যুদ্ধ ইৰাণত, ৮৫০কোটিৰ ক্ষতি অসমত...

যুদ্ধ হৈছে ইৰাণত। বোমা-মিছাইলৰ বৰষুণ পৰিছে দেশখনত। আমেৰিকা-ইজৰাইলৰ আক্ৰমণত ধ্বংসস্তুপত পৰিণত হৈছে ইৰাণ। ইৰাণেও চলাই গৈছে প্ৰত্যাক্ৰমণ। এই যুদ্ধৰ প্ৰভাৱ পৰিছে কিন্তু অসমত। শেহতীয়াকৈ হোৱা মধ্য প্ৰাচ্যৰ পৰিস্থিতিৰ

author-image
Asomiya Pratidin
New Update
6aff6b23-4a51-4db8-accc-96b8f97c7959

মৃদুল কুমাৰ সন্দিকৈ

যুদ্ধ হৈছে ইৰাণত। বোমা-মিছাইলৰ বৰষুণ পৰিছে দেশখনত। আমেৰিকা-ইজৰাইলৰ আক্ৰমণত ধ্বংসস্তুপত পৰিণত হৈছে ইৰাণ। ইৰাণেও চলাই গৈছে প্ৰত্যাক্ৰমণ। এই যুদ্ধৰ প্ৰভাৱ পৰিছে কিন্তু অসমত। শেহতীয়াকৈ হোৱা মধ্য প্ৰাচ্যৰ পৰিস্থিতিৰ বাবে অসমৰ অৰ্থনীতি প্ৰায় ৮৫০কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। 

১৮নৱেম্বৰ, ২০১৬। এইচ এছ কড-০৯০২৪০১০। সেইদিনা কলকাতাৰ জাহাজ বন্দৰৰ পৰা ১৭,৫০০কেজিৰ সামগ্ৰী পঠোৱা হৈছিল ইৰাণলৈ। যি সামগ্ৰীৰ মূল্য আছিল ৮২,৩২৪ মাৰ্কিন ডলাৰ। তাৰ আগতে ২০১৬চনৰ ২৭অক্টোবৰত ২০হাজাৰ কেজি, ১৮অক্টোবৰত ২১,৬৬০কেজি, ১৫ছেপ্টেম্বৰত ২০হাজাৰ কেজি, ৩১আগষ্টত ১৭,৫০০কেজি, ২০আগষ্টত ২০হাজাৰ কেজি, এনেকৈ সাগৰীয় পথেৰে জাহাজত ইৰাণলৈ পঠোৱা সামগ্ৰী সমূহ আছিল অসমৰ। 

সেই সামগ্ৰীবোৰৰ ভিতৰত আছিল অসমৰ অৰ্থডক্স চাহৰ ২০কেজিৰ পেকেট, ইণ্ডিয়ান ব্লেক টি এছ টি ডি ৬২২ আসাম চি টি চি, পিৰুৰ ইণ্ডিয়ান ব্লেক টি হল্ডৱাল্ফ (আসাম) এছ টি ডি ৪০০ আদিৰ টোপোলা। 

মাহটোত ৩-৪বাৰকৈ কলকাতা জাহাজ বন্দৰৰ পৰা সেই চাহ পঠোৱা হৈছিল ইৰাণলৈ। অসমৰ মূলত অৰ্থডক্স চাহৰ এখন ভাল বজাৰ আছিল ইৰাণত। অসমৰ চাহ যিবোৰ দেশলৈ ৰপ্তানি হয়,  সেই দেশবোৰৰ ভিতৰত ইৰাণ আছিল অন্যতম। 

২০২৫বৰ্ষৰ লৈকে সেই ৰুপ্তানি প্ৰক্ৰিয়া স্বাভাৱিকভাৱেই চলি আছিল। সেই বৰ্ষত জানুৱাৰীৰ পৰা ছেপ্টেম্বৰৰ লৈকে ভাৰতে ২৫৪.১৯মিলিয়ন কেজি চাহ ৰপ্তানি কৰিছিল। তাৰ ভিতৰত ১০.৬৯মিলিয়ন কেজি অসমৰ চাহ ক্ৰয় কৰিছিল ইৰাণে।

চাহৰ এই বজাৰখন অতি বিশাল। ২০২৪বৰ্ষত ভাৰতে মুঠ ২৩৩মিলিয়ন কেজি চাহ ৰপ্তানি কৰিছিল। ২০২৫ত সেই পৰিমাণ ২৫০মিলিয়ন কেজিৰ সীমা অতিক্ৰম কৰিছিল। চাহৰ এতিয়া তীব্ৰ প্ৰতিযোগিতামূলক আন্তঃৰাষ্ট্ৰীয় বজাৰ। সেই বজাৰত ইৰাণৰ দৰে এখন দেশক গ্ৰাহক ৰূপে পোৱাতো অসমৰ চাহৰ বাবে আছিল আৰ্শীবাদস্বৰূপ।

ইৰাণৰ ৰাজনৈতিক আৰু সংঘাতময় পৰিৱেশৰ বাবে যিধৰণে অসমৰ চাহৰ এই বজাৰখনে চাহিদা থকাৰ পাছতো বিকাশ আৰু বিস্তাৰ লাভ কৰিব লাগিছিল, সেয়া সম্ভৱ হোৱা নাছিল আমেৰিকাৰ দৰে দেশৰ বাবে। প্ৰতিবন্ধকতা থকাৰ বাবে আমেৰিকান ডলাৰত  ইৰাণে চাহ ক্ৰয় কৰাতো সম্ভৱপৰ নাছিল।

