অসতি কৰি ভকতি নেকি...

ঈশ্বৰক মানুহে বিচাৰি পায়নে নে নাপাই নাজানো! কিন্তু নিজৰ উপাস্য দেৱতা বা ভগৱানক বিচাৰি ফুৰে বহুলোকে। আৰাধনা কৰে প্ৰিয় দেৱ-দেৱীক। ঈশ্বৰ বিশ্বাসী লোকসকলৰ বাবে ঈশ্বৰেই সকলো।  ঈশ্বৰ

author-image
Asomiya Pratidin
New Update
bikhekh lekha (2)

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

ঈশ্বৰক মানুহে বিচাৰি পায়নে নে নাপাই নাজানো! কিন্তু নিজৰ উপাস্য দেৱতা বা ভগৱানক বিচাৰি ফুৰে বহুলোকে। আৰাধনা কৰে প্ৰিয় দেৱ-দেৱীক। ঈশ্বৰ বিশ্বাসী লোকসকলৰ বাবে ঈশ্বৰেই সকলো।  ঈশ্বৰ নামৰ বিশাল বিশ্বাসত আজি আধুনিক তথ্য প্ৰযুক্তিয়ে মানৱ সভ্যতাৰ স্বৰূপ সলাই দিয়াৰ পাছতো আঘাত হানিব পৰা নাই। 

কাৰোবাৰ বাবে ঈশ্বৰ আছে, কাৰোবাৰ বাবে নাই ঈশ্বৰ। যিসকলে ঈশ্বৰক আৰাধনা কৰে তেওঁলোকে বিশ্বাস কৰে ঈশ্বৰৰ এই সত্বাক। যিসকলে ঈশ্বৰক বিশ্বাস নকৰে, তেওঁলোকে নাস্তিক হৈ ঈশ্বৰক অস্তিত্বক এৰাই চলে।

আন এচাম আছে, ঈশ্বৰ আছে বা নাই তাক লৈ তেওঁলোকৰ কোনো কৌতূহল নাথাকে। কোনোবাই ঈশ্বৰ আছে বুলি ভাৱিলে তাত আপত্তি নাথাকে আৰু ঈশ্বৰ নাই বুলি ভৱাসকলৰ ক্ষেত্ৰতো ঈশ্বৰ আছে বুলি যুক্তি নিদিয়ে।  মন গ’লে মন্দিৰ-মছজিদত মূৰ দোৱাব পাৰে, মন নগ’লে সেই কাম নকৰে। তেওঁলোকে কেতিয়াও ঈশ্বৰক লৈ গোড়ামি ধাৰণাত সোমাই নাথাকে। 

পুৱাই গুৱাহাটীৰ পৰা ঢকুৱাখনালৈ যাত্ৰা আৰম্ভ কৰিছিলো। বাটটোত আন লোকৰ ভিৰ নাছিল যদিও গেৰুৱা বসন পিন্ধা কিছু লোকক কান্ধত ভাৰ-হাতত টেকেলি লৈ যোৱা আৰু অহা দেখিছিলো। 
শাওঁণ মাহ, ব’ল বমৰ মাহ। নিজক লৈ ব্যস্ত এই মানুহবোৰে উপাস্য মহাদেৱৰ আশীষ বিচাৰি এনেকৈয়ে কম কষ্ট কৰেনে বুলি মনলৈ এক প্ৰবোধ আহিছিল। বল বমক কেন্দ্ৰ কৰি এই কেইদিন বহু খবৰ আহি আছে। 

সনাতনী সংস্কৃতিত কাৰোবাৰ বাবে ব’ল বম এক উল্লেখযোগ্য দিন যদিও অসমৰ সভ্যতা সংস্কৃতিত কিছুদিনৰ আগলৈকে ইয়াৰ পয়োভৰ নাছিল। অথচ, অসমৰ জনগোষ্ঠীয় লোকসকলৰ শিৱই আছিল পৰম আৰাধ্য দেৱতা বা ঈশ্বৰ। 

লাহে লাহে গুৱাহাটীৰ পৰা এটা সুন্দৰ পুৱা উপভোগ কৰি আগবাঢ়ি গৈ থাকোতে এনেদৰে পথত যথেষ্ট গেৰুৱা বসনকাৰী দেখা পালো। সেই দৃশ্যবোৰ প্ৰত্যক্ষ কৰি থাকোতেই আন কিছু উপদৃশ্যই ধৰা দিলে। 

ডাঙৰ ডাঙৰ ট্ৰাকত বহু উচ্চ স্বৰত বজাব পৰা লাউড স্পীকাৰ তুলি ট্ৰাকবোৰ আগবাঢ়ি হৈছে। ট্ৰাকবোৰৰ পাছে পাছে ভক্তসকলো গৈ আছে। একোটা শিৱ মন্দিৰ ৰূপত গঢ়ি লোৱা এই ট্ৰাকবোৰৰ কোনো কোনো কোণত সংগীতৰ লহৰ উঠিছে।

