১০০টকাত চাউল-দালি! আপোনাৰো আছে ৪২হাজাৰৰ বাকী...

অসমত জন্ম হৈয়ে এটি শিশুয়ে মূৰ পাতি লয় ৪২হাজাৰ ৪১৮টকা ঋণ বোজা। আপোনাৰো যদি ক’তো কোনো ঋণ নাই বুলি ভাৱিছে, তেন্তে সেয়া আপোনাৰ ভুল ধাৰণা।  অসমত বাস কৰা প্ৰতি নাগৰিকৰ কান্ধত আছে ৪২,৪১৮.৫৮ টকাৰ ঋণ।

author-image
Asomiya Pratidin
New Update
dddd

ডিম্পুল বৰগোহাঁই

অসমত জন্ম হৈয়ে এটি শিশুয়ে মূৰ পাতি লয় ৪২হাজাৰ ৪১৮টকা ঋণ বোজা। আপোনাৰো যদি কতো কোনো ঋণ নাই বুলি ভাৱিছে, তেন্তে সেয়া আপোনাৰ ভুল ধাৰণা।  অসমত বাস কৰা প্ৰতি নাগৰিকৰ কান্ধত আছে ৪২,৪১৮.৫৮ টকাৰ ঋণ।

অসমৰ চৰকাৰৰ খোদ বিত্তমন্ত্ৰীগৰাকীয়ে দাখিল কৰা এক প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য। দিনকদিনে অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবেই এই বোজা এতিয়া প্ৰতিগৰাকী নাগৰিকৰ কান্ধত। যিমানেই দিন বাগৰিছে সিমানেই এই ঋণৰ বোজা বৃদ্ধি পাই গৈয়ে আছে।

অৱশ্যে এটা কথা ঠিক যে, অসম চৰকাৰে সক্ষমতা থকাৰ বাবেই সেই ঋণ লাভ কৰিছে। কিন্তু সেইবুলিয়েই হকে বিহকে ঋণ লৈ ৰাজ্যবাসীক ঋণৰ বোজা জাপি দিয়াতো যুক্তি সংগত নহয়। হিতাধিকাৰী সৃষ্টিৰ নামত একমাত্র ভোটৰ অংকতে ৰাজ্য চৰকাৰে এনেদৰে ঋণ লৈ থাকিলে ইয়াৰ পৰিণতি বিষম হবলৈ বেছি দিন নালাগিব।

ঋণৰ পৰিমাণ কিমান আৰু কেনেকৈ বৃদ্ধি পাইছে সেয়া আমি আলোচনা কৰিম। কিন্তু কিয় এই ঋণ চৰকাৰে লব লগা হৈছে তাৰ বিষয়ে কিছু আভাস লওঁ আহক। বিজেপি ক্ষমতালৈ অহাৰ পাছত এই চৰকাৰখনে বহু আঁচনি ঘোষণা কৰিছে। এখন কল্যাণকামী ৰাষ্ট্ৰৰ ৰাজ্য হিচাপে জনতাক চৰকাৰী সাহায্য প্ৰদান কৰাতো কোনো অনীতিগত কথা নহয়।

জনতাক জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে প্ৰয়োজনীয় সাহায্য প্ৰদান কৰাতো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্যও। কিন্তু বিগত কেইটামান বছৰৰ পৰা অন্যান্য আঁচনিৰ লগতে নগদ ধন প্ৰদান কৰা আঁচনিৰ সংখ্যা বৃদ্ধি পাইছে।

কৃষকসকলৰ সহায়ৰ বাবে কৃষি সজুলি, মহিলাক আত্মনিৰ্ভৰশীল হবৰ বাবে ভিন্ন সা-সজুঁলি প্ৰদান কৰাৰ উপৰিও এনে বহু আঁচনি ৰাজ্য চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰিছে যত নগদ ধন প্ৰদান কৰা হয়। অৰুণোদয়, লাখপতি বাইদেউ, নিযুতঁ মইনা আঁচনি, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ দৰে অলেখ আঁচনি আছে, যাৰ জৰিয়তে নগদ ধন প্ৰদান কৰা হয় হিতাধিকাৰীক।

