
প্ৰতি সপ্তাহে অনুষ্ঠিত হয় কেবিনেট। সেই কেবিনেটত গ্ৰহণ কৰা হয় ভালেমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত। যিবোৰ সিদ্ধান্তক লৈ ৰাজ্যবাসীয়ে সন্তুষ্টিও ব্যক্ত কৰিছে। কেবিনেটৰ সিদ্ধান্ত মানেই তেনে কাম ৰাজ্য চৰকাৰে কৰিব বুলি ভৱা হয়। ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত, জনসাধাৰণে বিচৰা ধৰণেই হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ জৰিয়তে এই সিদ্ধান্তসমূহ গ্ৰহণ কৰিছে।
এই চৰকাৰৰ ১০০দিন সম্পূৰ্ণ হৈ গৈছে ইতিমধ্যে। প্ৰতি সপ্তাহত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ৫টাকৈ সিদ্ধান্ত ধৰিলেও যোৱা দিনকেইটাত ৬০-৭০টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটত লোৱাৰ কথা সংবাদমেল পাতি ৰাজহুৱা কৰা হৈছে। কিন্তু এই ধৰণে কেবিনেট সিদ্ধান্ত ললে বুলিয়েই আমি সন্তুষ্ট লভিলে হ'বনে?
এখন চৰকাৰে সাংবিধানিক নীতি-নিয়ম অনুসৰি, চৰকাৰী বিধি মানি সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। কিন্তু এতিয়া কেবিনেট সিদ্ধান্তসমূহ এনে হৈছে যে, ৰাজনৈতিক ঘোষণা আৰু এখন চৰকাৰৰ কেবিনেট ঘোষণাৰ মাজত বৰ বিশেষ পাৰ্থক্য নাইকিয়া হৈছে। কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত সেইসমূহ গেজেট নটিফিকেশ্যনৰ জৰিয়তে কাৰ্যকৰী কৰিবলৈ পদক্ষেপ লোৱা হয়।
জানিব পৰা মতে, ২০২০চনৰ নৱেম্বৰতেই অন্তিম বাৰৰ বাবে ৰাজ্য চৰকাৰে গেজেট প্ৰকাশ কৰিছিল। সেইসময়ৰ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল। তাৰ পাছত ইমানদিন কোনো গ্ৰেজেট নটিফিকেশ্যন প্ৰকাশ নকৰাত কেবিনেট সিদ্ধান্তসমূহৰ আইনগত ন্যাৰ্যতাক লৈও প্ৰশ্ন উঠিছে।
কেবিনেট অনুষ্ঠিত হোৱাৰ সময়ত তাত আলোচনা হ'ব লগা আৰু সিদ্ধান্ত লব লগা বিষয়সমূহ বিভাগীয়ভাৱে পৰীক্ষা-নিৰীক্ষা কৰা হয়। সেই সকলোবোৰ ভাৱি-চিন্তি বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি কেবিনেটে সিদ্ধান্ত লয়। কিন্তু এতিয়া এনে হৈ পৰিছে যে, কাৰোবাৰ মুখৰ কথাই আইন আৰু কেবিনেটৰ সিদ্ধান্ত।
কেবিনেটত উত্থাপন হোৱা বিষয়ক লৈ আলোচনা হব লাগে। সতীৰ্থ মন্ত্ৰীসকলে সপক্ষে বিপক্ষে ভাল-বেয়া সকলো বিচাৰ কৰি সেই অনুসৰি সিদ্ধান্ত লোৱা হয়। কিন্তু এতিয়া জানো তেনে পৰিৱেশ আছে? মুখ্যমন্ত্ৰী সিদ্ধান্তৰ বিৰুদ্ধে কেইজন মন্ত্ৰীয়ে মাত মাতিব পাৰে? কেবিনেটত কোনো নীতিগত সিদ্ধান্তগ্ৰহণৰ বাবে বিভাগৰ তৰফৰ পৰা কেবিনেট মেমোৰেণ্ডাম প্ৰস্তুত কৰা হয়।
