/asomiyapratidin/media/media_files/2026/03/01/f99f1469-17fa-4361-8526-f638cbafedb3-2026-03-01-13-48-28.jpg)
মৃদুল কুমাৰ সন্দিকৈ
জয়-পৰাজয়ৰ হিচাপ পিছত হ’ব। এতিয়া ৰাজ্যৰ ৰাজনীতিত চলিছে টিকটৰ বজাৰ। টিকট আৰু আসনৰ বুজাবুজিক লৈ চলিছে টনাটনি, বুজাবুজি। বিৰোধীৰ মিত্ৰতাই চূড়ান্ত ৰূপ নাপালে আজিও। হয়তো ৰাইজৰ কাষলৈ ২০২৪ত এফালে গৌৰৱ-লুৰীণক এৰি আনফালে নিজা বাট বুলিব লাগিব অখিল গগৈয়ে।
ৰাজনীতিতো অংক নিমিলিলে উত্তৰ সঠিক নহয়। প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে যিকোনো প্ৰকাৰে প্ৰাৰ্থিত্ব লাভৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। চলিছে গোপনে গোপনে চুটকেছৰ আদান-প্ৰদান। এইবোৰ খালী চুটকেছ নহয়, ৰাজনৈতিক সিদ্ধান্ত সলাব পৰা গধুৰ চুটকেছ।
যদি টিকট দিব বুলিয়েই কোনোবাই প্ৰথম কিস্তিত কোনো ৰাজনৈতিক নেতাৰ হাতত কোটিটকীয়া চুটকেছ তুলি দিয়ে, তেনে নিৰ্বাচনত জয়-পৰাজয় গুৰুত্বহীন হৈ পৰে সেই সকল নেতাৰ বাবে। বিশ্বস্ত সূত্ৰৰ খবৰ মতে, তেনে কোনো প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দ্বিতীয়টো কিস্তিও অৰ্পন কৰিছে অলপতে।
এয়া ৰাজনীতিৰ ভিতৰৰ খবৰ। এয়া ৰাজনীতিৰ গোপন খবৰ। যি সমষ্টিত দুটাকৈ কিস্তি প্ৰদান কৰি টিকট বিচাৰিছে, সেই সমষ্টিটোত টিকট দিম বুলি কোৱা ৰাজনৈতিক দলটোক এৰি দিব নে নাই সেয়াও নিশ্চিত হোৱা নাই। কিন্তু এনেকৈয়ে আশাত বন্দী কৰি থৈ গোপন ৰাজনৈতিক বজাৰ এতিয়া এচাম নেতাই মেলিছে বুলি অভিযোগ আৰু খবৰ আহিছে।
নিশ্চয়তা নোপোৱাকৈয়ে সেই সকল প্ৰাৰ্থিত্ব প্ৰত্যাশীক কিয় আশাত বন্দী কৰা হৈছে বুলি তেনে নেতাৰেই সতীৰ্থ নেতাই চিন্তাত টোপনি যাব পৰা নাই। নিজৰ আগতেই নিজে হুমুনিয়াহ এৰি কাকো কথাবোৰ খুলি ক’বলৈও এতিয়া পৰিৱেশ নাই।
নিৰ্বাচন এতিয়া বহুতৰ বাবে এখন ভাল খেল। সেই খেলৰ পৰা উপাৰ্জনো ভাল হয় নেতাৰ। কেৱল মানুহে দেখা খেলখনেই ইয়াত নচলে। ভিতৰি ভিতৰি আৰু খেল হয়, যিবোৰ মানুহে নেদেখে। বহুবোৰ সমষ্টিতে সেই খেল চলি আছে।
তেনে খেল দেখি বহুতে দল এৰিম বুলি ভাবুকি দিছে। অৱশ্যে এই খেলৰ কথা প্ৰত্যক্ষভাৱে ক’ব নোৱাৰি ব্যক্তিগত অসুবিধাৰ বাবে তেনে সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে। দীৰ্ঘদিন দলত কাম কৰি শেষ মূৰ্হূতত এই ভেল্কিবাজীবোৰৰ বাবে দলত অৱহেলিত হোৱা বহু যুৱ নেতাও আছে। যিসকলে দমন, প্ৰলোভনৰ ৰাজনীতিৰ পৰা আঁতৰি প্ৰমূল্যবোধৰ ৰাজনীতি কৰিব বিচাৰে। কিন্তু তেওঁলোকক সুযোগ নিদিয়ে।
ক্ষমতা তেওঁলোকৰ পৰা বহু দূৰৈত। তথাপিও এই ৰাজনৈতিক দলবোৰত এনে গোপন টিকট-টিকট খেল চলি গৈছে। টিকট দিয়াৰ বিনিময়ত চুটকেছ গ্ৰহণ এক অভ্যাসত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে। সেই বেমাৰত জাতীয়তাবাদী নেতাও আক্ৰান্ত হৈছে।