মুখ্যমন্ত্ৰীয়ে নিজে সদৰি কৰা মতে, বৰ্তমান অৰুণোদয় আচঁনিৰ নামত মাহে ৰাজ্য চৰকাৰে ৩১৬.৬৪কোটি টকা ব্যয় কৰে। মুঠ ৩৮লাখ ২২হাজাৰ ০৫৫গৰাকী হিতাধিকাৰীক এই ধন বিতৰণ কৰা হয়। ঠিক তেনেদৰে লাখপতি বাইদেউ আঁচনি তথা মহিলা উদ্যমিতা আচঁনিৰ জৰিয়তে ৰাজ্যৰ ৩২লাখ মহিলাক ১০হাজাৰকৈ টকা প্ৰথম পৰ্যায়ত প্ৰদান কৰিছে অসম চৰকাৰে।

নিযুতঁ মইনা আঁচনিৰ জৰিয়তেও শ শ কোটি টকা হিতাধিকাৰীৰ নামত ব্যয় কৰে অসম চৰকাৰে। প্ৰথম পৰ্যায়ত ১.৬লাখ হিতাধিকাৰী আৰু দ্বিতীয় পৰ্যায়ত ৩.৫লাখ হিতাধিকাৰীক সামৰি লোৱা হৈছে এই আঁচনি। প্ৰথম পৰ্যায়তে ১৩৩কোটি টকা বিলাই দিয়া হৈছিল হিতাধিকাৰীৰ নামত।

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তেও ২লাখকৈ টকা, মেট্ৰিক পৰীক্ষাৰ শিক্ষাৰ্থীক মাহে ৩০০টকা এনেকৈ কেইবাখনো আঁচনি আছে যাৰ জৰিয়তে নগদ ধন প্ৰদান কৰা হয় হিতাধিকাৰীক। বাকী আঁচনিবোৰ আছেই। এনেদৰেই লাখ লাখ হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈকে ৰাজ্য চৰকাৰে লৈ আছে ইটোৰ পাছত সিটো ঋণ।

খোদ বিত্ত মন্ত্রী অজন্তা নেওগে দাঙি ধৰা তথ্যত উন্মোচিত হৈছে ঋণগ্রস্ত ৰাজ্যখনৰ এনে উদ্বেগজনক স্বৰূপ। কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লিখিত প্রশ্নৰ উত্তৰত মহাগাণনিক অসমৰ প্ৰাক্ প্রকৃত তথ্যৰ উদ্ধৃতিৰে বিত্ত মন্ত্ৰীয়ে সদৰী কৰামতে ২০২৫ বৰ্ষৰ ৩১ মাৰ্চলৈকে ভাৰত চৰকাৰৰ অনুমোদনৰ বিপৰীতে অসম চৰকাৰে লোৱা মুঠ ঋণৰ পৰিমাণ হৈছে ১,৫৪,৩৩৩.৪৯ কোটি টকা।

ইয়াৰ বিপৰীতে ২০২৫ চনৰ ৩১ মাৰ্চত অসমৰ জনমূৰি ঋণৰ পৰিমাণ হৈছে ৪২,৪১৮.৫৮ টকা। বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰত বিত্ত ২০২৫ বৰ্ষৰ ৩১ মাৰ্চলৈকে ভাৰত চৰকাৰৰ অনুমোদনৰ বিপৰীতে অসম চৰকাৰে লোৱা মুঠ ঋণৰ পৰিমাণ হৈছে ১,৫৪,৩৩৩.৪৯ কোটি টকা।

২০২৫ চনৰ ৩১ মাৰ্চত অসমৰ জনমূৰি ঋণৰ পৰিমাণ হৈছে ৪২,৪১৮.৫৮ টকা। বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰত বিত্ত মন্ত্রীয়ে লগতে উল্লেখ কৰামতে ২০১৬-১৭ বৰ্ষৰ ৰাজ্য চৰকাৰে বিভিন্ন উৎসৰ পৰা লোৱা ঋণৰ পৰিমাণ আছিল ৫,৬৪৯.৪৫ কোটি টকা।

তাৰ পিচত ২০১৭-১৮ বর্ষত ১০,৪৭৬.২১ কোটি টকা, ২০১৮-১৯ বর্ষত ১৪,০০৩.৮৮ কোটি টকা, ২০১৯-২০ চনত ১৬,৬৩৪.৫৩ কোটি টকা, ২০২০-২১ বর্ষত ১৮,৮০৬.৫৯ কোটি টকা, ২০২১-২২ বর্ষত ১৬,৫৪৮.৪১ কোটি টকা, ২০২২-২৩ বর্ষত ২১,৬০২.০২ কোটি টকা আৰু ২০২৩-২৪ বর্ষত ২৪,১১৭.৫২ কোটি টকা ঋণ লৈছিল চৰকাৰে।

