/asomiyapratidin/media/media_files/2025/09/02/ap-for-web-new-bikhekh-lekha-new-2024-2025-09-02-14-21-36.jpg)
মৃদুল কুমাৰ সন্দিকৈ
ভুৱা নামজাৰি, ভুৱা পঞ্জীয়নৰ জৰিয়তে গুৱাহাটী মহানগৰীত কোটি টকীয়া মূল্যৰ মাটি দখল কৰি ফুৰিছিল এটা ভূ-মাফিয়া চক্ৰই। ২৪নৱেম্বৰ, ২০২৩ত এখন সংবাদমেল সম্বোধন কৰিছিল সেই সময়ৰ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই। সেই সংবাদমেলত উপস্থিত আছিল তেতিয়াৰ কামৰূপ জিলাৰ আয়ুক্ত পল্লৱ গোপাল ঝা।
দুয়োগৰাকী উচ্চ পদস্থ বিষয়াই সংবাদমেলত বহু বিস্ফোৰক তথ্য ফাদিল কৰিছিল। কামৰূপ মহানগৰ জিলাৰ উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ সহযোগত কিদৰে মহানগৰীত ভূমি জালিয়াতি চলিছিল, সেই কথা সেইদিনা দুয়োগৰাকী বিষয়াই কৈ গৈছিল সাংবাদিকৰ আগত।
এই চক্ৰটোৰ সৈতে আছিল এচাম উপ পঞ্জীয়ক কাৰ্যালয়ৰ ঘোচখোৰ বিষয়া-কৰ্মচাৰী-অধিবক্তা আৰু মাটিৰ কেইবাজনো দালাল। চক্ৰটোৱে মাটি-বাৰীৰ কাগজ পত্ৰ জালিয়াতি কৰি কোটি কোটি টকীয়া ম্যাদী মাটি হস্তগত কৰিছিল।
দিছপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত সংঘটিত ভুৱা নামজাৰি গোচৰৰ তদন্ত চলাওতে এনে বিস্ফোৰক তথ্য পোহৰলৈ আহিছিল। সেইদিনা সংবাদমেলত তেতিয়াৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কৈছিল- গুৱাহাটীত ভূমাফিয়া এই চক্ৰটোৱে দুই ধৰণেৰে জালিয়াতি কৰি বহুলোকৰ মাটি আৰু ঘৰ-সম্পত্তি কাঢ়িছে।
চক্ৰটোৱে উপ পঞ্জীয়কৰ কাৰ্যালয়ক সাৰথি কৰি লাখ লাখ টকা উপঢৌকন দি সহজতে মাটি সম্পত্তি হস্তগত কৰিবলৈ সক্ষম হৈছিল। অধিবক্তা, মহৰি, ঘোচখোৰ বিষয়া-কৰ্মচাৰী আৰু ভূমাফিয়া মিলি মাটিৰ প্ৰকৃত গৰাকীৰ পৰিৱৰ্তে আন এজনক গৰাকীক সজাই চহী নকল কৰি এই ব্লুপ্ৰিন্ট তৈয়াৰ কৰে।
বশিষ্ঠ থানাত ৰুজু হোৱা ৬৪৫/২০২৩ নম্বৰৰ গোচৰৰ তদন্ত চলাওতে সেই ভয়ংকৰ তথ্যবোৰ পোহৰলৈ আহিছিল। বশিষ্ঠ থানাত ভুক্তভোগীয়ে দাখিল কৰা এজাহাৰত উল্লেখ কৰিছিল যে, উত্তৰাধিকাৰী সূত্ৰে বশিষ্ঠ মূল পথৰ দাঁতিত থকা তেওঁৰ ৭কঠা ১০লেচা মাটি ৰাজেশ কুমাৰ ৰায় নামৰ এজন ব্যক্তিক ১৯৯২চনত বিক্ৰী কৰা বুলি উল্লেখ কৰা হৈছে।
এজাহাৰত এজাহাৰকাৰীয়ে জানিবলৈ দিয়া মতে, তেওঁৰ দেউতাক আৰু খুৰাকে ১৯৯২চনত সেই মাটি বিক্ৰী কৰা বুলি কাগজ-পত্ৰ দেখুওৱা হৈছে যদিও তেওঁৰ খুৰাকৰ ১৯৬৫চনতে মৃত্যু হৈছিল। গতিকে ১৯৯২চনত খুৰাকে সেই মাটিৰ বিক্ৰীৰ বাবে চহী কৰাতো অসম্ভৱ কথা।