আৰু সেই প্ৰস্তাৱসমূহ মুখ্য সচিবৰ জৰিয়তে কেবিনেট বৈঠকত উত্থাপন কৰাৰ নিয়ম। সেই নিয়মবোৰ এতিয়া মনা হৈছেনে? যদি এনে নিয়মক বাদ দি কোনোবাই ভৱা কথাবোৰেই কেবিনেটৰ সিদ্ধান্ত কৰা হৈছে, তেনেহলে ইয়াৰ সুফল আশা কৰিব নোৱাৰি। বহুবোৰ সিদ্ধান্তৰ কথা সংশ্লিষ্ট বিভাগসমূহে ভূকেই নাপায়।
সংবাদ মাধ্যমত সেই সন্দৰ্ভত খবৰ প্ৰকাশ হোৱাৰ পাছতহে তেনে এক সিদ্ধান্ত চৰকাৰে লৈছে বুলি বিভাগবোৰে গম পায়। যদি এয়াই হয় তেনেহলে এই সিদ্ধান্তবোৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিমান বেমেজালিৰ সৃষ্টি হব পাৰে সেয়া সহজে অনুমান কৰিব পাৰি। ৰাজ্য চৰকাৰে ঘোষণা কৰা কিমান কেবিনেটৰ সিদ্ধান্ত গেজেট নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। সেই পৰিসংখ্যা চালেই কেবিনেটৰ সিদ্ধান্তৰ নামত চলোৱা এয়া চৰকাৰৰ প্ৰচাৰৰ বাদে আন যে একো নহয় তাৰ উমান পাব পাৰি।
পূৰ্বতে কেবিনেটৰ সিদ্ধান্তসমূহ অতি সংগোপনে ঢাক-ঢোল নবজোৱাকৈ গ্ৰহণ কৰা হৈছিল। এতিয়া সেই পৰম্পৰা সলনি হল। কেবিনেট মানেই যেন বহু বোৰ সিদ্ধান্ত ঘোষণা কৰা এক বৈঠকহে। শেহতীয়াকৈ ২৬আগষ্ট ২০২১ত কেবিনেটে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ আছিল-সকলো শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতিষেধক ৫ ছেপ্তম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰা, লোকনিৰ্মাণ বিভাগত সংস্কাৰ, জল জীৱন মিছনৰ ক্ষিপ্ৰ ৰূপায়ন, ৩ ছেপ্তেম্বৰত ক্ৰীড়া দিৱস পালন, ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় চেম্পিয়নশ্বীপত পদক বিজয়ীলৈ প্ৰতিমাহে ১০হাজাৰকৈ মাহেকীয়া পেঞ্চন ইত্যাদি।
২০আগষ্ট ২০২১ত এই চৰকাৰে ১০০দিন সম্পূৰ্ণ কৰিছিল। সেই উপলক্ষে ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল। কেবিনেট বৈঠকত লোৱা হৈছিল সেইবোৰ সিদ্ধান্ত। তেনে সিদ্ধান্তসমূহ আছিল- অসম চৰকাৰৰ কেবিনেট বৈঠক প্ৰতিমাহে কোনো এখন জিলাত অনুষ্ঠিত কৰা, অৰণোদয় আচনিৰ আৰ্থিক সাহায্য ১০০০লৈ বৃদ্ধি, ভূগোল আৰু বুৰঞ্জী বিষয় শৈক্ষিক পাঠ্যক্ৰমত বাধ্যতামূল্যক কৰা, গুৱাহাটীৰ পৰিবহন ব্যৱস্থাক ইলেক্টনিক মাধ্যমলৈ ৰূপান্তৰ, ২০২২ৰ এপ্ৰিলৰ পৰা অসমত ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তন, বাছচালক তথা হেণ্ডিমেনলৈ ১০০০০হাজাৰকৈ এককালীন সাহায্য ঘোষণা, নামঘৰীয়া আৰু মন্দিৰৰ পূজাৰীলৈ ১৫,০০০টকাকৈ এককালীন সাহায্য আদি।
