/asomiyapratidin/media/media_files/2025/10/16/ap-for-web-new-bikhekh-lekha-2025-10-16-12-24-26.png)
মৃদুল কুমাৰ সন্দিকৈ
জুবিন গাৰ্গৰ মৃত্যুক লৈ আবেগিক হৈ থকা তেওঁৰ গুণমুগ্ধক লৈ আৰক্ষী আৰু চৰকাৰ অধিক সচেতন আৰু সজাগ হোৱাৰ প্ৰয়োজন। বাক্সাৰ ঘটনাই সেই কথাকেই কৈ গ’ল। বাক্সা জিলা কাৰাগাৰলৈ ১৫অক্টোবৰ, ২০২৫ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি জুবিন গাৰ্গৰ মৃ্ত্যুকাণ্ডৰে অভিযুক্ত ৫অভিযুক্তক নিয়াৰ পাছৰ ঘটনাৱলী অত্যন্ত দুভাগ্যজনক।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই হিংসাত্মক ঘটনাৰ বাবে ৰাজনৈতিক শক্তিক দোষাৰূপ কৰিলেও সেই ঘটনাৰ আঁৰত যে, একাংশ আৰক্ষী বিষয়াৰ ৰূঢ় ব্যৱহাৰ আৰু বলপ্ৰয়োগৰ অপচেষ্টা আছিল, তাক কোনেও নুই কৰিব নোৱাৰে।
শ্যামকানু মহন্তহঁতক বাক্সা জিলা কাৰাগাৰলৈ নিয়াৰ সময়তে প্ৰথম একাংশ জুবিন অনুৰাগীয়ে শ্লোগান দি আৰু শিল নিক্ষেপ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। মূৰ্হুতৰ ভিতৰতে জিলা কাৰাগাৰৰ সন্মুখত হাজাৰ-হাজাৰ লোকৰ সমাৱেশ ঘটিছিল।
এনে এক পৰিস্থিতি হ’ব পাৰে বুলি আৰক্ষীয়ে আগতেই অনুমান কৰিব পাৰিব লাগিছিল। কিয়নো এই জুইকুঁৰা ভিতৰি ভিতৰি জ্বলি আছে আৰু বিভিন্নজনৰ মন্তব্যই সেই জুঁইত ঘিউ ঢালি আহিছে। দিল্লীৰ পৰা শ্যামকানু আৰু সিদ্ধাৰ্থক পৰিকল্পিতভাৱেই পুৱাৰ ভাগত গুৱাহাটীলৈ আনি পোনে পোনে দণ্ডাধীশৰ বাসগৃহত হাজিৰ কৰোৱাইছিল।
বাক্সা জিলা কাৰাগাৰলৈ তেওঁলোকক প্ৰেৰণ কৰাৰ সময়তো অনুৰূপ নীতিৰেই গ্ৰহণ কৰাতো প্ৰয়োজন আছিল। যিটো আৰক্ষী বা চৰকাৰে নকৰিলে। যাৰ পৰিণতিত দুপৰীয়া ভাগত নৱনিৰ্মিত কাৰাগাৰখনত সন্মুখত এইদৰে ভিৰ আৰু প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনাৰ সংঘটিত হ’ল।
চৰ্চাত আছে এজন অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া। নাম তেওঁৰ গীতাৰ্থ দেৱশৰ্মা। প্ৰায় দুবছৰ ধৰি বাক্সাত কৰ্মৰত হৈ আছে এইগৰাকী আৰক্ষী বিষয়া। বাক্সাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱ শৰ্মাই নিৰীহ প্ৰতিবাদকাৰীৰ ওপৰত অৰ্তকিতে লাঠীচালনা কৰাৰ বাবে উক্ত ঘটনাই অতি হিংসাত্মক ৰূপ ধাৰণ কৰিলে।
অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে তেওঁৰ এগৰাকী মহিলা কনিষ্টবল শিলৰ আঘাতত আহত হোৱাত প্ৰতিবাদকাৰীসকলৰ সন্মুখলৈ গৈ তৰ্কাতৰ্কিত লিপ্ত হৈছিল। কনিষ্টবল গৰাকীক ‘মোৰ ছোৱালী’ বুলি উল্লেখ কৰি তেওঁক ভাল কৰি দিব পাৰিবনে বুলি প্ৰশ্ন কৰিছিল দেৱ শৰ্মাই।
এগৰাকী মহিলা প্ৰতিবাদকাৰীৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হৈছিল তেওঁ। মহিলা প্ৰতিবাদকাৰীয়ে তেওঁলোকে শিল দলিওৱা নাই বুলি আৰক্ষী বিষয়াগৰাকীক জনাইছিল। সেই স্থানত উপস্থিত থকা আন এজন প্ৰতিবাদকাৰীয়ে আৰক্ষী বিষয়াগৰাকীৰ সৈতেও তৰ্কাতৰ্কি কৰিছিল।
প্ৰতিবাদকাৰীসকলে আৰক্ষী বিষয়াজনক জুবিন দাক আপুনি জীয়াই আনিব পাৰিব জানো বুলি প্ৰশ্ন কৰিছিল। বিষয়াজনে সেই সময়ত প্ৰতিবাদকাৰীসকলৰ আৱেগক গুৰুত্ব দিয়াৰ সলনি আৰক্ষীৰ শক্তি প্ৰৰ্দশনৰ বাবে সক্ৰিয় হৈ পৰিছিল। তাৰ পাছত এজন দেহৰক্ষীৰ পৰা এডাল লাঠী লৈ বহি থকা প্ৰতিবাদকাৰীক এফালৰ পৰা হঠাৎ কোবাবলৈ আৰম্ভ কৰিছিল গীতাৰ্থ দেৱ শৰ্মাই।
