/asomiyapratidin/media/media_files/2025/11/15/b9099909-3edb-490e-a2a0-88fe859869ba-2025-11-15-01-20-48.jpg)
ডিম্পুল বৰগোহাঁই
বয়স ৭৪বছৰ। প্ৰায় প্ৰতিখন সভাতেই বিৰোধীয়ে কটাক্ষ কৰিছিল তেওঁৰ বৰ্ধিত বয়সক লৈ। প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি জ' বাইডেনৰ দৰেই দশা হ'ব বুলিও খিকিন্দালি মাৰিছিল বহুতে। বিষয়টোক লৈ তেওঁ ক'তো, কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা নগ'ল।
নিৰ্বাচনৰ ফলাফল ঘোষণাৰ ঠিক এটা দিনৰ আগত বিহাৰৰ ভিন্ন প্ৰান্তত লাগিল ডাঙৰ ডাঙৰ হৰ্ডিং। সকলোতে লিখা আছিল এশাৰী বাক্য- ‘टाइगर अभी ज़िंदा है...’। বয়সক লৈ কটাক্ষ কৰা বিৰোধীক উত্তৰ দিবলৈকে তেওঁৰ অনুৰাগীসকলে আঁৰিছিল এই হৰ্ডিংবোৰ।
ফলাফল ওলাল! ইমানদিনে বয়সক লৈ নিৰুত্তৰ হৈ থকা মানুহজনে হাতে-কামে প্ৰচণ্ড শক্তিৰে দিলে এই কটাক্ষৰ উত্তৰ। যুৱশক্তিয়ে নেতৃত্ব দিয়া বিৰোধীক মহাজোঁটক কৰি দিলে তচনচ। সদম্ভে আকৌ সিংহাসনত বহি তেওঁ যেন ক'লে- বাঘ বুঢ়া হ'ব পাৰে, কিন্তু চিকাৰ কৰিবলৈ নাপাহৰে...।
নীতিশ কুমাৰ। ইতিহাস সৃষ্টি কৰি বিহাৰত দশমবাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব বৰ্ষীয়ান এই নেতাগৰাকী। বিগত প্ৰায় দুটা দশক বিহাৰৰ শাসনভাৰ নিজৰ হাতত ৰখা নীতিশে প্ৰমাণ কৰি দিলে যে, কেৱল শক্তি থাকিলেই নহ'ব। সেই শক্তিক ক'ত, কেনেকৈ ব্যৱহাৰ কৰিব পাৰি অভিজ্ঞতাৰ পৰাহে পৰিপক্ক হ'ব পাৰি।
দুটা দশক, মানে ২০বছৰ। ২০বছৰ এখন ৰাজ্যত এগৰাকী মুখ্যমন্ত্ৰীয়ে শাসন কৰাৰ পাছত প্ৰতিষ্ঠান বিৰোধী এক শক্তিশালী ঢৌঁ গঢ় লৈ উঠা আমি দেখিছো। কিন্তু বিহাৰত নীতিশে কিদৰে এই ঢৌক ছুনামিলৈ পৰিৱৰ্তিত হোৱাৰ পূবে কাবু কৰিব পাৰি, তাৰ কিটিপ জানিছিল। যাৰ বাবে যোৱা নিৰ্বাচনতকৈ ৪২খন বৃদ্ধি কৰিলে।
অভিজ্ঞতাই মানুহক কিদৰে পৰিপক্ক কৰে, তাৰ প্ৰমাণ আছিল বিহাৰ নিৰ্বাচনে সকলোকে দিলে। বিৰোধী মিত্ৰজোঁটত আছিল ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, তেজস্বী যাদৱ, প্ৰশান্ত কিশোৰৰ দৰে যুৱশক্তিৰ চিনাকি মুখ। এই যুৱশক্তিৰ বিৰুদ্ধে যুজঁ দিছিল নৰেন্দ্ৰ মোডী, নীতিশ কুমাৰ, জীতেন মাঝি, অমিত শ্বাহৰ দৰে বয়োজ্যেষ্ঠ নেতাই।
