গুৱাহাটীত ইলেক্ট্ৰিক পোষ্ট, পকী ৱালতে ৰৈ যোৱা ব্যৱসায়...

মানুহৰ এতিয়া সময় বহুত। মানুহৰ এতিয়া সেই বহু সময়ৰ মাজতে কিছু কামৰ বাবে সময়ৰ অভাৱ। সহজতে আৰু ঘৰতে সকলো সুবিধা লাভ কৰাতো মানুহৰ এক প্ৰৱণতা হৈ পৰিছে। সেই সুযোগ লৈয়ে গঢ় লৈ উঠিছে বহু ব্যৱসায়।

author-image
Asomiya Pratidin
New Update
bikhekh lekha (5)

মৃদুল কুমাৰ সন্দিকৈ

মানুহৰ এতিয়া সময় বহুত। মানুহৰ এতিয়া সেই বহু সময়ৰ মাজতে কিছু কামৰ বাবে সময়ৰ অভাৱ। সহজতে আৰু ঘৰতে সকলো সুবিধা লাভ কৰাতো মানুহৰ এক প্ৰৱণতা হৈ পৰিছে। সেই সুযোগ লৈয়ে গঢ় লৈ উঠিছে বহু ব্যৱসায়।

Advertisment

এফালে এইবোৰ সেৱা, আনফালে কাৰোবাৰ বাবে এইবোৰ ব্যৱসায় আৰু ধন ঘটাৰ উৎস। এনে কিছু সমস্যা মানুহৰ ঘৰে ঘৰে আকস্মিকভাৱে সৃষ্টি হয় যে সেই সমস্যাবোৰ সমাধানৰ বাবে কিছু পাৰদৰ্শী লোকৰ প্ৰয়োজন হয়।

এই পাৰদৰ্শীলোকসকলেহে তেনেবোৰ সমস্যা সমাধান কৰিব পাৰে। গুৱাহাটী মহানগৰীত তেনে এখন ব্যৱসায়ৰে বিশাল সম্ভাৱনাৰ জগত আছে। কিন্তু সেই সম্ভাৱনাময় ব্যৱসায়িক ক্ষেত্ৰখনত থলুৱা লোকসকলে সফল ব্যৱসায়লৈ ৰূপান্তৰ কৰিব পৰা নাই।

দেশৰ অন্য মহানগৰবোৰত ইতিমধ্যেই তেনে সেৱাপূৰ্ণ আকস্মিকভাৱে প্ৰয়োজন হোৱা মানুহৰ জৰিয়তে কোটি কোটি টকাৰ ব্যৱসায় বহু বছৰৰ পূৰ্বেই আৰম্ভ হৈ গৈছে। ঘৰত গেছটো বেয়া হ’ল, এজন গেছ ভাল কৰা মানুহৰ প্ৰয়োজন। ঘৰৰ কোনো কাঠৰ আচবাব, দৰ্জা-খিৰিকিৰ সমস্যা হ’লে এজন কাঠমিস্ত্ৰীৰ প্ৰয়োজন হয়। পানীৰ পাইপ, এ চি, ঘৰৰ চাফাই, বাথৰূম-লেটিন পৰিষ্কাৰ কৰা, কাৰেন্টৰ সমস্যা, চি চি টিভিৰ মেৰামতি, নলা-নৰ্দমা চাফা আদিৰ বাবে মানুহৰ প্ৰয়োজন হ’লে সহজতে তেনে এজন লোকক বিচাৰি ওলোৱাতো এতিয়াও গুৱাহাটীত সমস্যা। 

অথচ, দেশৰ অন্য প্ৰান্তত এই সমস্যা নাই। আমি চিনাকি মানুহক সুধিব লগা হয় তেনে কোনো ব্যক্তিৰ নম্বৰ আছে নেকি? গুগলত বহুলোকে আজিৰ দিনত সেই সেৱাৰ বাবে নিৰ্দিষ্ট মানুহজনৰ সন্ধান কৰে যদিও বৰ বিশেষ তথ্য উপলদ্ধ নহয়। 

তাতোকৈ ডাঙৰ কথা বিশ্বাসযোগ্যভাৱে অতি  ক্ষীপ্ৰতাৰে মহানগৰীৰ সকলো স্থানত ইন্টাৰনেটত বিচাৰি সময়ত তেনে লোক বিচাৰি পোৱাতো গুৱাহাটীত এতিয়াও সহজলভ্য হোৱা নাই। দুই এক তথ্য পোৱা যায় যদিও সেই লোকজনৰ ব্যস্ততা আৰু অন্যান্য কাৰণত স্থানীয় কোনো উতসৰ সহযোগত গুৱাহাটীবাসীয়ে এনেধৰণৰ মানুহ বিচাৰি লব লগা হয়।

গুৱাহাটীত এই সকলোবোৰ সেৱা দিব পৰাকৈ দুই- এটা প্ৰতিষ্ঠান আছে। তাৰ ভিতৰত স্মাৰ্ট চিটি কেয়াৰ অন্যতম। এই প্ৰতিষ্ঠানটোৰ জৰিয়তে অনলাইন জৰিয়তে চি চি টিভিৰ মেৰামতি, চাফাই, পোক পৰুৱা নিয়ন্ত্ৰণ, এ চি মেৰামতি, কাঠমিস্ত্ৰী, ইলেক্টিচিয়ান, চুইপাৰ আদি সেৱা পোৱা যায়।