তথাপিও ভাৰতৰ প্ৰতি থকা বন্ধুত্বপূৰ্ণ মনোভাৱৰ বাবেই সেই সমস্যা অন্যধৰণে সমাধান কৰা হৈছিল। আমেৰিকাৰ হেচাঁ আৰু ইজৰাইলৰ আক্ৰমণৰ বাবে মাজে মধ্যে সেই ৰপ্তানি প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হয়। ইয়াৰোপৰি মাৰ্কিন ডলাৰৰ তুলনাত ইৰাণী মুদ্ৰাৰ মূল্য হ্ৰাস পোৱাৰ বাবেও তাৰ প্ৰভাৱ পৰিছিল এই বজাৰখনত।

মূলত উজনি অসমৰ চাহ বাগানবোৰৰ বাবে ইৰাণক কেন্দ্ৰ কৰি গঢ় লৈ উঠা চাহৰ বজাৰ খন আছিল এক আধাৰ। ইৰাণত ২০২৪ত ভাৰতীয় টকাৰ মূল্যত প্ৰতিকেজি চাহ বিক্ৰী হৈছিল ৩০৪.৪৫টকাত। ২০২৫ত প্ৰতিকেজি চাহৰ মূল্য ইৰাণত ৩৩৪.৮৪টকালৈ বৃদ্ধি হৈছিল।
 
বছৰি এই ৰপ্তানি প্ৰক্ৰিয়া স্বাভাৱিক হৈ থাকোতে ভাৰতে ইৰাণলৈ ৰপ্তানি কৰা চাহৰ ভিতৰত ২৮মিলিয়ন কেজি চাহেই আছিল অসমৰ। লক্ষ্যণীয় যে, প্ৰতিবছৰে অসমত ৮৫মিলিয়ন কেজি অৰ্থডক্স চাহ উৎপাদন হয়। 

ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ বিভাগৰ তথ্য অনুসৰি, ২০২৩ত বৰ্ষত ২৩৬.২০লাখ ডলাৰ মূল্যৰ চাহ ভাৰতে ইৰাণলৈ প্ৰেৰণ কৰিছিল। ২০২৪বৰ্ষত এই পৰিমাণ ৪০৮.১০লাখ ডলাৰলৈ বৃদ্ধি পাইছিল। ২০২৫ৰ জানুৱাৰীৰ পৰা জুনলৈ ভাৰতে ৰপ্তানি কৰা চাহৰ মূল্য ১৩.৯শতাংশ বৃদ্ধি পাইছিল।

কিন্তু সেই ধাৰাত এতিয়া যতি পৰিছে। যোৱা কেইমাহ মান ধৰি ইৰাণৰ সৈতে ইজৰাইলৰ যি সংঘাতময় পৰিৱেশে বিৰাজ কৰিছিল, তাৰ ফলত চাহৰ ৰপ্তানি লাহে লাহে কমিবলৈ ধৰিছিল। আমেৰিকাই অতি চতুৰতাৰে ভাৰতৰ সৈতে থকা ইৰাণৰ এই বাণিজ্যিক সম্পৰ্ক অন্ত পেলাবলৈ বিভিন্ন ধৰণৰ চক্ৰান্ত কৰি সফল হৈছিল।

যাৰ বাবে সম্ভাৱনা থকাৰ পাছতো অসমৰ চাহৰ এই বিশাল বজাৰখন এতিয়া প্ৰায় বন্ধ হৈ যোৱাৰ দিশত। নৰ্থ ইষ্টাৰ্ণ টি এছোচিয়েশ্যন চমুকৈ NETAৰ এজন বিষয়ববীয়াই জানিবলৈ দিয়া মতে, ইৰাণলৈ চাহ ৰপ্তানি বন্ধ হৈ গ’লে অসমৰ বহু চাহ বাগান মৃত্যুৰ দিশে গতি কৰিব। 

ইৰাণত সম্প্ৰতি বিৰাজ কৰা পৰিৱেশে দেশখনৰ ৰপ্তানিকাৰী সকলক এই বাণিজ্য বন্ধ কৰাবলৈ বাধ্য কৰিছে। দেশখনৰ সৰ্বোচ্ছ নেতা আয়াতুল্লা আলী খামানীৰ মৃত্যুৰ পাছত বাণিজ্য ক্ষেত্ৰখনতো প্ৰভাৱ পৰিছে। প্ৰতি কেজি চাহৰ মূল্যৰ সৈতে ইৰাণে আমদানী কৰি অসমৰ চাহৰ পৰিমাণ গণনা কৰিলে দেখা যায় বছৰি প্ৰায় ৮৫০কোটিৰো অধিক টকাৰ মূল্যৰ অসমৰ চাহ ইৰাণে ক্ৰয় কৰিছিল।

ইৰাণৰ বিৰুদ্ধে ইজৰাইল-আমেৰিকাৰ আক্ৰমণ, প্ৰত্যাক্ৰমণৰ প্ৰভাৱ অসমৰ চাহৰ বজাৰখনত বৰ বেয়াকৈ পৰিছে। বোমা ফুটিছে ইৰাণত, যুদ্ধ হৈছে মধ্য প্ৰাচ্যত কিন্তু তাৰ প্ৰভাৱ পৰিছে অসমৰ চাহ উদ্যোগৰ ওপৰত, ক্ষতিগ্ৰস্ত হৈছে ২০০ বছৰ ইতিহাস গৰকা অসমৰ চাহ খেতি আৰু ইয়াৰ সৈতে জড়িত লাখ লাখ চাহ শ্ৰমিক...

চাহ নিগম চাহ জনজাতি ছাত্ৰ সন্থা চাহ জনগোষ্ঠী ক্ষুদ্ৰ চাহ খেতিয়ক অসম চাহ জনগোষ্ঠী সাহিত্য সভা চাহ অসম চাহ কৰ্মচাৰী সংঘ