প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধীয়ে বিৰোধী মিত্ৰজোঁটৰ হৈ মাৰাথান প্ৰচাৰ চলাইছিল। ৰাহুল গান্ধীক ব্যতিক্ৰমী ৰূপত দেখা গৈছিল বিহাৰৰ নিৰ্বাচনী প্ৰচাৰত। সকলোৱে ভাৱিছিল এইবাৰ বিহাৰত সলনি হ'ব সমীকৰণ। কিন্তু এই সকলোবোৰ সমীকৰণৰ সমাধান আছিল নীতিশৰ হাতত। মানুহক কেনেকৈ ভোটলৈ পৰিৱৰ্তন কৰিব পাৰি সেয়া তেওঁ ভালকৈ জানিছিল।
বিহাৰত এইবাৰ বিৰোধীৰ হাতত আছিল বহুকেইটা শক্তিশালী ইচ্ছ্যু। মানুহৰ মাজলৈ এই ইচ্ছ্যুবোৰ নিবলৈ যথেষ্ট চেষ্টাও কৰিছিল বিৰোধীয়ে। কিন্তু মানুহৰ মন স্পৰ্শ কৰিব নোৱাৰিলে তেওঁলোকে। বিহাৰবাসীৰ আৱেগ বুজি পোৱাত যেন ব্যৰ্থ হ'ল বিৰোধী।
২০২০চনত ১১৪খন আসন লাভ কৰা বিৰোধী অৱনমিত হ'ল ৩৫খন আসনলৈ। চমক দেখুৱাই ইতিহাস সৃষ্টি কৰি ২০২খন লাভ কৰিলে এন ডি এ মিত্ৰজোঁটে। এফালে যদি এইবাৰৰ নিৰ্বাচনত তেজস্বী যাদৱৰ পতন হ'ল, আনফালে সোণ হৈ উজ্বলিল যুৱ নেতা চিৰাগ পাচৱান। ২০২০ত মাত্ৰ ১টা সমষ্টি দখল কৰা চিৰাগৰ দলে এইবাৰ দখল কৰিলে ১৯টা সমষ্টি।
নীতিশ কুমাৰক আকৌ এবাৰ বিহাৰৰ ৰজা পতাত মহিলাসকলৰ ভূমিকা অন্যতম। বিহাৰত মদৰ অবাধ প্ৰচলন বন্ধ কৰাৰ পাছতে মহিলাসকলৰ অন্তৰত বিশেষ স্থান লাভ কৰিছিল নীতিশে। নীতিশৰ মদ বন্ধ এই সিদ্ধান্তৰ পাছতে বিহাৰত গাহ্যস্থ হিংসা যথেষ্ট হ্ৰাস পাইছিল।
ইয়াৰ পিছতে ২০২৫ৰ নিৰ্বাচনৰ আগে আগে বিহাৰত মহিলাসকলৰ বাবে আৰম্ভ হৈছিল মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা শীৰ্ষক এক আচঁনি। অসমৰ লাখপতি বাইদেউৰ দৰে সুবহু এই আঁচনি। এই আঁচনিৰ অধীনত প্ৰথমে ১০হাজাৰকৈ টকা দিয়া হয় মহিলাসকলক। বিহাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কিছুদিনৰ পূৰ্বে নীতিশ কুমাৰ চৰকাৰে ২৫লাখ মহিলাক প্ৰদান কৰিছিল এই ধনৰাশি।
২০২৫ত বিৰোধীক ধৰাশায়ী কৰাত নীতিশ কুমাৰৰ এয়া আছিল অন্তিম আৰু অতি শক্তিশালী সিদ্ধান্ত। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, অসমৰ মুখ্যমন্ত্ৰীয়েও এই আঁচনিখন অসমৰ পৰা নীতিশ কুমাৰে নিছে বুলি ইতিমধ্যে ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে আশা কৰিছে যে, বিহাৰৰ দৰেই অসমতো এই আঁচনিখনে বিজেপিক অধিক আৰ্শীবাদ দিয়াত সহায় কৰিব।
