/asomiyapratidin/media/media_files/2025/08/08/bikhekh-lekha-4-2025-08-08-13-02-40.jpg)
মৃদুল কুমাৰ সন্দিকৈ
কলেজৰ অধ্যাপকৰ চাকৰি কৰা নমস্য একাংশ লোক কিয় আৰু কেনেকৈ ইমান তলৰ পৰ্যায়লৈ যাব পাৰে! সতীৰ্থ কলেজ শিক্ষকসকলক কেনেকৈ তেওঁলোকে ঠগ-প্ৰৱঞ্চনা কৰি আছে? নাই নেকি কোনো এইসকলৰ বিৰুদ্ধে মাত মাতিবলৈ!
অসম কলেজ শিক্ষক সংস্থাৰ বৰ্তমানৰ নেতৃত্বত থকা পদবীধাৰী সকলে দেখোন এই ঐতিহ্যমণ্ডিত বৌদ্ধিক আৰু শৈক্ষিক প্ৰাণকেন্দ্ৰস্বৰূপ অনুষ্ঠানটোক নিলাম কৰি দিলে। তাৰ পাছতো অসমত কিয় এজনো কলেজ শিক্ষকে ইয়াৰ বিৰোধিতা কৰি এষাৰ মাত মতাৰ সাহস গোটাব পৰা নাই।
দীৰ্ঘকাল ধৰি অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি আসনত আছে জয়ন্ত বৰুৱা নামৰ কলেজ শিক্ষকগৰাকী। সাধাৰণ সম্পাদকৰ পদত আছে পৰাগজ্যোতি মহন্ত। এই দুয়োজনৰ লগতে বিত্তীয় সম্পাদক হিচাপে থকা প্ৰাঞ্জল গগৈৰ বাবে অনুষ্ঠানটো এতিয়া সোণৰ কণী পৰা হাঁহৰ বাদে আন একো নহয়।
দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হৈ বিভাগীয় শাস্তিৰো সন্মুখীন হোৱা জয়ন্ত বৰুৱা আৰু পৰাগজ্যোতি মহন্তৰ পৃষ্ঠপোষকতাতেই কলেজ শিক্ষক সংস্থাৰ মুখ্য কাৰ্যালয়টোও ৰাজনৈতিক সভা অনুষ্ঠিত কৰা এক স্থানলৈ ৰূপান্তৰিত হৈছে।
এই মুখ্য কাৰ্যালয়টোতেই ২৭জুলাই, ২০২৫ত অন্তিমখন ৰাজনৈতিক সভা অনুষ্ঠিত হৈছিল। সভাপতি, সম্পাদকৰ অনুমতি সাপেক্ষে এতিয়া তাত অনুষ্ঠিত হয় বিজেপিৰ আঞ্চলিক পৰ্যায়ৰ ৰাজনৈতিক সভা। গুৱাহাটীৰ চলাপাৰাত থকা অসম কলেজ শিক্ষক সংস্থাৰ মুখ্য কাৰ্যালয় এতিয়া প্ৰত্যক্ষভাৱে শাসকীয় বিজেপি দলৰ অন্যতম ঠিকনা।
কাৰ স্বাৰ্থত অসম ১০সহস্ৰাধিক কলেজ শিক্ষকৰ মন-মগজু বন্ধকত থৈ সভাপতি-সম্পাদকে এই ৰাজনৈতিৰ শৰণ লৈছে, সেয়াহে ডাঙৰ প্ৰশ্ন হৈ পৰিছে। ব্যক্তিগতভাৱে কোনো কলেজ শিক্ষকৰ নিজস্ব ৰাজনৈতিক আদৰ্শ আৰু দৰ্শন থাকিব পাৰে। কিন্তু তাকে একাকাৰ কৰি কলেজ শিক্ষক সংস্থাক গেৰুৱাকৰণ কৰাতো নহয়নে এক পৰিতাপৰ বিষয়?
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতেই সংস্থাৰ বাৰ্ষিক অভিৱৰ্তন অনুষ্ঠিত কৰিব লাগিছিল যদিও, সেই অভিৱৰ্তন অনুষ্ঠিত কৰাৰ কোনো লক্ষণেই দেখা পোৱা নাই আগষ্ট মাহলৈকে। কলেজ শিক্ষকসকলক পদোন্নতি আৰু আন বিষয়ক লৈ কলেজ শিক্ষকসকলকে পণবন্দী কৰি সংস্থাৰ বৰ্তমানৰ বিষয়ববীয়াই ঠিকেই চলাই আছে নিজৰ বজাৰ।
২০২৪ৰ ফেব্ৰুৱাৰীত অসম কলেজ শিক্ষক সংস্থাৰ অন্তিমখন অভিৱৰ্তন ডিব্ৰুগড়ৰ হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল। সেই অভিৱৰ্তনৰ নামত পানীৰ দৰে ধন উৰুৱালে সংস্থাৰ বিষয়ববীয়াসকলে। ৰাজ্যৰ ২৩৯খন চৰকাৰী স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয়ৰ ১০সহস্ৰাধিক শিক্ষকৰ পৰা বছৰি সংগ্ৰহ কৰে কোটি কোটি টকা।
সেইবোৰ এই সংস্থাৰ নেতৃত্বই কেনেদৰে ব্যয় কৰে, তাৰ নমুনা শুনিলে সাধাৰণ লোকৰ মূৰ ঘুৰণি উঠিব। কোনো দিনেই চাৰ্টাড একাউন্টেটৰ জৰিয়তে হিচাপ পৰীক্ষা নকৰি নিজেই নিয়োজিত কৰা মানুহৰ জৰিয়তে ইন্টাৰনেল অডিট কৰিয়েই লাখ লাখ টকা ইফাল-সিফাল কৰি আহিছে তেওঁলোকে।
কলেজ শিক্ষক সংস্থাৰ দুটা মাহৰ হিচাপৰ তথ্যই উদঙাই দিব সংস্থাৰ ভিতৰচ’ৰাত ঘটি থকা আৰ্থিক অনিয়মৰ এখন ভয়াৱহ ছবি। কলেজ শিক্ষক সংস্থাৰ জেনেৰেল ফাণ্ডৰ এটা একাউন্ট আছে। সেই একাউন্টটোৰ নম্বৰ- ৩২০৬৩৯৮৮৪১০। ১জানুৱাৰী, ২০২৪ৰ পৰা ২০ফেব্ৰুৱাৰী ২০২৪লৈ প্ৰায় দুমাহ সময়ৰ অসম কলেজ শিক্ষক সংস্থাৰ আয়-ব্যয় আছিল এইধৰণৰ।
উক্ত সময়চোৱাত আৰম্ভণিতেই বিষয়ববীয়াৰ হাতত হাতে জমা আছিল- ৯০,৬০৬টকা। বেংকত জমা আছিল ১০লাখ ৯০হাজাৰ ২১৪টকা। ২৩৯খন কলেজৰ শিক্ষক সংস্থাৰ সদস্যসকলৰ পৰা সংগ্ৰহ কৰা হৈছিল ৯২লাখ, ৭২হাজাৰ, ৮০০টকা। সংস্থাৰ গেষ্ট হাউচৰ ভাড়াৰ বাবদ সংগৃহীত ধনৰ পৰিমাণ আছিল ১২,৭০০টকা। এই সময়চোৱাত মুঠ আয় হৈছিল- ১কোটি ৫লাখ ৬৬হাজাৰ ৬৫৩টকা।
এতিয়া উক্ত সময়চোৱাত অসম কলেজ শিক্ষক সংস্থাৰ বিষয়ববীয়াসকলে কিমান ধন ব্যয় কৰিলে তাৰ খতিয়ান লওঁ আহক। এই সময়খিনিতে চি ই এম কমিটিৰ মেম্বাৰ আৰু বিষয়ববীয়াই টি এ, ডি এ ল’লে ৩৫লাখ ৪০হাজাৰ ৬৭০টকা। কেৱল ভ্ৰমণ আৰু দৈনিক বোনাছৰ নামত ৩৫লাখ টকা উলিয়াই নিলে সংস্থাৰ একাউন্টৰ পৰা।
এই দুমহীয়া সময়ত সম্ভৱত এখনেই বিশেষ সভা অনুষ্ঠিত হৈছিল। সেয়া আছিল অসম কলেজ শিক্ষক সংস্থাৰ ৬৮সংখ্যক বাৰ্ষিক অধিৱেশন। এই বাৰ্ষিক অধিৱেশনত হেনো গামোচা কিনিবলৈ তেওঁলোকে ব্যয় কৰিলে ৪লাখ ৫০হাজাৰ টকা। অৱশ্যে তাৰ সৈতে এটা স্মাৰকো দিছিল।
কিমানজনক গামোচাৰ সম্বৰ্ধনা জনালে আৰু এখন গামোচাৰ দাম কিমান টকাকৈ পৰিল, তাক লৈ কিন্তু সংস্থাৰ কোনো বিষয়-ববীয়াই সভাপতি, সম্পাদকক প্ৰশ্ন নকৰিলে। স্মৰণিকা আৰু আন প্ৰিন্টিং কামত খৰছ কৰিলে ২৯লাখ ৮২হাজাৰ ৩৬০টকা। অথচ বহু কলেজৰ শিক্ষকে সেই স্মৰণিকাৰ মুখেই নেদেখিলে।
নিজেই লাখ লাখ টকা দৰমহা লোৱা কলেজ শিক্ষকসকলৰ এই অনুষ্ঠানে আন কৰ্মচাৰীৰ কথা যে নুবুজে, তাৰ প্ৰমাণো এই খৰছৰ খতিয়ানে দি যায়। উক্ত সময়চোৱাত গেষ্ট হাউচৰ ষ্টাফৰ দৰমহাৰ নামত ব্যয় কৰিলে ২৫হাজাৰ টকা। জানিব পৰা মতে, মহানগৰীত থকা গেষ্ট হাউচৰ একমাত্ৰ চকীদাৰজনক মাহে দৰমহা দিয়ে ৮হাজাৰ টকা।
এই সংস্থাৰ বিষয়ববীয়াই কিন্তু খাদ্য আৰু ৰিফেচমেন্টৰ নামত দুমাহত ব্যয় কৰি দিলে ৩লাখ ২৫হাজাৰ টকা। সংস্থাৰ কাৰ্যালয়ত নাই কোনো টেলিফোন। কিন্তু টেলিফোনৰ বিলৰ নামত ব্যয় কৰা দেখুৱালে ৩৫হাজাৰ টকা। কিতাপ কঢ়িওৱাৰ নামত ব্যয় ৬০হাজাৰ, অডিট ফ্ৰীচ দিলে ৩০হাজাৰ, উকীলৰ খৰছ ৭০হাজাৰ আদি।
এনেকৈ আয় হোৱা ১কোটি ৫লাখ ৬৬হাজাৰ ৬৫৩টকাৰ পৰা পানীৰ দৰে ধন ব্যয় কৰি সংস্থাৰ বেংকৰ একাউন্টত জমা থাকিল ১৪লাখ, ৪৮হাজাৰ, ৩৩০টকা আৰু হাতে জমা থাকিল ৯৬হাজাৰ ৩২০টকা। অতুল কুমাৰ দাস নামৰ হিচাপ পৰীক্ষকজনে হিচাপ পৰীক্ষা কৰি দিয়া তথ্য এয়া।
কোটি টকাৰ ধন চুবলৈ পোৱাৰ বাবেই আৰু এইবোৰ নকল বিলেৰে উলিয়াই নিজৰ জেপত ভৰোৱাৰ সুযোগ আছে বাবেই অসম কলেজ শিক্ষক সংস্থাৰ বিষয়বাবৰ চকী যি এবাৰ পাইছে, তেওঁ এৰিব নোখোজে। কলেজ শিক্ষকসকলৰ অনুষ্ঠানৰ ভিতৰচ’ৰাত এই অৱস্থা।
যিসকল শিক্ষকে সংস্থালৈ বুলি বাৰ্ষিক অনুদান আগবঢ়াই তেওঁলোকৰ ধনেৰে এইদৰে বিষয়ববীয়াসকলে বিলাস কৰে। ইনভা গাড়ীৰ বাদে বেলেগ গাড়ীত ভৰিয়ে নুতোলে। লকডাউনৰ সময়ত আনকি ভ্ৰমণ ব্যয়ৰ নামত গাড়ী চলাচল বন্ধ হৈ থকাৰ পাছতো ২২লাখ টকা উলিয়াই নিয়াৰ অভিযোগ আছে সংস্থাৰ কৰ্মকতাৰ বিৰুদ্ধে।
খোদ বিত্তীয় সম্পাদকৰ বিৰুদ্ধে ৬০লাখ টকাৰ অনিয়মৰ কাহিনী কৈছিল সংস্থাৰে এজন গুৰুত্বপূৰ্ণ বিষয়ববীয়াই। সেই অভিযোগ সচাঁ নে মিছা, তাৰ প্ৰমাণেই নহ’ল। উচ্চ শিক্ষিত আৰু বৌদ্ধিক কাণ্ডাৰী বুলি ভৱা অসম ১০সহস্ৰাধিক কলেজ শিক্ষক এতিয়া এইসকলৰ সন্মুখত নিবোকা চামোন।
এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোৰ সংবিধানখন পঢ়িলে তেওঁলোকৰ বৰ্তমানৰ কাম আৰু লক্ষ্য-উদ্দেশ্যৰ মাজৰ পাৰ্থক্য উপলদ্ধি কৰিব পাৰি। ৰাজ্যৰ শৈক্ষিক-সামাজিক ক্ষেত্ৰলৈ তেওঁলোকৰ এতিয়া কোনো বৰঙণি নাই। আনহে নালাগে সংস্থাৰ এটা সক্ৰিয় ৱেবচাইটো উপলদ্ধ নহয়। সামাজিক মাধ্যমত বিশেষকৈ এক্স হেণ্ডেলত অসম কলেজ শিক্ষক সংস্থাৰ নামত থকা একাউন্টটোত ২০২২ৰ ২অক্টোবৰতে দিয়া আছে অন্তিমটো পোষ্ট।
শাসকীয় দলৰ ওচৰত সংস্থাৰ বিষয়ববীয়াই অনুষ্ঠানটোক নিলাম কৰাৰ দৰেই অৱস্থা এতিয়া। সেয়েহে টানি কথা এটাও ক’ব পৰা শক্তি নাই অসম কলেজ শিক্ষক সংস্থাৰ বিষয়ববীয়াসকলৰ। ৰাজ্যৰ অন্যতম শক্তিশালী শৈক্ষিক, বৌদ্ধিক, সামাজিক সংগঠনটো হৈ পৰিছে এতিয়া এচামৰ ধন ঘটাৰ আহিলা, আৰু ক্ষমতাশালী ৰাজনৈতিক দলৰ পুতলা...