/asomiyapratidin/media/media_files/2025/04/06/Y7kfOlC2lGPb0KD7uHYB.jpg)
ডিম্পুল বৰগোহাঁই
ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। হেঁপাহৰ ৰঙালীক আদৰিবলৈ বিহু বলিয়া ৰাই়জৰ মাজত ব্যাপক উছাহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহু অনুষ্ঠান পাতিছে ৰাইজে। মুঠতে অসমীয়া নৱবৰ্ষৰ লগতে বিহুটিক আদৰিবলৈ এতিয়া অসমীয়াৰ গাত তৎ নাইকীয়া।
অতীজৰে পৰা ৰঙালী বিহুক লৈ অসমীয়াৰ এক বিশেষ উৎসুকতা আছে। বিহু আহিলেই ঢেকীৰ গুম গুমনি, তাঁতশালত কাপোৰ। মুঠতে ভীষণ ব্যস্ততা। ঘৰৰ সাত-বন কাতি কৰি মাঘ-ফাগুনৰ পৰাই জীয়াৰী-বোৱাৰী সকলে বিহুৱান খনৰ বাবে নেৰানেপেৰাকৈ কাপোৰ ববলৈ উঠি পৰি লাগে।
বিহু আৰু কৃষিৰ সম্পৰ্ক ওতঃপ্ৰোত। কিন্তু এতিয়া কিমান অসমীয়া কৃষিজীৱি হৈ আছে। চৰকাৰী সাহায্যৰ ওপৰত নিৰ্ভৰশীল অসমীয়াই এতিয়া কৃষি কৰ্মলৈ প্ৰায় পিঠি দিছে। কৰ্মবিমুখতাৰ ৰোগে ছানি ধৰিছে অসমীয়াৰ মাজত।
কৃষি কৰ্ম প্ৰায় বাদ দিছে অসমীয়াই। গাঁও এৰি চহৰমুখী হৈছে। কৃষি বুলিবলৈ গাঁৱত এতিয়া আৰু আগৰ পৰিৱেশ নাই। গৰু বিহু পাতিবলৈও গৰু নাই মানুহৰ। খেতি নাথাকিলে, গৰু নাথাকিলে কি বিহু পাতিব অসমীয়াই?
কৃষিপ্ৰধান ৰাজ্য হিচাপে জনাজাত অসমৰ কৃষিভূমিৰ পৰিমাণ ক্ৰমাৎ উদ্বেগজনকভাৱে হ্ৰাস পাইছে । ৰাজ্যখনৰ প্ৰায় ৭০ শতাংশ লোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৃষিকাৰ্যৰ লগত জড়িত যদিও এই খবৰে শেহতীয়াকৈ উদ্বেগৰ সৃষ্টি কৰিছে।
২০২৪ চনত উত্তৰ-পূব পৰিষদৰ বাৰ্ষিক প্ৰতিবেদনত ঈশান কোণৰ আঠ ৰাজ্যৰ পাঁচটা বৰ্ষৰ তথ্যৰে খাদ্য শস্য ৰোপণ কৰা মুঠ মাটিৰ এক তুলনামূলক অধ্যয়ন কৰা হৈছিল । প্ৰতিবেদনৰ আন এক তথ্যত দেখা গৈছে যে অসমৰ প্ৰধান শস্য ধান খেতি কৰা মাটিৰ পৰিমাণ যোৱা ১৩ বছৰত ২.৬২ লাখ হেক্টৰ হ্ৰাস পাইছে ।বিঘাৰ হিচাপত ধৰিলে এই পৰিমাণ হ'বগৈ ১৯.৬৫ লাখ বিঘা ।
কেৱল সেয়াই নহয়, ৰাজ্যৰ মুঠ খাদ্যশস্যৰ খেতি কৰা মাটিৰ পৰিমাণ এই সময়ছোৱাত ১.৮৩ লাখ হেক্টৰ অৰ্থাৎ ১৩.৭২ লাখ বিঘা হ্ৰাস পাইছে । অৱশ্যে এই সময়ছোৱাত মাহজাতীয় শস্য আৰু তৈলবীজ শস্যৰ উৎপাদন বৃদ্ধি পাইছে ।
২০১০-১১ বৰ্ষত ধান খেতি কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল ২৫.৭০ লাখ হেক্টৰ কৃষিভূমি । আন খেতি কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল অতিৰিক্তকৈ প্ৰায় ২ লাখ হেক্টৰ কৃষিভূমি অর্থাৎ সেই বৰ্ষত মুঠ খাদ্যশস্য ৰোপণ কৰা ভূমিৰ পৰিমাণ আছিল ২৭.৬৬ লাখ হেক্টৰ ৷