সেয়া যি কি নহলেও মহিলাৰ প্ৰতি নীতিশ কুমাৰ চৰকাৰে সময়ে সময়ে লৈ অহা বহু সিদ্ধান্তই সহজ কৰি দিছিল ২০২৫ৰ এই বৈতৰণী। নীতিশ কুমাৰৰ প্ৰতি মহিলাসকলৰ মনত বিগত ২০টা বছৰত গঢ় উঠিছিল এটা সদভাৱৰ। এই সদভাৱক ভোটলৈ ৰূপান্তৰ কৰিছিল নীতিশ কুমাৰ আৰু বিজেপিয়ে।
কেৱল মহিলাসকলেই নহয়, বিহাৰত নীতিশ কুমাৰক পুনৰ ৰজা পতাৰ আঁৰত আছে আন বহুকেইটা ফেক্টৰ। মিত্ৰতাত থকা দল বিজেপি যদিও মুচলিম বিৰোধী বুলি জনা যায়, তাৰ বিপৰীতে বিহাৰৰ ৰাজনীতিত জাতি-বৰ্ণ নিবিৰ্শেষে সকলোকে একেলগে লৈ আগবাঢ়ি গৈছিল নীতিশ কুমাৰ।
জাতিগত সন্তুলন বজাই ৰাখিব পৰাতো আছিল নীতিশৰ এটা অন্যতম শক্তি। নীতিশৰ পাৰ্টিক হিন্দু, মুচলিম, জৈন সকলো ধৰ্মৰ নেতাক গুৰু দায়িত্ব দিয়া হৈছিল। পাচৱান, কুশৱাহা, মুছহৰ, মুল্লাহ সকলোকে সন্তুষ্ট কৰি ৰাখিছিল তেওঁ। বিহাৰৰ কুৰ্মী জাতিৰ মাজত অতিকৈ জনপ্ৰিয় নীতিশ।
২০২৫ৰ নিৰ্বাচন নীতিশ কুমাৰৰ বাবে ইমান সহজো নাছিল। এফালে আছিল প্ৰতিষ্ঠান বিৰোধী ঢৌঁ, আনফালে আছিল একত্ৰিত বিৰোধী। কিন্তু ইয়াৰ মাজতো নিজৰ স্থিতিত অটল হৈ থাকিব পৰা স্থিৰতা, জাতিগত সন্তুলন, কল্যাণকামী আঁচনি, প্ৰশাসনিক ক্ষেত্ৰত সংস্কাৰে তেওঁক সকলোৰে মাজত পুনৰ প্ৰাসংগিক কৰি তুলিলে।
২০২০ৰ নিৰ্বাচনৰ পাছত হোৱা এবিহাৰৰ পচণ্ডৰ মুখ্যমন্ত্ৰীৰ এক সমীক্ষাত ৩৭শতাংশৰ পৰা ১৬শতাংশলৈ হ্ৰাস পাইছিল নীতিশৰ ৰেটিং। সকলোৱে ধাৰণা কৰিছিল যে, নীতিশ কুমাৰৰ অৱসৰৰ সময় সমাগত। ২০২৫ৰ নিৰ্বাচনৰ আগতো বিজেপিৰ সৈতে আসন ভাগ-বতৱোৰাক লৈ কোনো আপত্তি নকৰাত তেনে এক ধাৰণাই গঢ় লৈ উঠিছিল সকলোৰে মনত।
দীৰ্ঘসময় ধৰি নেতা হৈ থকাৰ বাবে নীতিশ কুমাৰৰ বিশ্বাসযোগ্যতা হ্ৰাস পাইছে বুলিও এন ডি এৰ ভিতৰভাগতে চৰ্চা হৈছিল। কোনেও কল্পনাই কৰা নাছিল যে, ২০২৫ৰ নিৰ্বাচনত এনেদৰে প্ৰত্যাৱৰ্তন কৰিব নীতিশে। বিজেপিৰ পৰা চলোৱা এক সমীক্ষাত কোৱা হৈছিল যে, ২০২০তকৈ নীতিশৰ দলে এইবাৰ কিছু ভাল প্ৰদৰ্শন কৰিব। কিন্তু ইমান ভাল প্ৰদৰ্শন কৰিব বুলি কোনেও ভৱা নাছিল। নীতিশৰ এই প্ৰত্যাৱৰ্তনে আচৰিত কৰিছে মিত্ৰদল বিজেপিকো।