এই ঘোষণাবোৰে মানুহক চৰকাৰৰ প্ৰতি নিশ্চয় আস্থাশীল কৰি তুলিব। ইয়াৰ পূৰ্বেও ১লাখ নিযুক্তিকে ধৰি মাইক্ৰফাইনেন্সৰ লোণ মাফ আদি বিভিন্ন ঘোষণা ৰাজ্য চৰকাৰে কৰিছে। কেতিয়াবা যদি মুখ্যমন্ত্ৰীয়ে সেই ঘোষণা কৰিছে আন কেতিয়াবা কেবিনেট বৈঠকৰ জৰিয়তে চৰকাৰে লোৱা বা কৰিব বিচৰা কামবোৰৰ কথা ৰাজহুৱা কৰা হৈছে। প্ৰতি সপ্তাহৰ বুধবাৰে অনুষ্ঠিত কৰা কেবিনেট বৈঠকত নতুন কি কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এতিয়া ইয়াৰ বাবে অসমৰ ৰাইজ অপেক্ষা কৰি থাকে।
১১আগষ্ট, ২০২১ত জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত স্বাস্থ্য বিভাগৰ ৮৮৫৫টা পদত নিযুক্তি, ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ বৃদ্ধি, ৬৬০০গৰাকী যুৱক-যুৱতীক স্বাৱলম্বনৰ সিদ্ধান্ত লোৱা হৈছিল। কোভিডকালীন ছুটীৰ নিয়মীয়াকৰণ , ৰাজ্যৰ অনুসূচীত জনজাতি এক উপজাতি হল লালুং, সেই শব্দৰ স্থানত তিৱা শব্দ ব্যৱহাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুৰোধ জনোৱাৰ সিদ্ধান্ত লোৱা হৈছিল এই কেবিনেট বৈঠকত।
৪আগষ্ট,২০২১ত অসম মন্ত্ৰীসভাৰ সাপ্তাহিক কেবিনেট বৈঠকত ভূমিহীন খিলঞ্জীয়ালৈ ভূমি আৱন্টনৰ দিনাই ম্যাদী পট্টা প্ৰদান, জিলা উপায়ুক্তৰ অনুমতি অবিহনে ফ্লেটৰ পঞ্জীয়ন, শিক্ষা বিভাগত ১২৯২১টা পদত নিযুক্তিৰ বাবে অনুমোদন প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে। গোৰ্খা সম্প্ৰদায়ৰ বিৰুদ্ধে বিদেশী সংক্ৰান্তীয় কোনো গোচৰ নলবলৈ সিদ্ধান্ত , বিদেশী ন্যায়ধীৰকণত নিষ্পতিৰ বাবে কোনো গোৰ্খা লোকৰ বিৰুদ্ধে চলি থকা গোচৰ উঠাই লবলৈ সিদ্ধান্ত লৈছিল এই কেবিনেট বৈঠকত।
২৮জুলাই, ২০২১ৰ কেবিনেট বৈঠকত আৰক্ষীৰ এক বিশেষ আয়োগ গঠনৰ সিদ্ধান্ত, অসম চৰকাৰৰ ১লাখ নিবনুৱা নিযুক্তি লক্ষ্যৰ প্ৰাথমিক পদক্ষেপ হিচাপে ১৫হাজাৰ পদত নিযুক্তিৰ বাবে সিদ্ধান্তগ্ৰহণ। মুদ্ৰন আৰু লেখন সামগ্ৰী বিভাগক তথ্য আৰু জনসংযোগ বিভাগৰ সৈতে একত্ৰীকৰণ, ৰাজহুৱা প্ৰতিষ্ঠান বিভাগক উদ্যোগ আৰু বাণিজ্য বিভাগৰ লগত সংলগ্নকৰণ, পাৰপত্ৰ বিভাগক গৃহ বিভাগৰ সৈতে সংলগ্নকৰণ আদি সিদ্ধান্ত আছিল উল্লেখযোগ্য।
আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা কেবিনেটৰ সিদ্ধান্তৰ বিধিগত বৈধ্যতা সন্দৰ্ভত সাধাৰণ জনতা সজাগ সচেতন নহয়। কিন্তু সাধাৰণ মানুহে ভাৱি থাৰে জনসাধাৰণৰ বাবেই এই সিদ্ধান্তবোৰ গ্ৰহণ কৰি জনমুখী চৰিত্ৰৰ প্ৰমাণ দিছে। সেয়া যদি কেৱল প্ৰচাৰ আৰু ৰাইজৰ আভুৱা দিবলৈ কৰা ঘোষণা হয় তেনেহলে এদিন এই সিদ্ধান্তবোৰেই চৰকাৰৰ বাবে ডাঙৰ সমস্যা হৈ পৰিব…