি ঢেঁকীক লৈয়েই হৈছে। ইয়াৰ উপৰিও বিহুনাম বিলাকতো ঢেঁকী আৰু ঢেঁকীৰ সৈতে জড়িত কাম-কাজৰ উল্লেখ পোৱা যায়। তেনে কেইটামান বিহুনাম হল-

  • নৈত গুমেগুমাই কোম্পানীৰ জাহাজ ঐ,
  • ঢেঁকীত গুমেগুমাই থোৰা…….
  • ঢেঁকী দি থাকোঁতে তোলৈ মনত পৰে
  • বৰণী হাতত লৈ কান্দো……..
  • আৰৈ ধান লেচিয়া বানিবি কেতিয়া
  • কুলাতকৈ চালনী ঘন………

পূৰ্বতে কৃষিজীৱি পৰিয়ালত দৈনিক ব্যৱহৃত চাউল প্ৰতিদিনে গৃহিনীসকলে ঢেঁকীত ধান বানি উলিয়াই থোৱাৰ নিয়ম আছিল। বিহু, বিয়া-বিবাহৰ সময়ত ঢেঁকীশালত নাৰীসকলৰ ব্যস্ততা বাঢ়িছিল । বিধে বিধে জা-জলপান খুন্দি তেওঁলোকে ৰান্ধনিশালৰ চাং-হেন্দালি ভৰাই থৈছিল । পটু গৃহিনীসকলে উৎসৱ পাৰ্বনৰ বাহিৰে অন্য সময়তো চেগ বুজি জা-জলপান খুন্দি থয়। ঘৰৰ সকলোকে নানা বিধৰ জা-জলপান যতনাই দিয়াৰ উপৰি তাৰে আলহী অতিথিৰ আপ্যায়নো কৰে।

আইনামবিয়ানামবিহুনাম গুণগুণাই জীয়াৰী বোৱাৰীয়ে মন মুকলি কৰাৰো সুযোগ ঢেঁকীশালতে পায়।আইনাম, বিয়ানামৰ দৰে অসমীয়া লোক সাহিত্যৰ সৃষ্টি হয়তো অনাখৰী নাৰীসকলৰ মুখত ঢেঁকীশালতেই হৈছিল। ঢেঁকী আছিল অতীজত নাৰীসমাজত শাৰীৰিক ব্যায়ামৰ আহিলা লগতে ঢেঁকীশালখন এক ব্যায়ামাগাৰ।

ঢেঁকীৰ মাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাচীন বাসীন্দা সকলে 'ঢেং কোলোচ' বুলি কয়। নাৰদৰ বাহন বুলি কোৱা হয় কিন্তু তেনেধৰণৰ কাহিনীবোৰ যিহেতু সৰ্বভাৰতীয় পৰ্য্যায়ৰ, সেয়েহে তাৰ বাখ্যা কেৱল অসম বা ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভিত্তিত দিয়া সমীচিন নহ'ব । মানৱ সভ্যতাৰ সভ্য স্তৰৰ আৰম্ভণিৰ পৰাই খাদ্যৰ বাবে বিভিন্ন মাহ, শস্য আদিবোৰ সৰু টুকুৰা,মিহি বা গুৰি কৰাৰ প্ৰয়োজন আহি পৰিছিল। লগতে ধান, মাহ আদিবোৰৰ বাকলি গুচাবৰ বাবেও সঁজুলীৰ প্ৰয়োজন হৈছিল। তেনেধৰণৰ প্ৰয়োজনবোৰ পুৰাবৰ বাবেই বহু প্ৰাচীন কালতেই উৰাল জাতীয় সঁজুলীৰ আৱিস্কাৰ হৈছিল।

শ্ৰীকৃষ্ণৰ বৃত্তান্তটো উৰালৰ উল্লেখ আছে। ঐতিহাসীকভাৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলটো উৰালৰ ব্যৱহাৰ বহু পুৰণী আৰু বৰ্তমানেও আছে। ঢেঁকী হৈছে উৰালৰ নিচিনা একেধৰণৰ কাম কৰিবৰ বাবে সৃষ্টি কৰা উৰালতকৈ পৃথক অথচ সহজ উপায়েৰে কাম সম্পন্ন কৰিব পৰা সঁজুলী। কৃষিৰ লগত ঢেঁকীৰ ওত: পোত সমন্ধ আছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ঢেকীৰ নিচিনাকৈ পৃথিবীৰ আন কোনো ঠাইত ইয়াক ইমান বহুলভাৱে ব্যৱহাৰ কৰা নহয়। ই ব্ৰহ্মপুত্ৰ উপত্যকা সভ্যতাৰ এক উল্লেখযোগ্য উপাদান। ঢেকী এই উপত্যকাটোৰ প্ৰাচীন বাসিন্দা সকলৰ অৱদান। ই এই সভ্যতাটোৰ সমাজ জীৱনৰো এক অংগ।

অসমীয়া সমাজৰ এটা অবিচ্ছেদ্য অংগ বুলি বিবেচিত হোৱা ঢেকী লাহ লাহে এলাগী হবলৈ ধৰিল। বহু ঘৰত এতিয়া এনে কথাও শুনিবলৈ পোৱা যায় যে,- ঢেকীটোৱে ঘৰখনৰ জেগা বন্দী কৰিহে আছে। কেৱল ঢেকীয়েই নে, অসমীয়া সমাজৰ কিমান কি পৰম্পৰা, সামগ্ৰী অসমৰ সোঁতত নাইকিয়া বা বিকৃত হৈছে, তাৰ হিচাপ কোনে ৰাখিছে?

সচেতন হোৱাৰ সময় আহিল। যান্ত্ৰিকতাৰ পৃথিৱীখনত কিছুমান নিয়ম, পৰম্পৰা সলনি হৈছে যদিও সেইবোৰৰ স্বকীয়তা যাতে স্লান নহয়, সেই দিশত সজাগ হোৱাৰ সময় আহিল। সময় এতিয়াও উকলি যোৱা নাই। এতিয়াও বহু গ্ৰামাঞ্চলৰ পিছফালৰ বাৰাণ্ডাত দেখা যায় ঢেকী। নতুন প্ৰজন্মই একো নাজানে বুুলি সমালোচনা কৰি থকাতকৈ এইবোৰৰ সৈতে চিনাকী কৰাই দিয়োটোৱে সময়ৰ আহ্বান। নহলে ঢেকীয়েই নহয়, অসমীয়া সমাজৰ পৰা হেৰাই যাব অসমীয়াৰ গোন্ধ থকা বহুবোৰ…

অসমীয়া