অভিযোগমতে আৰক্ষী বিষয়াজনৰ এনে ব্যৱহাৰৰ পাচতেই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। তাৰ পাচতেই শিলৰ বৰষুণ পৰে আৰক্ষী আৰু সাংবাদিকৰ ওপৰত। দুখনকৈ আৰক্ষীৰ বাহন জ্বলাই দিয়ে প্ৰতিবাদকাৰীয়ে। এখন সংবাদমাধ্যমৰ লোকে ব্যৱহাৰ কৰা বাহনতো প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰে।
জুবিনৰ নশ্বৰ দেহ গুৱাহাটীলৈ অনাৰ সময়ত ইয়াতকৈ বেছি ভিৰ হৈছিল আৰু ইয়াতকৈ অধিক মানুহ আৱেগিক হৈ আছিল। জুবিনৰ কাহিলীপাৰাৰ বাসগৃহত হাজাৰ হাজাৰ লোক সমৱেত হৈছিল। সেই সময়ত সেই আৱেগিক মানুহবোৰক নিয়ন্ত্ৰণ কৰিবলৈ এজন উচ্চ পদস্থ আৰক্ষী বিষয়াই হাতত লাঠি তুলি লোৱা নাছিল।
কিদৰে হাতযোৰ কৰি তেওঁ জুবিন গাৰ্গৰ অনুৰাগী আৰু জুবিন প্ৰেমীসকলক নিয়ন্ত্ৰণ কৰিছিল। সকলো সময়ত লাঠীৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি। এই কথা বুজি নাপালে এ পি এছ বিষয়া তথা অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মাই।
ইফালে গীতাৰ্থ দেৱশৰ্মাৰ পিতৃও আছিল অসম চৰকাৰৰ উচ্চ পদস্থ বিষয়া। এন আৰ চিৰ সমন্বয়ক হিচাপে অৱসৰ লোৱা দেৱ শৰ্মাই জুবিন গাৰ্গৰ অনুৰাগীৰ সন্দৰ্ভত দিয়া এটা পোষ্টে আৰক্ষী পুত্ৰ এনে আচৰণক আৰু অধিক চৰ্চাৰ মাজলৈ ঠেলি দিলে।
বাক্সাৰ পৰিস্থিতিৰ সন্দৰ্ভত পিতৃ হিতেশ দেৱশৰ্মাই লিখিছিল যে, জুবিনৰ আদৰ্শৰ প্ৰতিফলন হৈছে বাক্সাত। জুবিনৰ অনুৰাগীক তুচ্চ-তাচ্চিল্য কৰি সেই সময়ত এনে মন্তব্য কৰাৰ প্ৰয়োজন নাছিল। আনহাতে অভিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাৰ বিৰুদ্ধে আছিল বক্ৰপথেৰে এ পি এছ লাভ কৰাৰ অভিযোগ।
এ পি এছ চি কেলেংকাৰী পোহৰলৈ অহাৰ পূৰ্বেই সেই সন্দৰ্ভত ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰি এই অভিযোগ তোলা হৈছিল। ২০১৩চনত সহকাৰী নিয়োগ বিষয়াৰূপে নিযুক্তি লাভ কৰা দেৱশৰ্মাই ২০১৪চনত এ পি এছ লাভ কৰিছিল। সহকাৰী নিয়োগ বিষয়া হিচাপে নিযুক্তি পোৱা সময়ত তেওঁৰ ৰোল নম্বৰ আছিল- ০৯২০৩৭৯। ইফালে এ পি এছ লাভ কৰাৰ সময়ত তেওঁৰ ৰোল নম্বৰ আছিল- ০৯১৪৫৯৫।
লক্ষ্যণীয়ভাৱে সেই সময়ত অসম চৰকাৰত গৃহ বিভাগৰ গুৰুত্বপূৰ্ণ পদত আছিল গীতাৰ্থ দেৱশৰ্মাৰ পিতৃ হিতেশ দেৱ শৰ্মা। এ পি এছ চি তদন্তৰ বাবে গঠন কৰা বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনতো আনসকলৰ লগতে গীতাৰ্থৰ বিৰুদ্ধেও অনুৰূপ অভিযোগ উত্থাপন হোৱাৰ কথা উল্লেখ আছে।
আয়োগে অভিযোগ উত্থাপিত সকলৰ বিৰুদ্ধে সকলো তথ্য-প্ৰমাণ সংগ্ৰহ কৰিব নোৱাৰিলেও এই অভিযোগবোৰৰ কথা গুৰুত্বসহকাৰে উল্লেখ কৰি থৈছে প্ৰতিবেদনত। তেনে এজন বিষয়াৰ ভুলৰ বাবেই বাক্সাত পৰিস্থিতি অধিক জটিল হ’ল বুলি এতিয়া চৰ্চা চলিছে।
কৰ্তব্যৰত এইজন অতিৰিক্ত আৰক্ষী অধীক্ষককো ৰাইজে খলনায়ক হিচাপে চিহ্নিত কৰিছে। আকৌ জুবিনৰ প্ৰসংগৰে উচ্চাৰিত হৈছে এ পি এছ চি কেলেংকাৰীৰ কথা। অসম চৰকাৰে এতিয়া এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া ৰাইজে লক্ষ্য কৰিব...