২০২৪-২৫ বৰ্ষত ৰাজ্য চৰকাৰে লোৱা ঋণৰ পৰিমাণ আছিল ২৫,২৯৪.২৭ কোটি টকা। ইফালে ৰাজ্য চৰকাৰে বিভিন্ন উৎসৰ পৰা লৈ থকা এনে বিশাল ধনৰাশিৰ ঋণৰ পৰিণামস্বৰূপে বছৰি হেজাৰ হেজাৰ কোটি টকাৰ সুত আদায় দিবলগীয়া হৈছে ৰাজ্যখনে।

কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে কৰা আন এটা প্রশ্নৰ উত্তৰত বিত্ত মন্ত্ৰীয়ে উল্লেখ কৰামতে ২০১৬-১৭ বৰ্ষত চৰকাৰে বিভিন্ন উৎসৰ পৰা গ্ৰহণ কৰা ঋণৰ বিপৰীতে সুত হিচাপে আদায় দিছিল ২,৯৬৩.৭৫ কোটি টকা। তাৰ পিচত ২০১৭-১৮ বর্ষত ৩,২০৫.৩২ কোটি টকা, ২০১৮-১৯ বর্ষত ৩,৮৪৪.৩৭ কোটি টকা, ২০১৯-২০ বর্ষত ৪,৪৩৮.৮৭ কোটি টকা, ২০২০-২১ বর্ষত ৫,১৯৯.১৮ কোটি টকা, ২০২১-২২ বর্ষত ৬,০৫১.৪৭ কোটি টকা, ২০২২-২৩ বর্ষত ৬,৮৭৪.৯৭ কোটি টকা, ২০২৩-২৪ বর্ষত ৮,১৩৯.১৭ কোটি টকা আৰু ২০২৪-২৫ বর্ষত ৯,৪৬৭.৭৫ কোটি টকা ঋণৰ সুত হিচাপে আদায় দিয়ে ৰাজ্য চৰকাৰে।

ইফালে চৰকাৰে একমাত্র ভোটৰ অংক সন্মুখত ৰাখিয়ে লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰি আছে যদিও বিধানসভাৰ মজিয়াত কিন্তু হিতাধিকাৰীৰ তথ্য দাঙি ধৰাৰ ক্ষেত্ৰত ব্যর্থতা প্রদর্শন কৰিলে বিত্ত বিভাগে। উল্লেখ্য, অসম চৰকাৰে ডি বি টিৰ জৰিয়তে কিমান হিতাধিকাৰীক মাহে মাহে ধন দি আছে আৰু ইয়াৰ বাবদ ৰাজকোষৰ পৰা মাহেকত কিমান ধন ব্যয় হৈ আছে, তাৰ বিতং তথ্য বিচাৰিলে কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে।

কিন্তু বিধানসভাত এই তথ্য দাঙি ধৰাত ব্যৰ্থ হ'ল বিত্ত মন্ত্রী অজন্তা নেওগ। হিতাধিকাৰী আঁচনিৰ ৰূপায়ণত একাধিক বিভাগ জড়িত হৈ আছে আৰু সংশ্লিষ্ট বিভাগসমূহৰ পৰা বিতং তথ্য বিচৰা বুলি কৈয়ে সমগ্ৰ বিষয়টোৰ পৰা আঁতৰি থাকিল ৰাজ্যৰ বিত্ত মন্ত্রী।

২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০২৪-২৫ বিত্তীয় বর্ষলৈ ৰাজ্য চৰকাৰে লোৱা সৰ্বমুঠ ঋণৰ পৰিমাণ আৰু ঋণ বৃদ্ধিৰ হাৰ সন্দর্ভত বিধায়ক অখিল গগৈয়ে সোধা প্রশ্নৰ উত্তৰত বিত্ত মন্ত্ৰীয়ে দাঙি ধৰা তথ্যমতে ২০১২-১৩ বৰ্ষত ৰাজ্যত ঋণৰ বৃদ্ধিৰ হাৰ আছিল ৩০.৪২ শতাংশ।  তাৰ পৰৱৰ্তী সময়ত ঋণ বৃদ্ধিৰ হাৰ এনেধৰণৰ- ২০১৪-১৫ বর্ষত ১৩৪.৪১ শতাংশ, ২০১৫-১৬ বর্ষত ১৫.৯৭ শতাংশ, ২০১৭-১৮ বর্ষত ৮৫.৪৪ শতাংশ আৰু ২০২৪-২৫ বর্ষত (প্রাক্ প্রকৃত) ৪.৮৮ শতাংশ।