আৰক্ষীয়ে তদন্ত চলাই দিছপুৰ ৰাজহ চক্ৰৰ ডাটা এন্টি অপাৰেটৰ ধ্ৰুৱজ্যোতি বৰ্মণক গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিতে অধিবক্তা মইনুল হক আৰু ভূমাফিক তাপস চৌধুৰীক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত গুৱাহাটী মহানগৰ উপ পঞ্জীয়ক কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক নিতুল দাসকো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
এই ভূমাফিয়া চক্ৰটোৱে প্ৰথমে দখল কৰিব লগা মাটিখিনি কাৰ, তেওঁ আৰ্থিকভাৱে সবল নে দুৰ্বল সেয়া ছাৰ্ভে কৰে। তাৰ পাছত অধিবক্তাৰ জৰিয়তে মাটিৰ দাগ নং, পট্টা নং উলিয়াই ভুৱা চেল ডিড প্ৰস্তুত কৰে। উক্ত চেল ডিডৰ জৰিয়তে উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ ভলিউম বুকত মাটি ক্ৰয়-বিক্ৰয়ৰ তথ্য সন্নিবিষ্ট কৰে।
তাৰ পাছত মাটিৰ অৰিজিনেল কাগজ-পত্ৰ হেৰুওৱা বুলি থানাত এন্টি দিয়ে। উক্ত এন্টিৰ ভিত্তিত আৰক্ষীৰ ৰিৰ্পট লৈ উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা পূৰ্বতে ভলিউম বুকত থকা নাম ঠিকনা সলনি কৰি আন এখন চেল ডিড উলিয়াই লয়।
সেই চেল ডিডৰ ভিত্তিতে চক্ৰটোৱে ৰাজহ বিষয়াৰ কাৰ্যালয়ত মাটি নামজাৰি কৰিবলৈ আগবাঢ়ে। যিহেতু ১৯৯৮চনৰ পাছত মাটি-বাৰীৰ কাগজ-পত্ৰ কম্পিউটাৰাইজ কৰা হৈছে, সেয়েহে সেই মাটি ১৯৯৮চনৰ আগতেই চক্ৰটোৱে ক্ৰয় কৰা বুলি দেখুৱায়। এনেদৰে মাটি দখলৰ বহু গোচৰ ৰুজু হৈছিল গুৱাহাটীত। ২০২৩ বৰ্ষতে মাটি-বাৰী জালিয়াতিৰ ৮২টা গোচৰ মহানগৰ আৰক্ষীয়ে ৰুজু কৰিছিল।
এয়া আছিল আছিল গুৱাহাটীত জালিয়াতিৰে ভূ মাফিয়া চক্ৰই মাটি দখল কৰা ঘটনাৰ প্ৰেক্ষাপট। তাৰ পাছত ২৫নৱেম্বৰ, ২০২৩ত দিছপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল বাপধন দাসক গ্ৰেপ্তাৰ কৰিছিল মহানগৰ আৰক্ষীয়ে। মহানগৰ আৰক্ষীৰ চাইবাৰ কোষৰ তদন্তত পোহৰলৈ অহা গুৱাহাটীৰ কোটি টকীয়া ভূমি কেলেংকাৰী গোচৰত কেইবাঘন্টাৰ জেৰাৰ অন্ত লাট মণ্ডল দাসক গ্ৰেপ্তাৰ কৰা হৈছিল।
সেই সময়তে চৰ্চা হৈছিল আন কেইবাজনো মাটিৰ দালালৰ নাম। প্ৰশ্ন উঠিছিল তাৰে কেইজনমানে বিজেপিত যোগদান কৰিছিল আৰু তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হ’বনে নে নহয়। গ্ৰেপ্তাৰৰ ভয়ত সেই সময়ত মাটিৰ কাম-কাজ কৰা কেইবাজনো মণ্ডল, দাদাল আৰু অধিবক্তাই মোবাইল বন্ধ কৰি আত্মগোপন কৰিছিল।
২৭নম্বেৱৰ, ২০২৩। সেইদিনা গুৱাহাটীৰ লালুং গাঁৱত আৰক্ষীয়ে এটা এনকাউন্টাৰ কৰিছিল। সেই খবৰ পিছদিনা প্ৰকাশ পাইছিল সকলো সংবাদমাধ্যমত। অসমীয়া প্ৰতিদিনত উক্ত খবৰৰ শিৰোনাম হৈছিল- গুৱাহাটীত মাটিৰ ভুৱা নামজাৰিৰ গোচৰ। লালুং গাঁৱত নিশা আৰক্ষীৰ এনকাউন্টাৰ, দালাল ৰমেন আহত।
আৰক্ষীৰ সূত্ৰৰ মতে, মহানগৰীত কোটিটকীয়া ভূমাফিয়া চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে অতি কঠোৰ অভিযান চলাইছিল। লাট মণ্ডল, অধিবক্তা, উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ কৰ্মচাৰী, ৰাজহ চক্ৰ বিষয়াৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ পাছত মাটি দখল কৰা দালালৰ বিৰুদ্ধে গৰজি উঠিছিল আৰক্ষীৰ পিষ্টল।
খবৰটোত উল্লেখ আছিল- ৰমেন মদাহি নামৰ মাটিৰ দালাল এটাক আৰক্ষীয়ে আটক কৰিছিল। নিশা আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টা কৰাতেই আৰক্ষীয়ে গুলী কৰিবলৈ বাধ্য হয়। সেই গুলীবৰ্ষণত ৰমেন মদাহীৰ সোঁভৰিত গুলী লাগে। তেওঁক নিশাই জি এম চি এইচত ভৰ্তি কৰোৱা হয় আৰু স্বাস্থ্য সুস্থিৰ হৈ আছে।
মহানগৰ আৰক্ষীৰ অপৰাধ শাখা আৰু চাইবাৰ কোষে সেই দিনা ৰমেন মদাহিৰ ঘৰ পুৱাৰে পৰাই অভিযান চলাইছিল। গ্ৰেপ্তাৰ হোৱা অধিবক্তা মইনুল হক স্বীকাৰোক্তিৰ ভিত্তিত অপৰাধ শাখা আৰু চাইবাৰ কোষে বশিষ্ঠ আৰক্ষীৰ সহযোগত ৰমেন মদাহীৰ ঘৰলৈ অভিযান চলাবলৈ গৈছিল।
অভিযানত মাটি ক্ৰয়-বিক্ৰয়ত ব্যৱহৃত বহু দলিল, নগদ ধন আৰু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ হৈছিল। আৰক্ষী অহাৰ উমান পাই তেওঁ পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীবৰ্ষণ কৰা বুলি সেইদিনা সদৰি কৰিছিল। এই ৰমেন মদাহি নামৰ লোকজনৰ আঁৰত কেইবাজনো ক্ষমতাশালী লোক থকা বুলি তেতিয়াই চৰ্চা হৈছিল।
তাৰ পাছত ৰমেন মদাহিৰ কি হ’ল, মানুহে খবৰ ল’বলৈ পাহৰিলে! গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন জামিন আবেদন দাখিল কৰা হৈছিল। সেই জামিন আবেদনৰ নম্বৰ আছিল- bail appln./318/2024 । আবেদনকাৰী আছিল ৰমেন মদাহি। পিতৃ শৰত মদাহি, গাওঁ লালুং গাওঁ, থানা-গড়চুক, গুৱাহাটী।
অধিবক্ত এন কে কলিতাই ৰমেন মদাহীৰ হৈ দাখিল কৰা এই আবেদনৰ শুনানি হৈছিল ২২ফেব্ৰুৱাৰী, ২০২৪ত। জামিন আবেদনত উল্লেখ কৰা মতে, তেতিয়া ৰমেন মদাহী কাৰাবন্দী। অপৰাধ শাখাৰ আৰক্ষী চকীৰ কেছ নম্বৰ- ০৯/২০২৩ আই পি চিৰ ১২০(বি)/৪১৯/৪২০/৪৬৮/৪৭১/৪০৯ অধীনত কাৰাবন্দী হৈ থকা জেল হাজোতি ৰমেন মদাহিৰ জামিন বিচৰা হৈছিল।
তেওঁৰ বিৰুদ্ধে চন্দন দাসে ৩ডিচেম্বৰ, ২০২৩ত দাখিল কৰা এজাহাৰৰ ভিত্তিত চাইবাৰ আৰক্ষী থানাতো আন এক গোচৰ ৰুজু হৈছিল। অভিযোগ অনুসৰি ৰমেন মদাহিয়ে ভুৱা ডিড প্ৰস্তুত কৰিছিল অভিযোগ তদন্তৰ সময়ত পোহৰলৈ আহিছিল, দিছপুৰ ৰাজহ চক্ৰত লাট মণ্ডল বাপধন দাসৰ ৰিৰ্পট অনুসৰি সেই মাটিৰ মিউটেশ্যন অৰ্ডাৰ হৈছিল। ১কঠা, ১০লেচা আছিল মাটিৰ পৰিমাণ।