এই প্ৰতিষ্ঠানটো কিন্তু অসমৰ নহয়। ২০১৭চনত দিল্লীত আৰম্ভ কৰা এই প্ৰতিষ্ঠানটো এতিয়া এনেধৰণৰ সেৱা ৭৯খন চহৰত উপলদ্ধ। বন্ধ নলা পৰিষ্কাৰ কৰিবলৈ তেওঁলোকে মানুহ পঠালে ইয়াৰ বাবদ ২৫০০টকালৈকে ধন লয়।

একেদৰে জৰুৰীকালীন পানী পাইপলাইন মেৰামতি কৰিবলৈও ১০০০টকাৰ পৰা ৫০০০টকালৈকে লয়। মুঠৰ ওপৰত ধনৰ বিনিময়ত তেওঁলোকে এই সেৱা প্ৰদান কৰোতে যোগাযোগৰ মাধ্যম হিচাপে মাজতে ৩০-৪০শতাংশ ধন এই প্ৰতিষ্ঠানটোৰ জেপলৈ যায়।

তেনেকৈয়ে এতিয়া এই প্ৰতিষ্ঠানবোৰ কোটি কোটি টকাৰ গৰাকী হৈ পৰিছে। কিয়নো বিপদৰ মূৰ্হুতত যিকোনো প্ৰকাৰে মানুহে ঘৰতে অতি সহজতে এই সেৱাবোৰ গ্ৰহণ কৰিব খোজে। অসমত স্থানীয় কোনোলোকে এনে পদ্ধতিগত অনলাইন সেৱাৰ এক প্ৰতিষ্ঠান আৰম্ভ কৰিলে সেয়া নিসন্দেহে মানুহৰ উপকাৰত আহিব আৰু আনফালে এক বিস্তৃত পৰিসৰৰ ব্যৱসায়ো গঢ় লৈ উঠিব।

ঠায়ে ঠায়ে গুৱাহাটীত পানীৰ মিস্ত্ৰী, ৰঙৰ মিস্ত্ৰী, কাঠমিস্ত্ৰী, চাফাই কৰ্মী, গেছ ভাল কৰা লোক, ইলেক্ট্ৰিচিয়ান, এ চি- চি চি টিভি মেৰামতি কৰা মেকানিক আদি আছে। কিন্তু সেইসকলৰ যোগাযোগ নম্বৰ অনলাইনযোগে উপলদ্ধ কৰি আৰু যিকোনো মূৰ্হুততেই তেওঁলোকক সেৱাৰ বাবে প্ৰেৰণ কৰিব পৰাকৈ এক ব্যৱস্থা আজিও গঢ় লৈ উঠা নাই।

সেই স্থানীয় দক্ষ সম্পন্ন লোকসকলে কেতিয়াবা কাম পায়, কেতিয়াবা নাপায়। তেওঁলোকেও এই দিশত আগবাঢ়িব পৰাকৈ পঢ়া-শুনা বা নিজাকৈ তেনে সুবিধা কৰিব ল’ব পৰা অৱস্থাত নাথাকে। গুৱাহাটী মহানগৰীত কিন্তু তেওঁলোকে অন্য এক পন্থাৰে কাৰোবাক এনে লোকৰ প্ৰয়োজন হ’লে যোগাযোগ কৰিবৰ বাবে নম্বৰ দি থোৱাৰ ব্যৱস্থা কৰে।

সাধাৰণতে  ইলেক্ট্ৰিকৰ খুঁটাত, পকী বেৰাত তেওঁলোকৰ নম্বৰবোৰ ঠায়ে ঠায়ে লিখি থয়। যাতে কোনো লোকে প্ৰয়োজনত তেওঁলোকক বিচাৰিব পাৰে। গুৱাহাটী গীতানগৰ সমীপৰ এটা ইলেক্টিকৰ খুঁটাত তেনে এজন লোকে লিখি থোৱা বিজ্ঞাপন সদৃশ এই কথাকেইটাই এই চিন্তা মনত উদ্বেগ কৰিলে। 

যিটো খুটাঁত লোকজনে ৰঙা ৰঙেৰে লিখিছিল- ৮১৩৫০০২৩৪৫ কুৱাঁ, পাইপৰ মিস্ত্ৰী আৰু ৭০৮৬৫২২২০৬ চুইপাৰ। বহুলোকে সেই খুটাঁটোৰ এই নম্বৰ মোবাইলত চেভ কৰি লৈ যায়, যাতে প্ৰয়োজনত সেই লোকসকলক পায়। কোনো কোনোৱে সেই খুটাঁৰ আলোকচিত্ৰ সংগ্ৰহ কৰি সাঁচি ৰাখে সময়ত ইয়াৰ ব্যৱহাৰৰ বাবে।

এতিয়াও গুৱাহাটীত এনেকৈয়ে ইলেক্টিকৰ খুঁটা আৰু পকী বেৰাত ৰৈ গৈছে এই ব্যৱসায়। ইয়াক উত্তৰণৰ ব্যৱস্থা কৰিলে সেই ব্যৱসায়িক ক্ষেত্ৰখনে কম সময়ৰ ভিতৰতে নতুন মাত্ৰা লাভ কৰিব আৰু সেই সেৱা সুসংগঠিত হৈ পৰিব...

গুৱাহাটী