টকা থাকিলে, অতীত মূল্যহীন। শত্ৰু পক্ষৰ বৰঘৰৰ মানুহ হ’লেও তেওঁলোকক আদৰণি জনাবলৈ সাজু। প্ৰতিষ্ঠাপক নেতাক বিতাড়িত কৰি নতুন আমদানি কৰা নেতাক প্ৰতিষ্ঠা কৰিবলৈ এইসকল নেতাই অকণো অন্তঃদ্বন্দত নুভোগে।
চলি আছে বৰাকৰ এটা সমষ্টিক লৈ এই দৰদাম। মিত্ৰতা নহ’লে সেই বজাৰখন আৰু বিস্তাৰিত হ’ব বুলি তেওঁলোক আশা পালি ৰৈ থকাৰ খবৰো আহিছে। এতিয়া ৰাজনীতি মানেই ধন আৰু ক্ষমতা। নীতি আৰু সততা কেৱল নেতাৰ মুখৰ খন্তেকীয়া ভাষা।
এদিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ বুলি চৰ্চিত আৰু কংগ্ৰেছ-অগপ সকলো দল বাগৰি এতিয়া তেনে কোনো জাতীয়তাবাদী ৰাজনৈতিক দলৰ আলহী হোৱী ৰেজাউল নামৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জনৰ কথাই ক’ব পাৰি। তেওঁৰ সৈতে কি চুক্তিত টিকটৰ সিদ্ধান্ত চূড়ান্ত কৰা হৈছে, সেয়া কোনো কালেই ৰাজহুৱা নহ’লেও বুজাই বুজিছে যে এনেই এই ৰঙা দলিচা পাৰি দিয়া নাই।
বৃন্দাবন গোস্বামী, উৎপল দত্ত, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আদি নেতাইও ভৰি দাঙি আছে। পুৰণি দলে এইবাৰ তেওঁলোকৰ জনপ্ৰতিনিধি হোৱাৰ সপোন পূৰণ নকৰে বুলি গম পাই গৈছে। হয়তো নিৰ্বাচনৰ পূৰ্বে সলাব তেওঁলোকে ৰাজনীতিৰ পোছাক।
এনেবোৰ ৰাজনৈতিক অপ-সংস্কৃতি কংগ্ৰেছত চলে বুলি বদনাম আছে। সেই কংগ্ৰেছৰ সংস্পৰ্শত কাৰোবাৰ গালৈ একেধৰণৰ বেমাৰ সংক্ৰমণ হোৱাৰো ভয় থাকে। কথাবোৰ দেখি, শুনি ৰাজনৈতিক দলবোৰৰ ভিতৰচৰাঁতে এইধৰণৰ গুণগুণনি উঠিছে।
টকা যাৰ হাতত, ৰাজনৈতিক দল তেওঁৰ কাষত! আঞ্চলিকতাবাদৰ এতিয়াও সপোন দেখি থকাসকলে জাতীয়তাবাদৰ কবচ লৈয়ে সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে যুঁজিব খোজে। সেই সকলৰ আশাত চেঁচাপানী পৰিছে। বিজেপি এৰি তেওঁলোকৰ কাষলৈ যোৱা জ্যেষ্ঠ নেতাৰ দৰ-দাম কোনোবা পূৰ্বৰ ক্ষমতাশালী লোকৰ সন্তানৰ সৈতে চলিছে।
হতাশাৰ মাজত এচামে ব্যস্ত ৰাজনৈতিক জীৱনৰ মাজত এই বজাৰৰ চৰ্দাৰৰূপে জেপ গধুৰ কৰিছে। তেওঁলোকৰ যুক্তি এটাই, নিৰ্বাচন খেলিবলৈ টকা লাগিব। টকা নহ’লে সকলো মিছা। যদি সেয়াই হয়, টকাৰ বিনিময়ত তেওঁলোকে তেওঁলোকৰ টিকটবোৰ মুকলিকৈ নিলাম কৰি বিক্ৰী কৰক।
মানুহক অন্ধকাৰত ৰাখি এইবোৰ ৰাজনীতিৰ খেলৰ খেলি কি উদ্ধাৰ কৰিব তেওঁলোকে জাতি-ভেটি? বিপদৰ সময়ত কাষত থকা সকলকে যদি তেওঁলোকে উপেক্ষা কৰে, সাধাৰণ জনতাৰ ক্ষেত্ৰত কি হ’ব তেওঁলোকৰ স্থিতি?
ৰাজনীতিত এতিয়া নুবুজা কেমেষ্ট্ৰী। ৰাজনীতি এতিয়া নুবুজা সাথঁৰ। চিনাকি মানুহবোৰৰ এইবোৰ ভিতৰুৱা ৰাজনীতিৰ কূকীৰ্তি। সেইসকলক এতিয়াই এই কথাবোৰ সকিয়াই নথলে সময়ত তেওঁলোকে হৈ পৰিব একো একোজন ক্ষমতালিপ্সু বিশ্বাসঘাটক জনপ্ৰতিনিধি...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us