খগেন বড়ো নামৰ প্ৰকৃত কটকীপাৰাৰ প্ৰকৃত মাটিৰ গৰাকীয়ে মাটি বিক্ৰী কৰা নাছিল যদিও সেই মাটিও ফেক ডিট নম্বৰ ৪৬৮২/৯২, তাং ৩১/১২/১৯৯২ৰ জৰিয়তে মৰিয়ং বিবিয়ে ক্ৰয় কৰা দেখুৱাইছিল। অধিবক্ত মইনুল হকে দুই লাখ টকাৰ বিনিময়ত ভুৱা পঞ্জীয়নৰ বাবে চাব ৰেজিষ্টাৰ কাৰ্যালয়ৰ জুনিয়ৰ এচিষ্টটেন্ট নিতুল দাসক দায়িত্ব দিছিল। তেনেবোৰ গুৰুতৰ অভিযোগৰ এজাহাৰৰ ভিত্তিত ৰুজু হোৱা মাটি বেদখলৰ গোচৰত অভিযুক্ত আছিল ৰমেন মদাহি।
প্ৰথমখন জামিন আবেদন খাৰিজ হোৱাৰ পাছত দ্বিতীয়খন জামিন আবেদনত মদাহিৰ অধিবক্তাই আদালতক জানিবলৈ দিছিল যে, চাইবাৰ থানাত ৰুজু হোৱা আন এটা গোচৰ ১২/২০২৩ত তেওঁ জামিন লাভ কৰিছে। এইটো গোচৰ ৪জানুৱাৰী, ২০২৪ত নতুনকৈ তেওঁৰ ওপৰত জাঁপি দিয়া হৈছে।
ৰমেন মদাহিৰ স্বাস্থ্যৰ সন্দৰ্ভতো সেইদিনা আদালতক জনাইছিল অধিবক্তাই। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকে সেই স্বাস্থ্যৰ ৰিৰ্পট ফৰৱাৰ্ড কৰিছিল আদালতলৈ। য’ত আৰক্ষীৰ সৈতে গুলীৱিদ্ধ হোৱাৰ কথা উল্লেখ নাছিল। কিন্তু তেও টাইপ-৩ কম্পাউন্ট ফিবুলাৰ ফেকচাৰ সোঁফালে হোৱা বুলি জানিবলৈ দিয়া হৈছিল।
লগতে যকৃত জনিত আন সমস্যা আৰু মেৰুদণ্ড সমস্যা আদিৰ বাবে কোনো সহায় নোলোৱাকৈ উঠা-বহা কৰিব নোৱাৰে বুলিও আদালতত জনাইছিল। এইবোৰ দিশ পৰীক্ষা কৰি আদালতে ৰমেন মদাহিক এই আবেদনত ভিত্তিত জামিন মঞ্জুৰ কৰিছিল।
সেইজন ভূমাফিয়া ৰমেন মদাহি বিজেপি হ’ল। সাধাৰণ লোকৰ অলক্ষিতে ৰাজনৈতিক ডিটাৰজেন্টে তেওঁ হয়তো ধুলে শাসকীয় দলটোৱে। বি টি চি নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৩১আগষ্ট, ২০২৫ত সভাপতি দিলীপ শইকীয়াই ঘোষণা কৰিলে।
সেই তালিকাতে বাক্সা জিলাৰ ২২নং ককলাবাৰী পৰিষদীয়া সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ল এইজন ভূমাফিকা ৰমেন মদাহিক। মানুহ আচৰিত হ’ল। বৰ বেছি দিনৰ আগৰো নাছিল এই ঘটনা প্ৰৱাহ। এটা বছৰৰ ভিতৰতে তেওঁৰ বিৰুদ্ধে থকা সকলো দাগ এতিয়া চাফা।
আৰক্ষীয়ে এনকাউন্টাৰ কৰা এজন অভিযুক্ত এতিয়া জনপ্ৰতিনিধি হোৱাৰ দিশত। নৈতিকতা বুলি ৰাজনীতিত যেন একো নাই। এইজন প্ৰাৰ্থীক প্ৰক্ষেপ কৰাক লৈ বিজেপিৰ বিৰুদ্ধে উত্থাপিত হৈছে প্ৰশ্ন। বিৰোধীয়ে আঙুলি তুলিছে বিজেপিলৈ। সাধাৰণ মানুহে ধৰি লৈছে- নিৰমাই এতিয়া ৱাৰ্চিং পাউদাৰ নহয়, ৰাজনীতিত ইতিমধ্য ৱাৰ্চিং পাউদাৰ হৈ পৰিছে বিজেপি। সেই পাউদাৰেই বিজেপিয়ে শেহতীয়াকৈ ধুলে ৰমেন মদাহিক...