যিমানেই আগবাঢ়ি গৈছো, সিমানেই এনে ট্ৰাকৰ সংখ্যা বাঢ়ি গৈ আছে। একো একো ঠাইত ট্ৰাকবোৰ ৰখিছে মানুহবোৰ জুম বহিছে।  ৰাস্তাৰ ওপৰতে হাতত চিলিম লৈ এই ব্ৰহ্ম পুৱাতে শূণ্যলৈ মহাদেৱৰ প্ৰসাদ বুলি গ্ৰহণ কৰা ভাঙৰ ধোৱাঁ উৰিছে। 
এঠাইত, দুঠাইত নহয় কেইবাঠাইতো এই দৃশ্যৰ পুণৰাবৃত্তি হৈছে। জাগীৰোড পাৰ হৈ তিনি কিলোমিটাৰ মান অহাৰ পাছত ৰহা নোপোৱালৈকে দেখা দৃশ্য আছিল এয়া। প্ৰায়ভাগ গেৰুৱা বসনকাৰী যুৱক। 

এঠাইত দেখা পালো গেৰুৱা কাপোৰ, ব’ল বমলৈ নিয়া ভাৰ, মূৰত মৰা ৰুমালৰ কেইবাখনো দোকান। হয়তো তাত মহাদেৱৰ প্ৰসাদ বুলি গ্ৰহণ কৰা সিবিধো থাকিব পাৰে। এনেদৰে আহি থাকোতে আন এঠাইত দেখিলো কেইবাজনো যুৱক পথৰ মাজৰ খালী অংশত নিশ্চিন্ত মনেৰে শুই আছে। তেওঁলোকৰ কোনো চিন্তা-চেতনা নাই!

দুদিনমানৰ পূৰ্বে উজনি অসমত ব’ল বমত যোৱা একাংশ উদণ্ড লোকক ছাত্ৰ সংগঠনৰ লোকে ৰখাই উচ্চস্বৰত গান-বাজানা নকৰিবলৈ সকিয়াই দিছিল। তেতিয়া ভাৱ হৈছিল, এনেকৈয়ে যদি কোনোবাই ঈশ্বৰ বিচাৰি পায়, তেনে সেইসকলক বাধা দিব লাগে কিয়?

কিন্তু আজি পুৱাই দেখা এই দৃশ্যই সেইদিনা মনলৈ অহা সেই ভাৱৰ সৈতে সংঘাত সৃষ্টি কৰিলে। ইমানবোৰ মানুহ একত্ৰিত হৈছে, তেওঁলোকক তদাৰক কৰিবলৈ কোনো আৰক্ষী নাই। দুই একেহে ট্ৰাকৰ পৰা এডাল ৰচী টানি মানুহবোৰক পথটোৰ এটা অংশত আৱদ্ধ কৰি থৈছে।  কিন্তু বেছিভাগতেই এক উশৃংখল পৰিৱেশ পথৰ ওপৰত। 

মহাদেৱ হেনো এনে এজন ঈশ্বৰ। যি সহজতে সন্তুষ্ট হয় আৰু সন্তুষ্ট হ’লে অসুৰে বিচাৰিলেও বৰ দিয়ে। মহাদেৱ এনে এজন ঈশ্বৰ যাৰ গাত আভিজাত্য নাথাকে, থাকে প্ৰকৃতিৰ প্ৰতিনিধিত্ব। সেই মহাদেৱক লৈ কোনোবা ভক্তই বল বম কৰক, তাত আপত্তি নাই। কিন্তু ইয়াৰ সুযোগ লৈ কোনোবাই ব্যৱসায় কৰিলে, নিচাজাতীয় সামগ্ৰীৰ আড্ডা পাতিলে, তাত চকু দিয়াতো এতিয়া কিন্তু প্ৰয়োজন হৈ পৰিছে। 

ব’ল বমত ভক্তি আৰু একাগ্ৰতাৰে মহাদেৱক বিচাৰি যোৱা জনৰ প্ৰতি আমাৰ কোনো আক্ষেপ নাই। ঈশ্বৰক প্ৰাপ্তিৰ বাবে কৰা এই যাত্ৰাত অংশ লোৱা লোকসকলে কৰা এনে অসতি বোৰে কিন্তু সমাজক ধ্বংসৰ মুখলৈ যে ঠেলি দিছে, সেই উপলদ্ধি কৰাৰ সময় আহিছে।

হাতে হাতে মদৰ বটল, ভাঙৰ চিলিম। উচ্চস্বৰত গান, মুকলিকৈ পথৰ ওপৰত চিলিম-চিগাৰেটত ভাঙৰ দৰে নিষিদ্ধ সামগ্ৰী সেৱন কৰা সকলে ইয়াৰ সুযোগ লৈ আন বহু অপকৰ্ম কৰি যাব পাৰে। কোনে জানে, ড্ৰাগছ মাফিয়াসকলে ব’ল বম সুযোগ নল’ব। ভাৱিবৰ হল আমি, ভাৱিবৰ হ’ল আৰক্ষী প্ৰশাসনে। এচামে বাৰু ব’ল বমৰ নামত অসতি কৰি কৰি ভকতি কৰিছে নেকি?

মহাশিৱৰাত্ৰি জনজাতীয় উপাস্য দেৱতা শিৱ