এই সংখ্যাৰ বিপৰীতে ২০২৩-২৪ বৰ্ষত ৰাজ্যত ধানখেতি কৰা হয় ২৩.০৮ লাখ হেক্টৰ ভূমিত আৰু মুঠ খেতিমাটিৰ পৰিমাণ হয়গৈ ২৫.৮৩ লাখ হেক্টৰ । ইয়াৰ বিপৰীতে চলিত বৰ্ষৰ অক্টোবৰ মাহত প্ৰকাশ পোৱা উত্তৰ-পূব পৰিষদৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি অসমৰ বিপৰীতে ক্ৰমাগতভাৱে আনকেইখন ৰাজ্যত কৃষি কৰা ভূমিৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে ।
প্ৰধানতঃ কৃষিভূমিক ঔদ্যোগিক ভূমিলৈ পৰিৱৰ্তন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগতে বহু কৃষকে খেতি কৰিবলৈ এৰি দিয়াৰ কুফলস্বৰূপেই এই পৰিস্থিতিয়ে দেখা দিছে । অসমৰ এনে পৰিস্থিতিৰ বিপৰীতে চুবুৰীয়া ৰাজ্য তথা উত্তৰ-পূবৰ অন্যান্য ৰাজ্যবোৰ পাহাৰীয়া এলেকা হ'লেও সেই অঞ্চলত খেতি কৰা ভূমিৰ পৰিমাণ বাঢ়িবলৈ ধৰিছে ।
অৰুণাচল প্ৰদেশত ২০১৬-১৭ বৰ্ষত খাদ্য শস্য ৰোপণ কৰা ভূমিৰ পৰিমাণ আছিল ২.৩২ লাখ হেক্টৰ আৰু ২০২০-২১ বৰ্ষত হয়গৈ ২.৪২ লাখ হেক্টৰ । তেনেদৰে মণিপুৰত ২০১৯-২০ বৰ্ষতকৈ ২০২০-২১ বৰ্ষত কৃষিভূমিৰ পৰিমাণ ৩.৩১ লাখ হেক্টৰৰ পৰা ৪.১০ লাখ হেক্টৰলৈ বৃদ্ধি পায় ।
মেঘালয়ত ২০১৬-১৭ বৰ্ষত ২.৫২ লাখ হেক্টৰ ভূমিত খেতি কৰা হৈছিল যদিও ২০২০-২১ বৰ্ষত খেতি কৰা ভূমিৰ পৰিমাণ ২.৫৩ লাখ হেক্টৰ হয়গৈ । মিজোৰামত কৃষিভূমিৰ পৰিমাণ একেই আছে। মিজোৰামত খাদ্যশস্য ৰোপণ কৰা ভূমিৰ পৰিমাণ হৈছে ১.৪৫ লাখ হেক্টৰ ।
নাগালেণ্ডত কৃষিভূমিৰ পৰিমাণ পাঁচ বছৰত ৩.৮০ লাখ হেক্টৰৰ পৰা ৩.৮৬ লাখ হেক্টৰলৈ বৃদ্ধি পায় । আনহাতে ছিকিমতো খেতিমাটিৰ পৰিমাণ একেই আছে । ৰাজ্যখনত খেতি কৰা মুঠ মাটিৰ পৰিমাণ হৈছে ৭৭ হাজাৰ হেক্টৰ । সেইদৰে ত্ৰিপুৰাত পূৰ্বৰ ২.৫৩ লাখ হেক্টৰৰ তুলনাত পাঁচ বছৰত প্ৰায় ২ হাজাৰ হেক্টৰ কৃষিভূমি বৃদ্ধি পাইছে ।
যিখন অসমীয়া সমাজত কেৱল মাত্ৰ নিমখকণৰ বাদে বাকী সকলোবোৰ ঘৰতেই উতপাদন কৰি ভোগালীৰ ভোজ পাতিছিল, সেইখন অসমত এতিয়া লাহে লাহে হেৰুৱাইছে সকলোবোৰ। পথাৰ হেৰাইছে, পুখুৰী হেৰাইছে আৰু যে ক'ত কি! যদি কৃষিয়েই নাথাকে, গোহালীত যদি গৰু নাথাকে, তাঁতশালত কাপোৰ নাথাকে তেন্তে কাক লৈ বিহু পাতিব অসমীয়াই। একাংশৰ বাদে এতিয়া সকলোৱে আশা পাতি থাকে চৰকাৰী আঁচনিলৈ।