সকলোৰে মনত প্ৰশ্ন হৈছে, বিৰোধী একত্ৰিত হোৱাৰ পাছতো কিয় এনেদৰে ধৰাশায়ী হ'ল? নিৰ্বাচনৰ সময়ত বিহাৰত বহুদিন থাকি সংবাদ সংগ্ৰহ কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকে কোৱা দুটা কথাতেই ইয়াৰ উত্তৰ আছে। বিৰোধীয়ে ভাৱিছিল এইবাৰ বিহাৰত ভোটাৰ পুণৰীক্ষণ প্ৰক্ৰিয়া চমুকৈ SIRএ বিশেষ প্ৰভাৱ পেলাব। কিন্তু সেয়া হৈ নুঠিল। উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰা এক প্ৰদক্ষেপৰ পাছত নাম কৰ্তন হোৱা অধিকাংশই পুনৰ লাভ কৰিলে ভোটাধিকাৰ। গতিকে এই ইচ্ছ্যুটোক ভালদৰে থিয় কৰাবই নোৱাৰিলে বিৰোধীয়ে।
দ্বিতীয়তে, বিৰোধীৰ ৰাহুল গান্ধী আৰু তেজস্বী যাদৱে বহু সমষ্টিত ৰোড শ্ব কৰিছিল। প্ৰায়বোৰ সমষ্টিৰ ৰোড শ্ব'ত আন সমষ্টিৰ নেতা-কৰ্মীসকলেহে নেতা দুগৰাকী ঘেৰি থাকে। কংগ্ৰেছৰ সেৱা দলৰ লগতে আন সমষ্টিৰ পৰা গাড়ীয়ে গাড়ীয়ে মানুহ আহি ৰাহুল গান্ধীৰ ৰোড শ্ব'ত অংশ লয়।
দলীয় নেতা-কৰ্মীৰ মাজতে এনেদৰে এক প্ৰকাৰৰ বন্দী হৈ থকাৰ বাবে ৰাহুল গান্ধী, তেজস্বী যাদৱ সাধাৰণ নিৰপেক্ষ ভোটাৰৰ কাষেই চাপিবলৈ নাপালে। বিহাৰৰ দৰে জনসংখ্যা থকা এখন দেশত যি গতিত প্ৰচাৰ চলাব লাগে বিৰোধীয়ে সেই গতি ৰক্ষা কৰিব নোৱাৰাৰ বাবেই এই ফল পাইছে বুলি সাংবাদিকগৰাকীয়ে ক'ব খোজে।
মুঠৰ ওপৰত বিহাৰবাসীৰ আৱেগ আৰু মনৰ কথা বুজাত বহুখিনি পিছ পৰি থাকিল বিৰোধী। সাংবাদিকগৰাকীয়ে বিৰোধী কেইবাগৰাকীও নেতাক অৱগত কৰিবলৈ গৈছিল যদিও তেওঁলোকে গুৰুত্ব দিয়া নাছিল এই কথাবোৰ। ওপৰুৱা কিছু কথা-বতৰা আৰু সাধাৰণ ৰাইজৰ সাধাৰণ প্ৰয়োজনীয়তা খিনি বুজি নোপোৱাতো এইবাৰৰ বিহাৰ নিৰ্বাচনত বিৰোধীৰ আছিল চৰম মুৰ্খামি।
ইয়াৰ বিপৰীতে বিহাৰবাসী সৰু সৰু প্ৰয়োজনবোৰ পূৰ কৰিবলৈ চেষ্টা কৰিছিল নীতিশে। কেতিয়াও কাকো উচ্চ বাচ্যৰে কৰা নাছিল সমালোচনা। পাল্টুৰাম, বুঢ়া মানুহ আদি ভিন্ন কথাৰে কটাক্ষ কৰা নীতিশে দেখালে যে, বাঘ সদায় বাঘেই। ৭৪বছৰীয়া নীতিশৰ বাবে হয়তো এয়াই হৈছে শেষৰটো নিৰ্বাচন। ইয়াৰ পিছত হয়তো সক্ৰিয় ৰাজনীতিৰ পৰা বিদায় ল'ব বৰ্ষীয়ান নেতাগৰাকীয়ে। কিন্তু সেই বিদায়ো তেওঁ লৈছে ৰজাৰ নিচিনাকৈ! মূৰ তল নকৰাকৈ, অদম্য ভাৱে, বাঘৰ দৰে...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us