এনেদৰেই এতিয়া অসমত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ঋণৰ বোজা। ইয়াৰ বাবে দুখ কেৱল চৰকাৰৰ নহয়। জানি আচৰিত হ'ব যে, বৰ্তমান আমাৰ ৰাজ্যৰ প্ৰায় ৭৫শতাংশ লোকে খাই আছে চৰকাৰী ফ্ৰী চাউল। ঘৰত বহি বহিয়েই মাহে ৩০-৩৫কেজি চাউল লাভ কৰা এটা পৰিয়ালে পথাৰলৈ গৈ পৰিশ্ৰম কৰাৰ কোনো যুক্তি নাই বুলিয়েই হয়তো পতিয়ন গৈছে। সেয়েহে অসমৰ ৩কোটি জনতাৰ ভিতৰত এতিয়া  ২কোটি ৩১লাখে লোকেই গ্ৰহণ কৰি আছে চৰকাৰী ফ্ৰী চাউল।

২০২৪ৰ মাহেকীয়া আৱন্টন অনুসৰি বৰ্তমান অসমত ২কোটি ৩১লাখ ৮৪হাজাৰ ৫৯৯গৰাকী লোকে পাই আছে চৰকাৰী বিনামূলীয়া চাউল। এই ২কোটি ৩১লাখ হিতাধিকাৰীক সামৰি অসমৰ ৬৪লাখ ৩৮হাজাৰ ২২২টা পৰিয়াললৈ খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ বিনামূলীয়া চাউল আৱন্টন দিয়া হৈছে।

এতিয়া ভাৱক কিমান ভয়াৱহ হৈছে অসমৰ কৃষিখণ্ডৰ সামগ্ৰিক চবিখন। এসময়ত অসমৰ সাৰুৱা কৃষিভূমিত সোণগুটি উতপাদন কৰা অসমীয়াই আজি কেৱল হিতাধিকাৰী হৈয়ে পৰম সন্তুষ্টিৰে জীৱন কটাইছে। চৰকাৰেও যেন কৃষিখণ্ডৰ এই ভয়াৱহ যাত্ৰাত হাত উজান দিছে।

কৃষিজীৱি অসমীয়া কৃষিৰ প্ৰতি অনীহা মনোভাৱৰ সমান্তৰালভাৱে কৃষিৰ প্ৰতি আকৰ্ষিত কৰিব পৰাকৈ সুপৰিকল্পিত কাৰ্যপন্থা গ্ৰহণ কৰাতো ব্যৰ্থ হৈছে চৰকাৰ।  অসমৰ কৃষিৰ বাণিজ্যকৰণ, উন্নত আন্ত:গাঠনি, কৃষিকৰ্মৰ প্ৰতি নতুন প্ৰজন্মক আকৰ্ষণ কৰিবলৈ, প্ৰকৃত অৰ্থত জৈৱিক পদ্ধতিৰে কৃষিকৰ্ম কৰিবলৈ উৎসাহিত কৰাৰ এক পৰিৱেশ গঢ় দিয়াৰ সময় আহি পৰিছে।

নগদ ধন আৰু ১০০টকাতেই চাউল, নিমখ আৰু দালিৰ লালসাত পৰি পথাৰ আৰু কাম কৰিবলৈ বাদ দিলে কেৱল ঋণৰ বোজা নহয়, ইয়াতকৈও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হবলৈ আমি সাজু থাকিব লাগিব। চৰকাৰী সাহায্যলৈ মুখ মেলি ৰৈ থাকিলে আপুনি এফালে কৰ্ম বিমুখ হোৱাৰ লগতে আনফালে আপোনাক হেচাঁ মাৰি ধৰিব ঋণৰ বোজাই। চৰকাৰে হয়তো ফ্ৰীতে মিঠাতেলো দিব, কিন্তু সেই মিঠাতেল যাতে আপোনাৰ পথাৰতেই উৎপাদন হয় সেই কথাও আমি মনত ৰাখিব লাগিব...

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী